এজন উত্তম সংযোগকাৰী হওক!
১ প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা আজ্ঞাক পালন কৰিবলৈ হʼলে আমি নিশ্চয়ে আনক সংবাদ দিয়া আৱশ্যক। (মথি ২৪:১৪; ২৮:১৯, ২০) আনকি বন্ধু-বান্ধৱৰ সৈতে এনে সংবাদেৰে কথোপকথন কৰাটো এটা প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। তেনেহʼলে কিহে আমাক অচিনাকি লোকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সহায় কৰিব পাৰে?
২ অচিনাকিৰ দৰে নহয় কিন্তু বন্ধুত্বাৰে গৃহস্থৰ সৈতে কথোপকথন কৰা: আপুনি প্ৰচাৰ কৰা ব্যক্তিসকলৰ ঠাইত নিজকে ৰাখি কল্পনা কৰিবলৈ চেষ্টা কৰক। বৰ্তমান জগতত অচিনাকি ব্যক্তিৰ সৈতে কথোপকথন কৰিবলৈ কিছুমান লোকে সন্দেহী বা ভয়ভীত হʼব পাৰে। ইয়ে হয়তো সংযোগ কৰাত বাধা উৎপন্ন কৰিব পাৰে। আমি সাক্ষাৎ কৰা লোকসকলৰ সৈতে প্ৰথম সাক্ষাততে সৃষ্টি হোৱা এই সমস্যাক কেনেকৈ সমাধান কৰিব পাৰোঁ? আমি কোনো এষাৰ কথা কোৱাৰ পূৰ্বেই আমাৰ ভদ্ৰতাৰ বাহ্যিক ৰূপে সংযোগ কৰাত সহায় কৰে। আমি পৰিপাটিকৈ পিন্ধা সাজ-পাৰ আৰু উন্নত আচৰণে গৃহস্থৰ ভয় আৰু শঙ্কা আঁতৰ কৰে।—১ তীম. ২:৯, ১০.
৩ সংযোগ কৰা আন এটা উপায় হৈছে সুথিল আৰু বন্ধুত্বপূৰ্ণৰে আচৰণ কৰা। ইয়ে আনক সহজ কৰি তুলি বাৰ্ত্তাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰে। ইয়াৰ বাবে উত্তমৰূপে প্ৰস্তুতি কৰা আৱশ্যক। যেতিয়া আমি গৃহস্থক কবলগীয়া বিষয়ক ভালদৰে তৈয়াৰ কৰিম তেতিয়া তেওঁলোকৰ সৈতে কথা-বতৰা হোৱাত বিহ্বল নহম। এনে ধৰণৰ প্ৰস্তুতিয়ে আনক আমাৰ বাৰ্ত্তাৰ প্ৰতি ধ্যান আকৰ্ষিত কৰাত সহায় কৰে। এগৰাকী মহিলাই সাক্ষী ভনীগৰাকীৰ উপস্থিতিৰ বিষয়ে এইদৰে কৈছিল: “তাইৰ হাঁহি ভৰা আৰু ক্ষান্ত স্বভাৱৰ চেহেৰা আজিও মোৰ মনত আছে। ইয়ে মোক তাইৰ বাৰ্ত্তা শুনিবলৈ বান্ধি ৰাখিলে।” এইদৰে সেই মহিলাগৰাকীয়ে শুভবাৰ্ত্তা শুনিবলৈ এক সুযোগ মুকলি কৰিলে।
৪ প্ৰভাৱকাৰী গুণসমূহ: আনৰ প্ৰতি আমি ব্যক্তিগতভাৱে আগ্ৰহী হোৱা আৱশ্যক। (ফিলি. ২:৪) ইয়াৰ এটা পদ্ধতি হৈছে কথোপকথনত কোনো বাধা নজন্মোৱা। প্ৰকৃততে সংযোগ কৰাত তেওঁলোকৰ কথাৰ প্ৰতি কাণ দিয়াটো জড়িত হৈ আছে। যেতিয়া আমি লোকসকলক মনোভাৱ প্ৰকাশ কৰিবলৈ আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকৰ কথাৰ প্ৰতি মনোযোগ দিওঁ তেতিয়া আমি যে তেওঁলোকৰ প্ৰতি চিন্তিত তাক তেওঁলোকে বোধ কৰিব পাৰে। সেইবাবে যেতিয়া গৃহস্থই কোনো বিষয়ে উল্লেখ কৰে তেতিয়া তেওঁলোকৰ কথোপকথনত ব্যঘাত জন্মাই তৈয়াৰ কৰা নিজৰ প্ৰস্তাৱনাটো আগবঢ়াবলৈ খৰখেদা কৰা উচিত নহয়। আপুনি আন্তৰিকতাৰে তেওঁলোকে দিয়া মন্তব্যৰ বাবে শলাগ লওক আৰু কি কবলৈ বিচাৰিছে তাৰ প্ৰতি কাণ দি সেই অনুসাৰে মন্তব্য দিবলৈ চেষ্টা কৰক। যদি তেওঁলোকে দিয়া মন্তব্যই কিছুমাত্ৰাত তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰিছে তেন্তে সেই অনুসাৰে প্ৰস্তাৱনা আগবঢ়াওক।
৫ নম্ৰতা আৰু মৃদুভাৱে সংযোগ বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। (হিতো. ১১:২; পাঁচ. ২০:১৯, NW) যীচু “নম্ৰ আৰু কোমল চিত্তৰ” ব্যক্তি হোৱা হেতুকে লোকসকলে তেওঁৰ কাষ চাপিবলৈ সংকোচবোধ কৰা নাছিল। (মথি ১১:২৯) আনহাতে আত্মভিমানপূৰ্ণ মনোবৃত্তিয়ে লোকসকলক বিৰক্ত কৰিব পাৰে। সেয়েহে যদিও আমি দৃঢ়ভাৱে জানো যে আমাৰ ওচৰত সত্য আছে তথাপিও আমি আকোৰগোজ হৈ আচৰণ কৰাৰ পৰা বিৰত থকা উচিত।
৬ যদি এজন ব্যক্তিৰ কথা-বতৰা বাইবেলৰ শিক্ষাৰ সামঞ্জস্যত নহয় তেন্তে কি কৰিব পাৰি? তেওঁক সংশোধন কৰাটো আমাৰ দায়িত্ব নে? নিশ্চয়ে তেওঁক সংশোধন কৰাটো দায়িত্ব, কিন্তু আমি প্ৰথম সাক্ষাততে তেনে কৰিবলৈ চেষ্টা কৰাটো উচিত নহয়। গতিকে উত্তম ফলাফল লাভ কৰিবলৈ শ্ৰোতাসকলে প্ৰকাশ কৰা মন্তব্যৰ ওপৰত আধাৰিত কৰি সাধাৰণ বিষয়বোৰত কথোপকথন কৰিলে অধিক উত্তম হʼব। অন্যথা প্ৰথম অৱস্থাতে যদি বাইবেলৰ পৰা শিক্ষাদান কৰা হয়, তেওঁ তাক গ্ৰহণ কৰাত কঠিনতা অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে ধৰ্য্যশীল আৰু বিবেচনাশীল হোৱা আৱশ্যক। এই সম্বন্ধে পাঁচনি পৌলে আৰেয়পাগৰ বিচাৰকসকলৰ সৈতে প্ৰচাৰ কৰাৰ সময়ত এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।—পাঁচ. ১৭:১৮, ২২-৩১.
৭ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, নিস্বাৰ্থ প্ৰেমে আমাক ফলদায়কৰূপে সংযোগকাৰী হʼবলৈ সহায় কৰে। যীচুৰ দৰে আমিও লোকসকলক “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ” পৰা বুলি অনুভৱ কৰা আৱশ্যক। (মথি ৯:৩৬) ইয়ে আমাক শুভবাৰ্ত্তা প্ৰচাৰ আৰু তেওঁলোকক জীৱনৰ পথত চলাত সহায় কৰিবলৈ প্ৰেৰিত কৰে। আমি প্ৰচাৰ কৰা সংবাদটো হৈছে প্ৰেমপূৰ্বক বাৰ্ত্তা। গতিকে ইয়াক প্ৰেমময় হৈ লোকসকলক কোৱা আৱশ্যক। তেনে কৰাৰ দ্বাৰা আমি বিশ্বৰ সৰ্ব্বোৎকৃষ্ট সংযোগকাৰী যিহোৱা আৰু যীচুৰ অনুকৰণ কৰোঁ।