২০০৬ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
পৰামৰ্শসমূহ
২০০৬ চনত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।
মূল বিষয়বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ [w], পবিত্ৰ বাইবেল, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা [be], একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা [wt] আৰু আলোচনাৰ বাবে বাইবেলৰ বিষয় [td-AE] ব্যৱহাৰ কৰা হʼব।
গীত আৰু প্ৰাৰ্থনা সৈতে সঠিক সময়ত স্কুল আৰম্ভ কৰি সকলোকে আদৰণি জনাই তলত দিয়া ধৰণে পৰিচালনা কৰক:
বক্তৃতাৰ বৈশিষ্ট্য: ৫ মিনিট। স্কুল অধ্যক্ষ, অতিৰিক্ত পৰামৰ্শদাতা বা আন উপযুক্ত প্ৰাচীনে পৰিচৰ্য্যা স্কুল পাঠ্যপুথিৰ পৰা বক্তৃতাৰ গুণ নামৰ অংশটো পৰিচালনা কৰে। (যদি মণ্ডলীত সীমিত সংখ্যক প্ৰাচীন আছে তেনেহʼলে এজন উপযুক্ত সহায়ক সেৱকে এই ভাগটো পৰিচালনা কৰিব পাৰে।)
ভাষণ নং ১: ১০ মিনিট। এই ভাগটোক এজন প্ৰাচীন বা এজন সহায়ক সেৱকে প্ৰহৰীবুৰুজ, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা বা একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা কিতাপৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ে। এই ভাষণ উপদেশমূলক ভাষণৰূপে ১০ মিনিট সময়ত দিয়া আৱশ্যক। ভাষণত কোনো মৌখিক পুনৰ নিৰীক্ষণ কৰা প্ৰয়োজন নাই। ভাষণত সকলোবোৰ বিষয় বিতংকৈ বৰ্ণনা কৰাৰ পৰিৱৰ্তে তাত উল্লেখ কৰা ব্যৱহাৰিক বিষয়বোৰক প্ৰয়োগ কৰিলেহে মণ্ডলীয়ে বেছি লাভৱান হʼব। উল্লেখ কৰা বিষয়বস্তুক ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰিও যি জন ভায়ে এই ভাষণ দিয়ে তেওঁ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাষণ শেষ কৰা আৱশ্যক। আৱশ্যকীয় অনুসাৰে এই ভাষণ দিয়া ভাইজনক আছুতীয়াকৈ পৰামৰ্শ দিব পাৰে।
বাইবেল পাঠৰ আলোকপাত: ১০ মিনিট। এই ভাষণৰ প্ৰথম পাঁচ মিনিট সময় এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱকে স্থানীয়ভাৱে প্ৰযোজ্য হোৱা বিষয়বোৰক উল্লেখ কৰা উচিত। তেওঁ হয়তো সেই সপ্তাহটোৰ বাইবেল পাঠৰ যি কোনো অংশৰ ওপৰত মন্তব্য দিব পাৰে। এনে কৰোঁতে নিযুক্তি পাঠৰ কেৱল সাৰাংশ দিয়াটোৱেই যথেষ্ট নহয়। এই ভাষণৰ মূল লক্ষ্য হৈছে শ্ৰোতাসকলৰ বাবে বাইবেল পাঠত থকা সংবাদসমূহ কেনেকৈ আৰু কিয় বহুমূলীয়া তাক উপলব্ধি কৰাত সহায় কৰা। বক্তাই সাৱধান হোৱা আৱশ্যক যে তেওঁৰ ভাষণৰ আৰম্ভণিৰ ভাগ যেন পাঁচ মিনিটতকৈ অধিক হোৱা উচিত নহয় আৰু পিছৰ পাঁচ মিনিটত শ্ৰোতাসকলক উত্তৰ দিবলৈ আমন্ত্ৰণ কৰিব পাৰে। আলোকপাতৰ বাবে দিয়া বাইবেল পাঠৰ পৰা কেনেকৈ লাভৱান হʼল, সেই বিষয়ে চমুকৈ (৩০ চেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত) মন্তব্য দিবলৈ বক্তাই শ্ৰোতাসকলক আমন্ত্ৰণ কৰে। তাৰ পিছত স্কুল অধ্যক্ষজনে দ্বিতীয় ক্লাচ ৰুমত ভাগ লোৱা বিদ্যাৰ্থীসকলক যাবলৈ অনুৰোধ কৰে।
ভাষণ নং ২: ৪ মিনিট বা কম সময়। এই ভাগটো পাঠ কৰিবলৈ এজন ভাইক নিযুক্তি কৰা হয়। বিদ্যাৰ্থীজনে এই ভাগটোত কোনো পৰিচয় বা উপসংহাৰ নিদিয়াকৈ পাঠ কৰা উচিত। তেওঁ বিশেষকৈ গীতমালাৰ কিতাপখন পঢ়াৰ সময়ত তাত দিয়া শিৰোনামাবোৰ পঢ়া উচিত। স্কুল অধ্যক্ষই বিশেষকৈ বিদ্যাৰ্থীজনে স্পষ্টকৈ পাঠ কৰা, সঠিক অৰ্থত গুৰুত্ব দিয়া, প্ৰয়োজন অনুসাৰে সুৰ উচ্চ বা নিম্ন কৰা, পাঠ কৰোঁতে যতি বা দাৰি, কমা আদি চিহ্নত বিৰতি লোৱা আৰু ভাষণৰ স্বাভাৱিকতাৰ ওপৰত মনোনিৱেশ কৰিব।
ভাষণ নং ৩: ৫ মিনিট। এই ভাষণৰ বাবে কোনো এগৰাকী ভনীক নিযুক্তি কৰা হয়। এই ভাষণৰ বিদ্যাৰ্থীজনে নিৰ্বাচিত কৰা কোনো পটভূমি বা আমাৰ পৰিচৰ্য্যা পাঠ্যপুথিখনৰ ৮২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি কোনো উপযুক্ত পটভূমি নিৰ্দ্ধাৰিত কৰা হʼব। বিদ্যাৰ্থীজনে নিযুক্তি ভাষণৰ বিষয়বস্তুক ব্যৱহাৰ কৰি তাক স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক আৰু সত্যসদৃশ্যতা কৰা উচিত। যেতিয়া ভাষণৰ বিষয়ৰ বাবে তথ্যৰ মূল উৎস উদ্ধৃতি কৰা নাথাকে, তেতিয়া বিদ্যাৰ্থীজনে আমাৰ প্ৰকাশনসমূহৰ পৰা নিজেই ভাষণৰ বিষয়বস্তু অনুসন্ধান কৰা আৱশ্যক। নতুন বিদ্যাৰ্থীসকলক তেনেবোৰ ভাষণৰ বাবে নিযুক্তি কৰা আৱশ্যক, যিবোৰ ভাষণৰ বিষয়বস্তুৰ উৎস উদ্ধৃতি কৰা থাকে। স্কুল অধ্যক্ষজনে বিশেষকৈ বিদ্যাৰ্থীজনে কিদৰে ভাষণৰ বিষয়বস্তুক বিকশিত কৰিছে আৰু ভনীগৰাকীয়ে প্ৰস্তুত কৰা মূল বিষয়বোৰক গৃহস্থক বুজাবলৈ কেনেকৈ শাস্ত্ৰীয় পদসমূহৰ যুক্তি দাঙি ধৰিছে তাৰ ওপৰত মনোযোগ দিব। স্কুল অধ্যক্ষজনে বিদ্যাৰ্থীজনৰ বাবে এজন সহায়কাৰীৰ নিযুক্তি কৰিব।
ভাষণ নং ৪: ৫ মিনিট। এই ভাষণৰ বিদ্যাৰ্থীজনে নিজেই নিযুক্তি ভাষণৰ বিষয়বস্তুক বিকশিত কৰা উচিত। যেতিয়া ভাষণৰ বিষয়বস্তুত কোনো উদ্ধৃতি দিয়া নাথাকে, তেতিয়া বিদ্যাৰ্থীজনে ভাষণৰ বাবে আমাৰ প্ৰকাশনসমূহৰ পৰা অনুসন্ধান কৰা উচিত। যেতিয়া এই ভাষণৰ বাবে কোনো ভাইক নিযুক্তি দিয়া হয়, তেতিয়া তেওঁ ৰাজ্যগৃহৰ শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখি এই ভাগটোক এটা ভাষণৰূপে প্ৰস্তুত কৰিব। নতুবা স্কুল অধ্যক্ষজনে বক্তৃতাৰ কোনো এক বিশেষ গুণত কাৰ্য্য কৰিবলৈ পৰামৰ্শ দিব পাৰে। এই ভাষণত ভাগ লোৱা ভাইজনে তেওঁৰ বিষয়বস্তুক প্ৰচাৰ কাৰ্য্যক পৃষ্ঠভূমি হিচাপে ৰাখি প্ৰস্তুত কৰিব পাৰে। এই ভাষণৰ বাবে যেতিয়া কোনো ভনীক নিযুক্তি দিয়া হয়, তেতিয়া ভাষণ সদায়ে ৩ নং ভাষণৰ পৰিলেখৰ দৰে প্ৰস্তুত কৰা উচিত। অনুগ্ৰহ কৰি মনত ৰাখক যে তৰা চিহ্ন থকা বিষয়বোৰক কেৱল ভাইসকলক প্ৰস্তুত কৰিবলৈ নিযুক্তি কৰা উচিত।
নিৰ্দ্ধাৰিত সময়: কোনো ভাষণ বা পৰামৰ্শ দিয়াৰ বাবে অতিৰিক্ত সময় লোৱা উচিত নহয়। ২ নং ভাষণৰ পৰা ৪ নং ভাষণৰ বাবে নিযুক্ত কৰা বিদ্যাৰ্থীসকলে যদি অতিৰিক্ত সময় লয়, তেনেহʼলে সাৱধানে তাক সমাপ্ত কৰা উচিত। যদি ১ নং ভাষণ আৰু বাইবেলৰ আলোকপাত কৰা বক্তাজনে অতিৰিক্ত সময় লয়, তেন্তে তেওঁক অকলশৰীয়াকৈ পৰামৰ্শ দিয়া উচিত। সকলো বক্তা আৰু বিদ্যাৰ্থীয়ে নিযুক্তি সময়ৰ প্ৰতি মনত ৰাখা উচিত। গীত আৰু প্ৰাৰ্থনাৰ বাহিৰে সম্পূৰ্ণ কাৰ্য্যক্ৰম ৪৫ মিনিটত সমাপ্তি হোৱা আৱশ্যক।
পৰামৰ্শদান: ১ মিনিট। স্কুল অধ্যক্ষজনে প্ৰত্যেকজন বিদ্যাৰ্থীৰ ভাষণৰ শেষত তেওঁৰ ভাষণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কিছুমান সঠিক দৃষ্টিভঙ্গী দাঙি ধৰা প্ৰয়োজন। তাৰ বাবে স্কুল অধ্যক্ষজনে ১ মিনিটতকৈ অধিক সময় লোৱা উচিত নহয়। পৰামৰ্শ প্ৰদান কৰোঁতে কেৱল “অতি উত্তম” বা “চাবাইচ” বুলি কোৱাটোৱেই তেওঁৰ লক্ষ্য হোৱা উচিত নহয়। বৰঞ্চ, তেওঁ বিদ্যাৰ্থীজনৰ ভাষণটোক কিহে অতি কাৰ্য্যকাৰী কৰিলে তাৰ নিৰ্দ্দিষ্ট কিছুমান যুক্তি দাঙি ধৰা উচিত। প্ৰত্যেকজন বিদ্যাৰ্থীৰ আৱশ্যকতাৰ অনুসাৰে অকলশৰীয়াকৈ বা আন এটা সময়ত অতিৰিক্ত বিকাশমূলক পৰামৰ্শ দিয়া প্ৰয়োজন।
সহযোগী পৰামৰ্শদাতা: প্ৰাচীন গোষ্ঠীয়ে স্কুল অধ্যক্ষৰ অতিৰিক্ত আন এজন উপযুক্ত ভাইক নিযুক্তিবোৰক চোৱা-চিতা কৰিবলৈ সহযোগী পৰামৰ্শদাতা হিচাপে নিৰ্ব্বাচিত কৰে। তেওঁৰ দায়িত্ব হৈছে ১ নং ভাষণ আৰু বাইবেল আলোকপাত কৰা ভাইক অকলশৰীয়াকৈ পৰামৰ্শ প্ৰদান কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰত্যেকটো ভাষণৰ পিছত সঙ্গী প্ৰাচীন বা সহায়ক সেৱকক পৰামৰ্শ প্ৰদান কৰা।
পৰামৰ্শ ফৰ্ম: পাঠ্যপুস্তকত দিয়া আছে।
মৌখিক পুনৰ নিৰীক্ষণ: ৩০ মিনিট। প্ৰত্যেক দুমাহত স্কুল অধ্যক্ষই এটা মৌখিক পুনৰ নিৰীক্ষণ পৰিচালিত কৰিব। ইয়াক ওপৰৰ পৰিলেখত দিয়া অনুসাৰে বক্তাৰ গুণ আৰু বাইবেল আলোকপাতৰ পৰা আলোচনা কৰা হʼব। সেই মৌখিক পুনৰ নিৰীক্ষণৰ বিষয়বস্তু হৈ যোৱা পূৰ্বৱৰ্তী দুমাহ আৰু চলিত সপ্তাহৰ ভাষণৰ ওপৰত আধাৰিত কৰি পৰিচালিত কৰা হʼব। যদি মৌখিক পুনৰ নিৰীক্ষণৰ সপ্তাহটোত আপোনাৰ মণ্ডলীৰ বাবে চাৰ্কিত সন্মিলন থাকে, তেন্তে পুনৰ নিৰীক্ষণ (সপ্তাহিক তালিকাৰ বাকী কাৰ্য্যক্ৰম) পিছৰ সপ্তাহলৈ পিছুৱাই নি সেই উক্ত সপ্তাহৰ কাৰ্য্যক্ৰমৰ ভাগবোৰ এসপ্তাহৰ আগতে আলোচনা কৰা প্ৰয়োজন। যদি পুনৰ নিৰীক্ষণ সপ্তাহটোত চাৰ্কিত ওভাৰচিয়াৰৰ ভিজিট থাকে, তেনেহʼলে তালিকা অনুসাৰে গীত, বক্তৃতাৰ বৈশিষ্ট্য ভাষণ আৰু বাইবেল আলোকপাত প্ৰস্তুত কৰাৰ সৈতে পিছৰ সপ্তাহৰ তালিকাৰ ১ নং ভাষণ (বক্তৃতাৰ বৈশিষ্ট্যৰ পিছত দিয়া ভাষণ) সন্মিলিত কৰা আৱশ্যক। পিছৰ সপ্তাহত বক্তৃতাৰ বৈশিষ্ট্য আৰু বাইবেল আলোকপাতৰ পিছত পুনৰ নিৰীক্ষণ পৰিচালনা কৰা আৱশ্যক।
তালিকা
জানুৱাৰী ২ বাইবেল পাঠ: ২ বংশাৱলি ২৯-৩২ গীত নং ৯১
বক্তৃতাৰ বৈশিষ্ট্য: ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ পৰা সম্পূৰ্ণকৈ লাভৱান হোৱা (be ৫ পৃ. ১ অনু.–৮ পৃ. ১ অনু.)
১ নং: ঈশ্বৰৰ বাক্যত আনন্দিত হোৱা (be ৯ পৃ. ১-৫ অনু.)
২ নং: ২ বংশাৱলি ৩০:১-১২
৩ নং: প্ৰকৃত খ্ৰীষ্টানসকলে কিয় অশ্লীল ভাষা কোৱাৰ পৰা আঁতৰি থাকে
৪ নং: td-AE১ক আন ধৰ্মবোৰৰ সৈতে মিলিত থকাটো ঈশ্বৰৰ সামঞ্জস্যত নহয়
জানুৱাৰী ৯ বাইবেল পাঠ: ২ বংশাৱলি ৩৩-৩৬ গীত নং ১৪৪
বক্তৃতাৰ বৈশিষ্ট্য: সঠিককৈ পাঠ কৰা (be ৮৩ পৃ. ১-৫ অনু.)
১ নং: ঈশ্বৰে কিয় দুষ্টতাৰ অনুমতি দিছে? (wt ৬০-৬৩ পৃ. ১-৭ অনু.)
২ নং: ২ বংশাৱলি ৩৪:১-১১
৩ নং: td-AE১খ “সকলো ধৰ্মই উত্তম” বুলি কোৱা কথাষাৰ সঁচা নহয়
৪ নং: নৈতিকতাৰ সম্বন্ধে বাইবেলত দিয়া স্তৰসমূহক পালন কৰিবলৈ কেতিয়াও লজ্জিত নহʼব
জানুৱাৰী ১৬ বাইবেল পাঠ: ইজ্ৰা ১-৫ গীত নং ১৩৭
বক্তৃতাৰ বৈশিষ্ট্য: সঠিককৈ কেনেকৈ পাঠ কৰিব পাৰি (be ৮৪ পৃ. ১ অনু.–৮৫ পৃ. ৩ অনু.)
১ নং: ঈশ্বৰে দুষ্টতাক অনুমতি দিয়াৰ পৰা আমি কি শিকিব পাৰোঁ (wt ৬৩-৬৯ পৃ. ৮-১৮ অনু.)
২ নং: ইজ্ৰা ১:১-১১
৩ নং: সত্যনিষ্ঠা বিবেক ৰাখি লাভৱান হোৱা
৪ নং: td-AE২ক আধ্যাত্মিক আৰোগ্যৰ স্থায়ী লাভসমূহ
জানুৱাৰী ২৩ বাইবেল পাঠ: ইজ্ৰা ৬-১০ গীত নং ১০৬
বক্তৃতাৰ বৈশিষ্ট্য: স্পষ্টকৈ বাক্য কোৱা (be ৮৬ পৃ. ১-৬ অনু.)
১ নং: ‘দুষ্ট আত্মিক শক্তিবোৰৰ অহিতে যুঁজ কৰা’ (wt ৭০-৭৫ পৃ. ১-১২ অনু.)
২ নং: ইজ্ৰা ৬:১-১২
৩ নং: প্ৰকৃত খ্ৰীষ্টানসকলে ধঁপাতজাতীয় পদাৰ্থ সেৱনৰ প্ৰতি কেনে দৃষ্টি ৰাখা উচিত?
৪ নং: a বিবাহৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গী
জানুৱাৰী ৩০ বাইবেল পাঠ: নহিমিয়া ১-৪ গীত নং ১৬১
বক্তৃতাৰ বৈশিষ্ট্য: স্পষ্টকৈ কেনেকৈ কথোপকথন কৰিব পাৰি (be ৮৭ পৃ. ১ অনু.–৮৮ পৃ. ৩ অনু.)
১ নং: জয়ী হʼবলৈ সুসজ্জিত হোৱা (wt ৭৬-৭৮ পৃ. ১৩-১৫ অনু.)
২ নং: নহিমিয়া ২:১-১০
৩ নং: এক প্ৰকাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তা
৪ নং: td-AE২খ ঈশ্বৰৰ ৰাজ্যই স্থায়ী শাৰীৰিক সুস্থতা প্ৰদান কৰিব
ফেব্ৰুৱাৰী ৬ বাইবেল পাঠ: নহিমিয়া ৫-৮ গীত নং ৪০
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক উচ্চাৰণ—বিবেচনা কৰিবলগীয়া এক বিষয় (be ৮৯ পৃ. ১ অনু.–৯০ পৃ. ২ অনু.)
১ নং: নিতৌ বাইবেল পঢ়া (be ১০ পৃ. ১ অনু.–১২ পৃ. ৪ অনু.)
২ নং: নহিমিয়া ৫:১-১৩
৩ নং: td-AE২গ আধুনিক বিশ্বাস আৰোগ্যত ঈশ্বৰৰ স্বীকৃতিৰ প্ৰমাণ পোৱা নাযায়
৪ নং: “হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা” (হিতোপদেশ ৪:২৩)
ফেব্ৰুৱাৰী ১৩ বাইবেল পাঠ: নহিমিয়া ৯-১১ গীত নং ১৫৯
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক উচ্চাৰণত উন্নতি কৰা পদ্ধতিসমূহ (be ৯০ পৃ. ৩ অনু.–৯২ পৃ.)
১ নং: যুদ্ধৰ বিপৰীতে শান্তি বজাই ৰাখিবলৈ শিকা (w04-AE ১/১ ৬ পৃ. ৮ অনু.–৭ পৃ. ৫ অনু.)
২ নং: নহিমিয়া ১০:২৮-৩৭
৩ নং: যিহোৱাই আমাক প্ৰেম কৰাৰ প্ৰমাণ
৪ নং: td-AE২ঘ বিভিন্ন ভাষাত কথা কোৱাটো মাত্ৰ এক অস্থায়ী প্ৰবন্ধ আছিল
ফেব্ৰুৱাৰী ২০ বাইবেল পাঠ: নহিমিয়া ১২-১৩ গীত নং ১১৮
বক্তৃতাৰ বৈশিষ্ট্য: বাকপটুতাৰে ভাষণ দিয়া (be ৯৩ পৃ. ১ অনু.–৯৪ পৃ. ৩ অনু.)
১ নং: পুনৰুত্থানৰ আশাৰ শক্তি (wt ৭৯-৮৩ পৃ. ১-৮ অনু.)
২ নং: নহিমিয়া ১৩:১-১৪
৩ নং: td-AE৩ক পবিত্ৰ আত্মা কি
৪ নং: b হিংসাত্মক ভিডিঅ’ গেমছ্বোৰ প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে উপযুক্ত নহয়
ফেব্ৰুৱাৰী ২৭ বাইবেল পাঠ: ইষ্টেৰ ১-৫ গীত নং ২১৫
বক্তৃতাৰ বৈশিষ্ট্য: বাকপটুতাত কেনেকৈ উন্নতি কৰিব পাৰি (be ৯৪ পৃ. ৪ অনু. ৯৬ পৃ. ৩ অনু., ৯৫ পৃ. দিয়া বক্সটো বাদ দিয়ক)
মৌখিক পুনৰ নিৰীক্ষণ
মাৰ্চ ৬ বাইবেল পাঠ: ইষ্টেৰ ৬-১০ গীত নং ৭৪
বক্তৃতাৰ বৈশিষ্ট্য: খোকোজা নলগাত কৃতকাৰ্য্য হোৱা (be ৯৫ পৃ, বক্স)
১ নং: ‘পৰলোকৰ চাবি’ (wt ৮৩-৮৯ পৃ. ৯-১৮ অনু.)
২ নং: ইষ্টেৰ ৬:১-১০
৩ নং: মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে
৪ নং: td-AE৩খ প্ৰাণশক্তিক আত্মা বুলি কোৱা হয়
মাৰ্চ ১৩ বাইবেল পাঠ: ইয়োব ১-৫ গীত নং ১৬০
বক্তৃতাৰ বৈশিষ্ট্য: বিৰাম চিহ্নাঙ্কন আৰু বিচাৰধাৰা সলনিৰ বাবে বিৰতি লোৱা (be ৯৭ পৃ. ১ অনু.–৯৮ পৃ. ৫ অনু.)
১ নং: সেই ৰাজ্য “কেতিয়াও বিনষ্ট নহব” (wt ৯০-৯৬ পৃ. ১-১০ অনু.)
২ নং: ইয়োব ২:১-১৩
৩ নং: td-AE৩গ প্ৰেতাত্মাবাদ হৈছে পিশাচবোৰৰ কাৰ্য্য, যাৰ পৰা আঁতৰি থকা উচিত
৪ নং: প্ৰকৃত খ্ৰীষ্টানসকলে ঈষৎ আপত্তি কৰাৰ পৰা কিয় বিৰত থাকে
মাৰ্চ ২০ বাইবেল পাঠ: ইয়োব ৬-১০ গীত নং ২১৪
বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্ব দি উল্লেখ আৰু মনোযোগেৰে শুনিবলৈ বিৰতি লোৱা (be ৯৯ পৃ. ১ অনু.–১০০ পৃ. ৪ অনু.)
১ নং: আধ্যাত্মিকতাৰ মূল্য সকলোতকৈ শ্ৰেষ্ঠ (w04-AE ১১/১ ৪ পৃ. ২ অনু.–৫ পৃ. ৩ অনু.)
২ নং: ইয়োব ৭:১-২১
৩ নং: হৃদয় শুদ্ধ কৰাৰ অৰ্থ কি
৪ নং: td-AE৪ক যীচুক এজন নিন্দনীয় ব্যক্তিৰূপে যাতনা স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল
মাৰ্চ ২৭ বাইবেল পাঠ: ইয়োব ১১-১৫ গীত নং ৮
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক ভাৱধাৰাত জোৰ দি উল্লেখ কৰা (be ১০১ পৃ. ১ অনু.–১০২ পৃ. ৩ অনু.)
১ নং: “আপুনি কিদৰে শুনে সেই বিষয়ে মনোযোগ দিয়ক” (be ১৩ পৃ. ১ অনু.–১৪ পৃ. ৫ অনু.)
২ নং: ইয়োব ১২:১-২৫
৩ নং: td-AE৪খ উপাসনা কৰা উচিত নহয়
৪ নং: পৰিচৰ্য্যা কাৰ্য্যই আমাৰ বাবে কিয় আনন্দ কঢ়িয়াই আনে
এপ্ৰিল ৩ বাইবেল পাঠ: ইয়োব ১৬-২০ গীত নং ৫০
বক্তৃতাৰ বৈশিষ্ট্য: ভাৱধাৰাক জোৰ দি উল্লেখ কৰিবলৈ উন্নতি কৰা (be ১০২ পৃ. ৪ অনু.–১০৪ পৃ. ৪ অনু.)
১ নং: আমি কিদৰে ঈশ্বৰৰ প্ৰতি প্ৰেম প্ৰকাশ কৰোঁ (w04 ৩/১ ১৯-২১ পৃ.)
২ নং: ইয়োব ১৬:১-২২
৩ নং: যিহোৱাই তেওঁৰ উপাসনা কৰিবলৈ লোকসকলক কেনেকৈ আকৰ্ষিত কৰে
৪ নং: td-AE৫ক মানৱজাতিৰ বাবে পুনৰ আগমন অদৃশ্যৰূপে হʼব
এপ্ৰিল ১০ বাইবেল পাঠ: ইয়োব ২১-২৭ গীত নং ১১৯
বক্তৃতাৰ বৈশিষ্ট্য: মুখ্য বিচাৰধাৰাক উল্লেখ কৰা (be ১০৫ পৃ. ১ অনু.–১০৬ পৃ. ২ অনু.)
১ নং: আধ্যাত্মিকতাই আশীৰ্ব্বাদ কঢ়িয়াই আনে (w04-AE ১১/১ ৫ পৃ. ৫ অনু.–৭ পৃ. ২ অনু.)
২ নং: ইয়োব ২৪:১-২০
৩ নং: শক্তিৰ বাহুল্যতা যিহোৱা ঈশ্বৰৰ পৰাহে হয়
৪ নং: td-AE৫খ বাস্তৱ ঘটনাবোৰৰ দ্বাৰা চিনাক্ত কৰা
এপ্ৰিল ১৭ বাইবেল পাঠ: ইয়োব ২৮-৩২ গীত নং ১০০
বক্তৃতাৰ বৈশিষ্ট্য: শ্ৰোতাসকলে শুনিব পৰা কণ্ঠস্বৰৰ উচ্চতা (be ১০৭ পৃ. ১ অনু.–১০৮ পৃ. ৪ অনু.)
১ নং: সভা আৰু সন্মিলনবোৰত মনোযোগে শুনা (be ১৫ পৃ. ১ অনু.–১৬ পৃ. ৫ অনু.)
২ নং: ইয়োব ২৯:১-২৫.
৩ নং: td-AE৬ক আধ্যাত্মিক গীৰ্জা, খ্ৰীষ্টৰ নামৰ ওপৰত প্ৰতিষ্ঠিত
৪ নং: যীচুৰ শিক্ষাদান কৰা পদ্ধতিত লোকসকলে কিয় স্তম্ভিত হৈছিল
এপ্ৰিল ২৪ বাইবেল পাঠ: ইয়োব ৩৩-৩৭ গীত নং ৯৪
বক্তৃতাৰ বৈশিষ্ট্য: আপোনাৰ কণ্ঠস্বৰৰ উচ্চতাত কেনেকৈ উন্নতি কৰিব (be ১০৮ পৃ. ৫ অনু.–১১০ পৃ. ২ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
মে’ ১ বাইবেল পাঠ: ইয়োব ৩৮-৪২ গীত নং ১৫৪
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠস্বৰ উচ্চ নিম্ন—আপোনাৰ কন্ঠস্বৰ সাল-সলনি কৰক (be ১১১ পৃ. ১ অনু.–১১২ পৃ. ২ অনু.)
১ নং: ঈশ্বৰৰ ৰাজ্যৰ উদ্দেশ্য—কেনেকৈ সম্পন্ন হʼব? (wt ৯৬-১০০ পৃ. ১১-১৭ অনু.)
২ নং: ইয়োব ৩৮:১-২৪
৩ নং: যিচয়া ৬০:২২ পদত কৰা ভৱিষ্যতবাণী বৰ্তমান সময়ত কেনেকৈ পূৰ্ণ হৈছে?
৪ নং: td-AE৬খ গীৰ্জা পিতৰৰ ওপৰত স্থাপিত নাছিল
মে’ ৮ বাইবেল পাঠ: গীত ১-১০ গীত নং ১৬৮
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠস্বৰ উচ্চ নিম্ন—আপোনাৰ কথোপকথনৰ গতি সলনি কৰা (be ১১২ পৃ. ৩-৬ অনু.)
১ নং: ‘প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰা’ (wt ১০১-১০৬ পৃ. ১-৯ অনু.)
২ নং: গীত ৪:১-৫:১২
৩ নং: নিৰাময় বাক্যৰ আৰ্হি ধাৰণ কৰা
৪ নং: td-AE৭ক ১৯১৪ চনত অন্যজাতিৰ সময় সমাপ্ত
মে’ ১৫ বাইবেল পাঠ: গীত ১১-১৮ গীত নং ২১৭
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠস্বৰ উচ্চ নিম্ন—আপোনাৰ কথোপকথনৰ গতি ভিন্ন কৰা (be ১১৩ পৃ. ১ অনু.–১১৪ পৃ. ৩ অনু.)
১ নং: নিজৰ জীৱনত ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া (wt ১০৬-১০৯ পৃ. ১০-১৫ অনু.)
২ নং: গীত ১৪:১-১৬:৬
৩ নং: প্ৰকৃত খ্ৰীষ্টানসকলে কি অৰ্থত জগতত কোনো ভাগ নলয়?
৪ নং: td-AE৮ক আজ্ঞাকাৰী মানৱজাতিৰ বাবে অনন্ত জীৱন নিশ্চিত
মে’ ২২ বাইবেল পাঠ: গীত ১৯-২৫ গীত নং ২৩
বক্তৃতাৰ বৈশিষ্ট্য: অনুভূতিৰ সৈতে কথোপকথন কৰা (be ১১৫ পৃ. ১- অনু. ১১৬ পৃ. ৪ অনু.)
১ নং: সুবুদ্ধিয়ে অনুগ্ৰহ প্ৰদান কৰে (w04 ৭/১৫ ২৭ পৃ. ৪ অনু.–২৮ পৃ. ৪ অনু.)
২ নং: গীত ২২:১-২২
৩ নং: td-AE৮খ স্বৰ্গীয় জীৱন সেইসকলৰ বাবে সীমিত যিসকল খ্ৰীষ্টৰ দেহ
৪ নং: c ঈশ্বৰৰ স্মাৰকবোৰ কি আৰু আমি সেইবোৰক পালন কৰা উচিতনে?
মে’ ২৯ বাইবেল পাঠ: গীত ২৬-৩৩ গীত নং ২০৩
বক্তৃতাৰ বৈশিষ্ট্য: বিষয়বস্তুৰ অনুসাৰে উপযুক্ত উদ্দীপনা (be ১১৬ পৃ. ৫ অনু.–১১৭ পৃ. ৪ অনু.)
১ নং: আপুনি নিজৰ স্মৰণ শক্তিক উন্নত কৰিব পাৰে (be ১৭ পৃ. ১ অনু.–১৯ পৃ. ১ অনু.)
২ নং: গীত ৩০:১-৩১:৮
৩ নং: সত্যতাই আমাক কেনেকৈ স্বাধীনতা প্ৰদান কৰে?
৪ নং: td-AE৮গ “অন্য মেৰ” অৰ্থাৎ পাৰ্থিৱ জীৱনৰ বাবে অসীমিত লোকক প্ৰতিজ্ঞা কৰা হৈছে
জুন ৫ বাইবেল পাঠ: গীত ৩৪-৩৭ গীত নং ১৬৭
বক্তৃতাৰ বৈশিষ্ট্য: আৱেগিক তীব্ৰতা প্ৰকাশ কৰা (be ১১৮ পৃ. ১ অনু.–১১৯ পৃ. ৫ অনু.)
১ নং: প্ৰাৰ্থনাৰ দ্বাৰা পোৱা শক্তি (w04-AE ৯/১ ১৩ পৃ. ৬ অনু.–১৪ পৃ. ১০ অনু.)
২ নং: গীত ৩৪:১-২২
৩ নং: td-AE৯ক তেজ সঞ্চাৰণে তেজৰ পবিত্ৰতাক উল্লঙ্ঘন কৰে
৪ নং: কেনে ধৰণৰ মূৰ্ত্তিপূজক কাৰ্য্যৰ পৰা আমি আঁতৰি থকা উচিত?
জুন ১২ বাইবেল পাঠ: গীত ৩৮-৪৪ গীত নং ২১৬
বক্তৃতাৰ বৈশিষ্ট্য: অনুভূতি প্ৰকাশ কৰা (be ১১৯ পৃ. ৬ অনু.–১২০ পৃ. ৫ অনু.)
১ নং: আমাক স্মৰণ কৰাই দিবলৈ আদায় কৰা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ভূমিকা (be ১৯ পৃ. ২ অনু.–২০ পৃ. ৩ অনু.)
২ নং: গীত ৪০:১-১৭
৩ নং: প্ৰকৃত বিজ্ঞানশাস্ত্ৰ বাইবেলৰ সামঞ্জস্যত
৪ নং: td-AE৯খ ঈশ্বৰৰ ব্যৱস্থা উল্লঙ্ঘন কৰি নিজ জীৱন ৰক্ষা কৰাটো অনুচিত
জুন ১৯ বাইবেল পাঠ: গীত ৪৫-৫১ গীত নং ১০৪
বক্তৃতাৰ বৈশিষ্ট্য: আঙ্গি-ভঙ্গি আৰু মৌখিক ভঙ্গিমা প্ৰকাশ কৰা আৱশ্যক (be ১২১ পৃ. ১-৪ অনু.)
১ নং: কি অৰ্থত যীচু আহিল? (w04-AE ৩/১ ১৪ পৃ. বক্স)
২ নং: গীত ৪৬:১-৪৭:৯
৩ নং: td-AE১০ক ঈশ্বৰ হৈছে এজন পিতৃ, ব্যক্তি আৰু বিশ্বৰ সৰ্ব্বপ্ৰধান
৪ নং: এজন প্ৰকৃত খ্ৰীষ্টানে দুৰ্ব্বল হোৱাৰ স্বত্বেও কেনেকৈ বলৱান হʼব পাৰে? (২ কৰি. ১২:১০)
জুন ২৬ বাইবেল পাঠ: গীত ৫২-৫৯ গীত নং ১০৩
বক্তৃতাৰ বৈশিষ্ট্য: আঙ্গি-ভঙ্গি আৰু মৌখিক ভঙ্গিমাৰ ব্যৱহাৰ (be ১২২ পৃ. ১ অনু.–১২৩ পৃ. ২ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
জুলাই ৩ বাইবেল পাঠ: গীত ৬০-৬৮ গীত নং ৪৫
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কাৰ্য্যত চাক্ষুষ যোগাযোগ ৰাখা (be ১২৪ পৃ. ১ অনু.–১২৫ পৃ. ৪ অনু.)
১ নং: যিহোৱাৰ নম্ৰতাই আমাৰ বাবে কেনে অৰ্থ ৰাখে (w04 ১১/১ ২৯-৩০ পৃ.)
২ নং: গীত ৬০:১-৬১:৮
৩ নং: খ্ৰীষ্টান কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা ঈশ্বৰৰ ব্যৱস্থা পালন নকৰিবলৈ কোনো অজুহাত দেখুৱাব পাৰিনে?
৪ নং: td-AE১০খ পৃথিৱীত অহাৰ পূৰ্বে আৰু পিছতো পুত্ৰ পিতৃৰ অধীন আছিল
জুলাই ১০ বাইবেল পাঠ: গীত ৬৯-৭৩ গীত নং ২২৫
বক্তৃতাৰ বৈশিষ্ট্য: ভাষণ দিয়াৰ সময়ত চাক্ষুষ যোগাযোগ ৰাখা (be ১২৫ পৃ. ৫ অনু.–১২৭ পৃ. ১ অনু.)
১ নং: নিজেই পাঠ কৰা কিয় প্ৰয়োজন? (be ২১ পৃ. ১ অনু.–২৩ পৃ. ৩ অনু.)
২ নং: গীত ৭১:১-১৮
৩ নং: td-AE১০গ ঈশ্বৰ আৰু খ্ৰীষ্টৰ একতা
৪ নং: d প্ৰকৃত খ্ৰীষ্টানসকলে কিয় নিস্বাৰ্থপৰ হোৱা উচিত
জুলাই ১৭ বাইবেল পাঠ: গীত ৭৪-৭৮ গীত নং ২৮
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কাৰ্য্যত স্বাভাৱিকভাৱে কথোপকথন হোৱা (be ১২৮ পৃ. ১ অনু.–১২৯ পৃ. ১ অনু.)
১ নং: নম্ৰতা বিকশিত কৰি ঈশ্বৰৰ অনুমোদন লাভ কৰা (w04-AE ৮/১ ২১ পৃ. ১৫ অনু.–২২ পৃ. ১৮ অনু.)
২ নং: গীত ৭৫:১-৭৬:১২
৩ নং: যিহোৱাক বিচাৰাত কি সন্মিলিত আছে? (চফনিয়া ২:৩)
৪ নং: td-AE১০ঘ ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে তেওঁৰ সক্ৰিয় শক্তি
জুলাই ২৪ বাইবেল পাঠ: গীত ৭৯-৮৬ গীত নং ১১২
বক্তৃতাৰ বৈশিষ্ট্য: মঞ্চত স্বাভাৱিকভাৱে ভাষণ দিয়া (be ১২৯ পৃ. ২ অনু. ১৩০ পৃ. ১ অনু.)
১ নং: “সৰলবিলাকৰ তম্বু মঙ্গলে থাকিব” (w04 ১১/১৫ ২৬ পৃ. ১ অনু.–২৮ পৃ. ২ অনু.)
২ নং: গীত ৮২:১-৮৩:১৮
৩ নং: td-AE১১ক দিয়াবল এজন আত্মিক ব্যক্তি
৪ নং: অসিদ্ধ মানৱে বাস্তৱতে ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰেনে?
জুলাই ৩১ বাইবেল পাঠ: গীত ৮৭-৯১ গীত নং ৫৭
বক্তৃতাৰ বৈশিষ্ট্য: স্বাভাৱিকভাৱে ৰাজহুৱা পাঠ কৰা (be ১৩০ পৃ. ২-৪ অনু.)
১ নং: কেতিয়া “জ্ঞান সুলভ হয়” আৰু প্ৰজ্ঞাই আমাক নিৰ্দ্দেশনা প্ৰদান কৰে (w04 ১১/১৫ ২৮ পৃ. ৩ অনু.–২৯ পৃ. ৭ অনু.)
২ নং: গীত ৮৯:১-২১
৩ নং: বাইবেল অধ্যয়ন কৰাটো হৈছে আমাৰ উপাসনাৰ এক ভাগ
৪ নং: td-AE১১খ দিয়াবল এই জগতৰ অদৃশ্য শাসক
আগষ্ট ৭ বাইবেল পাঠ: গীত ৯২-১০১ গীত নং ১৯০
বক্তৃতাৰ বৈশিষ্ট্য: ব্যক্তিগত পৰিস্কাৰতাই শুভবাৰ্ত্তাক শোভিত কৰে (be ১৩১ পৃ. ১-৩ অনু.)
১ নং: অধ্যয়ন কেনেকৈ কৰা হয় (be ২৭ পৃ. ১ অনু.–৩১ পৃ. ২ অনু.)
২ নং: গীত ৯২:১-৯৩:৫
৩ নং: td-AE১১গ পিশাচবোৰ হৈছে বিদ্ৰোহী স্বৰ্গদূত
৪ নং: নৈতিক অখণ্ডতা বজাই ৰখাৰ গুৰুত্বতা
আগষ্ট ১৪ বাইবেল পাঠ: গীত ১০২-১০৫ গীত নং ১
বক্তৃতাৰ বৈশিষ্ট্য: শালীনতা আৰু মানসিক সুস্থিৰতাই কেনেকৈ এজনৰ সাজ-পোছাক পৰিধানত প্ৰভাৱিত কৰে (be ১৩১ পৃ. ৪ অনু.–১৩২ পৃ. ৩ অনু.)
২ নং: “হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ!” (w04 ১১/১৫ ৮-৯ পৃ.)
২ নং: গীত ১০৪:১-২৪
৩ নং: আমি কিয় পৰ দি থকা উচিত
৪ নং: td-AE১২ক জগতৰ সন্তাপৰ বাবে কোন দায়ী
আগষ্ট ২১ বাইবেল পাঠ: গীত ১০৬-১০৯ গীত নং ২০১
বক্তৃতাৰ বৈশিষ্ট্য: পৰিপাটি সাজ-পোছাকৰ মৰ্য্যাদা (be ১৩২ পৃ. ৪ অনু.–১৩৩ পৃ. ১ অনু.)
১ নং: যুৱক-যুৱতীসকল—অন্ধভাৱে নিজৰ সহপাঠীসকলক অনুকৰণ নকৰিব (w04 ১০/১৫ ২২ পৃ. ৪ অনু–২৪ পৃ. ৪ অনু.)
২ নং: গীত ১০৭:২০-৪৩
৩ নং: td-AE১২খ কিয় দুষ্টতাক অনুমতি দিয়া হʼল
৪ নং: আমি কি প্ৰকাৰে ঈশ্বৰক অনুকৰণ কৰিব পাৰোঁ?
আগষ্ট ২৮ বাইবেল পাঠ: গীত ১১০-১১৮ গীত নং ১২৫
বক্তৃতাৰ বৈশিষ্ট্য: উত্তম ব্যক্তিগত বেশ-ভূষাৰ বাবে কোনো এজনৰো বাধাৰ কাৰণ নহয় (be ১৩৩ পৃ. ২-৪ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
ছেপ্টেম্বৰ ৪ বাইবেল পাঠ: গীত ১১৯ গীত নং ৫৯
বক্তৃতাৰ বৈশিষ্ট্য: উত্তম ভঙ্গিমা আৰু ব্যৱহাৰ কৰা সাহিত্যবোৰ পৰিপাটিকৈ ৰাখা (be ১৩৩ পৃ. ৫ অনু. ১৩৪ পৃ. ৪ অনু.)
১ নং: অধ্যয়ন কৰাটো লাভদায়ক (be ৩১ পৃ. ৩ অনু.–৩২ পৃ. ৪ অনু.)
২ নং: গীত ১১৯:২৫-৪৮
৩ নং: চৰকাৰী অধিকাৰীসকলক কিয় সন্মান কৰা উচিত
৪ নং: td-AE১২গ শেষকালৰ দীঘলীয়া সময় এটা কৰুণাময় ব্যৱস্থা
ছেপ্টেম্বৰ ১১ বাইবেল পাঠ: গীত ১২০-১৩৪ গীত নং ৬৫
বক্তৃতাৰ বৈশিষ্ট্য: কেনেকৈ কথোপকথনৰ উৎকণ্ঠা হ্ৰাস কৰিব পাৰি (be ১৩৫ পৃ. ১ অনু.–১৩৭ পৃ. ২ অনু.)
১ নং: আপুনি ভাৰসা কৰিব পৰা প্ৰতিজ্ঞাসমূহ (w04 ১/১৫ ৪-৭ পৃ.)
২ নং: গীত ১২১:১-১২৩:৪
৩ নং: td-AE১২ঘ জগতৰ দুৰৱস্থাক মানুহে সমাধান কৰিব নোৱাৰে
৪ নং: অতিশয়োক্তি কি আৰু যীচুৱে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছিল?
ছেপ্টেম্বৰ ১৮ বাইবেল পাঠ: গীত ১৩৫-১৪১ গীত নং ৯৭
বক্তৃতাৰ বৈশিষ্ট্য: কেনেকৈ ভাৰসাম্যতা আৰ্জ্জন কৰিব পাৰি? (be ১৩৭ পৃ. ৩ অনু.–১৩৮ পৃ. ৫ অনু.)
১ নং: আপুনি লোৱা বাপ্তিষ্মাৰ অৰ্থ (wt ১১০-১৫ পৃ. ১-১০ অনু.)
২ নং: গীত ১৩৬:১-২৬
৩ নং: কি অৰ্থত স্মৰণীয় পৰ্ব্বক এক মঙ্গলাৰ্থক আহাৰ বুলি কʼব পাৰি?
৪ নং: td-AE১৩ক এটাই মাত্ৰ সত্য ধৰ্ম আছে
ছেপ্টেম্বৰ ২৫ বাইবেল পাঠ: গীত ১৪২-১৫০ গীত নং ৫
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠস্বৰ বৃদ্ধি কৰাৰ আৱশ্যকতা (be ১৩৯ পৃ. ১ অনু.–১৪০ পৃ. ১ অনু.)
১ নং: বাপ্তিষ্মা লোৱাৰ অনুসাৰে জীৱন-যাপন কৰা (wt ১১৫-১১৯ পৃ. ১১-১৬ অনু.)
২ নং: গীত ১৪২:১-১৪৩:১২
৩ নং: td-AE১৩খ মিছা ধৰ্ম্মীয় মূলনীতিবোৰক দোষী সাব্যস্ত কৰা হৈছে
৪ নং: আমি কি প্ৰকাৰে আনৰ আৱশ্যকতা আমাৰ নিজতকৈ অধিক গুৰুত্ব দিব পাৰোঁ?
অক্টোবৰ ২ বাইবেল পাঠ: হিতোপদেশ ১-৬ গীত নং ১১১
বক্তৃতাৰ বৈশিষ্ট্য: সঠিকভাৱে মাইক্ৰোফোন ব্যৱহাৰ কৰা (be ১৪০ পৃ. ২ অনু.–১৪২ পৃ. ১ অনু.)
১ নং: যিহোৱাৰ সিংহাখনৰ সম্মুখত এক বৃহৎ লোকসমূহ (wt ১২০-১২৭ পৃ. ১-১৭ অনু.)
২ নং: হিতোপদেশ ৫:১-২৩
৩ নং: td-AE১৩গ যদি এজন ব্যক্তিৰ ধৰ্ম মিছা প্ৰমাণিত হয়, তেন্তে তেওঁ ধৰ্ম পৰিৱৰ্তন কৰা আৱশ্যক
৪ নং: e মিছা কাহিনী বিস্তৃত নকৰিব (২ তীম. ৪:৪)
অক্টোবৰ ৯ বাইবেল পাঠ: হিতোপদেশ ৭-১১ গীত নং ৭৩
বক্তৃতাৰ বৈশিষ্ট্য: উত্তৰ দিওঁতে বাইবেলখন ব্যৱহাৰ কৰা (be ১৪৩ পৃ. ১-৩ অনু.)
১ নং: যিহোৱাই কেনেকৈ তেওঁৰ সংগঠনক নিৰ্দ্দেশনা প্ৰদান কৰে—প্ৰথম ভাগ (wt ১২৮-১৩১ পৃ. ১-৭ অনু.)
২ নং: হিতোপদেশ ৭:১-২৭
৩ নং: খ্ৰীষ্টান নিৰপেক্ষতাই আমাৰ ভাতৃত্বত ঐক্যতা বজাই ৰাখাত সহায় কৰে
৪ নং: td-AE১৩ঘ “সকলো ধৰ্ম ভাল” বুলি কʼলেই ঈশ্বৰৰ অনুমোদনৰ নিশ্চয়তা নিদিয়ে
অক্টোবৰ ১৬ বাইবেল পাঠ: হিতোপদেশ ১২-১৬ গীত নং ১৮০
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেলখন ব্যৱহাৰ কৰাত কেনেকৈ উন্নতি কৰিব পাৰি (be ১৪৪ পৃ. ১-৪ অনু.)
১ নং: অনুসন্ধান কৰাৰ আন পদ্ধতিবোৰ শিকা (be ৩৫ পৃ. ৩ অনু.–৩৮ পৃ. ৪ অনু.)
২ নং: হিতোপদেশ ১৪:১-২১
৩ নং: td-AE১৪ক অগ্নিময় যন্ত্ৰণাৰে পীড়িত কৰা কোনো বাস্তৱিক স্থান নাই
৪ নং: সভাত মনোযোগ দিবলৈ আমাক কিহে সহায় কৰিব?
অক্টোবৰ ২৩ বাইবেল পাঠ: হিতোপদেশ ১৭-২১ গীত নং ১৩১
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেলখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা (be ১৪৫-১৪৬ পৃ.)
১ নং: যিহোৱাই কেনেকৈ তেওঁৰ সংগঠনক নিৰ্দ্দেশনা প্ৰদান কৰে—দ্বিতীয় ভাগ (wt ১৩১-১৩৫ পৃ. ৮-১৫ অনু.)
২ নং: হিতোপদেশ ১৭:১-২০
৩ নং: বয়সস্থ সকলৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কেনে দৃষ্টি ৰাখে
৪ নং: td-AE১৪খ অগ্নি হৈছে ধ্বংসৰ প্ৰতীক
অক্টোবৰ ৩০ বাইবেল পাঠ: হিতোপদেশ ২২-২৬ গীত নং ৯
বক্তৃতাৰ বৈশিষ্ট্য: কাৰ্য্যকাৰীৰূপে শাস্ত্ৰীয় পদবোৰ দেখুৱাটো অতি জৰুৰী (be ১৪৭ পৃ. ১ অনু.–১৪৮ পৃ. ২ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
নবেম্বৰ ৬ বাইবেল পাঠ: হিতোপদেশ ২৭-৩১ গীত নং ৫১
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদ সন্নিৱিষ্ট কৰিবলৈ উপযুক্ত মন্তব্যৰ বাছনি কৰা (be ১৪৮ পৃ. ৩ অনু.–১৪৯ পৃ. ২ অনু.)
১ নং: পৰামৰ্শবোৰক মনোযোগেৰ শুনা (wt ১৩৬-১৩৯ পৃ. ১-৯ অনু.)
২ নং: হিতোপদেশ ২৮:১-১৮
৩ নং: td-AE১৪গ ধনী ব্যক্তি আৰু লাজাৰৰ বিৱৰণিত অনন্ত যাতনাৰ কোনো প্ৰমাণ পোৱা নাযায়
৪ নং: প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ বাহ্যিক ৰূপ দেখি কিয় কোনো মীমাংসাত উপনীত হোৱা উচিত নহয়
নবেম্বৰ ১৩ বাইবেল পাঠ: উপদেশক ১-৬ গীত নং ২৫
বক্তৃতাৰ বৈশিষ্ট্য: অনুভূতি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সঠিককৈ জোৰ দিয়া (be ১৫০ পৃ. ১-২ অনু.)
১ নং: অনুশাসন গ্ৰহণ কৰা (wt ১৩৯-১৪৩ পৃ. ১০-১৬ অনু.)
২ নং: উপদেশক ৫:১-১৫
৩ নং: বাইবেলৰ সত্যতা কিদৰে বুদ্ধিমন্ত লোকৰ পৰা গুপুতে ৰখা হʼল? (মথি ১১:২৫)
৪ নং: td-AE১৫ক পূৰ্বজ উপাসনা অৰ্থহীন
নবেম্বৰ ২০ বাইবেল পাঠ: উপদেশক ৭-১২ গীত নং ৩৭
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক বাক্যক গুৰুত্ব দি উল্লেখ কৰা (be ১৫০ পৃ. ৩ অনু.–১৫১ পৃ. ২ অনু.)
১ নং: “তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰখা” (wt ১৪৪-১৫০ পৃ. ১-১৪ অনু.)
২ নং: উপদেশক ৯:১-১২
৩ নং: td-AE১৫খ মানৱক সন্মান কৰিব পাৰি, কিন্তু উপাসনা একমাত্ৰ ঈশ্বৰকহে কৰা উচিত
৪ নং: পৰশ্ৰীকাতৰ হোৱাটো কিয় উচিত নহয়?
নবেম্বৰ ২৭ বাইবেল পাঠ: পৰমগীত ১-৮ গীত নং ১১
বক্তৃতাৰ বৈশিষ্ট্য: কোনো এটা বিষয়ক জোৰ দি উল্লেখ কৰাৰ পদ্ধতিসমূহ (be ১৫১ পৃ. ৩ অনু.–১৫২ পৃ. ৫ অনু.)
১ নং: ঘৰখনত ঈশ্বৰীয় ভক্তি অভ্যাস কৰক (wt ১৫১-১৫৮ পৃ. ১-১৩ পৃষ্ঠা)
২ নং: পৰমগীত ৭:১-৮:৪
৩ নং: প্ৰকৃত খ্ৰীষ্টানসকলে পৰিধান কৰা সাজ-পোছাক কিয় পৰিপাটি, পৰিষ্কাৰ আৰু শালীন হোৱা উচিত?
৪ নং: td-AE১৬ক পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য
ডিচেম্বৰ ৪ বাইবেল পাঠ: যিচয়া ১-৫ গীত নং ৯০
বক্তৃতাৰ বৈশিষ্ট্য: উপযুক্তৰূপে শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰা (be ১৫৩ পৃ. ১ অনু.–১৫৪ পৃ. ৩ অনু.)
১ নং: ‘তেওঁবিলাকো জগতৰ নহয়’ (wt ১৫৯-১৬৬ পৃ. ১-১৫ অনু)
২ নং: যিচয়া ৩:১-১৫
৩ নং: td-AE১৬খ পৃথিৱীখন কেতিয়াও ধ্বংস বা জনশূন্য নহʼব
৪ নং: f প্ৰকৃত খ্ৰীষ্টানসকল কিয় “ক্ৰোধলৈয়ো ধীৰ” হোৱা উচিত (যাকোব ১:১৯)
ডিচেম্বৰ ১১ বাইবেল পাঠ: যিচয়া ৬-১০ গীত নং ২০৪
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদবোৰক স্পষ্টকৈ কাৰ্য্যকাৰী কৰা (be ১৫৪ পৃ. ৪ অনু.–১৫৫ পৃ. ৪ অনু.)
১ নং: এটা পৰিলেখ বনোৱা (be ৩৯-৪২)
২ নং: যিচয়া ১০:১-১৪
৩ নং: আনক ক্ষমা কৰাটো কিয় অধিক গুৰুত্বপূৰ্ণ?
৪ নং: td-AE১৭ক সকলো খ্ৰীষ্টান পৰিচাৰক হোৱা উচিত
ডিচেম্বৰ ১৮ বাইবেল পাঠ: যিচয়া ১১-১৬ গীত নং ৪৭
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদৰ পৰা যুক্তি দাঙি ধৰি বুজাই দিয়া (be ১৫৫ পৃ. ৫ অনু.–১৫৬ পৃ. ৫ অনু.)
১ নং: যুৱক-যুৱতীসকল—পিতৃ-মাতৃসকলক নিজৰ হৃদয় ৰক্ষা কৰিবলৈ দিয়ক (w04 ১০/১৫ ২০ পৃ. ১ অনু.–২২ পৃ. ৩ অনু.)
২ নং: যিচয়া ১১:১-১২
৩ নং: td-AE১৭খ পৰিচৰ্য্যাৰ বাবে যোগ্যতাসমূহ
৪ নং: প্ৰকৃত খ্ৰীষ্টানসকলে হৰমাগিদোনৰ যুদ্ধত অংশ গ্ৰহণ নকৰে
ডিচেম্বৰ ২৫ বাইবেল পাঠ: যিচয়া ১৭-২৩ গীত নং ৫৩
বক্তৃতাৰ বৈশিষ্ট্য: ব্যৱহাৰিক মূল্যবোৰ স্পষ্টকৈ দাঙি ধৰক (be ১৫৭ পৃ. ১ অনু.–১৫৮ পৃ. ১ অনু.)
মৌখিক পুনৰ নিৰীক্ষণ
[Footnotes]
a এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।
b এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।
c এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।
d এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।
e এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।
f এই ভাষণৰ বাবে কেৱল ভাইসকলক নিযুক্তি দিয়া আৱশ্যক।