ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০২ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০২ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? তদুপৰি, যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? বিকল্প সাহিত্যসমূহ হিচাবে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ, নামৰ কিতাপখন আগবঢ়াব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ বিতৰণ। যʼত গৃহস্থই আগ্ৰহ দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন আগবঢ়াই বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক।

▪ ছেপ্টেম্বৰ ১৬, ২০০২ চনৰ আৰম্ভণিৰ পৰা মণ্ডলীৰ পুস্তক অধ্যয়নত আমি যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২ নামৰ কিতাপখন ব্যৱহাৰ কৰিম। এই কিতাপখন অসমীয়া, গুজৰাটী, নেপালী, মাৰাঠী আৰু বঙালী ভাষাত উপলব্ধ নোহোৱাৰ বাবে ভাই-ভনীসকলে ইংৰাজী আৰু হিন্দীত প্ৰকাশ পোৱা কিতাপখন ব্যৱহাৰ কৰিব পাৰে।

▪ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে পৰিব্ৰাজক অধ্যক্ষই দিবলগীয়া ৰাজহুৱা ভাষণৰ বিষয়বস্তু হৈছে “নিজৰ খ্ৰীষ্টান আত্মপৰিচয়ক প্ৰতিৰক্ষা কৰক!”

▪ কিছুমান মণ্ডলীয়ে অতিৰিক্ত বছেৰেকীয়া সাহিত্য আৰু পৰিচৰ্য্যা স্কুল কিতাপ বিচাৰি নিৱেদন কৰিছে। অনুগ্ৰহ কৰি মনত ৰাখক যে স্মৰণীয় পৰ্ব্বৰ আমন্ত্ৰণী পত্ৰৰ বাহিৰে আন বিশেষ সাহিত্য অনুৰোধ ফৰ্মৰ তালিকাত দিয়া যেনে, প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক, কেলেণ্ডাৰ, জিলা অধিৱেশনৰ বেজ কাৰ্ড আৰু পৰিচৰ্য্যা স্কুলৰ কিতাপবোৰ প্ৰচাৰ কাৰ্য্যত লোকসকলক বিতৰণ কৰিবলৈ নহয় কিন্তু কেৱল মণ্ডলীৰ সদস্যসকলৰ বাবেহে আৱেদন কৰিব পাৰে। যিহেতু আমি মণ্ডলীত থকা প্ৰচাৰকৰ অনুপাতে আৱেদনসমূহত সাল-সলনি কৰিলোঁ। গতিকে মণ্ডলীৰ সচিবসকলক বছেৰেকীয়া স্থগিত লিষ্টত থকা সাহিত্যসমূহক নিৰীক্ষণ কৰিবলৈ অনুৰোধ কৰা হʼল। যদি তেতিয়াও অতিৰিক্ত সংখ্যাত সাহিত্যসমূহৰ আৱশ্যকতা আছে, তেনেহʼলে কাৰণ বৰ্ণনা কৰি এখন সৰু টোকা লিখি আৱেদন ফৰ্মখনত লগাই পলম নকৰাকৈ আমালৈ পঠিয়াই যেন।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক