আপোনাৰ ওচৰত যি আছে তাতে সন্তুষ্টি হওক
১ শাস্ত্ৰই আমাক নিজৰ পৰিয়ালৰ ভৌতিক আৱশ্যকতাক পূৰণ কৰিবলৈ আগ্ৰহ কৰিছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি ইয়াক আমাৰ জীৱনত মুখ্য স্থান দিম। আমি অৱশ্যেই আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া উচিত। (মথি ৬:৩৩; ১ তীম. ৫:৮) “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ বাবে ভৌতিক আৰু আধ্যাত্মিক আৱশ্যকতাৰ মাজত সঠিক ভাৰসাম্য বজাই ৰখাটো ইমান সহজ নহয়। (২ তীম. ৩:১) গতিকে সঠিক ভাৰসাম্য বজাই ৰাখিবলৈ কিহে আমাক সহায় কৰিব?
২ বাইবেলৰ দৃষ্টিভঙ্গী বিকাশিত কৰক: ঈশ্বৰৰ বাক্যই আমাক সতৰ্ক কৰি কৈছে যে ভৌতিকভাৱে ধনী হʼবলৈ চেষ্টা কৰাৰ অৰ্থ হৈছে আধ্যাত্মিক ধ্বংসক আমন্ত্ৰণ কৰা। (উপ. ৫:১০; মথি ১৩:২২; ১ তীম. ৬:৯, ১০) বৰ্তমানৰ এই ভয়ঙ্কৰ পৰিস্থিতিত আমি নিজকে চাকৰি বা আৰ্থিক চিন্তাধাৰাত অধিক ব্যস্ত ৰাখি আধ্যাত্মিক কাৰ্য্যসমূহ যেনে, মণ্ডলীৰ সভা, অধ্যয়ন কৰা আৰু প্ৰচাৰ কাৰ্য্যক দ্বিতীয় স্থান দিয়াৰ পৰিণাম বিপদজনক হʼব পাৰে। (লূক ২১:৩৪-৩৬) ইয়াৰ বিপৰীতে বাইবেলে এইদৰে পৰামৰ্শ আগবঢ়াইছে: “আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।”—১ তীম. ৬:৭, ৮.
৩ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে খ্ৰীষ্টানসকলে স্বইচ্ছাৰে দৰিদ্ৰতাৰ জীৱন নিৰ্বাহ কৰা আৱশ্যক। কিন্তু ই আমাক এইটো বুজাত সহায় কৰে যে আমি জীয়াই থাকিবলৈ কেৱল অন্ন, বস্ত্ৰ আৰু এখন ঘৰৰ সৈতেই সন্তুষ্টি হোৱা উচিত। যদি আমাৰ ওচৰত জীয়াই থকাৰ সকলো প্ৰকাৰৰ আৱশ্যকীয় বস্তু আছে, তেনেহʼলে আমাক উন্নতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ আন উচ্চ স্তৰসমূহক গ্ৰহণ কৰা উচিত নহয়। যদি আমি কোনো অতিৰিক্ত চাকৰি বা কোনো বস্তু কিনাৰ বাবে বিবেচনা কৰিছোঁ, তেন্তে এই ক্ষেত্ৰত আমি নিজকে এইদৰে সুধাটো উত্তম হʼব যে, ‘আমাক প্ৰকৃততে সেইবোৰৰ আৱশ্যকনে?’ এনেদৰে কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যৰ এই পৰামৰ্শক পালন কৰাত সহায় লাভ কৰিব পাৰিম: “তোমালোকৰ স্বভাৱ নিৰ্ল্লোভ হওক; তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা।”—ইব্ৰী ১৩:৫.
৪ যদি আমি যিহোৱাত ভাৰসা কৰোঁ, তেন্তে তেওঁ আমাক নিশ্চয়ে সহায় কৰিব। (হিতো. ৩:৫, ৬) আমাৰ দৈনন্দিন আৱশ্যকতাসমূহক পূৰণ কৰাত যদিও আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, তথাপিও সেইবোৰক আমাৰ জীৱনৰ কেন্দ্ৰবিন্দু বনোৱা উচিত নহয়। আমাৰ ওচৰত কম বা অধিকমাত্ৰাত নাথাকক কিয়, জীৱনৰ আৱশ্যকতাসমূহক পূৰণ কৰিবলৈ আমি যিহোৱালৈ অপেক্ষা কৰা উচিত। (ফিলি. ৪:১১-১৩) ফলস্বৰূপে, আমি আন বহুতো আশীৰ্ব্বাদৰ সৈতে ঈশ্বৰীয় সন্তুষ্টি লাভ কৰিব পাৰিম।
৫ আনৰ বিশ্বাসক অনুকৰণ কৰক: এগৰাকী একজনক মাতৃয়ে তাই নিজৰ জীয়েকক সত্যত ডাঙৰ-দীঘল কৰিবলৈ ক্ৰমান্বয়ে নিজৰ জীৱন-প্ৰণালীক সৰলীকৰণ কৰিলে। যদিও সেই মাতৃ গৰাকীয়ে তাই থকা ঘৰখনত আৰামেৰে কটাইছিল, তথাপিও তাই সেইখন ঘৰ এৰি আন এখন সৰু ঘৰত তাৰ পিছত এটা সৰু এপাৰ্টমেন্টত থাকিবলৈ লৈছিল। এনে কৰাৰ দ্বাৰা তাই অতিৰিক্ত কাৰ্য্যৰ পৰা ৰেহাই পাইছিল আৰু সেই সময়খিনিত তাই অধিকৈ প্ৰচাৰ কাৰ্য্যত ব্যয় কৰিব পাৰিছিল। তাইৰ জীয়েক ডাঙৰ হৈ বিয়া হোৱাৰ পিছত মাতৃ গৰাকীয়ে নিজৰ আমদানি হ্ৰাস হোৱাৰ প্ৰতি কোনো চিন্তা নকৰি চাকৰিৰ পৰা আগতিয়াকৈ অৱসৰ গ্ৰহণ কৰিছিল। বৰ্তমানে এই ভনী গৰাকীয়ে নিয়মিত অগ্ৰগামী সেৱা আৰম্ভ কৰা সাত বছৰ হʼল। ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ ভৌতিক বস্তুসমূহক ত্যাগ কৰাৰ বাবে তাই কাহানিও অনুতাপ কৰা নাই।
৬ এজন প্ৰাচীন আৰু তেওঁৰ পত্নীয়ে নিজৰ তিনিটা লʼৰা-ছোৱালীক পোহ-পালন দিয়াৰ উপৰিও বহু বছৰৰ পৰা অগ্ৰগামী সেৱা কৰি আছে। এটা পৰিয়ালৰূপে তেওঁলোকে নিজৰ আৱশ্যকতাত অসন্তুষ্টি প্ৰকাশ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ অভাৱত সন্তুষ্টি হʼবলৈ শিকিলে। সেই প্ৰাচীন ভাইজনে এইদৰে কৈছিল: “আমি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিব লাগিছিল। যদিও কেতিয়াবা আমি কঠিন পৰিস্থিতিৰ সম্মূখীন হʼবলগীয়া হৈছিল, কিন্তু তথাপিও যিহোৱাই সদায়ে আমাৰ আৱশ্যকতাসমূহক পূৰণ কৰিছিল। . . . যেতিয়া মই দেখিছিলোঁ যে মোৰ পৰিয়ালটোৱে আধ্যাত্মিক বিষয়বোৰক প্ৰথমস্থান দিছে তেতিয়া মই সকলোবোৰ তেনে হোৱাটো বাঞ্চনীয় বুলি অনুভৱ কৰিছিলোঁ আৰু মই কৃতকাৰ্য্য হোৱাটো বোধ কৰিব পাৰিছিলোঁ।” তেওঁৰ পত্নীয়েও এইদৰে কয়: “যেতিয়া মই দেখোঁ যে [মোৰ স্বামীয়ে] আধ্যাত্মিক কাৰ্য্যবোৰত ব্যস্ত হৈ আছে তেতিয়া মই এক গভীৰ আন্তৰিক সন্তুষ্টি অনুভৱ কৰোঁ।” পিতৃ-মাতৃয়ে পূৰ্ণ সময় যিহোৱাৰ সেৱা কৰিবলৈ লোৱা নিৰ্ণয়ৰ বাবে লʼৰা-ছোৱালীয়েও আনন্দ প্ৰকাশ কৰে।
৭ যিসকলে ভৌতিক বস্তুৰ পৰিৱৰ্তে ঈশ্বৰীয় ভক্তিৰে জীৱন নিৰ্বাহ কৰে, বাইবেলে আশ্বাস দিছে যে, তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতে আশীৰ্ব্বাদ লাভ কৰিব।—১ তীম. ৪:৮.