আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জুন ১
“অলপতে হোৱা ঘটনাবোৰত বহুতো নিৰ্দোষী ব্যক্তিসকলে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত লোকসকলে আঁচৰিত হৈছে। আপুনি কেতিয়াবা ভাবিছেনে যে কিয় আমাৰ মৃত্যু হয়? [উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক আৰু ৭ পৃষ্ঠাত দিয়া তালিকাখন খুলক।] আপুনি জানিব বিচাৰিবনে যে সাধাৰণতে পোৱা এই আখ্যানসমূহৰ বিষয়ে বাইবেলে কি কৈছে?” যদি সম্ভৱ তালিকাখনত দিয়া পদটো পঢ়ক।
প্ৰহৰীবুৰুজ জুন ১
“ইয়াত কোনো সন্দেহ নাই যে সকলো সম্প্ৰদায়ৰ লোকসকলে একেলগে শান্তিত বাস কৰিব বিচাৰে। সকলোৰে গ্ৰহণযোগ্য আৰু সকলো পৃষ্ঠভূমিৰ লোকক একত্ৰিত কৰিবলৈ কোনে উত্তম স্তৰসমূহ প্ৰদান কৰিব পাৰে এই বিষয়ে আপুনি কি ভাৱে? [দ্বিতীয় বিবৰণ ৩২:৪ পদটো পঢ়ক।] এই মাহৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছে কেনেকৈ আমি সেই স্তৰসমূহক পালন কৰি আনন্দিত হʼব পাৰোঁ।”
প্ৰহৰীবুৰুজ জুন ১
“যিহেতু পৰিবেশ প্ৰদূষণৰ দ্বাৰা শাৰীৰিক আৰু কাৰ্য্যস্থলত আঘাত হানাৰ বাবে বহুতে এই বিষয়ে চিন্তা কৰিবলৈ বাধ্য হৈছে। কিন্তু মানসিকভাৱে হোৱা প্ৰদূষণৰ বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত মথি ১৫:১৮, ১৯ পদটো পঢ়ক।] এই প্ৰহৰীবুৰুজ আলোচনীখনৰ ১৪ পৃষ্ঠাত কিছুমান ব্যৱহাৰিক বিষয় দাঙি ধৰিছে।”
প্ৰহৰীবুৰুজ জুন ১
আপুনি ভাবেনে যে আমাৰ বাবে থকা স্তৰে উচিত বা অনুচিত কি তাৰ নিৰ্ণয় লোৱা আৱশ্যক? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] তদুপৰি, সৃষ্টিকৰ্ত্তাজনে দিয়া নৈতিক স্তৰক পালন কৰাটো অতি কঠিন হʼব বুলিও আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত ১ যোহন ৫:৩ পদটো পঢ়ক।] এই প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৫ পৃষ্ঠাত সেই বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে।