ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০২ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুলাই ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০২ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

জুলাই ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০১

১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ কৰিব পাৰি। (আলোচনীৰ বিতৰণৰ সম্পৰ্কে দিয়া প্ৰথম দুটা উপস্থাপন ব্যৱহাৰ কৰক।) প্ৰত্যেকটো উপস্থাপনত “আমি ইতিমধ্যেই খ্ৰীষ্টান ব্যক্তি,” বুলি কোৱা লোকসকলৰ তৰ্ক-বিতৰ্ক প্ৰতিৰোধ কৰি পৃথকে প্ৰদৰ্শন কৰি দেখুৱাক।​—⁠ৰীজনিং কিতাপৰ ১৯ পৃষ্ঠাত চাওক।

১৫ মি: “বাৰিষা বতৰত ‘বাক্য ঘোষণা কৰা।’”a এই ভাগটো সেৱা অধ্যক্ষই প্ৰস্তুত কৰে। বাৰিষা কালত প্ৰচাৰ কৰিবলৈ কেনে এলেকাসমূহত নিযুক্ত দিয়া হৈছে এই বিষয়ে বৰ্ণনা কৰক। বাৰিষা বতৰৰ মাহ কেইটাত সকলোকে যিমান সম্ভৱ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ এক ব্যৱহাৰিক তালিকা তৈয়াৰ কৰিবলৈ উৎসাহিত কৰক।

১৫ মি: অনিয়মিতৰূপে সাক্ষী দিবলৈ সংগঠিত হোৱা। আমাৰ পৰিচৰ্য্যা কিতাপখনৰ ৯৩-৪ পৃষ্ঠাত দিয়া বিষয়বোৰৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। ২০০২ চনৰ জানুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ প্ৰথম পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক ব্যৱহাৰ কৰি দুই বা তিনি প্ৰকাৰে বাটৰুৱা, ওচৰ-চুবুৰিয়া, আত্মী-স্বজন আৰু পৰিচিত ব্যক্তিসকলক কেনেকৈ অনিয়মিতৰূপে সাক্ষী দিব পাৰি তাক প্ৰদৰ্শন কৰি দেখুৱাক।

গীত ১৩৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৪৪

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: প্ৰচাৰ কাৰ্য্যত বাইবেল ব্যৱহাৰ কৰাৰ বাবে এক উপযুক্ত কাৰণ আছে। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। যীচুৱে শাস্ত্ৰ পদবোৰৰ সৈতে ভালকৈ পৰিচিত আছিল আৰু সেইবোৰক বাৰে বাৰে তেওঁৰ শিক্ষাদান কাৰ্য্যত ব্যৱহাৰ কৰিছিল। (লূক ২৪:⁠২৭, ৪৪-​৪৭) তেওঁ নিজৰ বিচাৰধাৰাৰে একো শিকোৱা নাছিল। (যোহ. ৭:⁠১৬-​১৮) গতিকে আমিও ঈশ্বৰৰ বাক্যক প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰাটো অতি আৱশ্যক। আমি ব্যক্তিগতভাৱে নিজে কোৱাতকৈ শাস্ত্ৰ পদসমূহক ব্যৱহাৰ কৰি শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে অধিক কাৰ্য্যকাৰী হʼব। (যোহ. ১২:⁠৪৯, ৫০; ইব্ৰী ৪:⁠১২) যিহেতু নম্ৰ লোকসকলে শাস্ত্ৰই প্ৰদান কৰা শান্ত্বনা আৰু বাস্তৱিক আশাৰ প্ৰতি আকৰ্ষিত হয়। গতিকে লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সময়ত অন্তত এটা বাইবেলৰ পদ পঢ়ি শুনাবলৈ আপুনি লক্ষ্য বনোৱা উচিত। এই মাহৰ আলোচনী প্ৰস্তুত কৰিবলৈ উপস্থাপনত দিয়া শাস্ত্ৰ পদসমূহক নিৰ্দ্দেশিত কৰক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কিছুমান মন্তব্য কʼবলৈ কওক যে তেওঁলোকে কেনেকৈ প্ৰচাৰ কাৰ্য্যত বাইবেলৰ পদ ব্যৱহাৰ কৰিছে, ইয়াক কৰাৰ দ্বাৰা তেওঁলোক নিজেই আৰু তেওঁলোকে প্ৰচাৰ কৰা ব্যক্তিসকলে কেনেকৈ প্ৰভাৱিত হৈছে।

গীত ২১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৪৭

১০ মি: স্থানীয় ঘোষণাসমূহ। প্ৰদৰ্শন কৰি দেখুৱাক যে এজন পিতৃ বা এগৰাকী মাতৃয়ে নিজৰ লʼৰা বা ছোৱালীৰ সৈতে প্ৰচাৰ ক্ষেত্ৰত একেলগে কাৰ্য্য কৰি ৪ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ আলোচনীখন গৃহস্থক দিব পাৰে। (আলোচনীৰ বিতৰণৰ সম্পৰ্কে দিয়া শেষৰ দুটা উপস্থাপন ব্যৱহাৰ কৰক।) পিতৃ-মাতৃসকলক প্ৰগতিশীলৰূপে নিজৰ লʼৰা-ছোৱালীক পৰিচৰ্য্যা কাৰ্য্যৰ বাবে প্ৰশিক্ষণ দিবলৈ উৎসাহিত কৰক।

১৭ মি: যেতিয়া কোনো ব্যক্তিয়ে ইচলাম ধৰ্ম্মৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া আপুনি তেওঁক কেনেকৈ উত্তৰ দিব? ভাষণ আৰু প্ৰদৰ্শন। মানৱজাতিৰ ঈশ্বৰ অম্বেষণ (ইংৰাজী) নামৰ কিতাপখনৰ ১২ অধ্যায়ৰ, (২৮৫ পৃষ্ঠাত দিয়া বক্সটো চাওক) বা আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা আলোচনীখনৰ ৩০ পৃষ্ঠাৰ ৭ অনুচ্ছেদৰ পৰা কোৰাণে পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কৈছে, এই বিষয়ে চমুকৈ বৰ্ণনা কৰক। ইয়াৰ উপৰিও ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব নামৰ ট্ৰেক্টখনক ব্যৱহাৰ কৰি আগ্ৰহী লোকসকলক ফিৰদৌচৰ সম্পৰ্কে বাইবেলৰ দৃষ্টিভঙ্গী কি তাক জনাত কেনেকৈ সহায় কৰিব পাৰি এই বিষয়ে বৰ্ণনা কৰি প্ৰদৰ্শন প্ৰস্তুত কৰক।

১৮ মি: মই কেনেকৈ ইন্টাৰনেটত থকা বিপদসমূহৰ পৰা আঁতৰি থাকিব পাৰোঁ? ভাষণ আৰু জানুৱাৰী ২২, ২০০০ চনৰ সচেতন! আলোচনীখনৰ ১৯-২১ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰতিৰোধহীনভাৱে ইন্টাৰনেট ব্যাৱহাৰ কৰিলে কেনে ফান্দত পৰিব পাৰে তাক নিৰ্দ্দেশিত আৰু সেই ফান্দবোৰৰ পৰা কেনেকৈ নিজকে প্ৰতিৰক্ষা কৰিব পাৰি বৰ্ণনা কৰক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে তেওঁলোকে এই পৰামৰ্শক পালন কৰি কেনেকৈ লাভৱান হৈছে।

গীত ৬১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫৪

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুলাই মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১০ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ আৰু এই বিষয়টোক স্থানীয় পৰিস্থিতিত ব্যৱহাৰ কৰক।

২৫ মি: “ঐক্যতাৰে একেলগে সংগঠিত হওক।”b যেতিয়া ৩ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া এপ্ৰিল ২২, ২০০০ চনৰ সচেতন! আলোচনীৰ ৯-১০ পৃষ্ঠাত দিয়া মন্তব্যসমূহক উল্লেখ কৰক। ৪ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত এপ্ৰিল ১, ১৯৯৫ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ১৬-১৭ পৃষ্ঠাৰ ৪-৬ অনুচ্ছেদত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক।

গীত ৮১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৮

১০ মি: স্থানীয় ঘোষণাসমূহ।

২০ মি: “সকলো ভাষাৰ লোকসকলক একত্ৰিত কৰা হৈছে।”c এপ্ৰিল ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ২৪ পৃষ্ঠাত দিয়া মন্তব্যসমূহক অন্তৰ্ভূক্ত কৰক। যদি ব্যৱহাৰিক হয়, তেনেহʼলে স্থানীয় এলেকাত থকা ভিন্ন ভাষা কোৱা লোকসকলক সহায় কৰিবলৈ কি কৰা হৈছে তাৰ বিষয়ে চমুকৈ বৰ্ণনা আৰু আন ভাষাত চমুকৈ উপস্থাপন প্ৰস্তুত কৰক।

১৫ মি: স্থানীয় অভিজ্ঞতাসমূহ। সন্মিলনত উপস্থিত হোৱা, সহযোগী অগ্ৰগামী বা গৰমৰ সময়ছোৱাত কৰা আন আধ্যাত্মিক কাৰ্য্য কৰি পোৱা কিছুমান উৎসাহিতজনক অভিজ্ঞতাৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।

গীত ১৮৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক