আমি কিয় আমাৰ সমুদায় ভাতৃত্ব সমাজক প্ৰেম কৰা আৱশ্যক
বৰ্তমানৰ প্ৰেমবিহীন জগতত আমি আমাৰ আধ্যাত্মিক ভাই-ভনীৰ প্ৰতি কেনেকৈ আন্তৰিক প্ৰেম প্ৰকাশ কৰিব পাৰোঁ? (১ পিত. ২:১৭) আমি কেনেকৈ আনক দেখুৱাব পাৰোঁ যে বাস্তৱতে গোটেই বিশ্বত সৰল মন ৰাখা এখন ভাতৃত্ব সমাজ অস্তিত্বত আছে? (মথি ২৩:৮) আমাৰ সমুদায় ভাতৃত্ব সমাজ (ইংৰাজী) নামৰ ভিডিঅʼখনৰ দ্বাৰা আমি লোকসকলক কʼব পাৰোঁ যে বাস্তৱতে সৰল মন ৰাখা এখন ভাতৃত্ব সমাজ আজিও অস্তিত্বত আছে। এই ভিডিঅʼখনত বৰ্ণনা কৰা হৈছে যে আমি কিয় এজনে আনজনক প্ৰেম কৰোঁ। আপুনি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰক:
(১) সাধাৰণতে আমি আমাৰ বিশ্বজুৰী ভাতৃত্ব সমাজৰ সৈতে কেনে তিনিটা কাৰ্য্যত ভাগ লওঁ? (২) (ক) আলাস্কাৰ নিলগৰ অঞ্চলত (খ) ইউৰোপৰ বৃহৎ বন্দৰ এলেকাত আৰু (গ) পেৰুৰ ডাঠ অৰণ্য অঞ্চলবোৰত প্ৰচাৰ কৰিবলৈ আমাৰ ভাই-ভনীসকলে কেনে দৃঢ়সঙ্কল্প লৈছে? (৩) বিশেষকৈ কিহে সাক্ষী দিয়া কাৰ্য্যক অধিক প্ৰভাৱিত কৰিছে? (৪) আমি কিয় প্ৰচাৰ কাৰ্য্যক সাধাৰণভাৱে বিবেচনা কৰা উচিত নহয়? (৫) ভূমিকম্প, প্ৰলয়কাৰী ধুমুহা বতাহ আৰু ঘৰুৱা যুদ্ধৰ সময়ত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ এজনে আনজনক শান্ত্বনা আৰু সাহায্য প্ৰদান কৰিছিল, তাৰ উদাহৰণ দিয়ক। (আগষ্ট ২২, ১৯৯৫ চনৰ সচেতন! আলোচনীখনৰ ২০ পৃষ্ঠাত টাকাউ আৰু অক্টোবৰ ২২, ১৯৯৫ চনৰ সচেতন! আলোচনীখনত কটই’ নামৰ দুজন ব্যক্তিয়ে দিয়া মন্তব্যক চাওক।) (৬) আমাৰ সকলোৱে কেনেকৈ খ্ৰীষ্টান ভাতৃত্ব সমাজৰ বিস্তীৰ্ণৰূপে থকা পৰিচয় চিহ্নক ব্যৱহাৰিকৰূপে প্ৰতিফলিত কৰিব পাৰে? (যোহ. ১৩:৩৫) (৭) আমি মণ্ডলীৰ সভাবোৰক কিমান গুৰুত্ব দিয়া উচিত? (৮) পূৰ্বতে যি মণ্ডলীৰ নিজাকৈ কোনো ৰাজ্যগৃহ নাছিল, নতুনকৈ নিৰ্ম্মাণ কৰা ৰাজ্যগৃহই তেওঁলোকক কেনেদৰে প্ৰভাৱিত কৰিলে? (৯) পূব ইউৰোপ আৰু ৰুচ দেশত থকা ভাই-ভনীৰ ওপৰত প্ৰতিবন্ধ লগোৱাৰ স্বত্ত্বেও তেওঁলোকে কেনেকৈ আধ্যাত্মিকৰূপে সমৃদ্ধিশালী হৈ থাকিল? (১০) বৰ্তমান সময়ত বহুতো সাক্ষী ভাই-ভনীসকলে অধিৱেশনত উপস্থিত হʼবলৈ কেনে প্ৰচেষ্টা কৰিছে আৰু কিয়? তেওঁলোকে কৰা প্ৰচেষ্টাত আপুনি কেনেদৰে উৎসাহিত হয়? (১১) ঐক্যভাৱে উপাসনা, আৱশ্যকতাৰ সময়ত আনক সহায় কৰা, ইয়াৰ উপৰিও যেনেকৈ আৰু যেতিয়া সুযোগ পোৱা যায় বিশ্বাসী হৈ প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ আপুনি কিয় দৃঢ় নিৰ্ণয় লʼলে? (১২) সকলো আগ্ৰহী লোকক এই ভিডিঅʼখন দেখুৱাটো কিয় উত্তম হʼব?