অধ্যায় ১
কাৰ্য্যকাৰী পৰিচয়
পাঁচনিৰ কৰ্ম্ম ১৭:২২
সাৰাংশ: আপোনাৰ পৰিচয় এইদৰে হোৱা উচিত, যাতে শ্ৰোতাসকলে বিষয়টোৰ প্ৰতি আগ্ৰহী হʼব পাৰে আৰু চিনাক্ত কৰিব পাৰে। শ্ৰোতাসকলে ইয়াৰ ওপৰত কিয় গুৰুত্ব আৰোপ কৰা উচিত, তাক তুলি ধৰক।
ইয়াক কেনেকৈ কৰিব:
আগ্ৰহ জন্মাওক। আপোনাৰ শ্ৰোতাসকলক আকৰ্ষণ কৰিবলৈ এটা প্ৰশ্ন, জীৱন-কাহিনী, বাতৰি বা আন কোনো বিষয় বাছনি কৰক।
আপোনাৰ বিষয় স্পষ্ট কৰক। নিশ্চিত কৰক যে আপোনাৰ পৰিচয়, ভাষণৰ বিষয় আৰু ইয়াৰ উদ্দেশ্য শ্ৰোতাসকলক স্পষ্ট কৰি তোলে।
বিষয়টো কিয় গুৰুত্বপূৰ্ণ, তাক দেখুৱাওক। শ্ৰোতাসকলৰ ব্যৱহাৰিক প্ৰয়োজনীয়তা অনুসৰি আপোনাৰ আলোচনা সাল-সলনি কৰক। বিষয়টোৱে তেওঁলোকক ব্যক্তিগতভাৱে কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে তেওঁলোকে স্পষ্টৰূপে বুজা উচিত।