ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৩ পৃষ্ঠা ৮
  • অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • অগ্ৰগামী সেৱা—আমাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা কাৰ্য্য!
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এতিয়াই হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়!
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৩ পৃষ্ঠা ৮

অগ্ৰগামী সেৱাৰ পৰা পোৱা লাভসমূহ

১ এজন অগ্ৰগামী ভায়ে এইদৰে কৈছিল: “মই জানো যে আন কোনো কাৰ্য্যই মোক অগ্ৰগামী সেৱাৰ দ্বাৰা আনক সত্যতাৰ বিষয়ে কোৱাৰ দৰে সন্তুষ্ট প্ৰদান কৰিব নোৱাৰে।” আন এগৰাকী ভনীয়ে এইদৰে কয়: “দিনটোৰ শেষত মই শান্তি মনেৰে শুব পাৰোঁ আৰু মোৰ হৃদয় অতিশয় আনন্দিত হয়।” এই অগ্ৰগামী ভাই আৰু ভনীৰ নিচিনাকৈ সকলো ঠাইতে থকা আন ভাই-ভনীসকলেও অগ্ৰগামী সেৱাৰ যোগেদি প্ৰচুৰ পৰিমাণে ঈশ্বৰৰ আশীৰ্ব্বাদসমূহ লাভ কৰিছে।​—⁠হিতো. ১০:⁠২২.

২ আনক ঈশ্বৰৰ জীৱনৰক্ষক জ্ঞান আহৰণ কৰাত সহায় কৰাৰ যোগেদি প্ৰকৃত সন্তুষ্টি পোৱা যায়। (পাঁচ. ২০:⁠৩৫; ১ থিচ. ২:⁠১৯, ২০) এই বিষয়ে বহু সময়ৰে পৰা অগ্ৰগামী সেৱা কৰা এজন ভায়ে এইদৰে লিখিছিল “ঈশ্বৰৰ শক্তিশালী বাক্যই লোকসকলৰ জীৱনধাৰাত সাল-সলনি কৰিবলৈ প্ৰেৰিত কৰাটো দেখিবলৈ পোৱাটো বাস্তৱতে ৰোমাঞ্চকৰ আৰু বিশ্বাস দৃঢ় কৰে।” দৰাচলতে লোকসকলক সহায় কৰিবলৈ নিজকে সহজলভ্য আৰু বাইবেল অধ্যয়ন কৰি অগ্ৰগামীসকলে এইধৰণৰ আনন্দদায়ক অভিজ্ঞতা লাভ কৰে।

৩ যিহোৱাত ভাৰসা ৰাখক: অগ্ৰগামী সেৱা কৰা ভাই-ভনীসকলে তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যত সদায়ে ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা কৰি “আত্মাৰ ফল” উৎপন্ন কৰে আৰু ইয়ে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰে। (গালা. ৫:⁠১৬, ২২, ২৩) ইয়াৰ উপৰিও অগ্ৰগামীসকলে বাৰম্বাৰ ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰাৰ দ্বাৰা সত্যতাৰ প্ৰতিৰক্ষা আৰু আনক বিশ্বাসত দৃঢ় কৰি তুলে। (২ তীম. ২:⁠১৫) বহু বছৰৰ পৰা অগ্ৰগামী সেৱা কৰা এজন ভায়ে এইদৰে মন্তব্য দিয়ে: “অগ্ৰগামী সেৱাই মোক বাইবেলৰ পৰা গভীৰ জ্ঞান আহৰণ কৰাত সহায় কৰিলে, এই জ্ঞানৰ যোগেদি মই বহুতো লোকক যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনাত সহায় কৰিব পাৰিলোঁ।” এইটো বাস্তৱতে আশীৰ্ব্বাদজনক নহয়নে বাৰু!

৪ নিয়মিত অগ্ৰগামী সেৱা কৰা সকলেও সকলো প্ৰকাৰে যিহোৱাক ভাৰসা কৰা উচিত। তেওঁলোকে নিজৰ ভৌতিক আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ কৰা প্ৰচেষ্টাত যিহোৱাই কিদৰে আশীৰ্ব্বাদ কৰিছে তাক দেখি তেওঁৰ প্ৰতি তেওঁলোকৰ বিশ্বাস অধিক দৃঢ় হয়। ৫৫ বছৰ ধৰি অগ্ৰগামী সেৱা কৰা এজন ৭২ বছৰীয়া বৃদ্ধ ভায়ে এইদৰে কৈছিল: “যিহোৱাই মোক কেতিয়াও নিৰাশ হʼবলৈ দিয়া নাই।” তদুপৰি তেওঁলোকে সৰলভাৱে জীৱন-যাপন কৰাৰ বাবে অগ্ৰগামী সেৱাই তেওঁলোকক জীৱনৰ বহুতো দুঃচিন্তাৰ পৰা বিৰত ৰাখিছে। তেওঁলোকে লাভ কৰা এনে উত্তম ফলসমূহে আপোনাক আকৰ্ষিত নকৰেনে?​—⁠মথি ৬:⁠২২; ইব্ৰী ১৩:⁠৫, ৬.

৫ ঈশ্বৰৰ কাষ চাপক: ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধ হৈছে অতি মূল্যৱান। (গীত. ৬৩:⁠৩) যেতিয়া আমি যিহোৱাক প্ৰেম কৰি সম্পূৰ্ণ হৃদয়েৰে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লওঁ তেতিয়া তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধ অধিক গভীৰ হয়। (যাকো. ৪:⁠৮) ১৮ বছৰতকৈ অধিক সময়ে অগ্ৰগামী সেৱা কৰা এজন ভায়ে এইদৰে কয়: “অগ্ৰগামী সেৱাই আমাক ‘যিহোৱা যে মঙ্গলময় তাক আস্বাদন কৰিবলৈ’ সুযোগ দিয়ে আৰু সময়ে গতি কৰাৰ লগে লগে আমাৰ সৃষ্টিকৰ্ত্তাজনৰ সৈতে থকা আমাৰ সম্বন্ধ অধিক গভীৰ হৈ উঠে।​—⁠গীত. ৩৪:⁠৮.

৬ ইয়াৰ উপৰিও আৱশ্যক পৰিস্থিতিত অগ্ৰগামী সেৱাই আমাৰ বিশ্বাস দৃঢ়, ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰকৃত প্ৰেম বৃদ্ধি আৰু ত্যাগ কৰাত আগ্ৰহী কৰে। (মথি ১৬:⁠২৪; ১৭:⁠২০; ২২:⁠৩৭-​৩৯) তদুপৰি সকলো ঠাইতে অগ্ৰগমী সেৱা কৰা সকলে আনন্দ আৰু সন্তুষ্ট লাভ কৰিছে, কিয়নো অগ্ৰগামী সেৱা কাৰ্য্যই প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ কঢ়িয়াই আনে। (মলা. ৩:⁠১০) কেৱল অগ্ৰগামী সেৱা কৰা সকলেই যে আশীৰ্ব্বাদ লাভ কৰে এনে নহয়, কিন্তু অগ্ৰগামীসকলে দেখুৱা উত্তম মনোবৃত্তিৰ পৰা তেওঁলোকৰ পৰিয়াল আৰু মণ্ডলীবোৰেও বৃহৎভাৱে লাভৱান হয়।​—⁠ফিলি. ৪:⁠২৩.

[Study Questions]

১, ২. অগ্ৰগামী সেৱা কৰি কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি আৰু কিয়?

৩, ৪. অগ্ৰগামী সেৱাই কেনেকৈ এজনক যিহোৱাত ভাৰসা কৰিবলৈ শিকায় আৰু ই কেনেকৈ এজনক আধ্যাত্মিকৰূপে উন্নতি কৰাত সহায় কৰে?

৫. অগ্ৰগামী সেৱাই কেনেকৈ এজনক ঈশ্বৰৰ নিকটবৰ্তী হʼবলৈ সহায় কৰে?

৬. অগ্ৰগামী সেৱাত ভাগ লোৱাসকলে কি লাভ কৰে আৰু তেওঁলোকৰ সৈতে আন কোনে লাভৱান হয়?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক