ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ জুন ৩০ তাৰিখৰ পৰা আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ মে’ ৫ তাৰিখৰ পৰা লৈ জুন ৩০ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. ভাষণত কণ্ঠধ্বনি উচ্চ নিম্ন কৰা কিয় আৱশ্যক আৰু ইয়াক কেনেকৈ সম্পন্ন কৰিব পাৰি? [be ১১১ পৃ. বক্স; ১১২ পৃ. বক্স; ht-AE ৬৪ পৃ. ১১ অনু.]
২. বক্তাই যদিও তেওঁ কোৱা কথাশাৰীক বিশ্বাস কৰে আৰু যিহোৱাক প্ৰেম কৰে, তথাপিও তেওঁ কিয় নিৰুদ্যম হʼব পাৰে? [be ১১৫ পৃ. ৩-৪ অনু.; ১১৬ পৃ. ১ অনু.; ht-AE ৬৭ পৃ. ১ অনু.]
৩. এজন বক্তাক অনুভূতি আৰু আৱেগিক তীব্ৰতাৰে এটা ভাষণ দিবলৈ কিহে সহায় কৰিব আৰু কিয় ইয়াৰ আৱশ্যক? [be ১১৯ পৃ. ১-৪ অনু.; ht-AE ৬৯-৭০ পৃ. ১০, ১১, ১৩, ১৬-১৯ অনু.]
৪. ভাষণত সঠিকভাৱে উদ্যমতা, আৱেগীক তীব্ৰতা আৰু আন অনুভূতিবোৰ প্ৰকাশ পাইছে নে নাই তাক কিহে নিৰ্ধাৰিত কৰিব? [be ১২০ পৃ. ২-৫ অনু.; ht-AE ৭০ পৃ. ২০ অনু.]
৫. শুদ্ধ বা অশুদ্ধ: আঙ্গী-ভঙ্গী আৰু মৌখিক অভিব্যক্তি কেৱল তেতিয়াহে ব্যৱহাৰিক হয় যেতিয়া শ্ৰোতাসকলে আপোনাক লক্ষ্য কৰে। বৰ্ণনা কৰক। [be ১২১ পৃ. ৩ অনু.]
ভাষণ নং ১
৬. লʼৰালি কালত কঠিন পৰিস্থিতিত থকাৰ স্বত্ত্বেও যোচিয়াক সঠিক পদক্ষেপ লʼবলৈ কিহে সহায় কৰিলে? (২ বং. ৩৪:১, ২) [w০১ ৪/১৫ ২৭ পৃ. ১-৬ অনু.; ২৮ পৃ. ৪ অনু.]
৭. হিতোপদেশ ৯:৭, ৮ক পদত কোৱা বাক্যশাৰীৰ অৰ্থ কি আৰু তাক আপুনি কেনেকৈ প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব? [w০১ ৫/১৫ ২৯ পৃ. ৪-৫ অনু.]
৮. ‘তুমি সেইবোৰ যেন নাপাহৰা’ এই বুলি যিহোৱাই ইস্ৰায়েলসকলক কোৱা কথাশাৰীৰ অৰ্থ কি আছিল আৰু আমি কেনেকৈ নাপাহৰাকৈ থাকিব পাৰোঁ? (দ্বিতী. ৪:৯; ৮:১১) [be ২০ পৃ. ১-৩ অনু.]
৯. গীতমালা ৩২:১, ৫ আৰু গীতমালা ৫১:১০, ১৫ পদত উল্লেখ কৰা দায়ূদৰ অকপট অনুভূতিয়ে কেনেকৈ প্ৰকাশ কৰিছে যে এজন ব্যক্তিয়ে গভীৰ পাপ কৰি নিজকে অকামিলা বুলি ভবাটো উচিত নহয় কিন্তু আন্তৰিকভাৱে মন পালটন কৰা প্ৰয়োজন? [w০১-AE ৩১ পৃ. ১-৩ অনু.]
১০. পাঁচনি পৌলে ১ তীমথিয় ৫:৩-১৬ পদত অভাৱগ্ৰস্ত লোকসকলৰ প্ৰতি যত্ন লোৱাৰ বিষয়ে আগবঢ়োৱা উপদেশৰ পৰা আমি কি শিকিব পাৰোঁ? [w০১ ৬/১৫ ১১ পৃ. ১ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. যোহন ৩:৩ পদত যীচুৱে “নতুনকৈ জন্ম” বুলি উল্লেখ কৰা উক্তিটোৰ অৰ্থ কি আছিল? [w৯৫ ৭/১ ৯-১০ পৃ. ৪-৫ অনু.]
১২. যীচুৱে নিজৰ শিক্ষাদান কৰা কাৰ্য্যক কেনে প্ৰকাৰে ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰা আমি কেনে মূল্যৱান পাঠ শিকিব পাৰোঁ? (যোহন ৭:১৫-১৮) [w৯৬ ২/১ ৯-১০ পৃ. ৪-৭ অনু.]
১৩. যোহন ৭:৫৩-৮:১১ পদটো কিয় নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ বাইবেলৰ মুখ্য ভাগত অন্তৰ্ভুক্ত কৰা নাই?
১৪. যীচুৱে ‘যেনেকৈ স্বৰ্গলৈ গʼল, তেনেকৈ তেওঁ আকৌ’ কেনেকৈ আহিল? (পাঁচনিৰ কৰ্ম্ম ১:১১) [w৯০ ৬/১ ১১ পৃ. ৫ অনু.]
১৫. পাঁচনিৰ কৰ্ম্ম ৫:১৩ পদত বৰ্ণনা কৰা অনুসাৰে কিয় “[শিষ্যসকলৰ] লগ লʼবলৈ আন কাৰো সাহ নহৈছিল?”