ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনঃ নিৰীক্ষণ
২০০২ চনৰ ছেপ্টেম্বৰ মাহৰ ২ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ২৩ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনঃ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুনঃ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেলখন ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰিবলৈ সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীবুৰুজʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. যিহোৱাৰ আচৰিত গুণসমূহক ধ্যান কৰাটো হৈছে তেওঁৰ নিকটবৰ্তী হোৱাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। (গীত. ১৪৩:৫) [w০০ ১০/১ ৪ পৃ. ৬ অনু.]
২. যিহিষ্কেল ৩৭:১৫-২৪ পদত উল্লেখ কৰা দুডাল কাঠ লগ লগোৱাটো আধুনিক সময়ৰ সমান্তৰাল হৈছে ১৯১৯ চনত “এজন ৰজা” আৰু “এজন ৰখীয়াৰ” অধীনত বিশ্বাসী অভিষিক্ত বৰ্গৰ লোকসমূহে একগোট হোৱা। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ২৫ পৃ. ১৩ অনু.]
৩. শেষ-কালৰ বিষয়ে বৰ্ণনা কৰা কিছুমান ভৱিষ্যতবাণীয়ে আপোনা-আপুনি ইতিহাসৰ আন সময়ছোৱাতো প্ৰযোজ্য হয়। [kl-AE ১০৬ পৃ. ১৬ অনু.]
৪. আমি কোনো উচ্চ ক্ষমতাসম্পন্ন উৎস বা অধিক জ্ঞানী বুলি দাবি কৰা ব্যক্তিজনৰ পৰা শুনা বিষয়টোক মিছা বুলি প্ৰত্যাখ্যান কৰিবলৈ কোনো কাৰণ থাকিব নোৱাৰে। [w০০ ১২/১ ২৯ পৃ. ৭-৮ অনু.]
৫. ঈশ্বৰীয় জীৱন নিৰ্বাহ কৰাটোৱে ইয়াৰ গেৰান্টী দিয়ে যে আনে সদায়ে আমাৰ সৈতে উত্তম আচাৰ-ব্যৱহাৰ কৰিব। [kl-AE ১১৮ পৃ. ২ অনু.]
৬. মণ্ডলীৰ প্ৰাচীনসকল হৈছে ঈশ্বৰৰ সেৱক আৰু দাস; তেওঁলোকে আমাৰ শিক্ষক যীচু খ্ৰীষ্টই কৰাৰ দৰে সঙ্গী সেৱকসকলৰ আৱশ্যকতাসমূহত পৰিচৰ্য্যা কৰে। (যোহন ১০:১৪, ১৫) [kl-AE ১৩৭ পৃ. ২০ অনু.]
৭. ওবদিয়া ১৬ পদত উল্লেখ কৰা ভৱিষ্যতবাণীয়ে প্ৰকাশ কৰিছে যে যিহূদাৰ প্ৰতি ঘৃণাভাৱ থকাৰ বাবে ইদোমীয়াসকল বিনাশ হʼল। (ওব. ১২) [সপ্তাহিক বাইবেল পাঠ; w৮৯ ৪/১৫ ৩০ পৃ. বক্স]
৮. চফনিয়া ৩:৯ পদত “শুদ্ধ [ভাষা NW]” বুলি উল্লেখ কৰা বাক্যশাৰীত ঈশ্বৰৰ বিষয়ে সত্যতা আৰু তেওঁৰ উদ্দেশ্যক ভালদৰে বুজি পোৱাটো সন্মিলিত আছে। [সপ্তাহিক বাইবেল পাঠ; w০১ ২/১ ৩১ পৃ. ১৮ অনু.]
৯. অপৰাধীৰ দৰে যীচুৰ মৃত্যুৱে যিহোৱাৰ পবিত্ৰ নাম অপমানিত হোৱাৰ প্ৰতি চিন্তিত হৈ গেৎচিমানী বাগিছাত তেওঁ শোকাতুৰ হৈছিল। (মথি ২৬:৩৮; লূক ২২:৪৪) [w০০ ১১/১ ৩১ পৃ. ২ অনু.]
১০. জখৰিয়া ৯:৬, ৭ পদত বৰ্ণনা কৰিছে যে ‘পলেষ্টীয়াবিলাক যিহূদাত প্ৰধান লোক হব,’ এই ভৱিষ্যতবাণীমূলক বৰ্ণনাই বৰ্তমান সময়ত “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গৰ দ্বাৰা প্ৰশিক্ষণ আৰু আৱশ্যকীয় অধিকাৰ দিয়া অন্য মেৰবৰ্গক নিৰ্দ্দেশিত কৰিছে। (মথি ২৪:৪৫) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৭/১ ২৩ পৃ. ১৪ অনু.]
নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়ক:
১১. যিহিষ্কেলে উল্লেখ কৰা প্ৰহৰী কেনেকৈ আমাৰ প্ৰচাৰ কৰা কাৰ্য্যৰ সৈতে তুলনা কৰা হৈছে? (যিহি. ৩৩:১-১১) [সপ্তাহিক বাইবেল পাঠ; w৮৮ ১/১ ২৮ পৃ. ১৩ অনু. চাওক।]
১২. আধুনিক সময়ত যিহিষ্কেল ভৱিষ্যতবক্তাই দেখা শুকান হাড়ৰ দৰ্শনৰ দৰে কেনে সমান্তৰাল ঘটনা ঘটিল? (যিহি. ৩৭:৫-১০) [সপ্তাহিক বাইবেল পাঠ; w৮৮ ৯/১৫ ২৪ পৃ. ১২ অনু.]
১৩. আমাৰ প্ৰতি থকা ঈশ্বৰৰ ইচ্ছাৰ আমি কেনেকৈ সাৰাংশ দিব পাৰোঁ? [kl-AE ১৭০ পৃ. ৩ অনু.]
১৪. যিহিষ্কেলে দৰ্শনত দেখা নগৰখনে কিহক চিহ্নিত কৰে? (যিহি. ৪৮:১৫-১৭) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৩/১ ১৮ পৃ. ২২ অনু.]
১৫. যোহন ১১:৯, ১০ পদত যীচুৱে “দিনত ফুৰে” আৰু “ৰাতি ফুৰে” বুলি কোৱা বাক্যৰ অৰ্থ কি আছিল? [gt ৮৯ অধ্যায়]
১৬. এজন ব্যক্তিয়ে ৩০ দিনৰ সময়ছোৱাত ৰজাৰ বাহিৰে কোনো মানুহ বা ঈশ্বৰক প্ৰাৰ্থনা কৰিব নোৱাৰে বুলি জাৰি কৰা আজ্ঞাৰ প্ৰতি দানিয়েলে দেখুউৱা প্ৰতিক্ৰিয়াৰ পৰা আমি কেনে শিক্ষা শিকিবলৈ পাওঁ? (দানি. ৬:৭-১০) [সপ্তাহিক বাইবেল পাঠ; dp ১২৫ পৃ. ২৫-৮ অনু. চাওক।]
১৭. যিহোৱাৰ কেনে বাৰ্ত্তা ঘোষণা কৰাত অভিষিক্তসকলে জাতিবিলাকৰ মাজত সিংহৰ দৰে হৈছে? (মীখা ৫:৮) [সপ্তাহিক বাইবেল পাঠ; w৮১ ৭/১৫ ২৩ পৃ. ১০ অনু.]
১৮. হবক্কুক ৩:১৪ পদত “তুমি যুদ্ধাৰুবিলাকৰ সেনাপতিজনক তাৰ যাঠীবোৰেৰে খুঁচিলা” বুলি কোৱা উক্তিটোৰ অৰ্থ কি? [সপ্তাহিক বাইবেল পাঠ; w০০ ২/১ ২২ পৃ. ১৫ অনু.; w৮১ ৮/১ ২৯ পৃ. ৬-৭ অনু.]
১৯. চফনিয়া ২:৩ পদত উল্লেখ কৰা “কিজানি” শব্দটোৱে কি নিৰ্দ্দেশ কৰে? [সপ্তাহিক বাইবেল পাঠ; w০১ ২/১ ২৪ পৃ. ৮ অনু.]
২০. জখৰিয়া ৮:৬ পদৰ অনুসাৰে ১৯১৯ চনৰ পৰা যিহোৱাই কেনেকৈ মানুহৰ দৃষ্টিত কঠিন যেন বোধ হোৱা কাৰ্য্যক সম্পন্ন কৰিছে? [সপ্তাহিক বাইবেল পাঠ; w৯৬ ১/১ ১৬ পৃ. ১৮-১৯ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰণ কৰিবলৈ উপযুক্ত শব্দ বা বাক্য দিয়ক:
২১. আমি যিহোৱাৰ সৈতে _________________________ যোগেদি কথা-বতৰা কৰোঁ, এই প্ৰাৰ্থনা হৈছে আমাৰ উপাসনাৰ এটা ভাগ; ইয়াৰ পৰিৱৰ্তে তেওঁ আমাৰ সৈতে তেওঁৰ _________________________ যোগেদি কথোপকথন কৰে। (গীত. ৬৫:২; ২ তীম. ৩:১৬) [w০০ ১০/১ ৫ পৃ. ২-৩ অনু.]
২২. যীচুৱে উল্লেখ কৰা অপব্যয়ী পুত্ৰৰ দৃষ্টান্তটো এনে ঈশ্বৰৰ লোকসকলক চিহ্নিত কৰিছে, যিসকলে এই জগতে আগবঢ়োৱা _________________________ উপভোগ কৰিবলৈ ঈশ্বৰৰ সংগঠনক ত্যাগ দিয়ে, কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকে _________________________ কৰি পুনৰ যিহোৱাৰ _________________________ সেৱক হৈ পৰে। [gt ৮৬ অধ্যায়]
২৩. “যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত” _________________________ হয়, যিটো বছৰৰ ৬৯ সপ্তাহৰ আৰম্ভণি আছিল; _________________________ মচীহ অহাত ইয়াৰ অন্ত পৰে। (দানি. ৯:২৫) [সপ্তাহিক বাইবেল পাঠ; dp ১৯০ পৃ. ২০ অনু.-১৯১ পৃ. ২২ অনু.]
২৪. যিহোৱাৰ কোনো বিশ্বাসী উপাসকে বিভিন্ন _________________________ অংশ লোৱা বা মহা বাবিলৰ কোনো অংশৰ সৈতে আধ্যাত্মিকত অংশীদাৰ হোৱাৰ দ্বাৰা বিভিন্ন _________________________ লিপ্ত নহয়। (গণ. ২৫:১-৯; ২ কৰি. ৬:১৪) [kl-AE ১২৫ পৃ. ১৫ অনু.]
২৫. _________________________ ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাই আমাক তেওঁৰ সৈতে _________________________ দৃঢ় কৰিবলৈ আৰু সদায় যিহোৱা ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাই আমাক তেওঁৰ _________________________ চাপিবলৈ সহায় কৰে। [kl-AE ১৫৩-৪ পৃ. ১০ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ পৰা শুদ্ধ উত্তৰ বাছনি কৰক:
২৬. এই ৰাজ্যৰ যোগেদি যীচু খ্ৰীষ্টই পৃথিৱীত যিহোৱাৰ নামেৰে (শান্তি; সিদ্ধতা; শাসন-ক্ষমতাক) পুনৰ স্থাপন কৰিব আৰু চিৰকালৰ বাবে ঈশ্বৰৰ ন্যায়যুক্ত সাৰ্ব্বভৌমত্বৰ (পাপমুক্ত; যথাৰ্থতা সাব্যস্ত; প্ৰমাণিত) কৰিব। [kl-AE ৯১ পৃ. ৫ অনু.]
২৭. বাইবেলে এক “মহাক্লেশ” সম্পৰ্কে ভৱিষ্যতবাণী কৰে যে এই জগতৰ (বাণিজ্যিক ব্যৱস্থা; ৰাজনৈতিক মূল; সমাজ প্ৰণালীয়ে), মিছা ধৰ্ম্মৰ বিশ্ব সম্ৰাট, “মহা বাবিলৰ” ওপৰত কৰা আক্ৰমণৰ দ্বাৰাই “মহাক্লেশ” আৰম্ভ হʼব। [kl-AE ১০৬ পৃ. ১৫ অনু.]
২৮. যিদৰে কোনো চিকাৰীয়ে জন্তুবোৰক প্ৰলোভিত কৰি তাৰ জালত পেলাবলৈ নানা প্ৰকাৰৰ টোপ ব্যৱহাৰ কৰে ঠিক তেনেদৰে (দুষ্ট আত্মাবিলাকে; ভ্ৰষ্টাচাৰী মানৱে; আত্মা মাধ্যমে) মানুহক সিহঁতৰ বশত আনিবলৈ নানা প্ৰকাৰৰ প্ৰেতাত্মাবাদক ব্যৱহাৰ কৰে। (গীত. ১১৯:১১০ পদৰ সৈতে তুলনা কৰক।) [kl-AE ১১১ পৃ. ৬ অনু.]
২৯. যোৱেল ১:৪-৬ পদত উল্লেখ কৰা কাকতী ফৰিঙ লাক্ষণিক অৰ্থত (ইস্ৰায়েল জাতিক; অভিষিক্ত খ্ৰীষ্টানবৰ্গক; ৰোমান সৈনিকক) চিত্ৰিত কৰে। (পাঁচ. ২:১, ১৪-১৭) [সপ্তাহিক বাইবেল পাঠ; w৯৮ ৫/১ ৯ পৃ. ৯ অনু.]
৩০. মাৰ্ক ১০:২৯, ৩০ পদত যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে, তেওঁৰ অনুগামীসকলে পৃথিৱীৰ যি কোনো স্থানতে নাযাওক কিয়, তেওঁলোকে (অচিনাকী ব্যক্তি; শত্ৰু; সঙ্গী খ্ৰীষ্টানসকলৰ) সৈতে এক নিবিড় সম্বন্ধৰ আনন্দ উপভোগ কৰে; যিটো নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে উপভোগ কৰাতকৈ বহুমূলীয়া। [gt ৯৬ অধ্যায়]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া উক্তিবোৰৰ সৈতে মিলাওক:
ফিলি. ৪:১৩; যোৱে. ২:৩২; পাঁচ. ৫:৩২; যাকো. ৪:১৭; ৰোমী. ১২:২
৩১. আমি নিজৰ মনোবৃত্তিক সংস্কৃতি বা জাগতিক স্তৰসমূহৰ দ্বাৰা প্ৰভাৱিত হʼবলৈ দিয়া উচিত নহয়। [w০০ ১১/১ ২১ পৃ. ৫ অনু.]
৩২. যিহোৱা ঈশ্বৰ সৰ্বশক্তিমান হোৱাৰ বাবে আমাত থকা এটা বেয়া অভ্যাসক আমি ত্যাগ কৰি তেওঁক সন্তুষ্টি কৰিবলৈ আমাক শক্তিশালী কৰি তুলাত তেওঁৰ শক্তি আছে। [kl-AE ১১৯ পৃ. ৪ অনু.]
৩৩. আমাৰ উদ্ধাৰৰ বাবে ঈশ্বৰীয় নাম ধাৰণ কৰা ব্যক্তিজনৰ সৈতে পৰিচিত হোৱা, তেওঁক সন্মান কৰা আৰু তেওঁত সম্পূৰ্ণৰূপে ভাৰসা কৰা আৱশ্যক। [সপ্তাহিক বাইবেল পাঠ; w৮৯ ৩/১৫ ৩০ পৃ. বক্সত চাওক।]
৩৪. তেওঁক প্ৰাৰ্থনা আৰু বিশ্বাসী সেৱকৰূপে তেওঁৰ আজ্ঞাসমূহ পালন কৰা সকলক যিহোৱাই নিজৰ পবিত্ৰ আত্মা প্ৰদান কৰে। [kl-AE ১৭৯ পৃ. ১৯ অনু.]
৩৫. ঈশ্বৰৰ জ্ঞানে আমাক যিহোৱাৰ প্ৰতি দায়িত্ববোধ কৰায়। [kl-AE ১৮২ পৃ. ৪ অনু.]