ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০২ পৃষ্ঠা ১
  • বাৰিষা বতৰত “বাক্য ঘোষণা কৰা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাৰিষা বতৰত “বাক্য ঘোষণা কৰা”
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০২ পৃষ্ঠা ১

বাৰিষা বতৰত “বাক্য ঘোষণা কৰা”

১ পাঁচনি পৌলে উৎসাহিত কৰি এইদৰে কৈছিল যে, “বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা” আৱশ্যক। (২ তীম. ৪:⁠১, ২) বাৰিষা বতৰটোক ‘অসময়ৰ’ সৈতে তুলনা কৰিব পাৰি, যʼত বহুতে বৰষুণ, পানীৰে ভৰি থকা বাট-পথ, ইয়াৰ উপৰিও তেনে বতৰত সাধাৰণতে অসুস্থতাৰ সন্মুখীন হʼবলগীয়া হয়। তেনে পৰিস্থিতিত নিয়মীয়াকৈ “বাক্য ঘোষণা” কৰাটো এটা প্ৰত্যাহ্বানজনক কাৰ্য্য হৈ পৰে। যিয়েই নহঁওক, সঠিক পৰিকল্পনা আৰু সম্পূৰ্ণ প্ৰচেষ্টা কৰাৰ দ্বাৰা আমি বাৰিষা বতৰতো শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ উৎসাহিত হৈ থাকিম।

২ সঠিক বিবেচনা আৰু আগতীয়াকৈ কৰা পৰিকল্পনাৰ যোগেদি বহুতো সমস্যাক হ্ৰাস কৰিব পাৰি। ইয়াৰ বাবে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ ওচৰত ভাল ছাতি, ৰেইন কোট, বাইবেল আৰু আলোচনীসমূহক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত বেগত ৰখাটো উচিত হʼব। যদি আপুনি দুচকীয়া বাহন ব্যৱহাৰ কৰে তেনেহʼলে সেমেকা বা বোকাময় ৰাস্তাত সাৱধানে চলোৱা উচিত। আপোনাক চৰ্দ্দি বা কাহ-কফ আৰু পানীলগা ৰোগ নহʼবলৈ অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।

৩ যদি সম্ভৱ, তেনেহʼলে প্ৰচাৰ কৰিবলৈ এনে এলেকাবোৰ বাছি লোৱা প্ৰয়োজন যʼত অধিক ঘৰ থাকে আৰু লোকসকলে আপোনাক তেওঁলোকৰ ঘৰৰ ভিতৰলৈ আমন্ত্ৰণ কৰে। বতৰ বেয়া হোৱা অৱস্থাত পুনৰ সাক্ষাৎ কৰিবলৈ আগ্ৰহী লোকসকলৰ সঠিক নাম আৰু ঠিকনা ভালকৈ লিপিবদ্ধ কৰি ৰাখক। অধিক বৰষুণৰ বাবে বানপানী হোৱাৰ সময়ছোৱাত আপুনি কি কৰিব পাৰে? সেই সময়ত আপুনি টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ চেষ্টা কৰাৰ বিষয়ে চিন্তা কৰিবনে? এই সম্পৰ্কে ২০০১ চনৰ ফেব্ৰুৱাৰী মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ পৰা আপুনি কিছুমান ব্যৱহাৰিক পৰামৰ্শ পাব পাৰে। যদি আপোনাৰ টেলিফোন নাই তেনেহʼলে আগ্ৰহী লোকসকলক পত্ৰৰ দ্বাৰা সাক্ষী দিবলৈ তেওঁলোকৰ এখন লিষ্ট তৈয়াৰ কৰিব পাৰিবনে?

৪ যেতিয়া অধিক বৰষুণ হয় তেতিয়া আমি আগ্ৰহীলোকক নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰাৰ বাবে যাবলৈ ইচ্ছা নকৰোঁ। কিন্তু আমি কৰা চেষ্টাৰ পৰা কেনে ফল পাব পাৰোঁ, এই বিষয়ে বিবেচনা কৰক। এই বিষয়ে এগৰাকী মহিলাই এইদৰে কৈছিল: “যিহোৱাৰ সাক্ষীসকলৰ উৎসাহ আৰু তেনে প্ৰচেষ্টা দেখি মোৰ স্বামী আৰু মই অধিকৈ প্ৰভাৱিত হৈছিলোঁ। তেওঁলোকে প্ৰচাৰ কৰিবলৈ এখন মটৰ চাইকেল ব্যৱহাৰ কৰিছিল আৰু বাৰিষা বতৰত ধাৰাষাৰে হোৱা বৰষুণেও তেওঁলোকক সেই কাৰ্য্যত বাধা দিব নোৱাৰিলে।” পিছলৈ সেই মহিলাগৰাকীয়ে বাপ্তিষ্মা লৈ এগৰাকী যিহোৱাৰ সাক্ষী হʼল। বৰষুণৰ বতৰতো একেৰাহে প্ৰচাৰ কাৰ্য্য কৰিবলৈ লোৱা নিৰ্ণয়ৰ বাবে কেনে এক উত্তম ফল পোৱা গʼল!

৫ প্ৰাচীনসকলে, বিশেষকৈ সেৱা অধ্যক্ষই বাৰিষা বতৰত নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ এখন ব্যৱহাৰিক তালিকা তৈয়াৰ কৰিব পাৰে। বৰষুণত নিতিতাকৈ প্ৰচাৰ কৰিবলৈ মণ্ডলীৰ ওচৰত কেইবা মহলীয়া কোনো অট্টালিকা বা একেলগে বহু ঘৰ থকা এলেকা আছেনে? যদি আছে, তেনেহʼলে বাৰিষাৰ সময়ত এই এলেকাবোৰত প্ৰচাৰ কৰিবলৈ নিযুক্তি দিয়াটো উত্তম হʼব। ধুমুহা-বৰষুণৰ বতৰত কলেজ বা বিশ্ববিদ্যালয়ৰ হোষ্টেলবোৰতো প্ৰচাৰ কৰিব পাৰে। কেৱল বৰষুণৰ বাবে ৰাস্তাত সাক্ষী দিয়া কাৰ্য্য বন্ধ কৰাটো উত্তম নহʼব। যদি ভালদৰে সংগঠিত কৰা হয় তেনেহʼলে সৰু-সৰু দোকান, বাছ ৰখোৱা স্থান, ৰেল ষ্টেচন বা বৰষুণৰ পৰা ৰক্ষা পাবলৈ নিৰ্ম্মাণ কৰা ৰাজহুৱা আশ্ৰয় স্থানবোৰতো সুবিবেচক হৈ প্ৰচাৰ কৰিব পাৰে।

৬ যেনেকৈ বৰষুণৰ পানীয়ে গাওঁ-ভুঁই, নগৰ-চহৰ ধুই পৰিষ্কাৰ কৰে, আঁহক আমি সত্যৰ জীৱন-জলেৰে আনক সহায় কৰি আনন্দ আৰু সন্তুষ্টি প্ৰাপ্ত কৰোঁহঁক।​—⁠প্ৰকা. ২২:⁠১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক