সুবিবেচক হৈ প্ৰচুৰ পৰিমাণে সিঁচক
১. প্ৰত্যেকজন খেতিয়কে জানে যে যদি প্ৰচুৰ পৰিমাণে গুটি সিঁচে, তেন্তে তেওঁ প্ৰচুৰ পৰিমাণে শষ্য দাবলৈ পাব। কিন্তু যদি তেওঁ অলপমাত্ৰাত সিঁচে, তেতিয়া তেওঁ কেৱল অলপহে দাবলৈ পাব বুলি নিশ্চিত হʼব। (২ কৰি. ৯:৬) যিবোৰ স্থানত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা নাথাকে সেইবোৰত খেতিয়কসকলে বিবেচনাশীল হৈ গুটি সিঁচে যাতে গুটি অপচয় নহয়। একেইদৰে আমি প্ৰচাৰ ক্ষেত্ৰত আমাৰ সাহিত্যসমূহ বিবেচনা নকৰাকৈ জধে-মধে বিতৰণ কৰাটো উচিত নহয়। আমি কেৱল পঢ়িবলৈ আগ্ৰহী হোৱা ব্যক্তিসকলকহে সাহিত্য দিয়া উচিত। কিয়নো আমি উপযুক্ত ব্যক্তিসকলক সাহিত্যসমূহ দি যিহোৱাৰ প্ৰেমপূৰ্বক দয়া আৰু তেওঁ আনিবলগীয়া ৰাজ্যৰ বিষয়ে শিকাত সহায় কৰিব বিচাৰোঁ।
২. আপোনাৰ এলেকাত থকা উপযুক্ত লোকসকলক সাহিত্যসমূহ দি সত্যৰ জ্ঞান লোৱাত সহায় কৰিবলগীয়া সাহিত্যসমূহ আপুনি নিজৰ আলমাৰি বা ডেৰাজত জমা হৈ থকাটো দেখিবলৈ পাইছেনে? (মথি ২৫:২৫ পদটোৰ সৈতে তুলনা কৰক।) আপুনি কেতিয়াবা ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক কেনেকৈ সাহায্য আগবঢ়োৱা হয়, এই বুলি গৃহস্থক প্ৰথম সাক্ষাতত কʼবলৈ অস্বস্তিকৰ বোধ কৰি আলোচনী বা সাহিত্যসমূহ বিতৰণ কৰাৰ পৰা বিৰত থাকেনে? অনুভৱী প্ৰচাৰক সকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি কেনেকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়, এই বিষয়ে আগ্ৰহী গৃহস্থসকলক সৰলভাৱে কোৱাত তেওঁলোকে আৰ্থিক দান-বৰঙণি দি আমাৰ কাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখাটো দেখিবলৈ পাইছে।
৩. আপুনি হয়তো এইদৰে কʼব পাৰে:
▪ “আপুনি হয়তো ভাবি আচৰিত হʼব যে আমি কেনেকৈ এই আলোচনীবোৰ কোনো মূল্য নোলোৱাকৈ আগ্ৰহীলোকক দিয়াটো সম্ভৱ হৈছে। এইটো হৈছে বিশ্বজুৰি কৰা শিক্ষাদানৰ এটা ভাগ, যিটো স্বইচ্ছাৰে দিয়া দান-বৰঙণিৰ দ্বাৰা সমৰ্থন কৰা হয়। যদি আপুনি আমাৰ এই কাৰ্য্যৰ বাবে দান কৰিব বিচাৰে, তেন্তে তাক গ্ৰহণ কৰিবলৈ পাই মই নথৈ আনন্দিত হʼম।”
৪. বহুতো গৃহস্থই আমি দিয়া আলোচনীবোৰৰ মূল্য সোধে।
আপুনি এইদৰে কʼব পাৰে:
▪ “আমি এই সাহিত্যবোৰৰ বাবে কোনো মূল্য নলওঁ, আমাৰ এই কাৰ্য্য সম্পূৰ্ণকৈ স্বইচ্ছাৰে কৰা দান-বৰঙণিৰ ওপৰত নিৰ্ভৰশীল। যদি আপুনি ইয়াৰ বাবে কোনো দান-বৰঙণি দিব বিচাৰিছে, তেন্তে আমি তাক বিশ্বজুৰি কৰা শিক্ষাদান কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ পাই অধিক আনন্দিত হʼম।”
অথবা আপুনি এইদৰে কʼব পাৰে:
▪ “যিসকল আগ্ৰহী ব্যক্তিয়ে বাইবেলৰ বিষয়ে অধিক জানিব বিচাৰে আমি তেওঁলোকক আমাৰ সাহিত্যবোৰ দিওঁ। যদি আপুনি এই বিশ্বজুৰি কৰা শিক্ষাদান কাৰ্য্যৰ বাবে কোনো দান-বৰঙণি দিব বিচাৰিছে, তেন্তে মই আপুনি দিয়া দান-বৰঙণি সংস্থালৈ পঠিয়াবলৈ পাই আনন্দিত হʼম।”
৫. আলোচনী বিতৰণ কৰা কাৰ্য্যত কিছুমান প্ৰকাশকে আলোচনীৰ ভিতৰৰ পৃষ্ঠা দেখুৱাই এইদৰে কয়:
▪ “ইয়াত যেনেকৈ আপুনি দেখিবলৈ পাইছে যে আমাৰ এই কাৰ্য্য সম্পূৰ্ণকৈ স্বইচ্ছাৰে কৰা দান-বৰঙণিৰ ওপৰত আধাৰিত। যদি আপুনি ইয়াৰ বাবে কোনো দান-বৰঙণি দিব বিচাৰিছে, তেন্তে মই ইয়াক গ্ৰহণ কৰিবলৈ পাই আনন্দিত হʼম।”
ইয়াত আন এটা সৰল প্ৰস্তুতি দিয়া হʼল:
▪ “যদিও আমাৰ সাহিত্যবোৰৰ কোনো মূল্য নোলোৱাকৈ লোকবিলাকক দিওঁ তথাপিও আমাৰ বিশ্বজুৰি কৰা শিক্ষাদান কাৰ্য্যৰ বাবে বিনম্ৰভাৱে দিয়া দান-বৰঙণি গ্ৰহণ কৰোঁ।”
৬. আমি আমাৰ কাৰ্য্যৰ বাবে কেনেকৈ আৰ্থিক সাহায্য পাওঁ, এই বিষয়ে কʼবলৈ সঙ্কুচবোধ কৰি কেতিয়াও ঈশ্বৰৰ ৰাজ্যৰ গুটি সিঁচাৰ পৰা বিৰত থকা উচিত নহয়। একেই সময়ত আমি আমাৰ সাহিত্যসমূহ সুবিবেচক হৈ ব্যৱহাৰ কৰা উচিত, যাতে এইবোৰ “শিলনিত” নপৰে। (মাৰ্ক ৪:৫, ৬, ১৬, ১৭) যিসকলে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক শুনি প্ৰশংসা কৰে তেওঁলোকে তাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ পাই আনন্দিত হʼব।—মথি ১০:৪২.