ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৩ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৩ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। আগষ্ট: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। যʼত উপযুক্ত সেই ঠাইবোৰত হয়তো এই ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে, সকলো মানুহৰ বাবে এখন কিতাপ, এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি, আমাৰ সমস্যাবোৰক সমাধান কৰাত কোনে সহায় কৰিব? মৃতবিলাকৰ আত্মাই আমাক কোনো সহায় কৰেনে নতুবা হানি কৰে? বাস্তৱতে সেইবোৰ অস্তিত্বত আছেনে? আৰু এক যুদ্ধবিহীন সংসাৰ সম্ভৱ নে? ছেপ্টেম্বৰ: “তোমাৰ ৰাজ্য হওক” বা এই জীৱনকালেই সকলো নে? অথবা ১৯৮৮ চনত ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো সৰু কিতাপ যিবোৰৰ কাগজ হালধীয়া পৰিছে নতুবা বিবৰ্ণ হৈছে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। যʼত লোকসকলে আগ্ৰহকতা দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। নবেম্বৰ: জ্ঞান কিতাপ আৰু বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যিসকল গৃহস্থক এই প্ৰকাশনসমূহ ইতিমধ্যেই দিয়া হৈছে তেওঁলোকক ঈশ্বৰক উপাসনা নামৰ কিতপ অথবা কোনো পুৰণি প্ৰকাশন আগবঢ়াব পাৰে।

▪ ২০০৩ চনৰ অক্টোবৰ মাহৰ ২০ তাৰিখৰ আৰম্ভণিৰ পৰা একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন মণ্ডলীৰ পুস্তক অধ্যয়নত ব্যৱহাৰ কৰা হʼব।

▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ ২০০৩ চনৰ আগষ্ট ৩১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হাতত থকা সকলোবোৰ সাহিত্য আৰু আলোচনীসমূহৰ হিচাপ-নিকাচ শেষ কৰি বছেৰেকীয়া তালিকাত লিপিবদ্ধ কৰা আৱশ্যক। এই তালিকাখন একেই দৰে প্ৰস্তুত কৰা হয়, যিদৰে সাহিত্য কৰডিনেটৰে সাহিত্যসমূহৰ মাহেকীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পাছত সকলোবোৰ সাহিত্যৰ হিচাপ-নিকাচ মুঠ সংখ্যা (S-18) ফৰ্মখনত ভৰ্ত্তি কৰা আৱশ্যক। প্ৰত্যেকখন মণ্ডলীত আলোচনী চোৱা-চিতা কৰা ভাইসকলৰ পৰা তেওঁলোকৰ হাতত থকা আলোচনীসমূহৰ মুঠ সংখ্যা সংগ্ৰহ কৰিব পাৰে। প্ৰত্যেকখন কৰডিনেটিং মণ্ডলীয়ে তিনিখনকৈ সাহিত্য ইনভেনট্ৰী ফৰ্ম (S-18) পাব। অনুগ্ৰহ কৰি ছেপ্টেম্বৰ ৬ তাৰিখৰ আগতেই মূল কপিখন শাখা কাৰ্য্যালয়লৈ প্ৰেৰণ কৰক। দ্বিতীয়খন অৰ্থাৎ কাৰ্বন কপিখন আপোনাৰ ফাইলত সংৰক্ষণ কৰি ৰাখক। তৃতীয়খনক আপুনি প্ৰাথমিকভাৱে কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে। এই ইনভেনট্ৰী ফৰ্মখনক কৰডিনেটিং মণ্ডলীৰ চেক্ৰেটাৰীয়ে নিৰীক্ষণ কৰা উচিত। তাৰ পাছত এই ফৰ্মখনত তেওঁ আৰু কৰডিনেটিং মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰে চহী কৰা আৱশ্যক।

▪ ২০০৩ চনৰ আগষ্ট মাহৰ ২৯ তাৰিখে বাঙ্গালোৰ বেথেলত থকা প্ৰকাশনসমূহৰ হিচাপ তালিকা বনোৱা হʼব। সেইবাবে সেই সময়ছোৱাত মণ্ডলীবোৰে আৱেদন কৰি পঠোৱা কোনো প্ৰকাশন মণ্ডলীলৈ পঠোৱা নহʼব।

▪ মালায়ালম ভাষাত আমাৰ পৰিচৰ্য্যা সম্পন্ন কৰিবৰ বাবে সংগঠিত নামৰ কিতাপখন সংশোধন কৰি ছপা কৰা হৈছে। মণ্ডলীয়ে তেওঁলোকৰ পৰৱৰ্তী সাহিত্য আৱেদন পত্ৰৰ যোগেদি এই কিতাপখনৰ বাবে আৱেদন কৰিব পাৰে।

▪ নতুন প্ৰকাশন উপলব্ধ:

পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং ২১) ​—⁠ মিজো

যীচু খ্ৰীষ্ট​—⁠তেওঁ কোন? (ট্ৰেক্ট নং. ২৪) ​—⁠ইংৰাজী, কানাড়া, তামিল, তেলেগু, মালায়ালম, মিজো, নেপালী, হিন্দী

কথোপকথন আৰু শিক্ষা দিয়া আপোনাৰ দক্ষতাক কেনেকৈ উন্নত কৰিব পাৰে ​—⁠অসমীয়া, মিজো

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠গুজৰাটী, পাঞ্জাৱী

সকলোৰে বাবে এখন কিতাপ ​—⁠তামিল, পাঞ্জাৱী, মালায়ালম

পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং. ২১) ​—⁠ইংৰাজী, উৰিয়া, কংকনি (ৰোমান লিপি), কানাড়া, গুজৰাটী, তামিল, তেলেগু, নেপালী, বাংলা, মাৰাঠী, মালায়ালাম, হিন্দী

বাইবেলৰ প্ৰথমিক শিক্ষাসমূহ ​—⁠হিন্দী, পাঞ্জাৱী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক