ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০২ পৃষ্ঠা ৪
  • ঐক্যতাৰে একেলগে সংগঠিত হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঐক্যতাৰে একেলগে সংগঠিত হওক
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ একতাবদ্ধ হৈছে?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০২ পৃষ্ঠা ৪

ঐক্যতাৰে একেলগে সংগঠিত হওক

১ কৰ্তৃত্বসম্পন্নতাৰে কৰা মানৱ শৰীৰৰ গঠনক দেখি আপুনি কিমান বাৰ বিস্মিত হৈছে? (গীত. ১৩৯:⁠১৪) ইয়াৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যঙ্গই ঐক্যতাপূৰ্ণৰে আনটো অঙ্গৰ সৈতে কাৰ্য্য কৰে। ঈশ্বৰৰ বাক্যই খ্ৰীষ্টান মণ্ডলীক এটা সুসংগঠিত শৰীৰৰ সৈতে তুলনা কৰিছে। মণ্ডলীৰ সকলো সদস্যই মূৰস্বৰূপ যীচুৰ অধীনত ‘সংযুক্ত হৈ, নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধন কৰে।’ (ইফিচীয়া ৪:⁠১৬) সেইদৰে যিহোৱাই এই একত্ৰিত লোকৰ দ্বাৰা তেওঁৰ মহৎ কাৰ্য্যবোৰ সম্পন্ন কৰিবলৈ সফলতা লাভ কৰিছে।

২ প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলে “একে মনেৰে” ইজনে-সিজনৰ প্ৰতি আধ্যাত্মিক আৰু ভৌতিক আৱশ্যকতাৰ চোৱাচিতা কৰিছিল। (পাঁচ. ২:⁠৪৪-​৪৭) যিহোৱাৰ সমৰ্থনৰ দ্বাৰা তেওঁলোকে একগোট হৈ সফলতাৰে বিৰোধীতাৰ সম্মুখীন হৈছিল। (পাঁচ. ৪:⁠২৪-​৩১) তেওঁলোকে পৃথিৱীৰ সকলো প্ৰসিদ্ধ ঠাইত শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। (কল. ১:⁠২৩) বৰ্তমান সময়ত থকা খ্ৰীষ্টান মণ্ডলীয়েও একত্ৰিত হৈ সেই একেই কাৰ্য্যক অধিক বিস্তাৰিতভাৱে সম্পন্ন কৰিছে। এই কাৰ্য্য কৰিবলৈ তেওঁলোকক কিহে একত্ৰিত কৰিছে?

৩ ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত হোৱা: আমাৰ উপাসনাই পৃথিৱীত থকা সকলো ভাই-ভনীক একত্ৰিত কৰিছে। সেইটোনো কেনেকৈ সম্ভৱ হৈছে? কিয়নো আমি “উচিত সময়ত আহাৰৰ” যোগান ধৰা যিহোৱাৰ দৃশ্যমান সংগঠনক চিনাক্ত কৰিব পাৰিছোঁ। (মথি ২৪:⁠৪৫) তদুপৰি, আমি খ্ৰীষ্টান মণ্ডলীত শিক্ষক হিচাবে “মনুষ্যত উপহাৰ” দিয়া ব্যক্তিসকলক পাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেনেকৈ আমি নম্ৰভাৱে যিহোৱাৰ আধ্যাত্মিক প্ৰবন্ধবোৰ গ্ৰহণ কৰোঁ তেনেকৈ ঈশ্বৰ বাক্যৰ প্ৰতি থকা আমাৰ বুজশক্তি বৃদ্ধি হয় আৰু শিষ্যৰ দৰে যীচুক অনুকৰণ কৰিবলৈ আমাত এক সাধাৰণ ইচ্ছা জাগি উঠে। ‘বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলিত’ হʼবলৈ আমি নিশ্চয়ে ঈশ্বৰৰ বাক্যক অতি মনোযোগেৰে অধ্যয়ন কৰা উচিত। (ইফি. ৪:⁠৮, ১১-​১৩) নিতৌ বাইবেল পাঠ কৰি আপুনি আমাৰ আধ্যাত্মিক ঐক্যতা বজাই ৰাখিছেনে?

৪ খ্ৰীষ্টান সঙ্গতিৰ দ্বাৰা একত্ৰিত হোৱা: খ্ৰীষ্টান সভাবোৰত একত্ৰিত হৈ সঙ্গতি কৰিবলৈ প্ৰেমে আমাক সহায় কৰে। এনে সভাবোৰত আমি “পৰস্পৰে মনোযোগ” দিওঁ। (ইব্ৰী ১০:⁠২৪, ২৫) ইয়াৰ বাবে আমি ভাই-ভনীসকলৰ বাহ্যিকৰূপক দৃষ্টি নকৰি তেওঁলোকক বাস্তৱিকতে জানিবলৈ ঈশ্বৰীয় দৃষ্টিভঙ্গীৰে তেওঁলোক বাঞ্ছনীয় বুলি দৃষ্টি কৰা আৱশ্যক। (হগ্‌. ২:⁠৭) যেতিয়া আমি ভাই-ভনীসকলৰ বিশ্বাসৰ বিষয়ে শুনো তেতিয়া তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম অধিক গভীৰ হয় আৰু আমাৰ ঐক্যতা শক্তিশালী হৈ উঠে। আনে আপোনাক মণ্ডলীৰ সভাবোৰত নিয়মীয়াকৈ উপস্থিত হোৱা বুলি জানেনে?

৫ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা সহকৰ্ম্মীসকল: সহকৰ্ম্মীৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আমি ঈশ্বৰৰ ইচ্ছা পূৰণ কৰিবলৈ একত্ৰিত হওঁ। পাঁচনি পৌলে ‘ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে থকা সহকাৰীসকলৰ’ সৈতে একত্ৰিত হৈ কৃতজ্ঞ হৈছিল। (কলচীয়া ৪:⁠১১) এজনে আনজনক অভিজ্ঞতা কোৱা আৰু প্ৰচাৰ কাৰ্য্যত এজনে আনজনক সহায় কৰা কাৰ্য্যই আমাৰ খ্ৰীষ্টান দায়িত্বক সম্পন্ন আৰু ঐক্যতাৰ বন্ধনক শক্তিশালী কৰি তুলে।​—⁠কল. ৩:⁠১৪.

৬ পবিত্ৰ আত্মাৰ দ্বাৰা একত্ৰিত হওক: যেতিয়া আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ ধৰোঁ তেতিয়া তেওঁ আমাক পবিত্ৰ আত্মাৰ দ্বাৰা আশীৰ্ব্বাদ কৰে। ইয়ে আমাৰ মাজত থকা ভিন্নতাক গুৰুত্ব নিদি ঐক্যতাত একেলগে বাস কৰিবলৈ সহায় কৰে। (গীত. ১৩৩:⁠১) তদুপৰি, পবিত্ৰ আত্মাই আমাক “শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ” প্ৰেৰিত কৰে। (ইফি. ৪:⁠৩) আনৰ সৈতে আচৰণ কৰোঁতে আমাৰ প্ৰত্যেকজনে আত্মাৰ ফল বিকাশিত কৰি ঈশ্বৰৰ লোকসকলৰ মাজত ঐক্যতা বজাই ৰাখিব পাৰে।​—⁠গালা. ৫:⁠২২, ২৩.

৭ এতেকে মূৰস্বৰূপ যীচুৰ অধীনত একত্ৰিত হৈ সেৱা কৰাৰ দ্বাৰা “প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধনৰ দৰে, প্ৰেমত শৰীৰৰ বৃদ্ধি সাধন” কৰোঁহঁক। (ইফি. ৪:⁠১৬) তদুপৰি, ইয়ে “শান্তিৰ আকাৰ ঈশ্বৰ” যিহোৱাকো মহিমান্বিত কৰি তুলিব।​—⁠ৰোমী. ১৬:⁠২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক