অৱসৰপ্ৰাপ্তই কাৰ্য্যসাধক দুৱাৰ মুকলি কৰেনে?
১ পৰিশ্ৰম কৰা বহুতে অৱসৰপ্ৰাপ্ত হৈ চকৰি জীৱনত থকা সকলো ধৰণৰ হেঁচাৰ পৰা মুক্ত পাবলৈ অপেক্ষা কৰে। কিন্তু অৱসৰপ্ৰাপ্ত হৈ প্ৰায়ে লোকসকলে নিৰুদ্যম, আমনিদায়ক আৰু অসময়ত বৃদ্ধ হোৱা যেন অনুভৱ কৰে। দৰাচলতে কোনো উদ্দেশ্যপূৰ্ণ কাৰ্য্য নোহোৱাৰ বাবে লোকসকলে নিজৰ বাবেই চিন্তাগ্ৰস্ত হৈ পৰে। ব্ৰাজিলত প্ৰকাশ পোৱা এখন বাতৰিকাকতত অৱসৰপ্ৰাপ্ত হোৱা শ্ৰমিকসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে আপত্তি জনাই এইদৰে উল্লেখ কৰে, ‘অৱসৰপ্ৰাপ্ত লোকসকলে তেওঁলোকৰ জগতখন উদ্দেশ্যহীন, অসন্তুষ্টিদায়ক, বিৰক্তিকৰ, নিৰাপত্তাহীন আৰু বিষণ্ণতাত নিজৰ পৰিচয় হেৰুৱা যেন বোধ কৰে।’
২ ইয়াৰ বিপৰীতে বহুতো খ্ৰীষ্টানৰ বাবে জীৱনৰ এই নতুন অধ্যায়ে তেওঁলোকলৈ আধ্যাত্মিক গতিবিধি বৃদ্ধি কৰাৰ এখন দুৱাৰ মুকলি কৰে। এজন ভায়ে ৬৫ বছৰ বয়স হোৱাৰ দুহপ্তাহৰ পিছত অগ্ৰগামী সেৱা আৰম্ভ কৰে, তেওঁ এইদৰে কয়: “মই মোৰ জীৱনত কেতিয়াও ইমান পৰিমাণৰ আশীৰ্ব্বাদ লাভ কৰা নাছিলোঁ, যিটো মই যোৱা দহ বছৰে অগ্ৰগামী সেৱা কৰি লাভ কৰিছোঁ।” এহাল দম্পতীয়ে এইদৰে লিখিছিল: “আমাৰ সোণালী বৰ্ষ তেতিয়াহে আৰম্ভ হʼল যেতিয়া আমি অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ।” বাস্তৱতে বহুতো অৱসৰপ্ৰাপ্ত ব্যক্তিৰ বাবে তেওঁলোকৰ পৰিচৰ্য্যাক বৃদ্ধি কৰা আৰু যিহোৱাৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ এইটোৱে হৈছে এক সোণালী সুযোগ।
৩ নিজকে ব্যস্ত ৰাখি ফলদায়ক হওক: সাধাৰণতে বৰ্তমান সময়ত কোনো উপযুক্ত সুবিধা নোহোৱাকৈ বহুতো অৱসৰপ্ৰাপ্ত ব্যক্তিৰ বৃদ্ধি পাইছে আৰু তেওঁলোকে যথাসময়ৰ পূৰ্বেই পৰিশ্ৰম কৰিবলৈ শিকিছিল। যদিও তেওঁলোকৰ এতিয়া ডেকাকালত কৰাৰ দৰে কাৰ্য্য কৰিবলৈ শক্তি নাই তথাপিও তেওঁলোকে ফলদায়ক শ্ৰমিক। এটা শাখা কাৰ্য্যালয়ৰ এলেকাত অগ্ৰগামীসকলৰ ২২ শতাংশ অৰ্থাৎ প্ৰায় ২০,০০০ জন ভাই-ভনীৰ বয়স অন্ততঃ ৬০ বছৰ। এই বয়োবৃদ্ধ ভাই-ভনীসকলে প্ৰচাৰ কাৰ্য্যত এক মুখ্য ভূমিকা আদায় কৰিছে। তেওঁলোকৰ অনুভৱ আৰু ঈশ্বৰীয় গুণসমূহে তেওঁলোকে সেৱা কৰা মণ্ডলীৰ সদস্যসকলক উন্নত কৰি তুলিছে।—যাকো. ৩:১৭, ১৮.
৪ নিজকে খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত ব্যস্ত ৰাখাৰ দ্বাৰা এক সুস্থ শৰীৰ আৰু উন্নত জীৱন প্ৰণালী লাভ কৰিব পাৰি। অৱসৰপ্ৰাপ্ত হোৱাৰ পিছত অগ্ৰগামী সেৱা আৰম্ভ কৰা এগৰাকী ৮৪ বছৰীয়া ভনীয়ে এইদৰে কয়: “বহুতো আগ্ৰহী ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ বাবে মই নিজকে মানসিকভাৱে সক্ৰিয় ৰাখিবলৈ সহায় লাভ কৰিছোঁ। যাতায়তৰ বাবে মোৰ কোনো বাহন নাই, সেয়েহে মই বেছিভাগ সময় খোজ কাঢ়ি অহা-যোৱা কৰোঁ। ইয়ে মোক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিছে।” এহাল বয়োবৃদ্ধ দম্পতীয়ে এইদৰে মন্তব্য দিয়ে: “আমাৰ সেৱা কাৰ্য্যই আমাক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিছে। আমি দুয়ো সদায়ে একেলগে হাঁহি-ধেমালি কৰি জীৱনৰ আনন্দ উপভোগ কৰোঁ।”
৫ আৱশ্যক হোৱা ঠাইবোৰত সেৱা কৰা: আৰ্থিক অৱস্থা সুবিধাজনক হোৱা কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ আৱশ্যক হোৱা স্থানবোৰত গৈ সেৱা কৰিছে। তেওঁলোক পাঁচনি পৌলৰ দৰে উৎসাহী প্ৰচাৰক, তেওঁলোকে এই “সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে অৰ্থাৎ তাৰ সহভাগী হʼবলৈহে” কৰে।—১ কৰি. ৯:২৩.
৬ এহাল দম্পতীয়ে তেওঁলোকৰ দুজন পুতেকক ডাঙৰ-দীঘল কৰাৰ পিছত অগ্ৰগামী সেৱা আৰম্ভ কৰে। তেওঁলোকে কেইবাবছৰো অগ্ৰগামী সেৱা কৰাৰ পিছত চীন ভাষা শিকিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ৭০ বছৰীয়া বয়সত অলপতে চীন ভাষা কোৱা লোকসকলৰ দ্বাৰা মণ্ডলী স্থাপন হোৱা দেখি অতিশয় আনন্দিত হয়। এনে দম্পতীসকল কিমান যে আশীৰ্ব্বাদজনক প্ৰমাণিত হৈছে!
৭ পৰিচৰ্য্যাৰ পৰা কেতিয়াও অৱসৰপ্ৰাপ্ত নহয়: যিহেতু লোকসকলে অৱশেষত তেওঁলোকৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়, কিন্তু খ্ৰীষ্টানসকলে ঈশ্বৰৰ সেৱাৰ পৰা কেতিয়াও অৱসৰপ্ৰাপ্ত নহয়। কিয়নো সকলোৱে “শেষলৈকে সহি” একেৰাহে বিশ্বাসী হোৱা উচিত। (মথি ২৪:১৩, ১৪) এইটো সঁচা যে বয়স বঢ়াৰ লগে লগে কিছুমানে ডেকা বয়সত যিহোৱাৰ সেৱা কৰাৰ দৰে কৰিব নোৱাৰে। কিন্তু এইটো কিমান উৎসাহজনক বিষয় যে তেওঁলোকে এতিয়াও সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱাত লাগি আছে! বাইবেলে তেওঁলোকক আশ্বাস দিছে যে তেওঁৰ নামৰ প্ৰতি দেখুৱা প্ৰেমৰ বিষয়ে যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।—লূক ২১:১-৪; ইব্ৰী ৬:১০.
৮ যদি আপুনিও কিছুদিনৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া আছে, তেনেহʼলে অৱসৰপ্ৰাপ্তৰ পিছত সলনি হোৱা আপোনাৰ পৰিস্থিতিক সম্পূৰ্ণৰূপে ঈশ্বৰৰ কাৰ্য্য কৰাৰ বিষয়ে কিয় প্ৰাৰ্থনাপূৰ্বকৰূপে বিবেচনা নকৰে? ঈশ্বৰৰ সহায়ৰ যোগেদি আপুনি হয়তো বিচাৰি পাব যে অৱসৰপ্ৰাপ্তই আপোনালৈ এখন কাৰ্য্যসাধক দুৱাৰ মুকলি কৰিছে যিয়ে যিহোৱাক স্তুতি কৰে আৰু আপোনাৰ বাবে বহুতো আশীৰ্ব্বাদ কঢ়িয়াই আনিছে।—গীত. ১৪৮:১২, ১৩.