ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৫ পৃষ্ঠা ৮
  • আনৰ সৈতে যুক্তিযুক্ততাৰে কথোপকথন কৰাৰ দক্ষতাক উন্নত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনৰ সৈতে যুক্তিযুক্ততাৰে কথোপকথন কৰাৰ দক্ষতাক উন্নত কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পৰিচৰ্য্যাত প্ৰগতি আৰু বুজনশীল হওক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • কাৰ্য্যকাৰী পৰিচয়
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৫ পৃষ্ঠা ৮

আনৰ সৈতে যুক্তিযুক্ততাৰে কথোপকথন কৰাৰ দক্ষতাক উন্নত কৰক

১ পাঁচনিৰ কৰ্ম্ম ১৩:⁠১৬-⁠৪১ পদত পাঁচনি পৌলে পিচিদিয়া দেশৰ আন্তিয়খিয়াত থকা ইহুদীবিলাকৰ ধৰ্ম্মধামত যুক্তি দাঙি ধৰি ৰাজহুৱা ভাষণ দিয়াৰ উত্তম আৰ্হিৰ বৃতান্তৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। পৌলে শ্ৰোতাসকলৰ পৃষ্ঠভূমি আৰু তেওঁলোকৰ বিচাৰধাৰাক বিবেচানা কৰি, সেই অনুসাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। আঁহক আমিও পৌলৰ এই উদাহৰণটোক মনোযোগেৰে বিবেচনা কৰি আমি কেনেকৈ একেইদৰে পৰিচৰ্য্যা কৰিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰোঁহঁক।

২ আনৰ বিচাৰধাৰা জানিবলৈ চেষ্টা কৰা: যদিও পৌলে কোৱা বাৰ্ত্তা ঈশ্বৰৰ উদ্দেশ্যত যীচুৱে আদায় কৰা মুখ্য ভূমিকাৰ ওপৰত আছিল, তথাপিও তেওঁ পোনপটীয়াকৈ দাঙি ধৰা ৰাজহুৱা ভাষণত সেই বিষয়ে আলোচনা কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ সেই সময়ৰ ইহুদীবিলাকৰ মাজত থকা সাধাৰণ বিচাৰধাৰাৰ বিষয়ে কথোপকথন হৈছিল। (পাঁচ. ১৩:⁠১৬-⁠২২) একেইদৰে যদি আমি লোকসকলে সাধাৰণতে বিবেচনা কৰা বিচাৰধাৰাৰ ওপৰত কথোপকথন আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া অধিক কৃতকাৰ্য্যতা লাভ কৰিব পাৰিম। ইয়াৰ বাবে আমি সাৱধানে প্ৰশ্ন সুধি লোকসকলৰ মনোবৃত্তিৰ বিষয়ে মনোযোগেৰে জানিবলৈ চেষ্টা কৰি প্ৰকৃততে তেওঁলোকৰ কি অতি আৱশ্যক, সেই বিষয়ে কথোপকথন কৰা প্ৰয়োজন।

৩ ইহুদীবিলাকৰ ইতিহাসৰ বিষয়ে আলোচনা কৰি পৌলে তেওঁৰ শ্ৰোতাসকলক ঈশ্বৰে দায়ূদৰ বংশৰ পৰা আহিবলগীয়া ত্ৰানকৰ্ত্তাজনৰ বিষয়ে কৰা প্ৰতিজ্ঞাৰ বিষয়ে সোঁৱৰাই দিছিল। কিয়নো বহুতো ইহুদীয়ে ভাবিছিল যে কোনো এজন বীৰ যুদ্ধা আহি তেওঁলোকক ৰোমান অধিনৰ পৰা উদ্ধাৰ কৰি সকলো জাতিতকৈ মহান কৰিব। তদুপৰি তেওঁলোকে যিৰূচালেমত থকা ইহুদী ধৰ্ম্মগুৰুসকলে যীচুক প্ৰত্যাখ্যান কৰি ৰোমানৰ অধিনত গতাই দি মৃত্যুদণ্ড দিয়াৰ বিষয়েও জানিছিল। এনে অৱস্থাত পৌলে তেওঁলোকক কেনেকৈ মচীহৰ বিষয়ে কৰা প্ৰতিজ্ঞাৰ ওপৰত প্ৰত্যয় জন্মাব পাৰিলেহেঁতেন?

৪ উপযুক্ত পদ্ধতি অৱলম্বন কৰা: পৌলে শ্ৰোতাসকলৰ বিচাৰধাৰাৰ বিষয়ে জানিব পাৰি লোকসকলে ইতিমধ্যেই গ্ৰহণ কৰা বিচাৰধাৰাৰ আধাৰত তেওঁ শাস্ত্ৰীয় পদৰ পৰা যুক্তি দাঙি ধৰিছিল। উদাহৰণস্বৰূপে, পৌলে যীচুক দায়ূদৰ বংশৰ পৰা অহা, যোহন বাপ্তাইজকে তেওঁক চিনাক্ত কৰা আৰু বহুতে যীচুক ঈশ্বৰৰ ভৱিষ্যতবক্তা হিচাপে গ্ৰহণ কৰাৰ বিষয়ে কথোপকথন আৰম্ভ কৰিছিল। (পাঁচ. ১৩:⁠২৩-⁠২৫) পৌলে শ্ৰোতাসকলক মনোযোগ দিবলৈ কৈছিল যে, যীচুক ধৰ্ম্মগুৰুসকলে তিৰষ্কাৰ কৰি মৃত্যুদণ্ড দিয়াৰ দ্বাৰা আচলতে “তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল, সেই সকলোকে পূৰ” হʼল। (পাঁচ. ১৩:⁠২৬-⁠২৮) তদুপৰি পৌলে বৰ্ণনা কৰি তেওঁলোকক মনোযোগ দিবলৈ কৈছিল যে, যীচু যে মৃতবিলাকৰ মাজৰ পৰা জী উঠিল তাৰ নিজ চকুৰে দেখা সাক্ষী আছে আৰু যীচুৰ সম্বন্ধে জনা পৰিচিত শাস্ত্ৰীয় পদটো পূৰ্ণ হʼল।​—⁠পাঁচ. ১৩:⁠২৯-⁠৩৭.

৫ আনহাতে, এথেন্সৰ আৰেয়পাগত থকা গ্ৰীক শ্ৰোতাসকলৰ সৈতে পৌলে কথোপকথন হওঁতে এক ভিন্ন পদ্ধতি অৱলম্বন কৰিছিল। (পাঁচ. ১৭:⁠২২-⁠৩১) একেটা মুখ্য বাৰ্ত্তাক বিভিন্ন প্ৰকাৰে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি পৌলে ভাল ফলাফল লাভ কৰিছিল। (পাঁচ. ১৩:⁠৪২, ৪৩; ১৭:⁠৩৪) একেইদৰে আজি আমি যদি লোকসকলে আগ্ৰহী হোৱা বিচাৰধাৰা, তেওঁলোকৰ পৃষ্ঠভূমি আৰু দৃষ্টিভঙ্গীৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, তেন্তে আমাৰ পৰিচৰ্য্যা কাৰ্য্যত অধিক কৃতকাৰ্য্যতা লাভ কৰিব পাৰিম।

[Study Questions]

১. আমি বাইবেলৰ কেনে বৃতান্তৰ বিষয়ে আলোচনা কৰিম আৰু কিয়?

২. পৌলে যিধৰণে তেওঁৰ ৰাজহুৱা ভাষণ আৰম্ভ কৰিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

৩. যীচুৱেই যে সেই প্ৰতিজ্ঞাত মচীহ, সেই বিষয়ে শ্ৰোতাসকলক প্ৰত্যয় জন্মাবলৈ পৌলৰ বাবে কিয় কঠিন আছিল?

৪. পৌলে নিপুণতাৰে কেনেকৈ ইহুদী শ্ৰোতাসকলক যুক্তি দাঙি ধৰি বুজাই দিছিল?

৫. (ক) পৌলে গ্ৰীক শ্ৰোতাসকলৰ সৈতে কথোপকথন হওঁতে কেনে পদ্ধতি অৱলম্বন কৰিছিল? (খ) স্থানীয় এলেকাত সাক্ষী দিয়াৰ সময়ত আমি কেনেকৈ পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক