ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৩ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৩ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুন: জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যদি গৃহস্থৰ ওচৰত ইতিমধ্যেই এই প্ৰকাশনবোৰ আছে তেন্তে মণ্ডলীত উপলব্ধ থকা যিকোনো উপযুক্ত ব্ৰচাৰ দিব পাৰে। জুলাই আৰু আগষ্ট: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। যʼত উপযুক্ত সেই ঠাইবোৰত হয়তো এই ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে, সকলো মানুহৰ বাবে এখন কিতাপ, এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি, আমাৰ সমস্যাবোৰক সমাধান কৰাত কোনে সহায় কৰিব? মৃতবিলাকৰ আত্মাই আমাক কোনো সহায় কৰেনে নতুবা হানি কৰে? বাস্তৱতে সেইবোৰ অস্তিত্বত আছেনে? আৰু এক যুদ্ধবিহীন সংসাৰ সম্ভৱ নে? ছেপ্টেম্বৰ: “তোমাৰ ৰাজ্য হওক” বা এই জীৱনকালেই সকলো নে? অথবা ১৯৮৮ চনত ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো সৰু কিতাপ যিবোৰৰ কাগজ হালধীয়া পৰিছে নতুবা বিবৰ্ণ হৈছে।

▪ অলপতে ৰাজহুৱা ভাষণৰ বহুতো পৰিলেখত শেহতীয়া কথা অন্তৰ্ভুক্ত কৰা হৈছেছ। ২০০৩ চনৰ আগষ্ট মাহৰ বছেৰেকীয়া চালানী ফৰ্মসমূহৰ সৈতে নতুন পৰিলেখবোৰ ইংৰাজীত পঠোৱা হʼব। তেতিয়ালৈকে উপলব্ধ হোৱা স্থানীয় ভাষাৰ পৰিলেখসমূহো মণ্ডলীলৈ পঠোৱা হʼব। বাকী থকা ৰাজহুৱা ভাষণৰ পৰিলেখবোৰ পিছত প্ৰেৰণ কৰা হʼব। সংশোধিত পৰিলেখবোৰ পোৱাৰ লগে লগে পুৰণি পৰিলেখবোৰ আঁতৰাই নতুন পৰিলেখবোৰ ফাইলত ৰখাটো উত্তম হʼব।

▪ কেতিয়াবা ডাক খৰচ ৰাহি কৰিবলৈ সাহিত্য, আলোচনী, আমাৰ ৰাজ্য পৰিচৰ্য্যা আৰু আন প্ৰকাশনসমূহ একেলেগে মণ্ডলীবোৰলৈ প্ৰেৰণ কৰা হয়। গতিকে সাহিত্য আৰু আলোচনী চোৱা-চিতা কৰা ভাইসকলক সেইবোৰ ডাক যোগে পোৱাৰ লগে লগে খুলি চাবলৈ নিৰ্দ্দেশনা দিয়া উচিত আৰু যিবোৰ বস্তু তেওঁলোকৰ বিভাগৰ নহয় তেন্তে কোনো পলম নকৰাকৈ মণ্ডলীৰ অধ্যক্ষৰ হাতত গতাই দিয়া উচিত।

▪ মণ্ডলীয়ে এতিয়া ওৱাচ্‌টাৱাৰ লাইব্ৰেৰী​—⁠২০০১ চন সংস্কৰণৰ কম্পেক্ট ডিক্সৰ বাবে নিৱেদন কৰিব পাৰে। এই কম্পেক্ট ডিক্স কেৱল ইংৰাজী ভাষাত উপলব্ধ আছে। অনুগ্ৰহ কৰি মনত ৰাখক যে এই কম্পেক্ট ডিক্স জনসাধাৰণৰ বাবে বিতৰণ, বিদ্যালয়ৰ লাইব্ৰেৰী বা যিসকলে যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি আগ্ৰহী তেনে লোকৰ বাবে নহয়। এই ওৱাচ্‌টাৱাৰ লাইব্ৰেৰী কেৱল মণ্ডলীৰ সদস্যসকলৰ বাবে, যিসকলৰ ওচৰত কম্পিউটাৰ আছে। তেওঁলোকে কেৱল মণ্ডলীৰ জড়িয়তে আৱেদন পঠিয়াব পাৰে। যেতিয়ালৈকে কম্পেক্ট ডিক্সবোৰ ডাক-যোগে পঠোৱা নহয় তেতিয়ালৈকে সেইবোৰ মণ্ডলীৰ পেকিং লিষ্টত “পেনডিং” বুলি উল্লেখ কৰা থাকিব।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা (মুছলমান লোকসকলৰ বাবে) ​—⁠ইংৰাজী, কানাড়ী, বঙালী, মালয়ালাম

▪ নতুন প্ৰকাশন উপলব্ধ:

আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা (মুছলমান লোকসকলৰ বাবে)) ​—⁠গুজৰাটী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক