বাইবেল অধ্যয়নৰ বাবে পৰামৰ্শ আৰু লোকসকলক জ্ঞান কিতাপখনৰ পৰা অধ্যয়ন কৰিবলৈ পৰিচালিত কৰা
১. যুদ্ধ আৰু জগতৰ জটিল পৰিস্থিতিসমূহ:
“[অলপতে বাতৰিকাকতত প্ৰকাশ পোৱা এটা ঘটনাক উল্লেখ কৰক।] চৰকাৰবিলাকে যিমানেই মহৎ লক্ষ্য নাৰাখক কিয় যুদ্ধৰ বিষয়ে শুনা বাতৰিয়ে এই জগতখনত শান্তি হʼবনে বা ইয়াৰ পৰিস্থিতি অধিক বেয়ালৈ ধাল খাব বুলি ভাবিবলৈ আমাক বাধ্য কৰে। ইয়াত কোনো সন্দেহ নাই যে সকলোৱে এখন যুদ্ধবিহীন পৃথিৱী বিচাৰে। আপুনি ভাবেনে যে মানুহে এখন যুদ্ধবিহীন জগত আনিব পাৰিব? গৃহস্থই যি কয় তাৰ প্ৰতি মনোযোগেৰে শুনক। তাৰ পিছত গীতমালা ৪৬:৮, ৯; মীখা ৪:২-৪ পদটো পঢ়ক আৰু কওক যে ঈশ্বৰে অৱশ্যেই হস্তক্ষেপ কৰা অতি আৱশ্যক। জ্ঞান কিতাপখনৰ ৯৮ পৃষ্ঠা খুলি ১,২ অনুচ্ছেদ আৰু ৯৯ পৃষ্ঠাৰ ৫ অনুচ্ছেদটোৰ পৰা আলোচনা কৰক।
২. অপৰাধ আৰু দুৰ্ঘটনা:
“আপুনি হয়তো বাতৰিত ____________________ [বিশেষ কোনো ঘটনাৰ বিষয়ে উল্লেখ কৰক] শুনিছে। বাস্তৱতে সেইটো এটা শোকাবহ দুৰ্ঘটনা নাছিলনে? আমাৰ চাৰিওফালে ঘটি থকা ঘটনা বা আমি নিজেই সম্মুখীন হোৱা ঘটনাবোৰৰ প্ৰতি ঈশ্বৰে প্ৰকৃততে চিন্তা কৰেনে বুলি ভাবি আপুনি কেতিয়াবা আচৰিত হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সম্পৰ্কে ঈশ্বৰৰ দৃষ্টভঙ্গী কি তাক বাইবেলত বৰ্ণনা কৰা হৈছে।” আপুনি গীতমালা ৭২:১২-১৭ পদৰ পৰা কিছুমান উপযুক্ত বাক্য পঢ়ি গৃহস্থক শুনাব পাৰে। তাৰ পিছত জ্ঞান কিতাপখনৰ ৭০ পৃষ্ঠা খুলি সেই উত্তৰটো দেখুৱাউক, যʼত ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে বুলি প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে। আগলৈ আপুনি এইদৰে কʼব পাৰে: “বাস্তৱতে বাইবেলত শান্ত্বনাযুক্ত বাক্য দিয়া হৈছে। গতিকে মই আপোনাক এই কিতাপখন দিব বিচাৰিছোঁ, যʼত আপুনি নিজেই সেই উত্তৰটোক অনুসন্ধান কৰিব পাৰে।”
৩. মৃতবিলাকৰ অৱস্থা:
“প্ৰত্যেকদিনা বেমাৰৰ বাবে বহুতো লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আপুনি হয়তো নিজৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাই দুখিত হʼব পাৰে। তদুপৰি আপোনজনাক হেৰুৱাই আপুনি বহু বছৰ ধৰি আৰু আনকি এতিয়াও দুখিত হৈ আছে।” (১) যদি গৃহস্থই নিজৰ আপোনজনাক হেৰুৱাই পোৱা বেদনাৰ বিষয়ে কয়, তেন্তে তেওঁৰ কথাৰ প্ৰতি মনোযোগেৰে শুনি আপুনি এইদৰে কʼব পাৰে: “মই এই বাক্যবোৰৰ পৰা শান্ত্বনা লাভ কৰিছোঁ।” লূক ২০:৩৮; ১ থিচলনীকীয়া ৪:১৩ পদটো দেখুৱাই গৃহস্থক এইদৰে সোধক, “আপুনি জানিব বিচাৰিবনে যে মানুহে কিয় বৃদ্ধ আৰু মৃত্যুবৰণ কৰিবলগীয়া হয়?” তাৰ পিছত তেওঁক জ্ঞান কিতাপখনৰ ৫৩ পৃষ্ঠাৰ ১-৩ অনুচ্ছেদ দেখুৱাউক। (২) যদি গৃহস্থজনে কোনো মৃতুজনাক হেৰুৱা বুলি উল্লেখ নকৰে, তেন্তে আপুনি হয়তো এইদৰে কʼব পাৰে: “কিছুমানে কয় যে মৃতব্যক্তিসকলে পৰমদেশত প্ৰবেশ বা স্বৰ্গলৈ যাব আৰু আন কিছুমান কয় যে তেওঁলোক মাটিলৈ উলটি যাব। এই বিষয়ে আপোনাৰ মতামত কি?” তাৰ পিছত উপদেশক ৯:৫, ১০ পদটো পঢ়ি জ্ঞান কিতাপখনৰ পৰা ৮৩ পৃষ্ঠাত দিয়া ৯ আৰু ১০ অনুচ্ছেদটো দেখুৱাউক।
৪. সঠিক মনোবৃত্তি ৰাখাৰ শ্ৰেষ্ঠতা:
“বহুতে আজি মানসিক বিষণ্ণতাত ভুগী আছে। তেওঁলোকে হয়তো যিকোনো বিষয়কে নেতিবাচক হিচাবে দৃষ্টি কৰে। তেনে লোকসকলক সহায় কৰাৰ বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে অলপ ৰওক।] এই ক্ষেত্ৰত মোক বাইবেলৰ পদসমূহে অধিক সহায় কৰিলে।” মথি ৬:৩৪ পদটো পঢ়াৰ পিছত জ্ঞান কিতাপখনৰ ১৬ পৃষ্ঠাৰ ১৩ অনুচ্ছেদত এজন শিক্ষকে কি কৈছে সেই বিষয় মন্তব্য দিয়ক। তদুপৰি আপুনি যীচুৱে পৰ্ব্বতীয়া উপদেশত দিয়া শিক্ষাদানৰ বিষয়েও আলোচনা কৰিব পাৰে।
৫. পৰিয়ালৰ সদস্যসকলৰ মাজত উত্তম যোগাযোগ:
“স্কুল আৰু চাকৰিত হেঁচাদায়ক পৰিস্থিতি বৃদ্ধি পাই আহিছে। হয়তো ইয়াৰ বাবে পৰিয়ালৰ সদস্যসকলক উৎসাহিত কৰাটো আৱশ্যক। কোনো কোনো সময়ত আপুনি হয়তো তেনে কৰিবলৈ চেষ্টা কৰিলেও নিজেই হেঁচাদায়ক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়। পৰিয়ালত আমি যি কওঁ যদিও সেইটো গুৰুত্বপূৰ্ণ, কিন্তু বাইবেলে এনে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে কৈছে যিটোক আমি সকলোৱে মনত ৰাখা উচিত। [হিতোপদেশ ১৬:২৩, ২৪ পদটো পঢ়ক।] এই শাস্ত্ৰীয় পদটোত কৈছে যে কথোপকথনৰ বাবে আমাৰ মুখ নহয় কিন্তু হৃদয়েহে মুখ্য ভূমিকা আদায় কৰে।” জ্ঞান কিতাপখনৰ ১৪৩ পৃষ্ঠা খুলি ৯ অনুচ্ছেদত এজনে আনজনৰ প্ৰতি থকা চিন্তাধাৰাৰ বিষয়ে দিয়া পৰামৰ্শৰ পৰা আলোকপাত কৰক। তদুপৰি ৭ অনুচ্ছেদৰ পৰা আলোচনা কৰিব পাৰে যে উত্তমৰূপে কথোপকথন কৰা কিয় আৱশ্যক, যিটো সাধাৰণতে এই জগতত কৰাটো ইমান সহজ নহয়।
৬. নিজ লʼৰা-ছোৱালীৰ সৈতে যুক্তিসঙ্গতভাৱে আচৰণ কৰা:
“অলপতে আমি লক্ষ্য কৰিব পাৰিছোঁ যে লʼৰা-ছোৱালীয়ে বহুতো হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছে। যদিও বহুতো লʼৰা-ছোৱালীয়ে ভাল পৰিৱেশত ডাঙৰ-দীঘল হৈছে তথাপিও তেওঁলোকে কিয় তেনে অৱস্থাৰ সম্মুখীন হʼব লগীয়া হৈছে, এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে অলপ ৰওক।] আপুনি এই বাক্যশাৰীৰ বিষয়ে কি ভাবে? [কলচীয়া ৩:২১ পদটো পঢ়ক আৰু উত্তৰৰ বাবে অলপ ৰওক।] ইয়াক কৰাতো সহজ, কিন্তু ইয়াৰ বিপৰীতে লʼৰা-ছোৱালীক বিশেষ কিছুমান নীতি-নিয়মৰ আৱশ্যকতাৰ বিষয়ে বুজাত সহায় কৰাটো কঠিন বুলি আপুনি অৱশ্যেই মান্তি হʼব।” জ্ঞান কিতাপখনৰ ১৩৬ পৃষ্ঠা আৰু ১৭ অনুচ্ছেদত দিয়া প্ৰথম বাক্যশাৰী পঢ়ক। তাৰ পিছত ১৭, ১৮ অনুচ্ছেদত দিয়া বিষয়বোৰক আলোচনা কৰক।