ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? তদুপৰি, যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? বিকল্প সাহিত্যসমূহ হিচাবে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ, নামৰ কিতাপখন আগবঢ়াব পাৰে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ বিতৰণ। যʼত গৃহস্থই আগ্ৰহ দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন আগবঢ়াই বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰি। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে মণ্ডলীৰ ষ্টকত থকা যিকোনো পুৰণি সাহিত্য বা আলোচনী আগবঢ়াব পাৰে।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখ বা অতি সোনকালে মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।
▪ ২০০২ চনৰ আগষ্ট ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হাতত থকা সকলোবোৰ সাহিত্য আৰু আলোচনীসমূহৰ হিচাপ-নিকাচ শেষ কৰি বছেৰেকীয়া তালিকত লিপিবদ্ধ কৰা আৱশ্যক। এই তালিকাখন একেই দৰে প্ৰস্তুত কৰা হয়, যিদৰে সাহিত্য কৰডিনেটৰে সাহিত্যসমূহৰ মাহেকীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পাছত সকলোবোৰ সাহিত্যৰ হিচাপ-নিকাচ মুঠ সংখ্যা (S-18) ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। প্ৰত্যেকখন মণ্ডলীত আলোচনী চোৱা-চিতা কৰা ভাইসকলৰ পৰা তেওঁলোকৰ হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা সংগ্ৰহ কৰিব পাৰে। প্ৰত্যেকখন কৰডিনেটিং মণ্ডলীয়ে তিনিখনকৈ সাহিত্য ইনভেনট্ৰী ফৰ্ম (S-18) পাব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ আগতেই মূল কপিখন শাখা কাৰ্য্যালয়লৈ প্ৰেৰণ কৰক। দ্বিতীয় অৰ্থাৎ কাৰ্বন কপিখন আপোনাৰ ফাইলত সংৰক্ষণ কৰি ৰাখক। তৃতীয়খনক আপুনি প্ৰাথমিকভাৱে কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে। এই ইনভেনট্ৰী ফৰ্মখনক কৰডিনেটিং মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিৰীক্ষণ কৰা উচিত। তাৰ পাছত এই ফৰ্মখনত তেওঁ আৰু কৰডিনেটিং মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে চহী কৰা আৱশ্যক।
▪ কোনো কোনো সয়মত মণ্ডলীৰ প্ৰকাশক - সকলে যিহোৱাৰ উপাসনাৰ সৈতে সম্পৰ্ক থকা কোনো আইনগত সমস্যৰ সম্মুখীন হʼব পাৰে। এই ক্ষেত্ৰত ১৯৫০ চনত প্ৰকাশ কৰা শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক আইনগতভাৱে সংস্থাপন আৰু প্ৰতিৰক্ষা কৰা (ইংৰাজী) নামৰ সৰু কিতাপখনে সহায় কৰিব। যিহেতু এই সৰু কিতাপখন অতীতত ব্যৱহাৰ কৰা হৈছিল, সেয়েহে ইয়াত শেহতীয়া আইনগত সংবাদসমূহ লিপিবদ্ধ কৰা নাই। গতিকে প্ৰকাশক আৰু প্ৰাচীন গোষ্ঠীৰ সদস্যসকলে এই সৰু কিতাপখনৰ ওপৰত আধাৰিত কৰি আইনগত বিষয়বোৰক সমাধান কৰা আৱশ্যক।
▪ প্ৰত্যেক মাহে পত্ৰ বা পোষ্ট কাৰ্ডবোৰত সঠিক মূল্যৰ ডাক টিকেট নলগোৱাৰ বাবে শাখা কাৰ্য্যলয়ে ভালে মান টকা জাৰিমানা দিবলগীয়া হয়। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি সঠিক মূল্যৰ ডাক-টিকেট লগোৱা পত্ৰ বা পোষ্ট কাৰ্ডহে যেন শাখা কাৰ্য্যলয়লৈ পঠিয়ায়।