ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৩ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মাৰ্চ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৩ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

মাৰ্চ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু মাৰ্চ ২২ সচেতন! আলোচনী দিব পাৰে। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰে তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক।

১৫ মি: বাৰ্ষিক পুস্তক ২০০৩ চন, নামৰ পুস্তকখনৰ পৰা লাভবান হোৱা। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া “প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি” নামৰ অতিৰিক্ত অন্তপত্ৰখনৰ মুখ্য বিষয়বোৰক আলোচনা কৰক। কিছুমান উৎসাহিত আৰু বিশ্বাস দৃঢ় কৰা অনুভৱ আৰু ৰিপৰ্টৰ বিষয়ে কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক। বিশ্বজুৰি ৰিপৰ্টখনত দিয়া মুখ্য বিষয়বোৰক উল্লেখ কৰক। সকলো পৰিয়ালক বছৰটোত গোটেই কিতাপখন পঢ়িবলৈ উৎসাহিত কৰক। আমি নতুন আগ্ৰহী ব্যক্তিসকলক যিহোৱাৰ সংগঠনলৈ আহিবলৈ আৰু সভাত উপস্থিত হʼবলৈ কেনেকৈ এই বাৰ্ষিক পুস্তকখন ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কিছুমান ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰক।

২০ মি: “উত্তমতালৈ উৎসাহী হোৱা!”a (১-১২ অনুচ্ছেদ) ৬ অনুচ্ছেদটোক চমুকৈ আলোচনা কৰাৰ পিছত এজন প্ৰকাশকে ছপা কৰা আমন্ত্ৰণী পত্ৰখন ব্যৱহাৰ কৰি এজন আত্মীয় ব্যক্তি, চুবুৰীয়া, সহপাঠী বা সহকৰ্ম্মীক স্মৰণীয় পৰ্ব্বলৈ কেনেকৈ আমন্ত্ৰণ কৰিব পাৰে তাক প্ৰদৰ্শন কৰি দেখুৱাউক। যদি আমন্ত্ৰণী পত্ৰবোৰ তেতিয়ালৈকে বিতৰণ কৰা নাই, তেন্তে সভা শেষ হোৱাৰ পিছত সেইবোৰ বিতৰণ কৰক।

গীত ১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩৪

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: বুদ্ধিমানৰূপে আপোনাৰ সঙ্গী বাছনি কৰক। এজন প্ৰাচীনে ফেব্ৰুৱাৰী ২২, ১৯৯৭, সচেতন!, ১৩ পৃষ্ঠা আৰু ৰীজনিং কিতাপৰ ১৮৯ পৃষ্ঠাৰ “বেয়া সঙ্গী” নামৰ শিৰোনামাৰ অন্তৰ্গত দিয়া বিষয়বস্তুক ভাষণৰূপে প্ৰস্তুত কৰে। সেই সিদ্ধান্ত কেনেকৈ কমবয়সীয়া আৰু বয়সস্থ উভয়তে প্ৰযোজ্য হয় তাক বৰ্ণনা কৰি কওক। যিহোৱাক প্ৰেম আৰু তেওঁৰ সিদ্ধান্তসমূহক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰা সঙ্গীক বাছনি কৰাটো কিয় লাভদায়ক, এই বিষয়ে কিছুমান মুখ্য বিষয় দাঙি ধৰক।

২০ মি: “উত্তমতালৈ উৎসাহী হোৱা!”b (১৩-২৬ অনুচ্ছেদ) এই ভাগটো পৰিচালক অধ্যক্ষই পৰিচালিত কৰে। যেতিয়া ১৪ অনুচ্ছেদ বিবেচনা কৰা হয় তেতিয়া চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক। সেই উপস্থাপন এজন প্ৰাচীনে শাৰীৰিকভাৱে অসুস্থ হোৱা ভাইক সাক্ষাৎ কৰি স্মৰণীয় পৰ্ব্বৰ সময়ছোৱাত কেনেকৈ মণ্ডলীৰ সৈতে প্ৰচাৰ কাৰ্য্যক বিস্তাৰিত কৰাত ভাগ লʼব পাৰে তাৰ বিষয়ে প্ৰেমেৰে বুজাই আৰু উৎসাহিত কৰে।

গীত ৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭২

১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ মাৰ্চ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো উপস্থাপন ব্যৱহাৰ কৰক) আৰু এপ্ৰিল ৮ সচেতন! আলোচনী দিব পাৰে।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২০ মি: যিহোৱাৰ সাক্ষীসকল হৈছে সমাজৰ বাবে এক লাভদায়ক সম্প্ৰদায়। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। কোনো কোনো সময়ত আমাৰ পৰিচৰ্য্যা আৰু আৰ্হিয়ে কেনেকৈ সমাজৰ লাভদায়ক হয় এই বিষয়ে কʼবলৈ সুযোগ পাওঁ। গতিকে শ্ৰোতাসকলক তলত উল্লেখ কৰা বিষয়বোৰৰ ওপৰত মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক: (১) আমি লোকসকলক বাইবেলৰ নৈতিক স্তৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আগ্ৰহ কৰোঁ। (২) সাধুতা বজাই ৰাখিবলৈ আৰু অধিকাৰীসকলক সন্মান কৰাৰ সম্পৰ্কে শিক্ষা দিওঁ। (৩) বিভিন্ন জাতি, নাগৰিকত্ব আৰু সমাজে মিলি থাকিবলৈ শিক্ষা প্ৰদান কৰোঁ। (৪) বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসাৰে চলি পৰিয়াল জীৱনত উন্নত কৰিবলৈ তেওঁলোকক সহায় কৰোঁ। (৫) আমি হাজাৰ হাজাৰ জনক পঢ়িবলৈ আৰু লিখিবলৈ শিকালোঁ। (৬) বিপদগ্ৰস্তৰ সময়ত আমি আনক সহায় কৰিবলৈ নিজেই আগবাঢ়ি যাওঁ। (৭) সকলোৱে ধৰ্ম্মীয় স্বাধীনতা লাভ কৰিবলৈ আমি মুখ্য ভূমিকা বহন কৰিলোঁ।​—⁠প্ৰক্লেইমাৰ কিতাপখনৰ ৬৯৯ পৃষ্ঠাত চাওক।

গীত ১২১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৩০

১২ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক তেওঁলোকৰ মাৰ্চ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। এপ্ৰিল মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰক। “বাইবেল অধ্যয়নৰ বাবে ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন ব্যৱহাৰ কৰক,” নামৰ প্ৰবন্ধটোৰ পৰা আলোচনা কৰক। “স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী” প্ৰবন্ধটোত দিয়া মুখ্য বিষয়বোৰক আলোচনা কৰক।

১৩ মি: স্থানীয় অভিজ্ঞতাসমূহ। মাৰ্চ মাহত প্ৰচাৰ কাৰ্য্যক বিস্তাৰিত কৰিবলৈ কৰা প্ৰচেষ্টাত মণ্ডলীয়ে কেনে অভিজ্ঞতাসমূহ লাভ কৰিলে তাৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক। তেওঁলোকে কৰা প্ৰচেষ্টাৰ প্ৰতি শলাগ লওক আৰু যদি তেওঁলোকৰ পৰিস্থিতিয়ে অনুমতি দিয়ে তেনেহʼলে এপ্ৰিল মাহতো তেনেদৰে কৰিবলৈ উৎসাহিত কৰক।

২০ মি: “যিহোৱা অতিশয় প্ৰশংসাৰ যোগ্য।”c স্মৰণীয় পৰ্ব্বৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰক। উপস্থিত হোৱা আনসকলক কেনেকৈ সকলোৱে সহায় কৰিব পাৰি তাৰ বিষয়ে বৰ্ণনা কৰক। নিষ্ক্ৰিয় হৈ পৰা সকলৰ আগ্ৰহকতা জগাই তুলিবলৈ কি কৰিব পাৰি এই বিষয়ে বিতংকৈ কওক। যোৱা বছৰত অনুভৱ কৰা উৎসাহিতজনক অভিজ্ঞতাৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।

গীত ১৭৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৯১

১০ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: শাস্ত্ৰৰ পৰা কেনেকৈ যুক্তি দাঙি ধৰিব, এই বিষয়ে শ্ৰোতাসকলৰ সৈতে আলোচনা। প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা লোকসকলৰ সম্মুখত কাৰ্য্যকাৰীৰূপে যুক্তি দাঙি ধৰাত কেনেকৈ উন্নতি কৰিব পাৰে? (১) নিয়মিত ব্যক্তিগত অধ্যয়ন আৰু সভাত উপস্থিত হৈ উত্তমৰূপে শাস্ত্ৰীয় জ্ঞান আহৰণ কৰক। (২) সত্যতাক বিভিন্ন দৃষ্টিভঙ্গীৰে অন্বেষণ কৰা বিষয়ে যি শিকিছে, তাৰ ওপৰত ধ্যান কৰক। (৩) তেওঁলোকক কেৱল শাস্ত্ৰীয় বৰ্ণনা দিব এনে নহয় কিন্তু শাস্ত্ৰীয় যুক্তি দাঙি ধৰিবলৈও চেষ্টা কৰক। (৪) আপুনি ভিন্ন লোকক কেনেকৈ শাস্ত্ৰৰ পৰা বৰ্ণনা কৰিব, এই বিষয়ে বিবেচনা কৰক। (৫) আপুনি কেনেকৈ কোনো এটা বিষয়ক বুজাব পাৰে এই বিষয়ে চিন্তা কৰক।

২০ মি: “সত্যই আমাক কেনেকৈ মুক্তি প্ৰদান কৰে।”d অক্টোবৰ ১, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ৬ পৃষ্ঠাৰ বক্সটোত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক। ঈশ্বৰৰ বাক্যত পোৱা সত্যতাই কেনেকৈ স্বাধীনতা প্ৰদান কৰিলে এই বিষয়ে শ্ৰোতাসকলক মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক।

গীত ২১৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক