অগ্ৰগামী সেৱাৰ বাবে আপোনাৰ কাৰণে দুৱাৰ মুকলি হৈ আছেনে?
১ ১৯৯৯ চনৰ বাৰ্ষিক পাঠে আমাক স্মৰণ কৰাই দিয়ে যে আমি যিহোৱাৰ ‘পৰিত্ৰাণৰ দিনত’ বাস কৰি আছোঁ। (২ কৰি. ৬:২) কিন্তু তেওঁৰ পৰিত্ৰাণৰ দিন অতি সোনকালে শেষ হʼব। তেতিয়া তেওঁৰ ‘মহা-বিচাৰদিন’ আৰম্ভ হʼব। (২ পিত. ২:৯) যিহেতু যিহোৱাই একেৰাহে মানৱজাতিলৈ পৰিত্ৰাণৰ বাবে সুযোগ দি আছে, সেই সুযোগ গ্ৰহণ কৰা ব্যক্তিৰ বৃদ্ধি হোৱা সংখ্যা দেখি আমি কিমান যে আচৰিত হৈছোঁ!
২ যিহোৱাৰ লোকসকলে প্ৰত্যহ্বানৰ সন্মূখীন হৈ পলম হোৱাৰ আগতে সেই সঠিক প্ৰতিক্ৰিয়া দেখুৱা লোকসকলক সাক্ষাৎ কৰে। ইয়াৰ অৰ্থ হৈছে বহুতো ৰাজ্যৰ প্ৰচাৰকে অগ্ৰগামী সেৱাত যোগদান দিয়া। আপোনাৰ বাবে এতিয়া সেই অগ্ৰগামী সেৱাৰ বাবে দুৱাৰ মুকলি হৈছেনে? কিয় আমি নিজকে সোধা আৱশ্যক?
৩ মূল্যঙ্কন প্ৰকাশ কৰক: নিয়মিত আৰু সহযোগী অগ্ৰগামী উভয়ৰ বাবে ঘন্টা হ্ৰাসৰ বিষয়ে জানুৱাৰী ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত দিয়া হʼল। এই নতুন আৱশ্যকীয় ঘন্টাক সম্পূৰ্ণ কৰিবলৈ প্ৰত্যেক মাহত নিয়মিত অগ্ৰগামীসকলে ৭০ ঘন্টা দিয়া আৱশ্যক যাতে প্ৰত্যেক সেৱা বছৰত মুঠ ৮৪০ ঘন্টা হয়। সহযোগী অগ্ৰগামীসকলে প্ৰত্যেক মাহত ৫০ ঘন্টা দিয়া আৱশ্যক। এই সাল-সলনি কৰাৰ ফলত কিছুমানে মুল্যঙ্কান প্ৰকাশ কৰিছে তাৰে কিছুমান তলত দিয়া হʼল:
“স্বৰ্গীয় পিতৃৰ পৰা কিযে মহান আশীৰ্ব্বাদ!”
“তেওঁ কৰা প্ৰবন্ধৰ প্ৰতি আনন্দ, প্ৰেম আৰু কৃতজ্ঞতাক বাক্যৰে বৰ্ণনা কৰিব পৰা নাযায়!”
“ইয়াৰ বাবে আমাৰ তালিকাৰ লক্ষ্যত উপনীত হবলৈ আৰু সহজ হৈ পৰিল!”
“আমাৰ প্ৰাৰ্থনা হৈছে বেছিভাগ লোকে পূৰ্ণ-সময়ৰ পৰিচৰ্য্যাত ভাগ লওঁক আৰু বৃহতৰূপে যিহোৱাৰ সেৱাত ভাগ লৈ আশীৰ্ব্বাদ প্ৰাপ্ত কৰক।”
৪ যেনেকৈ আমি যিহোৱাৰ পৰিত্ৰাণ দিনৰ কাষ চাপিছোঁহি, এইটো স্পষ্ট হৈছে যে যিহোৱাই তেওঁৰ লোকসকলৰ পৰা অন্তিমবাৰৰ বাবে উচ্চ শব্দত স্তুতি কৰাতো বিচাৰে। বাৰ্ত্তা প্ৰবল আৰু অত্যন্তৰূপে বৃদ্ধি পাইছে (১) একেৰাহে বৃদ্ধি হোৱা ৰাজ্য প্ৰচাৰকৰ সংখ্যা দ্বাৰা (২) প্ৰত্যেক ৰাজ্যৰ প্ৰচাৰকে তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰিবলৈ সক্ষম হোৱা দ্বাৰা। যিহোৱাই, মাত্ৰ এজনা যিজন ‘ঈশ্বৰে বঢ়ালে,’ যিসকলে পৰিত্ৰাণৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে তেওঁলোকে দুই প্ৰকাৰে আশীৰ্ব্বাদৰ ভাগী হʼল।—১ কৰি. ৩:৬, ৭; গীত. ১১০:৩.
৫ ইয়াৰ উদ্দেশ্যৰ প্ৰতি কেতিয়াও আওকাণ নকৰিব: এই উদ্দেশ্য যিহোৱাৰ পৰিত্ৰাণৰ দিনৰ সৈতে সম্পৰ্ক আছে যেনেকৈ পৌলে সঙ্গী খ্ৰীষ্টানসকলক কৈছিল: “আমি তেওঁৰ সহকাৰী হৈ, এই মিনতিও কৰিছোঁ যে তোমালোকে অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহবা।” আমি ‘অনুগ্ৰহক ব্যৰ্থৰূপে গ্ৰহণ কৰোঁতা হʼব নালাগে’ যদি আমি ইয়াক “গ্ৰাহ্য-কালত” বুলি দৃষ্টি কৰোঁ, আনৰ পৰিত্ৰাণৰ বাবে সকলো সুযোগত কাৰ্য্য কৰিম। (২ কৰি. ৬:১, ২, NW) আজি পৌলৰ বাক্যক অতি আৱশ্যকীয়ৰূপে গ্ৰহণ কৰা হৈছে। খ্ৰীষ্টানসকলে যিহোৱাৰ প্ৰতি থকা প্ৰেমক এক বিশেষ অধিকাৰৰূপে গ্ৰহণ কৰি যিমানলৈকে সম্ভৱ তেওঁলোকক নিযুক্তি ক্ষেত্ৰত প্ৰচাৰ কাৰ্য্য কৰিবলৈ চেষ্টা কৰে। আপুনি এজন নিয়মিত অগ্ৰগামীৰূপে পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণ ভাগ লবলৈ সক্ষম হৈছেনে?
৬ এইটো এটা যুক্তিসঙ্গত লক্ষ্য: ভাৰতত চেপ্তেম্বৰ মাহৰ ১ তাৰিখলৈকে ১০০০ জনে নিয়মিত অগ্ৰগামী সেৱাত অংশ গ্ৰহণ কৰাটো আমাৰ লক্ষ্য। আমি বিশ্বাস কৰোঁ যে এইটো যুক্তিসঙ্গত আৰু প্ৰাপ্ত কৰিব পৰা লক্ষ্য। কিয় আমি ইমান দৃঢ়বিশ্বাসী? কিয়নো ১৯৯৭ চনৰ মাৰ্চ মাহত ১,৭১৫ জন আৰু ১৯৯৮ চনৰ এপ্ৰিল মাহত প্ৰায় ২,১৭০ জন ভাই-ভনীয়ে সহযোগী অগ্ৰগ্ৰামী সেৱাত অংশ গ্ৰহণ কৰা দেখিছোঁ, সেই বাবে আমি দৃঢ়বিশ্বাসী হʼব পাৰিছোঁ। বেছিভাগ ৰিপৰ্টৰ সংখ্যা ৬০ ঘন্টা—যি মাত্ৰ নতুন নিয়মিত অগ্ৰগামী সেৱাৰ আৱশ্যকীয় ঘন্টাতকৈ ১০ ঘন্ট কম! বাস্তৱতে যদি সহযোগী অগ্ৰগামী সেৱা কৰাৰ ২০০ জনে সেৱা বছৰ শেষ হোৱাৰ আগতে নিয়মিত অগ্ৰগামী সেৱাত ভৰ্তি হয়, তেতিয়া হʼলে চেপ্তেম্বৰ মাহৰ আৰম্ভণিতে ১০০০ জন বা তাতকৈও বেছি জনে পূৰ্ণ-সময়ৰ অগ্ৰগামী সেৱাত ভাগ লব পাৰিব!
৭ এখন তালিকাৰ আৱশ্যক: এক মাহত ৭০ ঘন্টা দিয়াটো আপোনাৰ বাবে এতিয়াও সুবিধাজনক নহয় যেন বোধ হৈছেনে? হয়তো সপ্তাহত ১৭ ঘন্টা দিয়াটো আপোনাৰ বাবে কাৰ্য্য কৰিবলৈ সহায়ক হʼব। তালিকাৰ আৰ্হিখন পিছৰ পৃষ্ঠাত দিয়া হʼল, আপোনাৰ ব্যক্তিগত পৰিস্থিতিৰ অনুসাৰে নিয়মিত অগ্ৰগামী সেৱাৰ বাবে তালিকা প্ৰস্তুত কৰক। ইয়াত সফল হবলৈ, কোনো অনুভৱ প্ৰাপ্ত অগ্ৰগামীৰ সৈতে আলোচনা কৰক যে কেনেকৈ তেওঁলোকে ব্যক্তিগত আৰু পৰিয়ালৰ দায়ীত্বৰ সৈতে অগ্ৰগামী সেৱাৰ ভাৰসাম্যতা বজাই ৰাখিছে। আপোনাৰ চাৰ্কিট ওভাৰচিয়াৰক সোধক যে চাৰ্কিটত থকা আন অগ্ৰগামী সকলে প্ৰত্যেক সপ্তাহত কেনেকৈ তেওঁলোকৰ তালিকাৰ অনুসাৰে কাৰ্য্য কৰে। তাৰ পাছত আপোনাৰ তালিকাত সফল হবলৈ যিহোৱালৈ আৰ্শীৰ্ব্বাদ বিচাৰি প্ৰাৰ্থনা কৰক।—হিতো. ১৬:৩.
৮ ইয়াক এটা পৰিয়ালৰ উদ্দেশ্যৰূপে তৈয়াৰ কৰক: আপুনি অগ্ৰগামী সেৱাৰ বাবে পৰিয়ালৰূপে এখন আঁচনি তৈয়াৰ কৰিছেনে? কেনেকৈ কৰিব পাৰি তাৰ বাবে সকলোৱে একেলগে বহি সাৱধানে আঁচনি তৈয়াৰ কৰিব পাৰে আৰু ভাল সহযোগৰ বাবে আলোচনা কৰিব পাৰে—পৰিয়ালৰ এজন বা দুজন সদস্যই অগ্ৰগামীৰ কাৰ্য্য কৰিবলৈ সক্ষম হʼব। বুজিব পৰা মতে, কিছুমানে আন্তৰিকতাৰে এই বিষয়ে মূল্যাঙ্কন কৰাৰ স্বত্তেও তেওঁলোকৰ পৰিস্থিতিয়ে তেওঁলোকক নিয়মিত অগ্ৰগামী সেৱা কৰিবলৈ এই মহূৰ্তত অনুমতি নিদিয়ে। যদি তেনেদৰে আপোনাৰ ক্ষেত্ৰত হৈছে ভৱিষ্যতে অগ্ৰগামী সেৱা কৰিবলৈ লক্ষ্য ৰাখক। কিন্তু অগ্ৰগামী কৰাৰ নিৰ্দ্দিষ্ট তাৰিখৰ বাবে এতিয়াই আঁচনি তৈয়াৰ কৰক। যিহেতু এই বছৰত আপুনি বহুবাৰ সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে যাৰ দ্বাৰা আগলৈ নিয়মিত অগ্ৰগামী সেৱাৰ লক্ষ্যত উপনীত হবলৈ সহায়ক হʼব।
৯ বিভিন্ন পৰিস্থিতি মাজতো ভাৰতত ৮০০ জনতকৈও বেছি নিয়মিত অগ্ৰগামী সেৱাত অন্তৰ্ভূক্ত হৈছে। তেওঁলোকৰ ১০০ জনে অবিবাহিত আৰু প্ৰায় ২০০ জনৰ বয়স ৫০ বছৰতকৈও বেছি। প্ৰায় ৫০০ জনৰ বয়স ২০-৫০ বছৰৰ ভিতৰত, তেওঁলোকৰ বহুতৰে পৰিয়াল আৰু মণ্ডলীত বহুতো দায়ীত্ব আছে। তেওঁলোকে অগ্ৰগামী সেৱাৰ বাবে “সুসময়ক কিনি” লৈছে, যাৰ অৰ্থ হৈছে বহুতো ক্ষেত্ৰত পৰিতৃপ্তি হৈ সৰলভাৱে জীৱন নিৰ্বাহ কৰা।—কল. ৪:৫.
১০ আপুনি সৰলভাৱে কৰা আৱশ্যকনে? আপোনাৰ জীৱন প্ৰণালীক সৰল কৰাটোৱে হৈছে অগ্ৰগামী সেৱাৰ বাবে দুৱাৰ মুকলি কৰাৰ চাবি। আপোনাৰ জীৱন এখন ডাঙৰ ঘৰৰ দৰে হয়নে যʼত অনাৱশ্যকীয়া কোঠা আৰু চকী-মেজৰে ভৰি আছে, যাক চোৱা-চিতা কৰিবলৈ যথেষ্ট সময়, টকা-পইছা আৰু কাম কৰিবলগীয়া হয়? যদি তেনেদৰে হয়, তেনেহʼলে পৰিস্থিতিক আৰু বেছি সংযত কৰিব পাৰে যাৰ বাবে হয়তো আপুনি অগ্ৰগামী সেৱা কৰিবলৈ সুযোগ পাব। আপুনি আপোনাৰ সাংসাৰিক কাৰ্য্যৰ সময় কম কৰিব পাৰিবনে? আপুনি অনাৱশ্যকীয়া কাৰ্য্য বা খেল-ধেমালীৰ পৰা সময় কিনি লব পাৰিবনে?
১১ বাইবেলে আমাক কৈছে: “কিন্তু আমাৰ অন্ন-বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” কম আৱশ্যকীয় কাৰণসমূহত বেছি ইচ্ছা প্ৰকাশ নকৰি যিহোৱাৰ সেৱা আৰু আধ্যাত্মিক ইচ্ছাবোৰত সহজে প্ৰথম স্থান দিব পাৰি। (মথি ৬:২২, ৩৩) ১৯৯৮ চনৰ বছেৰেকীয়া পুস্তক-ৰ ১০৪ পৃষ্ঠাত দিয়া জাপানৰ ৰিপৰ্টত সেই দেশৰ অগ্ৰগামী সেৱাৰ প্ৰতি থকা উত্তম আত্মাৰ বাবে বহুতো উপদেশ দিয়া হৈছে। তাৰে এটাক বিবেচনা কৰক: “এইটো সচাঁ যে জাপানীসকলৰ ঘৰ বেছ পৰিপাটিকৈ ৰাখে, তাৰ বাবে আৱশ্যক আছে অলপ সময় আৰু পৰম্পাৰগত জীৱন প্ৰণালীক সৰল কৰা।” ১ তীমথিয় ৬:৮ পদত এই অৰ্থত নুবুজাইনে?
১২ গোটেই বিশ্বত, যিহোৱাৰ পৰিত্ৰাণৰ দিন শেষ হোৱাৰ আগতে ঈশ্বৰৰ সেৱকসকলে শুভবাৰ্ত্তাক আগতকৈও অধিকৰূপে একেৰাহে বৃদ্ধি কৰিছে। যোৱা বছৰত প্ৰশংসনীয়ভাৱে প্ৰত্যেক মাহত প্ৰায় ৭,০০০০০ জনতকৈ অধিক ভাই-ভনীসকলে অগ্ৰগামী সেৱকৰূপে কাৰ্য্য কৰে। সেইবোৰত যোগ দিবলৈ আপুনি আপোনাৰ সময়ত সাল-সলনি কৰিব পাৰেনে? “অগ্ৰগামী সেৱাৰ বাবে আপোনাৰ কাৰণে দুৱাৰ মুকলি হৈ আছেনে?” যেনেকৈ আপুনি এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাব: আমি আপোনাৰ পৰিস্থিতিক প্ৰাৰ্থনাপূৰ্বক আৰু সাৱধানে পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ।
[Blurb on page 3]
লক্ষ্য: ১০০০ জন নিয়মিত অগ্ৰগামী!
[Box on page 4]
নিয়মিত অগ্ৰগামীসকলৰ বাবে তালিকাৰ আৰ্হি
আৱশ্যক আছে: এক সপ্তাহত ১৭ ঘন্টা
সপ্তাহৰ এটা দিন আৰু সপ্তাহৰ শেষ
দিন ঘন্টা
শুকুৰবাৰ ৮
শনিবাৰ ৬
দেউবাৰ ৩
মুঠ ঘন্টা: ১৭
সপ্তাহত দুই দিন আৰু শনিবাৰ
দিন ঘন্টা
মঙ্গলবাৰ ৭
বৃহস্পতিবাৰ ৭
শনিবাৰ ৩
মুঠ ঘন্টা: ১৭
সপ্তাহত তিনিদিন আৰু দেউবাৰ
দিন ঘন্টা
সোমবাৰ ৫
বুধবাৰ ৫
শুকুৰবাৰ ৫
দেউবাৰ ২
মুঠ ঘন্টা: ১৭
দুটা সন্ধ্যা আৰু সপ্তাহৰ শেষৰ দিন
দিন ঘন্টা
সোমবাৰ ৩
বুধবাৰ ৩
শনিবাৰ ৮
দেউবাৰ ৩
মুঠ ঘন্টা: ১৭
নিয়মিত অগ্ৰগামীৰ বাবে নিজে তালিকা প্ৰস্তুত কৰক
দিন ঘন্টা
সোমবাৰ
মঙ্গলবাৰ
বুধবাৰ
বৃহস্পতিবাৰ
শুকুৰবাৰ
শনিবাৰ
দেউবাৰ
মুঠ ঘন্টা: ১৭