ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/৯৯ পৃষ্ঠা ১
  • আপোনাৰ স্কুলীয় শিক্ষা আৰু আধ্যাত্মিক লক্ষ্যসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ স্কুলীয় শিক্ষা আৰু আধ্যাত্মিক লক্ষ্যসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • লক্ষ্য ৰাখক আৰু তাত উপনীত হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/৯৯ পৃষ্ঠা ১

আপোনাৰ স্কুলীয় শিক্ষা আৰু আধ্যাত্মিক লক্ষ্যসমূহ

১ আপুনি বাল্য কালত লিখিব আৰু পঢ়িব শিকি ভূগোল, বুৰঞ্জী, গণিত, বিজ্ঞান আদি বিষয়ত সাধাৰণ জ্ঞান লৈ ভাল বুনিয়াদী শিক্ষা লাভ কৰি শৈক্ষিক অৰ্হতা প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি স্পষ্টকৈ বুজিব পাৰে, ঘটনাবিলাকক ভালকৈ বৰ্ণনা কৰিব পাৰে, সমস্যাবিলাকক সমাধান কৰিব পাৰে আৰু সাধাৰণ কাৰ্য্যকাৰী অভিমত দিব পাৰে। এইধৰণৰ স্কুলীয় শিক্ষাই জীৱনৰ কালছোৱাত আপোনাক উত্তমৰূপে সহায় কৰিব। আপোনাৰ স্কুলীয়া শিক্ষাই, আপোনাৰ জীৱনৰ আধ্যাত্মিক লক্ষ্যৰ সৈতে কেনেকৈ সমন্ধ ৰাখে আৰু “বুদ্ধি-কৌশল আৰু বহুদৰ্শিতাক” লাভ কৰিবলৈ কেনেকৈ সহায় কৰিব?—হিতো. ৩:২১, ২২.

২ ঈশ্বৰৰ সেৱাত কাৰ্য্যকাৰী হওঁক: যেতিয়া আপুনি স্কুলত শিক্ষা গ্ৰহণ কৰে তেতিয়া নিজৰ ক্লাচত মন দিয়ক আৰু ঘৰত কৰিব দিয়া অনুশীলনীক ঠিকমতে কৰক। যদি লিখা-পঢ়াক ভালকৈ অভ্যাস কৰে তেতিয়াহে আপুনি ঈশ্বৰৰ বাক্যক ভালদৰে পৰীক্ষা কৰিব পাৰিব আৰু স্বয়ং আধ্যাত্মিকত শক্তিশালী হব পাৰিব। (পাঁচ. ১৭:১১) ভালকৈ প্ৰাপ্ত কৰা জ্ঞানে আপোনাক পৰিচৰ্য্যা ক্ষেত্ৰত লগ পোৱা ব্যক্তিসকলৰ বিভিন্ন পৃষ্ঠভূমি, আচাৰ-ব্যৱহাৰ আৰু বিশ্বাসক বুজি পাবলৈ সহায় কৰিব। স্কুলত প্ৰাপ্ত কৰা শিক্ষাৰ দ্বাৰা ঈশ্বৰৰ সংগঠনৰ খ্ৰীষ্টান দায়ীত্বসমূহক বহন কৰাত আপোনাৰ বাবে সহায়ক হʼব।—২ তীম. ২:২১; ৪:১১ পদৰ সৈতে তুলনা কৰাক।

৩ নিজকে সহায় কৰিবলৈ শিকক: যদি নিজৰ জীৱনত সেইবোৰ প্ৰয়োগ কৰে, আপুনিও স্নাতক লাভ কৰাৰ পাছত নিজৰ জীৱন-যাপন কৰিবলৈ আপোনাৰ সহায়ক হʼব। (১ তীম. ৫:৮ সৈতে তুলনা কৰক।) আপুনি অধ্যয়ন কৰিবলগীয়া বিষয়টো সাৱধানে বাচঁনি কৰক। অকলমাত্ৰ এটা দিশত, যʼত বেছি চাকৰি পোৱা নাযায় তাত মনোযোগ দিয়াৰ পৰিৱৰ্ত্তে, এনে দিশবোৰৰ প্ৰতি বেছিকৈ মনোযোগ দিয়ক যি বৃত্তিৰ দ্বাৰা সঠিক চাকৰি পোৱা যাব। (হিতো. ২২:২৯) এইধৰণৰ প্ৰশিক্ষণে যʼত বহুত আৱশ্যকতা আছে তেনে এলেকাত গৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ আপোনাক সহায় কৰিব।—পাঁচ. ১৮:১-৪ পদৰ সৈতে তুলনা কৰক।

৪ উত্তম বুনিয়াদী শিক্ষাৰ দ্বাৰা আপুনি আপোনাৰ পৰিচাৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰাত সহায় পাব। যিহোৱাৰ সেৱাক উন্নত কৰা সময়ত আৱশ্যকীয় দক্ষতাৰে নিজকে সহায় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। এইদৰে আপোনাৰ স্কুলীয় শিক্ষাৰ দ্বাৰা নিজৰ আধ্যাত্মিক লক্ষ্যত উপনীত হʼব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক