ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৩
  • এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • অগ্ৰগামী সেৱাৰ বাবে আপোনাৰ কাৰণে দুৱাৰ মুকলি হৈ আছেনে?
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অগ্ৰগামী সেৱা—আমাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা কাৰ্য্য!
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৩

এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!

১ স্বৰ্গদূতৰ নিৰ্দ্দেশনাৰ অন্তৰ্গত “সকলো জাতি, ফৈদ, ভাষা আৰু লোকবিলাকৰ আগত” এই বাৰ্ত্তা ঘোষণা কৰক, “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।” কিয় তেনেদৰে ঘোষণা কৰা আৱশ্যক? কিয়নো “[ঈশ্বৰৰ] সোধ-বিচাৰৰ সময় আহিল।” আজি আমি সেই ‘সোধ-বিচাৰৰ সময়ছোৱাত’ বাস কৰিছোঁ, যি সময়ত বৰ্তমান জগতৰ ৰীতি-ব্যৱস্থাক সম্পূৰ্ণকৈ ধ্বংস কৰা হʼব। গতিকে এতিয়াই লোকসকলে “স্বৰ্গ, পৃথিবী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টিকৰ্ত্তাক প্ৰণিপাত” কৰা আৱশ্যক। ‘অনন্ত শুভবাৰ্ত্তাৰ’ তুলনাত আন কোনো কাৰ্য্য নাই যি বৰ্তমান সময়ত সকলোতকৈ গুৰুত্বপূৰ্ণ হʼব পাৰে। প্ৰকৃততে এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!​—⁠প্ৰকা. ১৪:⁠৬, ৭.

২ যোৱা দহ বছৰে যিহোৱাৰ উপাসকসকলে প্ৰায় এক হাজাৰ দুশ কোটি ঘন্টা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত অতিবাহিত কৰিলে। এই আধ্যাত্মিক শস্য চপোৱা কাৰ্য্যত অধিককৈ সহযোগ কৰিবলৈ বহুতে তেওঁলোকৰ দৈনন্দিন তালিকাত সাল-সলনি কৰিছে। (মথি ৯:⁠৩৭, ৩৮) উদাহৰণস্বৰূপে, যোৱা বছৰত গড় হিচাপে প্ৰত্যেক মাহে ৮,৫০,০০০ জনতকৈও অধিক প্ৰকাশকে অগ্ৰগামী সেৱা কৰিলে। নিয়মিত অগ্ৰগামীসকলৰ বাবে প্ৰত্যেক মাহে প্ৰচাৰ কাৰ্য্যত গড় হিতাপে ৭০ ঘন্টা সময় অতিবাহিত কৰা আৱশ্যক। সহযোগী অগ্ৰগামীসকলে প্ৰত্যেক মাহে ৫০ ঘন্টা অতিবাহিত কৰা প্ৰয়োজন।

৩ অগ্ৰগামী সেৱা কৰিবলৈ কিহৰ আৱশ্যক: “কাল চুটি কৰা হৈছে” বুলি জানি অগ্ৰগামীসকলে তেওঁলোকৰ জীৱনধাৰাক সৰলীকৰণ কৰিছে। (১ কৰি. ৭:⁠২৯, ৩১) তেওঁলোকে এনেবোৰ সুবিধা অৱলম্বন কৰিছে যাৰ বাবে অধিক সময় চাকৰি বা আন বৃত্তিবোৰত অতিবাহিত কৰিবলগীয়া নহয়। উদাহৰণস্বৰূপে, কিছুমানে নিজৰ বৃহৎ বাসভৱনবোৰ এৰি সৰু ঘৰবোৰত থাকিবলৈ লৈছে। আনসকলে অনাৱশ্যকীয় ভৌতিক বস্তুবোৰ ত্যাগ কৰিছে। (মথি ৬:⁠১৯-⁠২১) প্ৰায়ে নিজৰ ব্যক্তিগত বৃত্তিকো হ্ৰাস কৰিছে। এই সকলোবোৰ পৰিচৰ্য্যা কাৰ্য্যত অধিক সময় অতিবাহিত কৰাৰ লক্ষ্য ৰাখিহে কৰা হৈছে। (ইফি. ৫:⁠১৫, ১৬) বহুতো প্ৰকাশকে প্ৰচেষ্টা, আত্মত্যাগ মনোবৃত্তি আৰু প্ৰাৰ্থনাপূৰ্বক যিহোৱাৰ ওপৰত ভাৰসা ৰাখি এনে তালিকা তৈয়াৰ কৰাত সক্ষম হৈছে, যাৰ বাবে তেওঁলোকে অগ্ৰগামী সেৱাত ভাগ লʼব পাৰিছে।

৪ আপুনি অগ্ৰগামী সেৱাত ভাগ লʼব পাৰেনে? অগ্ৰগামী কাৰ্য্যত ভাগ লʼবলৈ কেনেকৈ সক্ষম হʼল, এই বিষয়ে জানিবলৈ অনুভৱী অগ্ৰগামী সেৱা কৰা ভাই-ভনীক কিয় নোসোধে? তেনে ভাই-ভনীসকলৰ সৈতে পৰিচৰ্য্যা কাৰ্য্য কৰি আপুনি তেওঁলোকৰ আনন্দৰ সহভাগী হʼব পাৰিব। আমাৰ সাহিত্যসমূহত প্ৰকাশ পোৱা অগ্ৰগামীৰ ওপৰত আধাৰিত লেখসমূহ বিবেচনা কৰক। নিজৰ বাবে এনে এক ব্যৱহাৰিক তালিকা বনাওক যি অগ্ৰগামী সেৱা কৰিবলৈ সহায়ক প্ৰমাণিত হʼব। বৰ্তমান সময়ত যদি কিছুমান অসুবিধাৰ বাবে অগ্ৰগামী সেৱা কৰিবলৈ সক্ষম নহয়, তেন্তে তেনেবোৰ বিষয়ত যিহোৱাৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰক।​—⁠হিতো. ১৬:⁠৩.

৫ আশীৰ্ব্বাদ আৰু আনন্দ: অগ্ৰগামী সেৱাই আমাক ঈশ্বৰৰ বাক্যক কৌশলতাপূৰ্বক ব্যৱহাৰ কৰিবলৈ সুসজ্জিত কৰে আৰু ইয়ে আমাক আনন্দিত কৰি তুলে। এই ক্ষেত্ৰত এগৰাকী অগ্ৰগামী ভনীয়ে এইদৰে কয় যে, “ঈশ্বৰৰ বাক্যৰ সত্যতাক বিভাগ কৰাত নিপুণ হোৱাটো বাস্তৱতে এক আশীৰ্ব্বাদজনক। কিয়নো যেতিয়া আপুনি অগ্ৰগামী কৰে, তেতিয়া সঘনাই বাইবেলখন ব্যৱহাৰ কৰে। এতিয়া মই ঘৰে-ঘৰে প্ৰচাৰ কৰিবলৈ যাওঁতে কেনে শাস্ত্ৰীয় পদ গৃহস্থজনৰ বাবে উপযোগী হʼব, সেই বিষয়ে চিন্তা কৰোঁ।”​—⁠২ তীম. ২:⁠১৫.

৬ তদুপৰি অগ্ৰগামী সেৱাৰ দ্বাৰা আমি নিজৰ জীৱন উন্নত কৰিব পৰা বহুতো কৌশল শিকিব পাৰোঁ। অগ্ৰগামী সেৱাই এজন ডেকা ব্যক্তিক সুসময় কিনি লʼবলৈ, বুদ্ধিমানপূৰ্বক টকা-পইছা ব্যৱহাৰ আৰু লোকসকলৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিবলৈ সহায় কৰে। অগ্ৰগামী কৰাৰ ফলস্বৰূপে বহুতে তেওঁলোকৰ জীৱনত আধ্যাত্মিক দৃষ্টিভঙ্গী বিকশিত কৰে। (ইফি. ৪:⁠১৩) তদুপৰি অগ্ৰগামী কৰা সকলে যিহোৱাই তেওঁলোকৰ হৈ কৰা কাৰ্য্যক দেখিবলৈ বিশেষাধিকাৰ লাভ কৰে।​—⁠পাঁচ. ১১:⁠২১; ফিলি. ৪:⁠১১-⁠১৩.

৭ সম্ভৱতঃ অগ্ৰগামী সেৱাই কঢ়িয়াই অনা আশীৰ্ব্বাদসমূহৰ এটা হৈছে, যিহোৱা ঈশ্বৰৰ সৈতে নিবিড় সম্বন্ধ স্থাপন কৰাত সক্ষম হোৱা। কিয়নো এই সম্বন্ধই আমাক কঠিন পৰিস্থিতিৰ সময়ত বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সহায় কৰিব। বহু সময়ে ধৰি কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱা এগৰাকী ভনীয়ে এইদৰে কয়: “অগ্ৰগামী সেৱাৰ দ্বাৰা যিহোৱাৰ সৈতে স্থাপন হোৱা নিবিড় সম্পৰ্কই মোক এনে কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলৈ সহায় কৰিলে। মই নিজৰ যুৱা বয়সত যিহোৱাৰ পূৰ্ণ সময়ৰ সেৱাত অতিবাহিত কৰিবলৈ পাই অতি আনন্দিত অনুভৱ কৰিছোঁ। ইয়ে মোক এনে এক পথত চলিবলৈ সহায় কৰিলে, যাৰ বিষয়ে মই কেতিয়াও ভবা নাছিলোঁ।” (পাঁচ. ২০:⁠৩৫) এতেকে আঁহক আমি এনেদৰে অধিক আশীৰ্ব্বাদৰ ভাগী হʼবলৈ সকলোতকৈ গুৰুত্বপূৰ্ণ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সকলো প্ৰচেষ্টা কৰোঁহঁক।​—⁠হিতো. ১০:⁠২২.

[Study Questions]

১. এতিয়াই শুভবাৰ্ত্তা প্ৰচাৰ কৰা কিয় আৱশ্যক?

২. সময়ৰ গুৰুত্বতাক যে বুজি পাইছে, সেই বিষয়ে যিহোৱাৰ উপাসকসকলে কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱাইছে?

৩. অগ্ৰগামী সেৱাত ভাগ লʼবলৈ প্ৰকাশকসকলে প্ৰায়ে কেনে ধৰণৰ সাল-সলনি কৰিছে?

৪. অগ্ৰগামী সেৱাত যোগদান কৰিবলৈ কেনে ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব পাৰি?

৫. অগ্ৰগামী সেৱাই আমাৰ পৰিচৰ্য্যাৰ কৌশলতাক কেনেকৈ উন্নত কৰাত সহায় কৰে?

৬. অগ্ৰগামী সেৱাই কেনে শিক্ষাদান কৰে?

৭. অগ্ৰগামী সেৱা কাৰ্য্যই যিহোৱাৰ কাষ চাপিবলৈ আমাক কেনেকৈ সহায় কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক