ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০১ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • মণ্ডলীৰ পুস্তক অধ্যয়ন —আমাক কিয় ইয়াৰ আৱশ্যক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে আপোনাৰ ঘৰখন উপলব্ধ কৰিব পাৰিবনে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পৰিচালনা কৰা ওভাৰচিয়াৰসকল—মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকসকল
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০১ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ মণ্ডলীত কেতিয়া অতিৰিক্ত পুস্তক অধ্যয়নৰ গ্ৰুপ গঠন কৰাটো উচিত হʼব?

যেতিয়া ৰাজ্যগৃহ বা আন স্থানবোৰত হোৱা পুস্তক অধ্যয়নত ১৫ জন বা তাতকৈ কম উপস্থিতি সংখ্যা বজাই ৰখাৰ আৱশ্যকতা আহি পৰে, তেতিয়া নতুন পুস্তক অধ্যয়নৰ গ্ৰুপ গঠন কৰাৰ বিষয়ে বিবেচনা কৰাটো উচিত হʼব। তেনে অৱস্থাত কিয় নতুন পুস্তক অধ্যয়নৰ গ্ৰুপ গঠন কৰিবলৈ পৰামাৰ্শ দিয়া হয়?

কিয়নো তেনে কৰাৰ দ্বাৰা মণ্ডলীৰ পুস্তক অধ্যয়ন গ্ৰুপবিলাকত উপস্থিতিৰ সংখ্যা মাত্ৰ সীমিতই নহয়, কিন্তু ইয়াৰ পৰিচালকেও তেওঁৰ অধ্যয়নত উপস্থিত হোৱা প্ৰত্যেক ব্যক্তিক ভালকৈ মনোযোগ দিবলৈ সুবিধা হয়। তদুপৰি তাত উপস্থিত হোৱা সকলোৱে নিজৰ মন্তব্য দি ৰাজহুৱাভাৱে তেওঁলোকৰ বিশ্বাস প্ৰকাশ কৰিবলৈ সুযোগ পায়। (ইব্ৰী ১০:⁠২৩; ১৩:⁠১৫) বিভিন্ন স্থানত পুস্তক অধ্যয়নৰ সৰু সৰু গ্ৰুপে সিঁচৰিত হোৱাৰ বাবে মণ্ডলী থকা এলেকাৰ চাৰিওফালে প্ৰচাৰকাৰ্য্য কৰিবলৈও সুবিধাজনক হয়। যি মণ্ডলীবোৰে তেনে পদক্ষেপ লৈছে তেওঁলোকৰ পুস্তক অধ্যয়নৰ উপস্থিতিৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে।

হয়তো কেতিয়াবা আকৌ কোনো এক বিশেষ পৰিস্থিতিৰ বাবে আন এক পুস্তক অধ্যয়নৰ গ্ৰুপ গঠন কৰিবলৈ পৰামৰ্শ দিয়া হয়। সেই অধ্যয়নৰ গ্ৰুপ যথেষ্ট সৰু হʼব পাৰে। এইটো সঁচা যে এখন নিৰ্জন ঠাই বা অধিক মাত্ৰাত উপস্থিতি অথবা সীমিত আসনৰ ব্যৱস্থা হোৱাৰ বাবেও এই ব্যৱস্থা লোৱা হয়। এতেকে আৱশ্যকতাৰ অনুসৰি এনে এক পুস্তক অধ্যয়নৰ গ্ৰুপ গঠন কৰা উচিত, যিয়ে উপস্থিত হোৱা সকলো ব্যক্তি অৰ্থাৎ নিশা ডিউটি কৰা ভাই বা এগৰাকী ভনী যাৰ স্বামী সত্যত নাই, তেওঁলোকৰ বাবে লাভজনক হয়।

প্ৰত্যেক পুস্তক অধ্যয়নৰ গ্ৰুপত কেইবাজনো সক্ৰিয়ৰূপে কাৰ্য্য কৰা প্ৰচাৰক, নিপুণ পৰিচালক আৰু পাঠ কৰাৰ বাবে উপযুক্ত থকা প্ৰচাৰকক নিযুক্ত কৰা উচিত। মণ্ডলীত থকা ভাইসকলে এই আৱশ্যকতাবোৰ পূৰণ কৰিবলৈ নিজকে উপযুক্ত কৰা আৱশ্যক।

প্ৰাচীনসকলে মণ্ডলীৰ উন্নতিৰ হকে ধ্যান দিয়া উচিত, যাতে মণ্ডলীৰ পুস্তক অধ্যয়নৰ গ্ৰুপৰ আকাৰ যথাৰ্থ আৰু আধ্যাত্মিকতাত উন্নতিজনক হয়। ইয়াৰ ওপৰিও, তেওঁলোকৰ সুবিধাৰ অনুসাৰে পুস্তক অধ্যয়নৰ স্থান আৰু সময় নিৰ্বাচিত কৰা প্ৰয়োজন। সেয়েহে মণ্ডলীসমূহৰ আৱশ্যকতাৰ অনুসৰি নতুন পুস্তক অধ্যয়ন গঠন কৰা উচিত, যাতে সকলোৱে পূৰ্ণৰূপে আধ্যাত্মিক লাভ প্ৰাপ্ত কৰিব পাৰে। আপুনি আপোনাৰ ঘৰখন পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিবনে? যিসকলে নিজৰ ঘৰখন পুস্তক অধ্যয়নৰ বাবে দিছে তেওঁলোকে আধ্যাত্মিক আশীৰ্ব্বাদৰ ভাগী হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক