পৰিচৰ্য্যা সভাৰ তালিকা
জুন ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৮
১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। জুন ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সেৱা সভাত কৰিবলগীয়া আলোচনাৰ বাবে প্ৰস্তুত হʼবলৈ সকলোকে, আমাৰ সমুদায় ভাতৃত্ব সমাজ নামৰ ভিডিঅʼখন চাই আহিবলৈ উৎসাহিত কৰক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ কৰিব পাৰি। (আপুনি আলোচনীৰসমূহৰ বিষয়ে কি কʼব নামৰ বক্সটোত থকা প্ৰথম দুটা উপস্থাপনক ব্যৱহাৰ কৰক।) প্ৰত্যেকটো উপস্থাপনত “মই ধৰ্ম্মৰ বিষয়ে জানিবলৈ আগ্ৰহী নহওঁ,” বুলি কোৱা লোকসকলৰ তৰ্ক-বিতৰ্ক প্ৰতিৰোধ কৰি পৃথকে প্ৰদৰ্শন কৰক।—ৰীজনিং কিতাপৰ ১৬-১৭ পৃষ্ঠা চাওক।
১০ মি: প্ৰশ্ন বক্স। সম্পূৰ্ণ লেখটো আৰু উল্লেখিত শাস্ত্ৰীয় পদবোৰ পঢ়ক। তাৰ পিছত মাৰ্চ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্সৰ পৰা অতিৰিক্ত মতামত জড়িত কৰক।
২০ মি: “অধিক পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনে।”a ডিচেম্বৰ ১, ১৯৯২ চনৰ প্ৰহৰীবুৰুজ, ১৫-১৬ পৃষ্ঠাৰ ১৪-১৭ অনুচ্ছেদত দিয়া বিষয়টোক সন্মিলিত কৰক।
গীত ২২০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৬
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “আপোনাৰ ওচৰত যি আছে তাতে সন্তুষ্টি হওক।”b শাস্ত্ৰীয় আধাৰিত পৰামৰ্শ আগবঢ়াওক। যদি সময়ে অনুমতি দিয়ে, তেনেহʼলে লেখটোত দিয়া সকলো শাস্ত্ৰীয় পদ পঢ়ক আৰু আলোচনা কৰক।
গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫২
৮ মি: স্থানীয় ঘোষণাসমূহ। প্ৰচাৰ ক্ষেত্ৰত একেলগে কাৰ্য্য কৰা এহাল বৈবাহিক দম্পতীয়ে ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক ব্যৱহাৰ কৰি কেনেকৈ জুন ১ প্ৰহৰীবুৰুজ আলোচনীখন গৃহস্থক আগবঢ়াব পাৰে তাক প্ৰদৰ্শন কৰি দেখুৱাক। (আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব নামৰ বক্সটোত থকা শেষৰ দুটা উপস্থাপনক ব্যৱহাৰ কৰক।) সেই বক্সটোৰ তৃতীয় উপস্থাপনক ভনী গৰাকী আৰু চতুৰ্থটোক ভাইজনে প্ৰস্তুত কৰে।
১২ মি: এই দুটা ক্ষেত্ৰত কাৰ্য্য কৰা স্থানীয় প্ৰকাশকসকলক তেওঁলোকৰ অভিজ্ঞতা কʼবলৈ আমন্ত্ৰণ কৰক। (১) আন ভাষা কোৱা লোকক সাক্ষী দিয়া বা (২) ঘৰে-ঘৰে আৰু ৰাস্তা-ঘাটত প্ৰচাৰ কৰাৰ পৰিৱৰ্তে আন পদ্ধতিৰে প্ৰচাৰ কৰা। আগন্তুক সপ্তাহৰ সেৱা সভাৰ বাবে সকলোকে জুলাই আৰু আগষ্ট মাহত গৃহস্থক কেনেকৈ ব্ৰচাৰ দিব পাৰে সেই বিষয়ে সাজু হৈ আহিবলৈ উৎসাহিত কৰক। জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত দিয়া “আন প্ৰকাশনসমূহ” নামৰ বক্সটো চাওক।
২৫ মি: “আমি কিয় আমাৰ সমুদায় ভাতৃত্ব সমাজক প্ৰেম কৰা আৱশ্যক।” সমুদায় ভাতৃত্ব সমাজ নামৰ ভিডঅʼখন বাবে দিয়া প্ৰশ্নসমূহক পোনপটীয়াকৈ শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক।
গীত ৯৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮৩
১৫ মি: স্থানীয় ঘোষণাসমূহ। জুন মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলো প্ৰকাশকক সোঁৱাৰাই দিয়ক। প্ৰকাশকসকলক সুধক যে জুলাই মাহত তেওঁলোকে কোনখন ব্ৰচাৰ দিবলৈ আঁচনি বনাইছে আৰু ব্ৰচাৰখন দিওঁতে কোনটো উপস্থাপন ব্যৱহাৰ কৰিব।
১৫ মি: পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক! ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। সৰু লʼৰা-ছোৱালী আৰু সীমিতভাৱে শিক্ষিত হোৱা লোকক যিহোৱাৰ বিষয়ে শিকাত সহায় কৰিবলৈ এই ব্ৰচাৰখন হৈছে এক শক্তিশালী সঁজুলি, এই বিষয়ে কিছুমান ব্যৱহাৰিক বৈশিষ্ট্যতা দাঙি ধৰক। তাত দিয়া উদাহৰণবোৰৰ যুক্তিসঙ্গত বিৱৰণী দি সৰলভাৱে আলোচনা কৰক। বৰ্ণনা কৰি কওক যে ব্ৰচাৰখনত দিয়া চিত্ৰবোৰ কেনেকৈ বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্ষ কৰিব পাৰে। ব্ৰচাৰখনক উত্তমৰূপে আৰু কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াওক। পিতৃ-মাতৃসকলে তেওঁলোকৰ সৰু সৰু লʼৰা-ছোৱালীৰ সৈতে এই ব্ৰচাৰখনৰ পৰা অধ্যয়ন কৰা উচিত। সকলো ব্যক্তিকে উপযুক্ত সময়ৰ অনুসাৰে এই ব্ৰচাৰখন প্ৰচাৰ কাৰ্য্যত দিবলৈ প্ৰচাৰসকলক উৎসাহিত কৰক।
১৫ মি: “আপুনি আনক সহায় কৰিবলৈ ‘ইচ্ছা কৰেনে?’”c মণ্ডলীৰ সকলোকে সহায় কৰাৰ প্ৰতি আগ্ৰহী হʼবলৈ উৎসাহিত কৰক।
গীত ১৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।