অগ্ৰগামী সেৱা—আমাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা কাৰ্য্য!
১ ‘মোৰ ইতিমধ্যে কৰিবলগীয়া বহুত কাম আছে! এই সময়ত মই অগ্ৰগামী কৰাটো বুদ্ধিমানৰ কাম হবনে?’ এই ভাৱ-ধাৰা এজনী ভনীৰ মনলৈ আহে যেতিয়া চাৰ্কিট সন্মিলনত এজন প্ৰাচীনৰ ভাষণ শুনি আছিল, যিজন নিজে এজন অগ্ৰগামী আছিল। তেওঁৰ ভাষণৰ বিষয় আছিল “অগ্ৰগামী সেৱা কৰি আগবাঢ়ি যোৱা।” শ্ৰোতাৰ মাজত বহি থকা এজন ডেকা ভায়ো এইদৰে অনুভৱ কৰে, ‘কেনেকৈ তেওঁ অগ্ৰগামী সেৱাৰ বাবে সময় উলিয়াব? মইটো প্ৰাচীন নহওঁ আৰু মোৰ জীৱনতো কৰিবলগীয়া বহুত কাৰ্য্যৰে পূৰ্ণ হৈ আছে!’
২ যেনেকৈ প্ৰাচীনজনে অগ্ৰগামী সেৱাৰ দ্বাৰা প্ৰাপ্ত কৰা আশীৰ্ব্বাদসমূহৰ বিষয়ে আলোচনা চলাই যায় আৰু তেওঁৰ চাৰ্কিটত থকা কেইবাজনো অগ্ৰগামীৰ সাক্ষাতকাৰ গ্ৰহণ কৰে, যিসকলে কয় যে তেওঁলোকে অগ্ৰগামী কৰিবলৈ কি কি সাল-সলনি কৰিলে আৰু কেনেকৈ তেওঁলোকৰ চেষ্টাত যিহোৱাই আশীৰ্ব্বাদ কৰিলে। এজনে ইয়াক কৰিবলৈ শাৰীৰিকভাৱে অক্ষম আছিল, এজনী ভনীৰ সত্যক বিশ্বাস নকৰা স্বামী আছিল আৰু এজনে জাগতিক বৃত্তি ত্যাগ কৰে যদিও তেওঁৰ প্ৰয়োজনীয়তাৰ সীমাৰ ভিতৰত থাকি জীয়াই থাকিবলৈ সমৰ্থ হৈছিল। যিহোৱাৰ সহায় দ্বাৰা সফলতা লাভ কৰা অগ্ৰগামীসকলৰ এই অনুভৱবোৰ শুনি শ্ৰোতাসকলৰ মাজত থকা সেই ভাই আৰু ভনীয়ে নিজ নিজ চিন্তা-ধাৰা আৰু পৰিস্থিতিসমূহক পুনৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। আমি আপোনালোককো সেই একেদৰে কৰিবলৈ আমন্ত্ৰণ জনাইছো, বিশেষকৈ যিহেতু অগ্ৰগামীসকলৰ বাবে এতিয়া প্ৰয়োজনীয় ঘন্টা হ্ৰাস কৰা হৈছে সেইবাবে বহুতো শুভবাৰ্ত্তাৰ প্ৰচাৰকসকলে অগ্ৰগামী কৰিবলৈ পাৰে।
৩ আমি জানো যে যিহোৱা হৈছে সৃষ্টিকৰ্তা আৰু বিশ্বব্যাপী সম্ৰাট আৰু আমাৰ জীৱন তেওঁৰ ওচৰত ঋণী। (দানি. ৪:১৭; পাঁচ. ১৭:২৮) ইয়ে স্পষ্ট কৰে যে যিহোৱাই মাত্ৰ এটা সংগঠনক ব্যৱহাৰ কৰিছে। ইয়াৰ সৈতে সত্যনিষ্ঠাৰে সেৱা কৰিবলৈ আৰু শেষ অহাৰ আগতে ‘বিশ্বাসী বুদ্ধিমান দাসক’ ৰাজ্যৰ সাক্ষী দিয়া কাৰ্য্যত সহায় কৰিবলৈ আমাৰ ওচৰত বিশেষ অধিকাৰ আছে। (মথি ২৪:৪৫; ২৫:৪০; ১ পিত. ২:৯) ‘শেষ কালৰ’ একেবাৰে শেষত জীয়াই থকাৰ বাবে আমি জানো যে সেই সময়ত প্ৰচাৰ কাৰ্য্য চলোৱা হব যিটো এতিয়া চলি আছে। (২ তীম. ৩:১) ইয়াৰ ওপৰিও আমাৰ পৰিয়ালক ভৌতিকৰূপে ভৰণ-পোষণো দিয়া আৱশ্যক। (১ তীম. ৫:৮) বৰ্তমান সময়ত এজন ব্যক্তিৰ উপাৰ্জনে পৰিয়ালক ভৰণ-পোষণ কৰাটো ইমান সহজ নহয় যিটো অতীতত হৈছিল। সম্ভৱতঃ আমাৰ শৰীৰে সেইদৰে কাৰ্য্য নকৰে যিদৰে কৰিব লাগে। আৰু প্ৰকৃততে কবলৈ গʼলে, আমি নিজৰ বাবে অলপ সময় আৰু কিছু ধন আমাৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিব বিচাৰো। (উপ. ৩:১২, ১৩) সেইবাবে হয়তো আমি আচৰিত হব পাৰোঁ যে অগ্ৰগামীৰ আমন্ত্ৰণক স্বীকাৰ কৰাটো আমাৰ বাবে সচাঁকৈ বুদ্ধিমানৰ কাৰ্য্য হবনে নহয়।
৪ আমাৰ নিজৰ পৰিস্থিতিসমূহক সাৱধানে পৰীক্ষা কৰি আমি অগ্ৰগামী কৰিবলৈ পাৰিম নে নোৱাৰিম ইয়াৰ বাবে সিদ্ধান্ত লোৱাটো আমাৰ প্ৰত্যেকজনৰ ওপৰত নিৰ্ভৰ কৰে। (ৰোমী. ১৪:১২; গালা. ৬:৫) ই আমাক বৃদ্ধি হোৱা অগ্ৰগামীসকলৰ সংখ্যা লক্ষ্য কৰিবলৈ উৎসাহিত কৰে। এই শেষ কালত জগতৰ পৰা অহা বাধা আৰু সমস্যাবোৰৰ স্বত্তেও ১৯৯৯ চনৰ বছৰেকীয়া পুস্তক-ত প্ৰকাশিত হোৱা সেৱা ৰিপৰ্টে দেখুৱাইছে যে গোটেই বিশ্বত থকা যিহোৱাৰ লোকসকলৰ প্ৰায় ৭,০০০০০ জনে অগ্ৰগামী পৰিচৰ্য্যা কাৰ্য্যৰ বাবে আগবাঢ়ি আহিছে। এই ভাই আৰু ভনীসকলে বহুতো আৰ্থিক কষ্ট, যাতায়তৰ অসূবিধা, শাৰীৰিক সমস্যাবোৰত ভুগা বা আন আন বাধা আৰু ক্লেশৰ সন্মুখীন পোৱাৰ স্বত্তেও যিটো উত্তম তাক কৰিবলৈ ক্লান্ত হৈ পৰা নাই আৰু এইটো অতি প্ৰশংসনীয়। (গালা. ৬:৯) তেওঁলোকে যিহোৱাক পৰীক্ষা কৰি চাবলৈ দিয়া, তেওঁৰ নিমন্ত্ৰণক গ্ৰহণ কৰিছে। (মলা. ৩:১০) তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ সীমিত সময় আৰু সম্পত্তিক ভালদৰে ব্যৱহাৰ কৰিবলৈ অগ্ৰগামী কাৰ্য্যই হৈছে আটাইতকৈ বুদ্ধিমানৰ কাৰ্য্য আৰু অগ্ৰগামী কাৰ্য্যত লাগি থাকিবলৈ তেওঁলোকৰ আৱশ্যকীয় ত্যাগক যিহোৱাই সচাঁকৈ আশীৰ্ব্বাদ কৰিছে।
৫ অগ্ৰগামীসকল আশীৰ্ব্বাদপ্ৰাপ্ত হৈছে: কামেৰুণ থকা এজনী ভনীয়ে, যিগৰাকীৰ এজনী একেবাৰে সৰু ছোৱালী আছিল, তাই এইদৰে বৰ্ণনা কৰিলে: “মোৰ ছোৱালীয়ে জন্মৰ পৰাই পৰিচৰ্য্যা কাৰ্য্যত সদায় মোৰ সঙ্গী হৈ আহিছে। তাই খোজ কাঢ়িব শিকাৰ আগতে, মই তাইক পিঠিত বান্ধি পৰিচৰ্য্যা কাৰ্য্যত লৈ গৈছিলো। এদিনাখন ৰাতিপুৱা পৰিচৰ্য্যাৰ সময়ত মই ৰাস্তাৰ কাষত থিয় হলোঁ। মোৰ ছোৱালীজনীয়ে মোৰ লগ এৰি মোৰ বেগৰ পৰা কিছুমান আলোচনী তাইৰ লগত ললে। এখোজ দুখোজকৈ গৈ তাই মোৰ পৰা অলপ দূৰত ৰʼল। যদিও তাই অধিক কথা পাতিব পৰা নাছিল, তাইৰ প্ৰতি কিন্তু এগৰাকী তিৰোতাৰ ধ্যান আকৰ্ষিত হʼল আৰু তাই এখন আলোচনী আগবঢ়ালে। সেই তিৰোতাগৰাকীয়ে এই সৰু ছোৱালীজনীৰ কাৰ্য্য দেখি অতি আচৰিত হʼল। তাই স্বইচ্ছাৰে আলোচনীৰ লগতে গৃহ বাইবেল অধ্যয়ন স্বীকাৰ কৰিলে!”
৬ সহযোগী অগ্ৰগামীৰ বাবে কৰা আমন্ত্ৰণক প্ৰতুত্তৰ দি, জাম্বিয়াৰ এজন প্ৰাচীন আৰু পৰিয়ালৰ মূখিয়ালে পূৰ্ণ-সময়ৰ চাকৰি কৰিছিল, তেওঁৰ ব্যস্ত তালিকা থকাৰ স্বত্তেও সহযোগী অগ্ৰগামী কৰিবলৈ নিৰ্ণয় লয়। তেওঁ মণ্ডলী আৰু পৰিয়ালৰ বাবে এটা ভাল উদাহৰণ ৰাখিবলৈ বিচাৰিছিল। কিছুমান ঠাইত, তেওঁ গাড়ী ৰাস্তাৰ কাষত ৰাখি সূখী পৰিয়ালৰ ৰহস্য অডিও কেছেট বজাই অহা-যোৱা কৰা যাত্ৰীসকলক তালৈ আহি জোৰেৰে কি পঢ়িছে তাক শুনিবলৈ আমন্ত্ৰণ জনাইছিল। এইদৰে তেওঁ ১৬ খন সূখী পৰিয়াল কিতাপ আৰু ১৩ খন জ্ঞান কিতাপ বিতৰণ কৰে আৰু দুটা বাইবেল অধ্যয়ন আৰম্ভ হয়।
৭ জিম্বাবোৱেৰ ওচৰ-চুবুৰীয়া দেশতো এটা ভাল অগ্ৰগামী আত্মা মন কৰিবলগীয়া আছিল। ১৯৯৮ চনৰ এপ্ৰিল মাহত, ১১৭ প্ৰচাৰক থকা এখন মণ্ডলীৰ ৭০ জন সহযোগী আৰু ৯ জন নিয়মিত অগ্ৰগামী সেৱকসকলে ৰিপৰ্ট কৰে। ৯৪ জন প্ৰচাৰক থকা অন্য এটা মণ্ডলীত ৫৮ জন সহযোগী অগ্ৰগামী সেৱকসকলে ৰিপৰ্ট কৰে। আন এটা মণ্ডলীত থকা ১২৬ জন প্ৰচাৰকৰ ৪ জন নিয়মিত অগ্ৰগামীৰ সৈতে ৫৮ জনে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ নিৰ্ণয় লয়। যোৱা সেৱা বছৰটো জিম্বাবোৱেত মণ্ডলীসমূহৰ বাবে এটা উল্লেখনীয় বছৰৰূপে প্ৰমাণিত হয়। যদিও তাত থকা ভাইসকলে পৰিয়াল বিষয়ত, মণ্ডলীৰ কাৰ্য্য আৰু শাখা নিৰ্মাণ কৰা কাৰ্য্যবোৰত বহু ব্যস্ত আছিল তথাপি তেওঁলোকে পৰিচৰ্য্যা কাৰ্য্যত তেওঁলোকৰ সময়ক বুদ্ধিমানৰূপে ব্যয় কৰিবলৈ মনোযোগ দিছিল।
৮ অগ্ৰগামীসকলে স্মৰণ কৰে যে অগ্ৰগামী কাৰ্য্য আৰম্ভ কৰিবলৈ আৰু ইয়াত লাগি থাকিবলৈ তেওঁলোকৰ নিজ শক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে স্বীকাৰ কৰে যে “ঈশ্বৰে দিয়া শক্তিৰ” ওপৰত নিৰ্ভৰ কৰাৰ বাবে এই কাৰ্য্য কৰিবলৈ সক্ষম হৈছে। (১ পিত. ৪:১১) তেওঁলোকৰ বিশ্বাসে তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যক দিনে দিনে আগবঢ়াই নিবলৈ সমৰ্থন কৰে। তেওঁলোকে নিজ উপযুক্ত সময় আৰু সুবিধাৰ পৰিবৰ্তে, সফলপ্ৰাপ্ত অগ্ৰগামীসকলে স্মৰণ কৰে যে অগগ্ৰামী কাৰ্য্যক আগবঢ়াবলৈ হয়তো তেওঁলোকে “অনেক দুখভোগ” কৰিব লাগিব, কিন্তু পৰিণামস্বৰূপে তেওঁলোকে বহুত আশীৰ্ব্বাদৰ ভাগী হয়।—১ থিচ. ২:২.
৯ পৌলৰ উদাহৰণক অনুকৰণ কৰিব পৰা যায়: বাইবেলে বৰ্ণনা কৰিছে যে পাঁচনি পৌলে পৰিচৰ্য্যা কাৰ্য্যত বহুতো সফলতা লাভ কৰিছিল আৰু বহুতো লোকক সহায় কৰিছিল। তথাপি, হয়তো কম লোকৰহে পৌলৰ দৰে অত্যাধিক ভাৰ আছিল। তেওঁ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আৰু মণ্ডলীবোৰক শক্তিশালী কৰিবলৈ বহু যান্ত্ৰণা আৰু শাৰীৰিক কষ্টত ভুগিবলগীয়া হৈছিল। তেওঁ এক দুঃখজনক শাৰীৰিক সমস্যাতো ভুগিবলগীয়া হৈছিল। (২ কৰি. ১১:২১-২৯; ১২:৭-১০) কিন্তু তেওঁ নিজৰ সময়ক বুদ্ধিমানৰূপে ব্যয় কৰিবলৈ দৃঢ়সঙ্কল্প আছিল। তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ সকলোবোৰ কাৰ্য্য যিহোৱাৰ সহায়ৰ দ্বাৰা কৰিবলৈ পাৰিলে। (ফিলি. ৪:১৩) যিসকলক পৌলে সহায় কৰিছিল তেওঁলোকৰ কোনেও কাৰণ দৰ্শাব নোৱাৰে যে যিহোৱাৰ সেৱাত তেওঁৰ সময় আৰু চেষ্টা অথলে গʼল বা তাতোতকৈ ভালদৰে অতিবাহিত কৰিব পাৰিলেহেঁতেন। কিয়, কিয়নো পৌলে তেওঁৰ সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিছিল যাৰ দ্বাৰা বৰ্তমান সময়ত আমি লাভৱান হৈছো! আমি তেওঁৰ প্ৰেৰিত উপদেশক কিমান প্ৰশংসনীয়ৰূপে দৃষ্টি কৰা উচিত কিয়নো আমাৰ সৰ্ব্বপ্ৰথম কাৰ্য্যবোৰক বাচি ওলিয়াবলৈ আৰু এই কঠিন সময়তো সত্যত দৃঢ় হৈ থাকিবলৈ সহায় কৰে!
১০ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ বৰ্তমান ‘সেই কাল চুটি কৰা হʼল।’ (১ কৰি. ৭:২৯; মথি ২৪:১৪) সেইবাবে, আমি নিজকে সোধা উপযুক্ত, ‘যদি মোৰ জীৱন অহা কালিলৈ অকস্মাতে শেষ হৈ যায়, মই আজিয়েই যিহোৱাক কব পাৰিমনে যে মই মোৰ সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিলোঁ?’ (যাকো. ৪:১৪) আপুনি এজন যিহোৱাৰ সেৱক হিচাবে তেওঁক ভৰসা কৰি আপোনাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা আপোনাৰ ইচ্ছাক, এতিয়াই যিহোৱাক প্ৰাৰ্থনাৰ দ্বাৰা নকয় কিয়? (গীত. ৯০:১২) সাধাৰণৰূপে জীৱন-যাপন কৰাত সহায় কৰিবলৈ আপুনি যিহোৱালৈ প্ৰাৰ্থনা কৰক। যদিও আপুনি প্ৰথমে অগ্ৰগামী নকৰিবলৈ সিদ্ধান্ত লৈছিল, এতিয়া আপুনি আপোনাৰ জীৱনত অগ্ৰগামী কাৰ্য্যক স্থান দিব পাৰিব নে?
১১ সকলো সুযোগক সম্পূৰ্ণৰূপে লাভ প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰক: এইটো বুজিব পৰা যায় যে অনেক পৰিস্থিতিৰ বাবে, সকলো লোকে নিয়মিত অগ্ৰগামীৰ বাবে মাহত প্ৰয়োজনীয় ৭০ ঘন্টাৰ তালিকা বনাবলৈ সমৰ্থ নহয়। সেইবাবে, বহুতো প্ৰচাৰকে যিমান সম্ভৱ হয় পৰিচৰ্য্যা কাৰ্য্যত সহযোগী অগ্ৰগামীৰূপে মাহত ৫০ ঘন্টা অতিবাহিত কৰিবলৈ বা একেৰাহে কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰে। যদি আপোনাক পৰিস্থিতিসমূহে আপোনাক সহযোগী বা নিয়মিত অগ্ৰগামী সেৱা কৰিবলৈ অনুমতি নিদিয়ে তেনেহʼলে নিৰুৎসাহী নহব। একেৰাহে প্ৰাৰ্থনাত লাগি থকাৰ দ্বাৰা আপোনাৰ পৰিস্থিতিসমূহ পৰিবৰ্তন হব। যদি সাল-সলনি কৰিও অগ্ৰগামী সেৱা কৰা সম্ভৱ নহয়, তেনেহʼলে এইটো জানি সান্ত্বনা পাব পাৰে যে আপুনি যিহোৱাৰ সেৱাত পূৰ্ণ-চিত্তৰে যি কৰিবলৈ সক্ষম হৈছে তাত তেওঁ আনন্দিত হয়। (মথি ১৩:২৩) তেওঁ লক্ষ্য কৰে যে আপুনি তেওঁৰ ওচৰত দৃঢ়ভাৱে থিয় হৈ আছে আৰু আপুনি এজন বিশ্বাসী প্ৰচাৰক হবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছে আৰু প্ৰত্যেক মাহতে যিকোনো সূযোগতে সাক্ষী দিবলৈ বিচাৰি আছে। হয়তো আপুনি সাক্ষী দিয়া দক্ষতাক উন্নত কৰাৰ দ্বাৰা শুভবাৰ্ত্তাৰ এজন প্ৰচাৰক আৰু শিক্ষকৰূপে পাকৈত হব পাৰে।—১ তীম. ৪:১৬.
১২ “যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন” অতি ওচৰত থকা বুলি জানি, যি আজ্ঞা আমাক দিয়া হৈছিল তাক পূৰ্ণ কৰিবলৈ আমাৰ অতিৰিক্ত সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা আৱশ্যক। (যোৱে. ২:৩১) চয়তানে জানে যে তাৰ সময় একেবাৰে কম আৰু আগতকৈও অধিক, আমাৰ জীৱনক জটিল কৰিবলৈ আৰু জীৱনক আমাৰ বাবে কঠিন কৰি যিটো সচাঁকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য তাৰ ওপৰত মনোযোগ দিয়াৰ পৰা বিৰত ৰাখিবলৈ তাৰ শক্তিত থকা সকলোবোৰ চেষ্টাক সি প্ৰয়োগ কৰে। (ফিলি. ১:১০; প্ৰকা. ১২:১২) আপোনাৰ বাবে থকা ঈশ্বৰৰ ইচ্ছাক কেতিয়াও হেয়জ্ঞান নকৰিব। যিহোৱাই আপোনাৰ জীৱনক সৰল কৰি পৰিচৰ্য্যা কাৰ্য্যত আপুনি কৰা চেষ্টাত উপনীত হবৰ বাবে আপোনাক সহায় কৰিব। (গীত. ১৪৫:১৬) আনন্দৰ বিষয় এই যে, বহুতে তেওঁলোকৰ পৰিস্থিতিসমূহক পুনৰ পৰীক্ষা কৰি পাইছে যে তেওঁলোকে সহযোগী বা নিয়মিত অগ্ৰগামী কৰিব পাৰে। অৱশ্যে, অগ্ৰগামীসকলে তেওঁলোকৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰি গভীৰ তৃপ্তি অনুভৱ কৰিছে। আপুনি তেওঁলোকৰ মাজৰ এজন হবনে?