প্ৰশ্ন বক্স
▪ চেলুলাৰ বা মোবাইল ফোন আৰু ইলেকট্ৰনিক পেজাৰ ব্যৱহাৰ কৰাৰ সময়ত আমি কি মনত ৰাখা উচিত?
এনেধৰণৰ সাধন ব্যৱহাৰ কৰি আমি যʼতেই নাথাকোঁ কিয়, আনৰ সৈতে সহজতে যোগাযোগ কৰিব পাৰোঁ। তদুপৰি, এইটো ব্যৱহাৰিক হʼব পাৰে। কিন্তু আমি চেলুলাৰ ফোন আৰু পেজাৰ ব্যৱহাৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰা আৱশ্যক, ই যাতে খ্ৰীষ্টান সভা বা আমাৰ প্ৰচাৰ কাৰ্য্যৰ সময়ত বাধা উৎপন্ন নকৰে। আমি কেনেকৈ আনক বা আধ্যাত্মিক কাৰ্য্যবোৰত বাধা উৎপন্ন কৰিব পাৰোঁ?
ক্ষন্তেক বিবেচনা কৰক যে আমি প্ৰচাৰ কাৰ্য্যত কোনো গৃহস্থক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কৈ আছোঁ। এনেতে যদি আমাৰ ফোনটো বাজি উঠে বা পেজাৰটোৱে বিপ্ বিপ্ শব্দ কৰে, তেনেহʼলে গৃহস্থজনে কি বুলি ভাবিব পাৰে? যদি আমি ফোনটোৰ উত্তৰ দিবলৈ গৃহস্থজনৰ সৈতে ক্ষন্তেক সময়ৰ বাবে কথাবতৰা বন্ধ কৰোঁ, তেন্তে তেওঁ আমাৰ বিষয়ে কি বিবেচনা কৰিব পাৰে? আমি আনক ৰাজ্যৰ শুভবাৰ্ত্তা শুনোৱাৰ প্ৰতি নিশ্চয়ে একোকেই বাধা হʼবলৈ নিদিম। (২ কৰি. ৬:৩) সেয়েহে যদি আমি আমাৰ সৈতে চেল ফোন বা পেজাৰ নিওঁ, তেন্তে তাক এনেদৰে স্থিৰ কৰা উচিত যাতে ই প্ৰচাৰ কাৰ্য্যত কথোপকথন কৰা গৃহস্থক বা আনক আমনি নিদিয়ে।
যেতিয়া আমাৰ সৈতে যোৱা আন ভাই-ভনীয়ে সাক্ষী দিয়ে আৰু আমি ৰৈ থাকিবলগীয়া হয়, সেই সময়ছোৱাৰ বিষয়ে কি কʼব পাৰি? যদি প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিবলৈ আমি আছুতীয়াকৈ সময় উলিয়াইছোঁ, তেন্তে সেই সময়ছোৱাত আমি কেৱল প্ৰচাৰ কাৰ্য্যৰ প্ৰতি মনোযোগ দিয়াটো উচিত নহʼবনে? সেয়েহে পবিত্ৰ সেৱাৰ প্ৰতি আমি সন্মান দেখুৱাই অনুগ্ৰহ কৰি অনাৱশ্যকীয় ব্যক্তিগত কাৰ্য্য বা বন্ধু-বান্ধবৰ সৈতে কথাবতৰা হোৱা অথবা আলাপ কৰাটোক সেই পবিত্ৰ সেৱাত বাধা উৎপন্ন কৰিব দিয়াটো উচিত নহয়। (ৰোমী. ১২:৭) অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আমি আগ্ৰহীলোকক পুনৰ সাক্ষাৎ বা দেখা কৰিবৰ বাবে আগতীয়াকৈ সময় নিৰ্দ্ধাৰিত কৰিবলৈ ফোনেৰে যোগযোগ কৰাটো উপযুক্ত নহব।
ইয়াৰ উপৰিও, বিশেষকৈ গাড়ী চলোৱাৰ সময়ত চেলুলাৰ ফোন ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত। কিয়নো কিছুমান নিৰীক্ষণৰ অনুসাৰে যান-বাহন চলোৱাৰ সময়ত চেলুলাৰ ফোন ব্যৱহাৰ কৰাৰ দ্বাৰা দুৰ্ঘটনা হোৱাৰ অধিক সম্ভৱনা থাকে। গতিকে গাড়ী চলোৱাৰ সময়ত চেলুলাৰ ফোন ব্যৱহাৰ কৰাৰ নিষেধাজ্ঞাক আমি নিবিড়ভাৱে পালন কৰা উচিত।
যিহেতু আমি খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিৱেশনসমূহত যিহোৱাৰ উপাসনা আৰু তেওঁৰ দ্বাৰা শিক্ষিত হʼবলৈ উপস্থিত হওঁ। গতিকে ইয়াৰ পবিত্ৰতাক কৰা মূল্যাঙ্কনে আমাৰ নিজকে বা আনক বাধা নজন্মাবলৈ চেলুলাৰ ফোন অথবা পেজাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ উৎসাহিত নকৰেনে? যদি এনে কোনো গুৰুত্বপূৰ্ণ কথা বা বিষয় থাকে যাক আমি পলম নকৰাকৈ ধ্যান দিয়া আৱশ্যক, তেনেহʼলে আমি সভা স্থানৰ বাহিৰলৈ গৈ চেলুলাৰ ফোন বা পেজাৰ ব্যৱহাৰ কৰাটো উত্তম হʼব। অন্যথা আমি ব্যক্তিগত আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত নথকা বিষয়বোৰৰ প্ৰতি আমাৰ উপাসনাৰ নিৰ্দ্দিষ্ট সময়ছোৱাৰ বাহিৰে আন সময়ত মনোযোগ দিয়া আৱশ্যক।—১ কৰি. ১০:২৪.
এতেকে আঁহক আমাৰ চেলুলাৰ ফোন বা আন ইলেকট্ৰনিক সাধনবোৰ ব্যৱহাৰ কৰোঁতে সদায়ে আনৰ বিষয়ে বিবেচনাশীল আৰু আধ্যাত্মিক বিষয়বোৰক গভীৰতাৰে মূল্যাঙ্কন কৰোঁহঁক।