ক্লেশত আনন্দিত হোৱা
১ যীচুৰ শিষ্যবিলাকে যে ক্লেশভোগীব সেই বিষয়ে তেওঁ পূৰ্বেই ভৱিষ্যতবাণী কৰিছিল। (মথি ২৪:৯) আগন্তুক ক্লেশবোৰক আমি কেনেদৰে দৃষ্টি কৰা উচিত? ক্লেশত সহনশীল হʼবলৈ আমাক কিহে সহায় কৰিব? ২০০৪ চনৰ সেৱা বছৰত হোৱা চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰমে সেই প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰিলে। সেই সন্মিলনৰ প্ৰসঙ্গ আছিল, “আশাত আনন্দ কৰা; ক্লেশত সহনীয় হোৱা।”—ৰোমী. ১২:১২.
২ দুটা আলোচনা চক্ৰ: আলোচনা চক্ৰৰ প্ৰথম ভাগৰ বিষয় আছিল, “ধৈৰ্য্যেৰে ফল উৎপন্ন কৰা।” এই ভাষণত বিবেচনা কৰা হʼল যে যিহোৱাৰ উপাসকসকলে আক্ৰমণ, প্ৰাকৃতিক দুৰ্যোগ বা ব্যক্তিগত মৰ্মপীড়া সম্মুখীন হোৱাৰ স্বত্ত্বেও ফল উৎপন্ন কৰিছে। সেই ভাষণত আমি নিজে আৰু আন ভাই-ভনীসকলে সম্মুখীন হোৱা যিকোনো বিপত্তিৰ বাবে আন্তৰিকতাৰে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ আৱশ্যকতাৰ বিষয়ে বুজাই দিয়া হʼল। (১ থিচ. ৫:১৭) কিদৰে সময়ৰ গুৰুত্বতা বুজি প্ৰচাৰ কৰা আৰু শিক্ষা দিয়া কাৰ্য্যত লাগি থকা উচিত, সেই বিষয়ে কেইবাজনো প্ৰকাশকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে। পিতৃ-মাতৃসকলে বিশেষকৈ সেই ভাষণৰ পৰা লাভৱান হʼল, যাৰ বিষয়বস্তু আছিল “যেতিয়া যিহোৱাৰ দ্বাৰা অনুশাসন দিয়া হয়।” সেই ভাষণত আলোচনা কৰা হৈছিল যে কেনেকৈ পিতৃ-মাতৃয়ে নিজৰ সন্তানক বুজাত সহায় কৰিব পাৰে যে তেওঁলোকেও যিহোৱাৰ সম্মুখত লেখা দিব লাগিব। (উপ. ১১:৯) আলোচনা চক্ৰৰ শেষৰ বক্তাজনে আলোকপাত কৰি বুজাই দিলে যে জগতৰ জীৱনধাৰাই আমাৰ আধ্যাত্মিকতাক ক্ৰমান্বয়ে ধ্বংস আৰু ধন-সম্পত্তিয়ে আমাক নিষ্ফল নকৰিবলৈ আমি কি কৰা আৱশ্যক।—মাৰ্ক ৪:১৯; মথি ৬:২২.
৩ দ্বিতীয় আলোচনা চক্ৰৰ বিষয়বস্তু আছিল, “ধৈৰ্য্যেৰে একেৰাহে দৌৰা।” এই ভাষণত বুজাই দিয়া হʼল যে আমাৰ সমৰ্পিত জীৱনধাৰা পথত দৌৰাতো কেনেকৈ সকলো দৌৰতকৈ শ্ৰেষ্ঠ। কিয়নো আমি অনন্ত জীৱনৰ পথত দৌৰিছোঁ। আমি কিয় বিধিমতে যত্নেৰে দৌৰা আৱশ্যক? (২ তীম. ১:১৩; ২ কৰি. ১৩:৫) জীৱনৰ পথত সফলতাৰে দৌৰিবলৈ আমি কেনেকৈ আমাৰ সকলো ক্লান্তদায়ক ভাৰ পেলাই দিব পাৰোঁ? (লূক ১২:১৬-২১; ১০:৪০-৪২; ২ কৰি. ৬:১৪, ১৫) সাময়িকভাৱে দিয়া শাস্ত্ৰীয় পৰামৰ্শই আমাৰ সকলোকে ধৈৰ্য্যেৰে একেৰাহে দৌৰাত সহায় কৰিব।—ইব্ৰী ১২:১-২৯.
৪ সহনশীলতাই ঈশ্বৰৰ অনুমোদন কঢ়িয়াই আনে: চাৰ্কিট ওভাৰচিয়াৰে দিয়া এই ভাষণটোৱে আমাৰ সকলোৰে বিশ্বাস দৃঢ় কৰি তুলিলে। এজন জিলা অধ্যক্ষই দিয়া ভাষণৰ বিষয়বস্তু আছিল, “ধৈৰ্য্যই অনুমোদনপ্ৰাপ্ত অৱস্থালৈ পৰিচালিত কৰে।” এই ভাষণত বুজাই দিয়া হৈছিল যে সহনশীলতাই কেনেকৈ আমাক আধ্যাত্মিক লোক হিচাবে ‘সকলোতে সিদ্ধ আৰু সম্পূৰ্ণ হোৱালৈ’ পৰিচালিত কৰে। (যাকো. ১:৩) যিহোৱা ঈশ্বৰে নিজৰ বিশ্বব্যাপী সাৰ্ব্বভৌমত্বৰ বিৰোধকাৰীসকলৰ বিৰোধীতাত দীৰ্ঘসময়ে ধৈৰ্য্য ধৰি সহনশীলতাৰ এক অত্যত্তুম আৰ্হি প্ৰস্তুত কৰিলে। ৰাজহুৱা ভাষণত এই প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল: জাতিবিলাকে কাৰ নামত আশা কৰিব পাৰে আৰু তাত কি সন্মিলিত আছে। সমাপ্তিৰ ভাষণৰ বিষয়বস্তু আছিল, “ধৈৰ্য্যেৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।” এই ভাষণত আলোচনা কৰা হৈছিল যে যীচু খ্ৰীষ্টই কেনেকৈ বিৰক্তি নোহোৱাকৈ অন্যায়পূৰ্ণ অৱস্থাত ধৈৰ্য্য ধৰিলে।—১ পিত. ২:২১-২৩.
৫ যিহোৱা ঈশ্বৰে স্বয়ং আমাৰ বাবে এই আধ্যাত্মিক ভোজৰ আয়োজন কৰিলে। এতেকে আঁহক আমি সকলোৱে সন্মিলনৰ কাৰ্য্যক্ৰমৰ যোগেদি প্ৰদান কৰা সকলো উত্তম পৰামৰ্শক পালন কৰি উৎসাহিত আৰু লাভৱান হওঁহঁক।