ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ কপিবোৰ দিয়ক আৰু আগ্ৰহী হোৱা গৃহস্থক বিচাৰে ব্ৰচাৰখন দিব পাৰে। নবেম্বৰ: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ। যদি গৃহস্থই কয় বা লʼৰা-ছোৱালী নাই বুলি আভাস পোৱা যায়, তেন্তে জ্ঞান কিতাপ অথবা বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখন নতুবা বিকল্প হিচাপে বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন অথবা যদি মণ্ডলীত উপলব্ধ আছে, তেন্তে আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে নামৰ কিতাপবোৰ বিতৰণ কৰা আৱশ্যক। জানুৱাৰী: পৃষ্ঠাবোৰ হালধীয়া নতুবা আন বৰণলৈ পৰিণত হোৱা বা ১৯৯১ চনৰ পূৰ্বে ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ বিতৰণ কৰক। যদি গৃহস্থই কিতাপবোৰ গ্ৰহণ নকৰে, তেন্তে পৰ দি থাকক! নামৰ ব্ৰচাৰখন গৃহস্থক দিয়ক।
▪ যিহেতু অক্টোবৰ মাহত পাঁচটা শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে, এই মাহটোত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ উপযুক্ত সময়।
▪ এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ সৈতে “২০০৬ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। সেই তালিকাখন ২০০৬ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণসমূহৰ বাবে সংৰক্ষণ কৰা উচিত।