ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৩ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৩ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। এপ্ৰিল: প্ৰহৰীবুৰুজ আৰু সচেতন! যেতিয়া স্মৰণীয় পৰ্ব্বত আৰু/বা মণ্ডলীৰ আন আধ্যাত্মিক কাৰ্য্যবোৰত জড়িত হʼবলৈ আমন্ত্ৰণৰ বাবে উপযুক্ত লোকসকলক পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া প্ৰকাশকসকলে তেনে আগ্ৰহী ব্যক্তিসকলক একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। যদি আগ্ৰহী ব্যক্তিসকলে ইতিমধ্যেই বিচাৰে ব্ৰচাৰখন আৰু জ্ঞান কিতাপৰ পৰা এসময়ত অধ্যয়ন কৰিছিল, তেওঁলোকৰ সৈতে পুনৰাই গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সকলো চেষ্টা কৰক। মে’: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা বিকল্পৰূপে আপুনি বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে, এই কিতাপবোৰ বিতৰণ কৰিব পাৰে। যদি মণ্ডলীত এই কিতাপবোৰ উপলব্ধ নাই আৰু ওচৰৰ কোনো মণ্ডলীত এই কিতাপবোৰ যথেষ্টমাত্ৰাত আছে, তেনেহʼলে তেওঁলোকৰ পৰা বিচাৰি সেইবোৰৰ ব্যৱহাৰ কৰিব পাৰে। জুন: জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যদি গৃহস্থৰ ওচৰত ইতিমধ্যেই এই প্ৰকাশনবোৰ আছে তেন্তে মণ্ডলীত উপলব্ধ থকা যি কোনো উপযুক্ত আলোচনী দিব পাৰে। জুলাই আৰু আগষ্ট: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়।

▪ শাখা কাৰ্য্যালয়ৰ বাবে সকলো মণ্ডলীৰ পৰিচালক অধ্যক্ষ আৰু চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু টেলিফোন নম্বৰৰ সঠিক ৰেকৰ্ড বজাই ৰখাটো আৱশ্যক। যদি কোনো সময়ত ঠিকনা বা টেলিফোন নম্বৰৰ সলনি হৈছে, তেনেহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে সম্পূৰ্ণকৈ চহী কৰি প্ৰিজাইডিং ওভাৰচিয়াৰ/চেক্ৰেটাৰীৰ ঠিকনা সলনি নামৰ (S-29) ফৰ্মখন কোনো পলম নকৰাকৈ পঠোৱা আৱশ্যক। তদুপৰি ফৰ্মখনত যদি কোনো STD কড্‌ নম্বৰ সলনি হৈছে, তেনেহʼলে তাকো উল্লেখ কৰা আৱশ্যক।

▪ মণ্ডলীৰ চেক্ৰেটাৰীৰ হাতত যথেষ্টমাত্ৰাত নিয়মিত অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205b) থকা আৱশ্যক। এই আৱেদন পত্ৰবোৰ সাহিত্য অনুৰোধ ফৰ্ম (S-14) দ্বাৰা নিৱেদন কৰিব পাৰে। অন্ততঃ এবছৰজুৰাকৈ এই ফৰ্মসমূহ উপলব্ধ থকা আৱশ্যক। নিয়মিত অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰখন বিতংকৈ নিৰীক্ষণ কৰি সেইবোৰ ভালকৈ ভৰ্ত্তি কৰা হৈছে নে নাই তাক চাওক। যদি আৱেদনকাৰীৰ নিজৰ সঠিক বাপ্তিষ্মাৰ তাৰিখৰ বিষয়ে মনত নাই, তেনেহʼলে এটা তাৰিখ নিৰ্দ্ধাৰণ কৰি তাক ফৰ্মখনত ভৰ্ত্তি কৰাৰ উপৰিও ৰেকৰ্ডত ৰাখা আৱশ্যক।

▪ যেতিয়া আপুনি কোনো বিদেশত ভ্ৰমণ কৰিবলৈ আঁচনি বনায় তেতিয়া সেই দেশত থকা মণ্ডলীৰ সভা, সন্মিলন বা জিলা অধিবেশনৰ তাৰিখ, সময় আৰু স্থানৰ বিষয়ে জানিবলৈ অৱশ্যেই সেই দেশত থকা শাখা কাৰ্য্যালয়ত যোগ-যোগ কৰা আৱশ্যক। শাখা কাৰ্য্যালয়বোৰৰ ঠিকনাসমূহ বাৰ্ষিক পুস্তকʼৰ শেষ পৃষ্ঠাত দিয়া হৈছে।

▪ প্ৰত্যেক মণ্ডলীলৈ ফ্ৰেব্ৰুৱাৰীৰ মাহেকীয়া স্টেটমেন্টৰ সৈতে বছেৰেকীয়া সাহিত্যসমূহৰ বাবে বিশেষ অনুৰোধ পত্ৰসমূহ পঠোৱা হৈছিল। যি মণ্ডলীসমূহে এতিয়ালৈকে ২০০৩ চনৰ অধিৱেশনৰ বেজ কাৰ্ড আৰু ২০০৪ চনৰ বছেৰেকীয়া আন সাহিত্যসমূহৰ বাবে বিশেষ অনুৰোধ পঠোৱা নাই তেওঁলোকে কোনো পলম নকৰি তেওঁলোকৰ আৱেদন পঠোৱা উচিত।

▪ সাহিত্য পত্ৰসমূহৰ বছেৰেকীয়া কেলেণ্ডাৰৰ অনুসাৰে আহিবলগীয়া সেৱাবছৰৰ বাবে সাহিত্য অনুৰোধ ফৰ্মখনত (S-14) যিমানবোৰ সাহিত্য অনুৰোধ ফৰ্মবোৰ অন্তৰ্ভূক্ত কৰা হৈছে, সেইবোৰক নিৱেদন কৰা এপ্ৰিল মাহটো হৈছে উপযুক্ত। গতিকে অনুগ্ৰহ কৰি এপ্ৰিল মাহৰ মাহেকীয়া সাহিত্যৰ সৈতে অন্ততঃ এবছৰৰ বাবে এই আৱেদন পত্ৰসমূহ যি সাহিত্য অনুৰোধ ফৰ্মখনত অন্তৰ্ভূক্ত আছে, তাক নিৱেদন কৰক। অনুগ্ৰহ কৰি আৱেদন পত্ৰসমূহ পাবলৈ পৃথকে কোনো পত্ৰ লিখি বা সাহিত্য অনুৰোধ ফৰ্মখন নপঠিয়াই যেন। তাৰ পৰিৱৰ্তে আপুনি সাহিত্য অনুৰোধ ফৰ্মখনৰ সৈতে পঠাওক। অনুগ্ৰহ কৰি ৱাচ টাৱৰ লিট্ৰেচ্যাৰ ৰিকোৱেষ্ট গাইড, ভাগ ৪, পৃষ্ঠা ১ চাওক।

▪ নতুন প্ৰকাশনসমূহ উপলব্ধ:

কথোপকথন আৰু শিক্ষা দিয়া আপোনাৰ দক্ষতাক কেনেকৈ উন্নত কৰিব ​—⁠অসমীয়া, মিজো

এই জগতখনৰ উদ্ধাৰ হʼবনে?(ট্ৰেক্ট নং. ১৯) ​—⁠মণিপুৰী

বাস্তৱতে কোনে জগতখন শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) ​—⁠মণিপুৰী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক