ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ এপ্ৰিল ২৮ তাৰিখৰ পৰা আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৩ চনৰ মাৰ্চ ৩ তাৰিখৰ পৰা লৈ এপ্ৰিল ২৮ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. কোনবোৰ কাৰণে বাকপটুতা হ্ৰাস কৰে? [be ৯৩ পৃ.; ht-AE ৪৬ পৃ. ২ অনু.]
২. শুদ্ধ বা অশুদ্ধ: বিৰতি লোৱাটো উচিত নহয়, কিয়নো বিৰতিয়ে লোকসকলৰ মন বিভ্ৰান্ত কৰে আৰু ব্যাঘাত জন্মায়। বৰ্ণনা কৰক।
৩. এজন বক্তা বা ৰাইজৰ আগত পাঠ কৰা ব্যক্তিজনৰ বাবে সঠিক ভাৱধাৰাত জোৰ দিয়াটো কিমান গুৰুত্বপূৰ্ণ? (নহি. ৮:৮) [be ১০১ পৃ.; ht-AE ৬২-৩ পৃ. ১-৫ অনু.]
৪. কেনেকৈ এজন বক্তাই সঠিক ভাৱধাৰাত জোৰ দিয়াত উন্নতি কৰিব পাৰে? [be ১০২-৩ পৃ.; ht-AE ৬৩ পৃ. ৬, ৭, ৯ অনু.]
৫. যেতিয়া মণ্ডলীৰ সভা বা পুস্তক অধ্যয়নত কোনো আলোচনীৰ পৰা পাঠ কৰা হয় তেতিয়া কেনে মুখ্য ভাৱধাৰাক জোৰ দি উচ্চাৰণ কৰা উচিত? [be ১০৫ পৃ.]
ভাষণ নং ১
৬. লʼৰা-ছোৱালীবিলাকে খ্ৰীষ্টান সভাবোৰত উপস্থিত হৈ “মনোযোগেৰে শুনি শিকিবলৈ” পিতৃ-মাতৃয়ে কেনে প্ৰশিক্ষণ দিব পাৰে? (দ্বিতী. ৩১:১২) [be ১৬ পৃ.]
৭. আধ্যাত্মিক পৰমদেশ কি? [w০১ ৩/১ ৮-১০ পৃ.]
৮. হিতোপদেশ ৮:১-৩ পদত কেনেকৈ প্ৰকাশ কৰিছে যে সকলোলৈ ঈশ্বৰৰ জ্ঞান উপলব্ধ আছে আৰু কলচীয়া ২:৩ পদৰ অনুসাৰে সেই জ্ঞান কʼত পাব পাৰি? [w০১ ৩/১৫ ২৫, ২৮ পৃ.]
৯. কেনেকৈ আমি ঈশ্বৰৰ নাম প্ৰকাশ কৰিব পাৰোঁ? (যোহ. ১৭:৬) [be ২৭৩-৫ পৃ.]
১০. লোকসকলে ‘ৰাজ্যৰ এই শুভবাৰ্ত্তাৰ’ সৈতে জড়িত থকা কেনে গুৰুত্বপূৰ্ণ বিৱৰণৰ বিষয়ে জনা আৱশ্যক? (মথি ২৪:১৪) [be ২৭৯-৮০ পৃ.]
সপ্তাহিক বাইবেল পাঠ
১১. (ক) প্ৰাচীন সময়ত মাৰ্ক ১৩:১৪ পদত উল্লেখ কৰা অনুসাৰে ‘ঘিণ লগা বস্তু’ কি আছিল? (খ) ‘থাকিব নলগীয়া ঠাই’ কিহক চিহ্নিত কৰিছে?
১২. লূকে লিখা শুভবাৰ্ত্তাৰ কিতাপে যীচু যে দায়ূদৰ ৰাজসিংহাখনৰ উত্তৰাধিকাৰী বুলি কেনেকৈ প্ৰমাণ কৰিছে? (লূক ৩:২৩-৩৮) [w৯২ ১০/১ ৯ পৃ. ৩ অনু.]
১৩. লূক ১২:২ পদত উল্লেখ কৰা যীচুৰ বাক্যশাৰীৰ অৰ্থ কি আছিল?
১৪. যীচুৱে দাঙি ধৰা আধলি হেৰুৱা দৃষ্টান্তটোত ঈশ্বৰৰ দূতবিলাকৰ প্ৰতিক্ৰিয়া কিয় লক্ষ্য কৰিবলগীয়া? (লূক ১৫:১০) তেওঁলোকৰ আৰ্হিৰ পৰা আমি কি শিকা উচিত?
১৫. লূক ২২:২৯ পদত কেনে দুটা গুৰুত্বপূৰ্ণ চুক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে?