পৰিচৰ্য্যা সভাৰ তালিকা
মে’ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ মে’ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু মে’ ২২ সচেতন! বিতৰণ কৰিব পাৰে সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত গৃহস্থক একেলগে দুয়োখন আলোচনী দিয়ক আৰু দান-বৰঙণিৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰক।
২০ মি: পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীক উন্নতি কৰাত সহায় কৰক। পৰিচৰ্য্যা স্কুল কিতাপৰ ৯-১২ আৰু ২১-৩৮ পৃষ্ঠাত দিয়া পৰামৰ্শক আলোকপাত কৰি এটা ভাষণৰূপে প্ৰস্তুত কৰক। পিতৃ-মাতৃসকলক ইয়াত উল্লেখ কৰা কিছুমান বিষয়ে তেওঁলোকৰ পৰিয়াল অধ্যয়নত ব্যৱহাৰ আৰু লʼৰা-ছোৱালীক পৰিচৰ্য্যাত উন্নতি কৰাবলৈ লক্ষ্য ৰাখি প্ৰশিক্ষণ দিবলৈ উৎসাহিত কৰক। এনে কিছুমান বিশেষ বিষয় উল্লেখ কৰক যিবোৰে লʼৰা-ছোৱালীক তেওঁলোকৰ নিপুণতাক উন্নত কৰিবলৈ সহায় কৰিব পাৰে।
১৫ মি: “শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিয়া হৈছে।”a ব্যক্তিগত পৰিস্থিতিত সাল-সলনি কৰি কেনেকৈ প্ৰচাৰ কাৰ্য্যত অধিক সময় ব্যয় কৰিব পাৰিছে এই বিষয়ে বৰ্ণনা কৰিবলৈ আগতীয়াকৈ এজন বা দুজন প্ৰকাশকৰ ব্যৱস্থা কৰক।
গীত ৪৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৬২
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “অনিয়মিতৰূপে সাক্ষী দিয়াৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰক।” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। ৩ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত তলত দিয়া পৰিস্থিতিসমূহত কেনেকৈ বাইবেলৰ বিষয়ে আলোচনা আৰম্ভ কৰিব পাৰি, এই বিষয়ে শ্ৰোতাসকলক প্ৰশ্ন সোধক। (১) দোকানত পইচা দিবলৈ লাইনত অপেক্ষা কৰি থকাৰ সময়ত। (২) ৰাজহুৱা পৰিবহনেৰে যাত্ৰা কৰাৰ সময়ত। (৩) আপোনাৰ চুবুৰীয়াই তেওঁৰ ঘৰৰ চোতালত কাম কৰি থকাৰ সময়ত। (৪) আপোনাৰ কৰ্ম্মস্থলত সহকৰ্ম্মীক। (৫) স্কুলত সহপাঠীক। স্থানীয়ভাৱে অনুভৱী হোৱা এজন প্ৰচাৰকে কেনেকৈ সফলতাৰে অনিয়মিতৰূপে সাক্ষী দিলে এই বিষয়ে কʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক।
গীত ১৩৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৪
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৪ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ মে’ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু জুন ৮ সচেতন! বিতৰণ কৰিব পাৰে সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত গৃহস্থক একেলগে দুয়োখন আলোচনী দিয়ক। এটা উপস্থাপনৰ সামৰণিত, যিসকল গৃহস্থই আলোচনী গ্ৰহণ নকৰে তেওঁলোকক বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিয়ক।
১০ মি: প্ৰশ্ন বক্স। এটা ভাষণৰূপে প্ৰস্তুত কৰক। ফেব্ৰুৱাৰী ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৬ পৃষ্ঠাৰ লেখটোৰ ১২-১৫ অনুচ্ছেদত টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কিছুমান পৰামৰ্শক পুনৰাবৃত্তি বা স্থানীয় এলেকাত ব্যৱহাৰিক হোৱা আন পৰামৰ্শক উল্লেখ কৰক।
২৫ মি: “ঈশ্বৰৰ বাক্যৰ সমষ্টি সত্য।”b লেখটোত উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। শ্ৰোতাসকলক কʼবলৈ আমন্ত্ৰণ কৰক যে তেওঁলোকক সত্যতাৰ বিষয়ে শিকাত প্ৰকাশকে বাইবেলৰ পৰা তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দি কেনেকৈ সহায় কৰিছিল। যেতিয়া ৪ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া এজন অনুভৱী প্ৰকাশকৰ দ্বাৰা উপস্থাপন প্ৰস্তুতি কৰি দেখুৱাউক যে প্ৰথম সাক্ষাতত কেনেকৈ বাইবেলখন ব্যৱহাৰ কৰিব পাৰি। এই সম্পৰ্কে “ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত নিপুণ হওক” নামৰ লেখটোত দিয়া কিছুমান পৰামৰ্শ ব্যৱহাৰ কৰক।—km-AE ১২/০১ ১ পৃষ্ঠা, ৩-৪ অনু.
গীত ১৮৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১০
১০ মি: স্থানীয় ঘোষণাসমূহ। জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন বিতৰণৰ সম্পৰ্কে দিয়া পৰামৰ্শবোৰক পুনৰ নিৰীক্ষণ কৰক।
২০ মি: বিবাহ সন্মানীয় হোৱাটো হৈছে এটা ঈশ্বৰীয় আৱশ্যকতা। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। বহুতো দেশত আইনৰ অনুসাৰে বিবাহ নকৰাকৈ দম্পতী হিচাবে জীৱন-যাপন কৰাটো এটা সাধাৰণ বিষয় হৈ পৰিছে। কিছুমানে দাবী কৰে যে এনেদৰে জীৱন-যাপন কৰাটো হৈছে ব্যৱহাৰিক। এই সম্পৰ্কে বাইবেলৰ দৃষ্টিভঙ্গী কি তাৰ আলোকপাত কৰক আৰু জোৰ দি উল্লেখ কৰি কওক যে বিবাহৰ মূল উৎস হৈছে ঈশ্বৰ। (rs ২৪৮ পৃ.) বিবাহ নকৰাকৈ একেলগে জীৱন-যাপন কৰাটো হৈছে এটা ব্যভিচাৰ কাৰ্য্য। (fy ১৭ পৃ.) বহুতে যিয়ে বিশ্বাস নকৰক কিয়, এই সম্পৰ্কে কৰা অধ্যয়নসমূহে দেখুৱাইছে যে বিবাহৰ পূৰ্বেই একেলগে বাস কৰা কাৰ্য্যই এখন সফল বিবাহ গঢ়ি তুলাৰ সম্ভাৱনাক হ্ৰাস কৰে। (g০২ ৩/৮ ২৯ পৃ.; g৯২ ৯/৮ ২৮ পৃ.; g৯১ ৫/৮ ২৮ পৃ.) প্ৰকৃত খ্ৰীষ্টানসকলে যিহোৱাৰ সিদ্ধান্ত অনুসাৰে চলি তেওঁক সন্মান কৰে। তদুপৰি এইদৰে চলি তেওঁলোকে নিজেও লাভৱান হয়।—যিচ. ৪৮:১৭, ১৮.
১৫ মি: আপুনি কেনেকৈ লাভৱান হৈছে? শ্ৰোতাসকলৰ সৈতে আলোচনা। এই ভাগটো স্কুল অধ্যক্ষই পৰিচালনা কৰে। জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰা আমি ঈশ্বৰ শাসিত পৰিচৰ্য্যা স্কুলৰ বাবে এক নতুন পদ্ধতি গ্ৰহণ কৰিলোঁ। চমুকৈ স্কুলৰ কিছুমান বৈশিষ্টতা উল্লেখ কৰক। এতিয়ালৈকে দেখিবলৈ পোৱা কিছুমান সফলতাৰ বিষয়ে আলোকপাত কৰক। বিদ্যাৰ্থীসকলে স্কুলত অধিককৈ ভাগ লৈছেনে? মণ্ডলীৰ সদস্যসকলে স্কুলত অধিককৈ ভাগ লʼবলৈ আগ্ৰহী হৈছেনে? পৰামৰ্শ দিয়াৰ এই নতুন ব্যৱস্থাৰ পৰা বিদ্যাৰ্থীসকলে কেনেকৈ লাভৱান হৈছে? শ্ৰোতাসকলক কʼবলৈ কওক যে এতিয়ালৈকে তেওঁলোকে এই নতুন কাৰ্য্যক্ৰমৰ পৰা কেনেকৈ লাভৱান হৈছে আৰু ভৱিষ্যতে তেওঁলোকক কেনেদৰে সহায় কৰিব বুলি অনুভৱ কৰে।
গীত ২২৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।