ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০২ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০২ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ডিচেম্বৰ আৰু জানুৱাৰী: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। যদি মণ্ডলীত এই বিকল্প সাহিত্যবোৰ নাই তেন্তে ওচৰত থকা আন মণ্ডলীত অধিকমাত্ৰত থাকিলে অনুগ্ৰহ কৰি আপোনালোকে সেই মণ্ডলীৰ পৰা সাহিত্যবোৰ বিচাৰিব পাৰে। ফেব্ৰুৱাৰী: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। তদুপৰি যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহ দিব পাৰে, সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰেনে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন বিতৰণ কৰি গৃহস্থৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে প্ৰচেষ্টা কৰক।

▪ ২০০৪ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্ব ৪ এপ্ৰিল, দেওবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত উদযাপন কৰা হʼব। এই জাননী আগতীয়াকৈ এইবাবে দিয়া হৈছে, সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে যাতে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। যিবোৰ সভাগৃহত স্মৰণীয় পৰ্ব পালন কৰিবলৈ আয়োজন কৰা হয়, তাৰ প্ৰশাসন সমিতিৰ সৈতে প্ৰাচীনসকলে চুক্তিনামা কৰা উচিত যে, স্মৰণীয় পৰ্ব উদযাপন কৰাৰ সময়ছোৱাত সভাগৃহৰ চৌহদত কোনো প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি বা আন আন কাৰ্য্যক্ৰম পতা নহয়, যাতে এই স্মৰণীয় পৰ্বক সুশৃংখলাবদ্ধ আৰু শান্তিৰে পালন কৰিব পাৰি। তদুপৰি এই পৰ্ব বিশেষ আৰু গুৰুত্বপূৰ্ণ হোৱাৰ বাবে প্ৰাচীনগোষ্ঠীয়ে সাধাৰণভাৱে প্ৰত্যেক বছৰে পাল পৰা এজন ভাইক বাচনি কৰাৰ পৰিৱৰ্তে এজন উপযুক্ত প্ৰাচীনক স্মৰণীয় পৰ্বৰ ভাষণ দিবলৈ নিযুক্ত কৰা উচিত। যদি মণ্ডলীত কোনো অভিষিক্ত ভাই আছে আৰু ভাষণ দিবলৈ সক্ষম, তেনেহʼলে এই ভাষণ দিবলৈ তেওঁকে বাছনি কৰা আৱশ্যক।

▪ পৰিব্ৰাজক অধ্যক্ষই মণ্ডলীক সাক্ষাৎ কৰা সময়ছোৱাত পৰিচালিত কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ সময় সাল-সলনি কৰা হৈছে। জানুৱাৰী ২০০৩ চনৰ পৰা আৰম্ভণি গীত আৰু প্ৰাৰ্থনাৰ পিছত প্ৰায় ২৫ মিনিট সময় স্কুল পৰিচালনা কৰা হʼব। বক্তৃতাৰ বৈশিষ্ট্যতাৰ ওপৰত দিয়া ভাষণৰ সময় হৈছে ৫ মিনিট, উপদেশমূলক ভাষণৰ সময় হৈছে ১০ মিনিট আৰু বাইবেল পাঠৰ আলোকপাতৰ সময় হৈছে ১০ মিনিট। সেই সময়ত ২, ৩ আৰু ৪ নং ভাষণ প্ৰস্তুত কৰা নহʼব। স্কুলৰ পিছত আধা ঘন্টাৰ বাবে সেৱা সভা পৰিচালনা কৰা হʼব। সেৱা সভাৰ সমাপ্তিৰ গীত গোৱাৰ পিছত আধা ঘন্টা সময় পৰিব্ৰাজক অধ্যক্ষই নিজৰ ভাগটো পৰিচালনা আৰু গীত আৰু প্ৰাৰ্থনা দ্বাৰা সমাপ্তি কৰিব।

▪ নতুন প্ৰকাশন উপলব্ধ:

পৰিয়ালৰ সুখৰ ৰহস্য ​—⁠নেপালী

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠গুজৰাটী

বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) ​—⁠গুজৰাটী, তামিল

আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে​—⁠নাইবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত? (ট্ৰেক্ট নং ৭১) ​—⁠হিন্দী, উৰ্দু

এক মহান নাম (ট্ৰেক্ট নং ৭২) ​—⁠হিন্দী

যিহোৱাৰ সাক্ষীসকল কোন হয়? (ট্ৰেক্ট নং ৭৩) ​—⁠হিন্দী

দোজখ​—⁠আল্লাৰ বিচাৰৰ ভাগ হয়নে? (ট্ৰেক্ট নং ৭৪) ​—⁠হিন্দী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক