ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৩ পৃষ্ঠা ৭
  • শাৰীৰিকভাৱে অক্ষম যদিও সত্যত বিশ্বাসী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শাৰীৰিকভাৱে অক্ষম যদিও সত্যত বিশ্বাসী
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাই আপোনাক শক্তি দিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • এপ্ৰিল মাহ—‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৩ পৃষ্ঠা ৭

শাৰীৰিকভাৱে অক্ষম যদিও সত্যত বিশ্বাসী

১ আপুনি যদিও এজন শাৰীৰিকভাৱে অক্ষম যিহোৱাৰ সাক্ষী ভাই বা ভনী তথাপিও আপুনি ফলদায়ক পৰিচৰ্য্যা কাৰ্য্য কৰিব পাৰে। দৰাচলতে আপোনাৰ পৰিস্থিতিয়ে সাক্ষী দিবলৈ এক বিশেষ সুযোগ দিব আৰু আনক উৎসাহিত কৰিব পাৰে।

২ সাক্ষী দিয়াৰ সুযোগ: শাৰীৰিকভাৱে অক্ষম হোৱা বহুতো ভাই-ভনীয়ে পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণকৈ অংশ গ্ৰহণ কৰিব পাৰিছে। উদাহৰণস্বৰূপে, এগৰাকী ভনীয়ে এটা অস্ত্ৰোপচাৰ কৰাৰ বাবে বাক শক্তি অতিশয়ৰূপে দুৰ্ব্বল হৈ পৰে আৰু সহজে খোজ কাঢ়িব নোৱাৰা হয়। সেই ভনী গৰাকীৰ স্বামীয়ে সঘনাই লোকসকলে অহা যোৱা কৰা ৰাস্তাৰ দাঁতিত গাড়ী ৰখাই থোৱাত ভনী গৰাকীয়ে আলোচনী বিতৰণ কৰিবলৈ সুযোগ পাইছিল। আন এটা উপলক্ষত ভনী গৰাকীয়ে কেৱল দুই ঘন্টাৰ ভিতৰত ৮০ খন আলোচনী বিতৰণ কৰে! আপোনাৰ বিশেষ পৰিস্থিতিয়ে আপোনাক লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ অথবা সহজে যোগাযোগ কৰিব নোৱাৰা লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কʼবলৈ সুযোগ দিব পাৰে। যদি আপুনি তেনে সুযোগ পায়, তেনেহʼলে তাক এটা বিশেষ এলেকা বুলি দৃষ্টি কৰক।

৩ আনে যেতিয়া আপোনাক তেনে পৰিস্থিতিত থকাৰ স্বত্বেও বাইবেলৰ সত্যতাক বিতৰণ কৰিবলৈ কৰা দৃঢ় নিশ্চয়তা আৰু আত্মবিশ্বাস দেখিব তেতিয়া তেওঁলোকেও প্ৰচাৰ কৰা ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আকৰ্ষিত হʼব পাৰে। আপোনাৰ পৰিচৰ্য্যা কাৰ্য্য কিমান যে অধিক কাৰ্য্যকাৰী হʼব পাৰে! তদুপৰি আপুনি যেতিয়া ক্লেশ ভুগি থকা লোকসকলক লগ পাই তেতিয়া আপুনি নিজেই তেনে পৰিস্থিতিৰ অভিজ্ঞতা হোৱাৰ বাবে তেনেলোকক ঈশ্বৰৰ বাক্যৰ পৰা শান্ত্বনা দিব পাৰিব।​—⁠২ কৰি. ১:⁠৪.

৪ আনক দৃঢ় কৰক: লʼৰেল নামৰ এগৰাকী ভনীয়ে ৩৭ বছৰে কৃত্ৰিম হাওঁফাওঁ যন্ত্ৰৰ সহায়েৰে জীৱন কটাবলগীয়া হোৱাৰ স্বত্বেও ১৭ জন ব্যক্তিক বাইবেল সত্যতাৰ যথাৰ্থ জ্ঞান প্ৰদান কৰা উদাহৰণৰ পৰা আপুনি উৎসাহিত নহয়নে? একেইদৰে আপোনাৰ উদাহাৰণেও সঙ্গী ভাই-ভনীসকলক যিহোৱাৰ সেৱাত অধিক পৰিশ্ৰম কৰিবলৈ প্ৰেৰিত কৰিব পাৰে।

৫ আপোনাৰ পৰিস্থিতিয়ে যদিও আপুনি বিচৰাৰ দৰে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ অনুমতি নিদিয়ে তথাপিও আপুনি আনক সহায় কৰিব পাৰে। এজন ভায়ে এইদৰে কৈছিল: “মই জানিব পাৰিলোঁ যে শাৰীৰিকভাৱে অক্ষম হোৱা এজন ব্যক্তিয়েও অধিককৈ আনক সহায় কৰিব পাৰে। মই আৰু মোৰ পত্নীয়ে মণ্ডলীৰ বহুতকে সহায় কৰিব পাৰিছোঁ। কিয়নো আমাৰ পৰিস্থিতিৰ বাবে আমি কʼলৈকো যাব নোৱাৰোঁ, সেয়েহে ভাই-ভনীসকলক সহায় কৰিবলৈ যিকোনো সময়তে উপলব্ধ থাকোঁ।” যিহেতু আপোনাৰ তেনে পৰিস্থিতিৰ বাবে এইটো বুজিব পৰা যায় যে আপুনি উৎসাহিত হোৱাৰ অনুসাৰে পৰিচৰ্য্যা কাৰ্য্যত সদায়ে ভাগ লʼব নোৱাৰিব পাৰে। তথাপিও আপুনি আনৰ পৰা অলপ সহায় লৈ পৰিচৰ্য্যা কাৰ্য্যত সক্ৰিয়ভাৱে অংশ লʼব পাৰিব। যদি আপোনাক কোনো সহায়ৰ আৱশ্যক, তেনেহʼলে মণ্ডলীৰ প্ৰাচীনসকলক কʼবলৈ বা মণ্ডলীৰ আনসকলক এই বিষয়ে সহায় বিচাৰিবলৈ সংকোচবোধ নকৰিব।

৬ আপুনি যিহোৱাক সেৱা কৰিবলৈ কৰা সকলো প্ৰচেষ্টাকে তেওঁ লক্ষ্য কৰে। কিয়নো তেওঁ সম্পূৰ্ণ হৃদয়েৰে কৰা সেৱাত আনন্দিত হয়। (গীত. ১৩৯:⁠১-৪) আপুনি তেওঁত সম্পূৰ্ণ ভাৰসা কৰি তেওঁৰ শক্তিৰ দ্বাৰা বিশ্বাসী আৰু অৰ্থপূৰ্ণৰূপে পৰিচৰ্য্যা কাৰ্য্যত অংশ লʼব পাৰিব।​—⁠২ কৰি. ১২:⁠৭-​১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক