মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে আপোনাৰ ঘৰখন উপলব্ধ কৰিব পাৰিবনে?
১ প্ৰথম শতিকাৰ বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে মণ্ডলীৰ সভাবোৰৰ বাবে নিজ ঘৰখন উপলব্ধ কৰিছিল। (১ কৰি. ১৬:১৯; কল. ৪:১৫; ফিলী. ১, ২) বৰ্তমান সময়তো কিছুমান মণ্ডলীত পুস্তক অধ্যয়ন আৰু প্ৰচাৰ কাৰ্য্যৰ সভাৰ বাবে যথেষ্ট স্থানৰ আৱশ্যক হৈছে। সেইবাবে হয়তো পুস্তক অধ্যয়ন গ্ৰুপৰ সংখ্যা ১৫ জন হোৱাৰ পৰিৱৰ্তে ৩০ জনতকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে।
২ এক উত্তম বিশেষাধিকাৰ: পুস্তক অধ্যয়নৰ বাবে আপোনাৰ ঘৰখন উপলব্ধ কৰিবলৈ বিবেচনা কৰিছেনে? ইয়াৰ বাবে এটা কোঠালীৰ আৱশ্যক, যিটো পৰিষ্কাৰ, বতাহ চলাচল কৰা আৰু পোহৰৰ ভাল ব্যৱস্থা থকা আৱশ্যক। পুস্তক অধ্যয়ন মণ্ডলীৰ সভাৰ এটা ভাগ আৰু যিহোৱাই মণ্ডলীৰ পুস্তক অধ্যয়নৰ যোগেদি তেওঁৰ সেৱকসকলক নিৰ্দ্দেশনা দিয়ে, সেয়েহে ঘৰখনত মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালনা কৰিবলৈ এটা কোঠালী উপলব্ধ কৰাটো এটা উত্তম বিশেষাধিকাৰ। তদুপৰি বহুতে পুস্তক অধ্যয়নৰ বাবে নিজৰ ঘৰখন উপলব্ধ কৰি লাভবান হোৱাৰ বিষয়ে মন্তব্য দাঙি ধৰিছে।
৩ যদি আপুনি পুস্তক অধ্যয়নৰ বাবে নিজ ঘৰখনৰ এটা কোঠালী উপযুক্ত বুলি ভাবিছে তেন্তে প্ৰাচীনসকলক সেই বিষয়ে জনাওক। কিয়নো তেওঁলোকে হয়তো অতিৰিক্ত স্থানসমূহ বিচাৰি ফুৰিব পাৰে। যদি আপোনাৰ ঘৰখনত পুস্তক অধ্যয়ন কৰাটো সম্ভৱ নহয় তেন্তে প্ৰচাৰ কাৰ্য্যৰ সভা পৰিচালনা কৰাৰ বাবে উপলব্ধ কৰিব পাৰিবনে? বৰ্তমান যদিও ইয়াৰ কোনো আৱশ্যক নাই, তথাপিও প্ৰাচীনসকলে আপোনাৰ ঘৰখন উপলব্ধ থকা বুলি জানি মূল্যাঙ্কন কৰিব। আপুনি হয়তো ভৱিষ্যতে এই বিশেষাধিকাৰৰ আনন্দ লাভ কৰিব পাৰে।
৪ উত্তম আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰা: যেতিয়া আন ভাই বা ভনীৰ ঘৰত পুস্তক অধ্যয়ন বা প্ৰচাৰ কাৰ্য্যৰ সভাৰ বাবে উপস্থিত হয় তেতিয়া সকলোৱে গৃহস্থ আৰু তেওঁলোকৰ সা-সম্পত্তিৰ প্ৰতি মূল্যাঙ্কন দেখুৱা আৱশ্যক। পিতৃ-মাতৃসকলে নিশ্চিত কৰা আৱশ্যক যে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যেন পুস্তক অধ্যয়ন হোৱা কোঠালী এৰি ঘৰটোৰ আন কোঠালীবোৰত যেনে পিত-পিতাই নুফুৰে। তদুপৰি ওচৰ চুবুৰীয়াসকলৰ যেন শান্তি ভঙ্গ নহয় এই বিষয়েও ধ্যান দিয়া উচিত।—২ কৰি. ৬:৩, ৪; ১ পিত. ২:১২.
৫ ইব্ৰী ১৩:১৬ পদত আমাক এইদৰে উদগণি দি কৈছে যে, “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।” এতেকে মণ্ডলীৰ পুস্তক অধ্যয়নৰ বাবে আপোনাৰ ঘৰখন উপলব্ধ কৰাৰ দ্বাৰা আনক উত্তম বস্তুৰ বিতৰণ আৰু “সকলো আয়ৰ আগ ভাগেৰে যিহোৱাক সন্মান” কৰা হয়।—হিতো. ৩:৯.