ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ
২০০২ চনৰ মে মাহৰ ৬ তাৰিখৰ পৰা আগষ্ট মাহৰ ১৯ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনঃ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুনঃ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেলখন ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীবুৰুজʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. যিৰিমিয়া ১৮:১-৬ পদে প্ৰকাশ কৰিছে যে যিহোৱাই লোকসকলক তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কাৰ্য্য কৰায়। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৪/১ ২২ পৃষ্ঠা ৩-৪ অনু.]
২. মিছা ভৱিষ্যতবক্তাসকলে লোকসকলক ঈশ্বৰৰ সতৰ্কবাণীত কাণ দিয়াৰ পৰিৱৰ্তে মিছা কথাবোৰৰ প্ৰতি কাণ দিবলৈ উৎসাহিত কৰাৰ দ্বাৰা মোৰ বাক্য আৰু ঈশ্বৰৰ বাক্যৰ প্ৰভাৱক চুৰ কৰিলে। (যিৰিমিয়া ২৩:৩০) [সপ্তাহিক বাইবেল পাঠ; w৯২ ২/১ ৪ পৃ. ৩ অনু.]
৩. যিৰিমিয়া ২৫:১৫, ১৬ পদত উল্লেখ কৰা “ক্ৰোধস্বৰূপ এই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ,” যাক পান কৰি ‘সকলো জাতিয়ে পগলা যেন হব’ বুলি কোৱা বাক্যশাৰীয়ে বিচুৰ্তি খোৱাৰ ফলত হোৱা মিছা ধৰ্ম্মৰ অৱস্থাক বুজাইছে। [সপ্তাহিক বাইবেল পাঠ; w৯৪ ৩/১ ২০ পৃ. ১৩ অনু.]
৪. মথি দ্বাৰা ব্যৱহৃত হোৱা যিৰিমিয়াৰ ভৱিষ্যতবাণীত উল্লেখ কৰা “শত্ৰুৰ দেশ” উক্তিটো মৃতকৰ স্থানক সুচাইছে যʼত ৰজা হেৰোদে হত্যা কৰা কণ-কণ শিশুবিলাকৰ পুনৰুত্থান হʼব। (যিৰিমিয়া ৩১:১৫, ১৬; মথি ২:১৭, ১৮) [সপ্তাহিক বাইবেল পাঠ; w৭৯ ৬/১৫ ১৯ পৃ. ১৩ অনু.]
৫. যিৰিমিয়া ৩৭:২১ পদত আশ্বাস দিয়া হৈছে যে যিহোৱাই তেওঁৰ বিশ্বাসী সেৱকসকলক আৰ্থিক বিপদৰ সময়ত সহায় কৰিব পাৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৯/১৫ ৩ পৃ. ৪ অনু.-৪ পৃ. ২ অনু.]
৬. হিব্ৰু ভাষাত “মুক্তিপণ” শব্দই কোনো বন্দীক মুকলি কৰাৰ অৰ্থে দিয়া ধন আৰু তাৰ সমান্তৰাল অৰ্থক প্ৰকাশ কৰে। [kl ৬৫ পৃ. ১১ অনু.]
৭. বিলাপ ৫:৭ পদত স্পষ্টকৈ দেখুৱাইছে যে লʼৰা-ছোৱালীয়ে কৰা পাপৰ বাবে যিহোৱাই পোনপটীয়াকৈ তেওঁলোকৰ পিতৃ-মাতৃক দণ্ড দিয়ে। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১ ২৭ পৃ. বক্সটো চাওক।]
৮. যিহিষ্কেল ৯:৪ পদত উল্লেখ কৰা কপালত চিন দিয়াৰ অৰ্থ হৈছে কেৱল জ্ঞানে এজন ব্যক্তিক উদ্ধাৰ কৰিব। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ১৪ পৃ. ১৮ অনু.]
৯. ইফিচীয়া ৪:৮ পদত উল্লেখ কৰা “মানুহবিলাকক নানা বৰ” উক্তিটোৱে পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্তি কৰা খ্ৰীষ্টান প্ৰাচীনসকলক বুজাইছে, যিসকলক আধ্যাত্মিক কল্যাণৰ অৰ্থে সঙ্গী উপাসকসকলক চোৱা-চিতা কৰাৰ দায়িত্ব দিয়া হৈছে। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) [w০০ ৮/১ ৬ পৃ. ৩ অনু.]
১০. যিহিষ্কেল ২৩ অধ্যায়ত উল্লেখ কৰা অহলীবা আধুনিক সময়ত প্ৰটেষ্টান আৰু তাইৰ ভনীয়েক অহলা, ৰোমান কেথলীকৰ সৈতে তুলনা কৰিব পাৰে। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ২১ পৃ. ২২ অনু.]
নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক:
১১. প্ৰকৃততে “পুনৰুত্থান” শব্দৰ অৰ্থ কি? [kl ৮৫ পৃ. ১৫ অনু.]
১২. লূক ৯:২৩ পদত দিয়া আমন্ত্ৰণৰ প্ৰত্যুত্তৰ দ্বাৰা কেনেকৈ খ্ৰীষ্টৰ বলিদানৰ প্ৰতি কৃতজ্ঞতা আৰু বোধশক্তি প্ৰকাশ কৰে? [w০০ ৩/১৫ ৮ পৃ. ১ অনু.]
১৩. যিহোৱাই কিদৰে যিৰিমিয়াৰ “প্ৰবৃত্তি” জন্মাইছিল? (যিৰি. ২০:৭) [সপ্তাহিক বাইবেল পাঠ; w৮৯ ৫/১ ৩১ পৃ. ৬ অনু.]
১৪. “পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই, মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব” বুলি কোৱা যীচুৰ এই কথাশাৰীৰ অৰ্থ কি আছিল? (যোহন ১৪:২৬) [w০০ ৪/১ ৮ পৃ. ৭-৮ অনু.]
১৫. যিৰিমিয়া ৩৫:১৮, ১৯ পদৰ অনুসাৰে আধুনিক সময়ৰ ৰেখবীয়া বৰ্গৰ লোকসকলৰ বাবে কেনে আশা আছে? [সপ্তাহিক বাইবেল পাঠ; su ১৩১ পৃ. ৭ অনু.]
১৬. নাফিলবিলাকে কি প্ৰকাৰে “প্ৰসিদ্ধ বীৰপুৰুষ” আছিল? (আদি. ৬:৪-৫) [w০০ ৪/১৫ ২৭ পৃ. ৯ অনু.]
১৭. বাৰূকে কেনেকৈ আধ্যাত্মিক ভাৰসাম্য হেৰুৱাইছিল আৰু আমি তেওঁৰ বৃতান্তৰ পৰা কি শিকিব পাৰোঁ? (যিৰি. ৪৫:১-৫) [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৮/১৫ ২১ পৃ. ১৪-১৬ অনু.]
১৮. কেতিয়া আৰু কেনেকৈ যিৰিমিয়া ৫০:৩৮ পদত লিখা ভৱিষ্যতবাণী পূৰ্ণ হʼল? [সপ্তাহিক বাইবেল পাঠ; dp ১৫০ পৃ. ২-৩ অনু.]
১৯. বিলাপ ১:১৫ পদৰ অনুসাৰে যিৰূচালেমত হোৱা ‘কুমাৰী যিহূদা-জীয়াৰীৰ’ ধ্বংসই খ্ৰীষ্টীয়জগতৰ বাবে কি নিৰ্দ্দেশিত কৰে? [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১ ২৭ পৃ. বক্সটো চাওক।]
২০. যিহিষ্কেল ২১:২৬ পদত উল্লেখ কৰা “পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা” উক্তিৰ অৰ্থ কি? [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ১৯ পৃ. ১৬ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰণ কৰিবলৈ উপযুক্ত শব্দ বা বাক্য দিয়ক:
২১. এজন ভদ্ৰ ব্যক্তিয়ে _________________________ উত্তম _________________________ ভিতৰত থাকে, তেওঁ কি কৰা উচিত আৰু কি কৰা অনুচিত তাৰ এটা _________________________ আছে বুলি জানে। (মীখা ৬:৮) [w০০ ৩/১৫ ২১ পৃ. ১-২ অনু.]
২২. পবিত্ৰ আত্মাই যদিও _________________________ বা _________________________ আঁতৰ নকৰে, তথাপিও ই _________________________ কৰাত সহায় কৰিব পাৰে। (১ কৰি. ১০:১৩; ২ কৰি. ৪:৭) [w০০ ৪/১ ১১ পৃ. ৬ অনু.]
২৩. যিহোৱাই সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে _________________________ স্থাপন আৰু _________________________ বাবে কি ভাল, কি বেয়া তাক নিৰ্দ্ধাৰণ কৰাৰ কেৱল তেওঁৰহে অধিকাৰ আছে। [kl ৫৬ পৃ. ৯ অনু.]
২৪. যিহোৱাই অনুমতি দিয়া দুষ্টতা আৰু দুখ কষ্টই প্ৰমাণ কৰিলে যে ঈশ্বৰৰ পৰা _________________________ হৈ এখন _________________________ আনিব নোৱাৰে। [kl ৭৭ পৃ. ১৮ অনু.]
২৫. অব্ৰাহাম বুজনশীল হৈ এটা প্ৰভেদতাক সমাধান কৰা আৰ্হিয়ে আমাক _________________________ বা _________________________ প্ৰমুখ স্থান দিয়াৰ পৰা আঁতৰাই ৰাখে, যিয়ে আমাৰ ভাইসকলৰ সৈতে থকা মূল্যৱান সম্পৰ্কক ধ্বংস কৰিব পাৰে। (আদি. ১৩:৫-১২) [w০০ ৮/১৫ ২৪ পৃ. ৩-৪ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ পৰা শুদ্ধ উত্তৰ বাছনি কৰক:
২৬. ইয়োবে যিহোৱাৰ (জ্ঞানৰ; দয়াৰ; বিচাৰৰ) প্ৰতি মূল্যাঙ্কন কৰিছিল আৰু তেওঁৰ সেৱকৰ সৈতে (অন্তৰ্দৃষ্টিৰে; দয়াশীলেৰে) আচৰণ কৰিছিল। (ইয়ো. ৩১:১৩, ১৪) [w০০ ৩/১৫ ২৬ পৃ. ১ অনু.]
২৭. যিৰিমিয়া ১৬:২-৪ পদত ভৱিষ্যতবক্তাক (আত্মত্যাগ মনোবৃত্তি প্ৰকাশ; মচীহে গ্ৰহণ কৰিবলগা অকলশৰীয়া জীৱন-যাপনক আৰ্হিৰূপে স্থাপন; যিৰূচালেমৰ ধ্বংসৰ বিষয়ে কোৱা যিহোৱাৰ বাক্যৰ নিশ্চয়তাক প্ৰতিপন্ন) কৰি অবিবাহিত হৈ থাকিবলৈ আজ্ঞা দিয়া হৈছিল। [সপ্তাহিক বাইবেল পাঠ; w৭৮ ৪/১৫ ৩১ পৃ. ২ অনু.]
২৮. হিতোপদেশ ৪:৭ পদত উল্লেখ কৰা প্ৰজ্ঞা (সত্যতাৰ সৈতে পৰিচিত হোৱাক; এটা ঘটনা আনটোৰ সৈতে কেনেকৈ সম্পৰ্ক আছে তাক দেখি পোৱাক; জ্ঞান আৰু বোধশক্তিৰে কাৰ্য্য কৰাক) নিৰ্দ্দেশিত কৰিছে। [w০০ ৫/১৫ ২১ পৃ. ১ অনু.]
২৯. যোচেফক কেৱল (১৭ বছৰ; ১৯ বছৰ; ২১ বছৰ) বয়সতে মিচৰত বাস কৰা পোটীফৰ নামৰ ব্যক্তিৰ হাতত বেচা হৈছিল। [my ২২ অধ্যায়]
৩০. যিহিষ্কেল ১ অধ্যায়ত উল্লেখ কৰা ঈশ্বৰৰ ৰথ (ঈশ্বৰৰ মচীহ ৰাজ্যক; যিহোৱাৰ স্বৰ্গদূতীয় আত্মিক সংগঠনক; যিহোৱাই অৱশিষ্টজনাৰ সৈতে কৰা কথোপকথনক) নিৰ্দ্দেশিত কৰিছে। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ১১ পৃ. ৫ অনু.]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া উক্তিবোৰৰ সৈতে মিলাওক:
ইব্ৰী ১২:১৬, ১৭; লূক ১১:৪১; হিতো. ৫:২১; যিৰি. ৪৬:২৮; ৰোমী. ১৫:৪
৩১. পবিত্ৰ বস্তুসমূহৰ প্ৰতি মূল্যাঙ্কন কৰাত বিফল হোৱা কাৰ্য্যই গম্ভীৰ পাপ, যেনে, ব্যভিচাৰলৈ পৰিচালিত কৰে। [my ১৭ অধ্যায়]
৩২. যিহোৱাই তেওঁৰ লিখিত বাক্যৰ যোগেদি বিশেষ প্ৰকাৰে শান্ত্বনা দিয়ে, কিয়নো সেই লিখিত বাক্যত ভৱিষ্যতে থকা আশ্চৰ্য্যজনক আশাৰে পূৰ্ণ হৈ আছে। [w০০ ৪/১৫ ৫ পৃ. ৪ অনু.]
৩৩. পিতৃ-মাতৃয়ে দিয়া অনুশাসনমূলক ব্যৱস্থা যুক্তিসঙ্গত বা ইয়াৰ সংশোধনৰ উদ্দেশ্য আৰু শিক্ষাতকৈ অধিক হোৱা উচিত নহয়। [সপ্তাহিক বাইবেল পাঠ; kl ১৪৮ পৃ. ২০ অনু.]
৩৪. দান কৰাটো কোনো এজনক প্ৰভাৱিত কৰাৰ ইচ্ছাৰে নহয়, কিন্তু হৃদয়েৰে পৰিচালিত হোৱা উচিত। [gt ৭৬ অধ্যায়]
৩৫. যৌন সম্বন্ধৰ সৈতে জড়িত থকা অশ্লীল কাৰ্য্য যিমানেই গোপনীয় নহওক কিয়, ঈশ্বৰৰ দৃষ্টিত লুকাই নাথাকে। [w০০ ৭/১৫ ৩১ পৃ. ৩ অনু.]