ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/৯৯ পৃষ্ঠা ২
  • আগষ্ট মাহৰ বাবে পৰিচৰ্য্যা সভা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট মাহৰ বাবে পৰিচৰ্য্যা সভা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • আগষ্ট ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/৯৯ পৃষ্ঠা ২

আগষ্ট মাহৰ বাবে পৰিচৰ্য্যা সভা

আগষ্ট ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৯

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। দেশ আৰু স্থানীয় মণ্ডলীৰ এপ্ৰিল মাহৰ সেৱা ৰিপৰ্টৰ বিষয়ে মন্তব্য দিয়ক। আগষ্ট মাহত সকলো প্ৰচাৰকক প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰক।

১৭ মি: “যিহোৱাৰ সুন্দৰ নামক বিশেষৰূপে সন্মান কৰক।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত এই বিষয়ে মন্তব্য দিয়ক আৰু প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। তাত দিয়া শাস্ত্ৰীয় পদসমূহক উল্লেখ কৰক।—চিৰকাল জীৱিত্ব থকা পুস্তকৰ ১৮৪-৫ পৃষ্ঠা চাওঁক।

১৮ মি: “আপোনাৰ স্কুলীয় শিক্ষা আৰু আধ্যাত্মিক লক্ষ্যসমূহ।” এই বিষয়টো এজন পিতৃয়ে তেওঁৰ পুতেক বা জীয়েকৰ সৈতে আলোচনা কৰে। তেওঁলোকে এই বিষয়ে ডিচেম্বৰ ২২, ১৯৯৫ চনৰ সজাগ হোৱা! (ইংৰাজী) ৭-১১ পৃষ্ঠাক পুনৰ নিৰীক্ষণ কৰে।

গীত ১৪৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৩৮

৮ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।

১২ মি: অগ্ৰগামীসকলে আনক সহায় কৰিবলৈ—কি উন্নতি কৰিব পৰা যায়? সেৱা ওভাৰচিয়াৰ দ্বাৰা ভাষণ আৰু সাক্ষাতকাৰ। ১৯৯৮ চনৰ চেপ্তেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠাত এই বিষয়ে পুনৰ নিৰীক্ষণৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে। ইয়াক স্থানীয়ৰূপে সংগঠিত আৰু এই অলপতে সহায় লাভ কৰি উন্নতি কৰা বিষয়ে এক বিৱৰণি বৰ্ণনা কৰক। এজন বা দুজন অগ্ৰগামী আৰু প্ৰচাৰকৰ সাক্ষাতকাৰ গ্ৰহণ কৰক যিসকলে ইয়াৰ পৰা লাভ প্ৰাপ্ত কৰিছে। যিসকলে সহায় পাবলগীয়া আছে তেওঁলোকক সেই প্ৰৱন্ধৰ পৰা লাভ প্ৰাপ্ত কৰিবলৈ উৎসাহিত কৰক।

২৫ মি: “অগ্ৰগামী সেৱাৰ বাবে আপোনাৰ কাৰণে দুৱাৰ মুকলি হৈ আছেনে?” প্ৰাচীনৰ দ্বাৰা প্ৰশ্ন আৰু উত্তৰৰ সৈতে আলোচনা। স্পষ্টৰূপে, বেছি সংখ্যক প্ৰচাৰকে অগ্ৰগামী সেৱা কৰিব পৰা সম্ভাৱনাক প্ৰকাশ কৰক। এজন অগ্ৰগামী ব্যক্তিৰ সাক্ষাৎ কৰক যিজনৰ সফলতাৰে বাধাসমূহক ব্যতিক্ৰম কৰাৰ অনুভৱ আছে। “নিয়মিত অগ্ৰগামীসকলৰ বাবে তালিকাৰ আৰ্হি” বিষয়ে ব্যাখ্যা কৰক, ঘন্টাৰ আৱশ্যকতাসমূহত উপনীত হবলৈ কেনেকৈ ভাল তালিকা প্ৰস্তুত কৰিব পাৰে তাক বৰ্ণনা কৰক। যিসকলে অগ্ৰগামী সেৱাৰ বাবে আৱেদন কৰিব বিচাৰে তেওঁলোকক সভা শেষ হোৱাৰ পাছত আৱেদন পত্ৰ দিয়া হʼব।

গীত ২০২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৩১

১০ মি: স্থানীয় ঘোষণাসমূহ। আগষ্ট মাহ শেষ হবলৈ মাত্ৰ দুটা সপ্তাহ বাকী আছে, সেইবাবে সকলোকে মাহ শেষ হোৱাৰ আগতে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰা হৈছে। “নতুন চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম” বিষয়ে পুনৰ নিৰীক্ষণ কৰক। নতুন ব্যক্তিসকলক বাপ্তিষ্মাৰ বিষয়ে ভাৱিবলৈ উৎসাহিত কৰক। অধিবেশনৰ সকলো কাৰ্য্যক্ৰমত উপস্থিত থাকিবলৈ সকলোকে অনুৰোধ কৰক।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০: মি. শিষ্য বনোৱা কাৰ্য্যত আপুনি ভাগ লৈছেনে? শ্ৰোতাসকলৰ সৈতে আলোচনা। বেছি পৰিমাণে সাহিত্য বিতৰণ কৰিবলৈ, আমাৰ সকলোকে বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্য হোৱা উচিত, যাতে আমি লোকসকলক আলোচনীবোৰ প্ৰাপ্ত কৰিবলৈ সহায় কৰিব পাৰোঁ। বাধা উৎপন্ন হোৱাৰ ফলত বেছি সংখ্যক বাইবেল অধ্যয়ন পৰিচলনা কৰিব নোৱাৰে, এই সমস্যাৰ বিষয়ে প্ৰচাৰকসকলে মতামত এনেধৰণৰনে: (১) যিসকলে অধ্যয়ন কৰিবলৈ ইচ্ছুক তেওঁলোকক লগ পোৱাটে কঠিন। (২) যিসকলে কয় যে তেওঁলোকে অধ্যয়ন কৰিবলৈ ইচ্ছুক কিন্তু তেওঁলোক অত্যন্ত ব্যস্থ। (৩) এবাৰ অধ্যয়ন আৰম্ভ হোৱাৰ পাছত তেওঁৰ সৈতে একেৰাহে অধ্যয়ন চলাই যোৱাতো কঠিন, কিয়নো বেছিভাগ সময়ত গৃহস্থই ঘৰত নাথাকে। কিছুমান প্ৰচাৰকে বাইবেল অধ্যয়ন পৰিচলনা বিষয়ে এইদৰেও অনুভৱ কৰি কয়: (১) ‘মই শিক্ষা দিয়াৰ বাবে উপযুক্ত বুলি অনুভৱ নকৰোঁ।’ (২) ‘সপ্তাহত এবাৰকৈ অধ্যয়ন পৰিচলনা কৰিবলৈ মোৰ ওচৰত সময় নাই।’ (৩) ‘মই আন ব্যক্তিৰ সৈতে কথা পাতিবলৈ কুন্ঠাবোধ কৰোঁ।’ (৪) ‘মই পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈ সন্তোষ্টি অনুভৱ কৰোঁ।’ ব্যক্তিগতৰূপে শিষ্য বনোৱা কাৰ্য্যত অহা বাধাবোৰক কেনেকৈ অতিক্ৰম কৰিব পাৰি তাৰ বাবে যথাৰ্থ পৰামৰ্শ আগবঢ়াওঁক। প্ৰচাৰকসকলে বাইবেল অধ্যয়ন পৰিচলনা কৰাৰ সফলতাৰ বাবে তেওঁলোকে আনন্দ প্ৰাপ্ত কৰা অভিজ্ঞতা হয়।—মে ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰ খনৰ ৩-৮, ১৫ পৃষ্ঠা চাওঁক।

গীত ১০০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৪

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: বিবাহৰ পবিত্ৰতাৰ প্ৰতি মূল্যঙ্কান কৰিবলৈ নতুন ব্যক্তিসকলক সহায় কৰক। ৰীজনিং কিতাপৰ (ইংৰাজী) ২৪৮-৫০ পৃষ্ঠাৰ আধাৰিত এজন প্ৰাচীন শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। আমি সেই দম্পতীসকলক সাক্ষাৎ কৰোঁ যিসকলে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী কিন্তু তেওঁলোকৰ বিবাহ বে-আইনীভাৱে একেলগে জীৱন-যাপন কৰাৰ বাবে ধীৰ গতিৰে উন্নতি কৰে। খ্ৰীষ্টানসকলে বিবাহক সন্মানৰে দৃষ্টি কৰে তাক বুজিবলৈ তেওঁলোকক কেনেকৈ সহায় কৰিব তাৰ বাবে আলোচনা কৰক। [জানুৱাৰী ৮, ১৯৯২, সজাগ হোৱা! (ইংৰাজী) ২৬-৭ পৃষ্ঠা চাওঁক।] আমি কেনেকৈ সতৰ্কতাৰে তেনে ধৰণৰ দম্পতীক সহায়ৰ বাবে কব পাৰোঁ যে কিয় তেওঁলোকে তেওঁলোকৰ বিবাহ আইনমতে ৰেজিষ্টাৰ নোহোৱালৈকে মণ্ডলীত কোনো অংশ গ্ৰহণ কৰিব নোৱাৰে।

২০ মি: “এজন বুদ্ধ ধৰ্ম্মৰ ব্যক্তিক আপুনি কি কʼব?” প্ৰশ্ন আৰু উত্তৰ। যিসকলৰ ধৰ্ম্ম, ভাৱধাৰা, আচাৰ-ব্যৱহাৰ আৰু ব্যৱস্থা আমাৰ বাবে পৰিচিত নহয় তেনে ব্যক্তিসকলক আমাৰ প্ৰচাৰ এলেকাত লগ পালে আমি কি কম তাকে ভাৱি প্ৰায়ে আচৰিত হওঁ। এই বিষয়ৰ বিষয়-বস্তু পাচঁটা–ভাগৰ সৈতে আৰম্ভ হʼব। ভালকৈ প্ৰস্তুত কৰা এটা প্ৰদৰ্শন প্ৰস্তুত কৰক। বুদ্ধ ধৰ্ম্মৰ বিষয়ে অধিকৈ জানিবলৈ, ফেব্ৰুৱাৰী মাহৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ (ইংৰাজী) অন্তপত্ৰ; বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি ১৩ পৃষ্ঠা; আৰু মানৱজাতিৰ দ্বাৰা ঈশ্বৰৰ সন্ধান (ইংৰাজী) ৬ অধ্যায় চাওঁক।

গীত ১৩৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৯

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে আগষ্ট মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ স্মৰণ কৰাওঁক। মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালকসকলে তেওঁলোকৰ গ্ৰুপত থকা সকলোৱে যাতে ৰিপৰ্ট দিয়ে তাক নিৰীক্ষণ কৰিব, যাতে চেপ্তেম্বৰ মাহৰ ৬ তাৰিখৰলৈকে সকলো হিচাব-নিকাচ শেষ কৰিব পাৰে।

১৭ মি: আমি আমাৰ ভাইসকলক প্ৰেম কৰোঁ। ডিচেম্বৰ ১, ১৯৯৫, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১৫-১৭ পৃষ্ঠা, ৭-১১ অনুচ্ছেদৰ ওপৰত আধাৰ কৰি এজন প্ৰাচীনে শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু ভাষণৰ দ্বাৰা প্ৰস্তুত কৰে। যেতিয়া আমি ভাইসকলক ভালদৰে বুজি পাওঁ, তেওঁলোকৰ সৈতে আমি উৎসাহজনক কথা-বতৰা হওঁ আৰু পৰীক্ষাৰ সময়ত এজনে আনজনক সহায় কৰাত পোৱা আনন্দৰ বিষয়ে উল্লেখ কৰি কওঁক। ইয়াক আৰু বেছিকৈ কেনেকৈ কৰিব পাৰি তাৰ বাবে পৰামৰ্শ প্ৰদান কৰক। তেওঁলোকে এই প্ৰেমময় সমৰ্থনৰ দ্বাৰা কেনেকৈ সক্ৰিয়া আৰু দৃঢ় হৈছে, সেই বিষয়ে শ্ৰোতাসকলক অনুভৱ কবলৈ আমন্ত্ৰণ কৰক।

১৮ মি: আপোনাৰ আশাৰ বাবে এটা কাৰণ। এজন প্ৰাচীনে স্কুলত পঢ়ি থকা এজন বা দুজন আদৰ্শবান কিশোৰ বা কিশোৰীৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। তেওঁলোকে একেৰাহে তেনে পৰিস্থিতিৰ সন্মূখীন হৈ আছে যিটো তেওঁলোকৰ লগৰীয়াসকলে জানিবলৈ বিচাৰে যে আমাৰ কিশোৰ-কিশোৰীসকলে কিয় তেওঁলোকৰ কাৰ্য্যত ভাগ নলয়। যেতিয়া এনে সুযোগৰ সুবিধা গ্ৰহণ কৰে তেতিয়া আমাৰ কিশোৰ-কিশোৰীসকলক তেওঁলোকৰ প্ৰতিৰোধ শক্তিক দৃঢ় কৰিবলৈ বাইবেল আধাৰিত প্ৰমাণসমূহক বৰ্ণনা কৰক। প্ৰদৰ্শন প্ৰস্তুত কৰা গ্ৰুপে আলোচনা কৰে যে যদি তেওঁলোকৰ লগৰীয়াসকলে ড্ৰাগ বা চিগাৰেট সেৱন কৰিবলৈ দিয়ে তেনেসময়ত তেওঁলোকে কিদৰে উপযুক্ত উত্তৰ দিব। যুৱক-যুৱতীসকলে কৰা প্ৰশ্ন (ইংৰাজী), ২৭৭-৮১ পৃষ্ঠাৰ পৰা যুক্তিসঙ্গত কাৰণসমূহ প্ৰস্তুত কৰক। বৰ্ণনা কৰক যে কেনেকৈ তেওঁলোকৰ নিৰ্দ্ধাৰণক সমৰ্থন কৰি যিটো সঠিক তাক কৰি এক উত্তম সাক্ষী দিব পাৰি।

গীত ১২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক