সকলোকে ঈশ্বৰৰ নামটোৰ বিষয়ে জনাওক
১ আপুনি ঈশ্বৰৰ নামৰ বিষয়ে প্ৰথমবাৰ জানিবলৈ পোৱাত কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? বহুতৰে হয়তো সেই একেই প্ৰতিক্ৰিয়া হʼব পাৰে, যিদৰে এগৰাকী মহিলাই কৈছিল: “মই প্ৰথমবাৰ ঈশ্বৰ নামটো বাইবেলত দেখা পাই কান্দিব ধৰিলোঁ। মই ঈশ্বৰৰ ব্যক্তিগত নামটোৰ বিষয়ে জানি সেই সম্পৰ্কে অধিক জ্ঞান লʼবলৈ পৰিচালিত হʼব পাৰিলোঁ।” সেই মহিলা গৰাকীৰ বাবে যিহোৱাক এজন ব্যক্তিৰূপে জানিবলৈ তেওঁৰ নামটোৰ বিষয়ে জনাটো অধিক গুৰুত্বপূৰ্ণ আছিল আৰু ইয়াৰ কাৰণে তেওঁৰ সৈতে মহিলা গৰাকীয়ে নিবিড় সম্পৰ্ক গঢ়ি তুলাত সক্ষম হʼল।
২ আনক কিয় জনোৱা আৱশ্যক? ঈশ্বৰৰ নামটো জনাৰ সৈতে তেওঁৰ গুণ, উদ্দেশ্য আৰু কাৰ্য্যসমূহৰ বিষয়ে জনাটোও জড়িত হৈ আছে। তদুপৰি উদ্ধাৰ পাবলৈ আমি অৱশ্যেই তেওঁৰ নাম জনা আৱশ্যক। এই সংক্ৰান্তত পাঁচনি পৌলে এইদৰে লিখিছিল “যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।” আগলৈ তেওঁ এইদৰে লিখিছিল “সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব?” পাঁচনি পৌলে কাৰণ দৰ্শাই এইদৰে কৈছিল যে, লোকসকলে যিহোৱাৰ বিষয়ে নজনাকৈ কেনেকৈ তেওঁত বিশ্বাস কৰিব? সেয়েহে ঈশ্বৰৰ নাম আৰু তেওঁৰ নামৰ সৈতে জড়িত থকা সকলো বিষয়ে লোকসকলক জনোৱাটো প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে এক আৱশ্যকীয় কৰ্তব্য। (ৰোমী. ১০:১৩, ১৪) যিহেতু ঈশ্বৰৰ নামৰ বিষয়ে আনক জনোৱাটো আন এটা মুখ্য কাৰণ আছে।
৩ ঈশ্বৰৰ লোকসকলে ১৯২০ চনত শাস্ত্ৰৰ পৰা জানিব পাৰিলে যে ঈশ্বৰৰ আধিপত্য দোষমুক্ত আৰু তেওঁৰ নাম পবিত্ৰ কৰাটোত এক সাৰ্ব্বজনীন বিষয় জড়িত হৈ আছে। এতেকে যিহোৱাই দুষ্টতাক ধ্বংস আৰু চয়তানে তেওঁৰ নামত লগোৱা মিছা অভিযোগ খণ্ডন কৰিবলৈ তেওঁৰ বিষয়ে থকা সত্যতা নিশ্চয়ে “সমস্ত পৃথিৱীত জনাজাত” কৰা আৱশ্যক। (যিচ. ১২:৪, ৫; যিহি. ৩৮:২৩) সেয়েহে আমাৰ প্ৰচাৰ কাৰ্য্য হৈছে এনে এটা মুখ্য কাৰণ যিয়ে যিহোৱাৰ নাম ৰাজহুৱাভাৱে স্তুতি আৰু সকলো মানৱজাতিৰ আগত তেওঁৰ নাম পবিত্ৰকৃত কৰে। (ইব্ৰী ১৩:১৫) ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে আমাক সম্পূৰ্ণৰূপে ঈশ্বৰে দান কৰা কাৰ্য্যত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
৪ ‘ঈশ্বৰৰ নিজ নামৰ নিমিত্তে এটা সমাজ’: ১৯৩১ চনত তেওঁৰ সেৱকসকলে যিহোৱাৰ সাক্ষী নামটো ধাৰণ কৰে। (যিচ. ৪৩:১০) তেতিয়াৰ পৰা ঈশ্বৰৰ লোকসকলে সেই ঈশ্বৰীয় নামৰ বিষয়ে ইমানেই জনাজাত কৰিলে যে যাৰ বিষয়ে প্ৰক্লেইমাৰ কিতাপৰ ১২৪ পৃষ্ঠাত এইদৰে উল্লেখ কৰিছে: “গোটেই বিশ্বতে যিসকলে যিহোৱাৰ নামটো ব্যৱহাৰ কৰিছে তেওঁলোকক শীঘ্ৰেই যিহোৱাৰ সাক্ষী বুলি চিনাক্ত কৰা হৈছে।” একেইদৰে আপোনাকো লোকসকলে যিহোৱাৰ সাক্ষী বুলি চিনিব পাৰিছেনে? যিহোৱাৰ মঙ্গলময়ৰ প্ৰতি থকা আমাৰ কৃতজ্ঞতাই ‘তেওঁৰ নামৰ কীৰ্ত্তন’ কৰিবলৈ সকলো উপযুক্ত সুযোগতে আনক কʼবলৈ প্ৰেৰিত কৰে।—গীত. ২০:৭; ১৪৫:১, ২, ৭.
৫ আমি ‘ঈশ্বৰৰ নিজ নামৰ নিমিত্তে এটা সমাজ’ হোৱাৰ বাবে বিনা কোনো প্ৰশ্নই তেওঁৰ উচ্চ স্তৰসমূহ বজাই ৰখা উচিত। (পাঁচ. ১৫:১৪; ২ তীম. ২:১৯) লোকসকলে সৰ্ব্বপ্ৰথমে যিহোৱাৰ সাক্ষীসকলৰ উত্তম আচাৰ-ব্যৱহাৰৰ প্ৰতি প্ৰায়ে লক্ষ্য কৰে। (১ পিত. ২:১২) ঈশ্বৰীয় সিদ্ধান্তসমূহক অপমান বা তেওঁৰ উপাসনাক আমাৰ জীৱনত কম গুৰুত্ব দি আমি কেতিয়াও তেওঁৰ নাম অপবিত্ৰ কৰিব নিবিচাৰিম। (লেবী. ২২:৩১, ৩২; মলা. ১:৬-৮, ১২-১৪) ইয়াৰ বিপৰীতে আঁহক আমি ঈশ্বৰৰ নাম ধাৰণ কৰা এই মহান বিশেষাধিকাৰক আমাৰ জীৱনত অধিক মূল্যৱান বুলি গণ্য কৰোঁহঁক।
৬ বৰ্তমান আমি যিহোৱাৰ নাম জনাজাত কৰাৰ এই ভৱিষ্যতবাণীৰ পূৰ্ণতা লক্ষ্য কৰিব পাৰিছোঁ, যʼত এইদৰে কোৱা হৈছে: “সূৰ্য্য উদয় হোৱা ঠাইৰ পৰা অস্ত যোৱা ঠাইলৈকে পৰজাতিবিলাকৰ মাজত মোৰ নাম মহান . . . হৈছে।” (মলা. ১:১১) এতেকে আঁহক আমি একেৰাহে যিহোৱাৰ নামৰ বিষয়ে আনৰ আগত ঘোষণা কৰাৰ দ্বাৰা “যুগে যুগে অনন্ত কাললৈকে; তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ” কৰোঁহঁক।—গীত. ১৪৫:২১.
[Study Questions]
১. ঈশ্বৰৰ ব্যক্তিগত নামটো জানি লোকসকলে কেনেদৰে প্ৰভাৱিত হয়?
২. আমি আনক যিহোৱাৰ বিষয়ে জ্ঞান দিয়াটো কিয় অধিক গুৰুত্বপূৰ্ণ?
৩. প্ৰচাৰ কৰাৰ এটা মুখ্য কাৰণ কি?
৪. যিহোৱাৰ সাক্ষীসকলক কেনেকৈ ঈশ্বৰৰ নামৰ সৈতে চিনাক্ত কৰা হয়?
৫. ঈশ্বৰৰ নাম বহন কৰাত কেনেকৈ আমাৰ আচাৰ-ব্যৱহাৰ জড়িত হৈ আছে?
৬. বৰ্তমান আৰু অনন্ত কাললৈকে আমি কেনে বিশেষাধিকাৰৰ আনন্দ লাভ কৰিব পাৰোঁ?