ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৫ পৃষ্ঠা ৭
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৫ পৃষ্ঠা ৭

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ অক্টোবৰ মাহৰ ৩১ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ ছেপ্টেম্বৰ ৫ তাৰিখৰ পৰা লৈ অক্টোবৰ ৩১ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. ঈশ্বৰৰ বাক্যৰ পৰা দিয়া আমাৰ শিক্ষা লোকসকলৰ হৃদয়ত প্ৰবিষ্ট কৰিছেনে নাই, সেই বিষয়ে আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ? (মথি ১৩:⁠১৯) [be ২৫৮ পৃ. ১-⁠২ অনু. বক্স]

২. আনৰ অন্তৰত কি আছে, সেই বিষয়ে জানিবলৈ আমাক কিহে সহায় কৰিব, কিন্তু আমি কিহৰ বিষয়ে সতৰ্ক হোৱা আৱশ্যক? [be ২৫৯ পৃ. ১-⁠২ অনু.]

৩. শিক্ষাদান কৰাৰ সময়ত যিহোৱা ঈশ্বৰৰ অত্যুত্তম গুণসমূহৰ বিষয়ে উল্লেখ কৰাটো কিয় গুৰুত্বপূৰ্ণ? [be ২৬০ পৃ. ১ অনু.]

৪. উন্নতি কৰিবলৈ থকা দিশবোৰৰ বিষয়ে অৱগত হʼবলৈ আমি বাইবেল বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ? [be ২৬০ পৃ. ৪ অনু.–২৬১ পৃ. ১ অনু.]

৫. বাইবেল বিদ্যাৰ্থী বা শ্ৰোতাসকলক কোনো কাৰ্য্য কৰাৰ তেওঁলোকৰ মনোবৃত্তিক বিশ্লেষণ কৰাত সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ? [be ২৬২ পৃ. ২-⁠৩ অনু.]

ভাষণ নং ১

৬. যিহোৱাক একাগ্ৰতাৰে “বিচৰা” অৰ্থ কি আৰু আমি কেনেকৈ এনে কৰাৰ প্ৰমাণ দিব পাৰোঁ? (ইব্ৰী ১১:⁠৬) [w03 ৮/১৫ ২৫ পৃ. ২ অনু.; ২৬ পৃ. ১-⁠২ অনু.; ২৭ পৃ. ২ অনু.]

৭. “নিৰাময় বাক্যৰ আৰ্হি” কি আৰু প্ৰাচীনসকলে এই বাক্যৰ অনুসাৰে চলিছে বুলি কেনেকৈ প্ৰমাণ দিয়ে? [w03 ১/১ ২৯ পৃ. ৩ অনু. ৩০ পৃ. ১ অনু.]

৮. সত্য উপাসকসকল কেনেকৈ ঐক্যতাবদ্ধ? [wt ৮ পৃ. ৯ অনু.]

৯. ঈশ্বৰৰ বিষয়ে শিকাৰ দ্বাৰা আমাৰ জীৱন প্ৰণালীত কেনে প্ৰভাৱ পৰা আৱশ্যক? [wt ১৫ পৃ. ২ অনু.]

১০. বাইবেলৰ সত্যতাই যে লোকসকলৰ মনোবৃত্তি সলনি কৰে, সেই বিষয়ে কেনেকৈ বৰ্ণনা কৰিব আৰু কিয়? [wt ২৪ পৃ. ৪ অনু.]

সপ্তাহিক বাইবেল পাঠ

১১. দ্বিতীয় ৰাজাৱলি ১৩:⁠২১ পদে মৃতদেহক শ্ৰদ্ধা প্ৰদৰ্শন কৰা ৰীতি-নীতিক সমৰ্থন কৰিছেনে?

১২. হিষ্কিয়াই মিচৰৰ ৰজাৰ সৈতে সন্ধি পাতিছিলনে? (২ ৰাজা. ১৮:⁠১৯-⁠২১, ২৫)

১৩. যিহোৱাই চন্‌হেৰীবক বেয়াকৈ পৰাস্ত কৰোৱাৰ বিষয়ে অচূৰীয়াৰ ইতিহাসত যদিও বিশেষকৈ উল্লেখ কৰা নাই, তথাপিও সেই বৃতান্তৰ পৰা আপুনি কেনে আগ্ৰহজনক বিষয় লক্ষ্য কৰিব পাৰে? (২ ৰাজা. ১৯:⁠৩৫, ৩৬)

১৪. প্ৰকৃততে কোন চল্‌টীয়েলৰ পিতৃ আছিল? (১ বং. ৩:⁠১৬-⁠১৮)

১৫. চৌল ৰজাৰ সময়ত কেনেকৈ ৰূবেণ, গাদীয়া আৰু মনচিৰ আধা ফৈদে বৰ্তমান সময়ৰ ঈশ্বৰৰ উপাসকসকলৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে? (১ বং. ৫:⁠১৮-⁠২২)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক