ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৩ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • অক্টোবৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৩ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

অক্টোবৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১৫

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ নিৰ্ব্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু অক্টোবৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে আলোচনী প্ৰবাহত আলোচনী দিয়াৰ সময়ত এটা পুনৰ সাক্ষাৎ কৰা। আগন্তুক সাক্ষাতৰ বাবে আগ্ৰহী কৰি তুলিবলৈ গৃহস্থক “অহা সংখ্যাত” নামৰ বক্সটোলৈ ধ্যান আকৰ্ষিত কৰক।​—⁠অক্টোবৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ৮ পৃষ্ঠা, ৭-৮ অনুচ্ছেদ চাওক।

২০ মি: “আনন্দৰে যিহোৱাৰ সেৱা কৰা।”a (এই ভাগটো আলোচনাৰ সময়ত সকলোৰে ওচৰত জানুৱাৰী ২০০২ চন আৰু ছেপ্টেম্বৰ ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰবোৰ থাকা আৱশ্যক।) ৪ অনুচ্ছেদটো আলোচনা কৰাৰ পিছত উল্লেখ কৰি কওক যে নবেম্বৰ মাহত আমি বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন বিতৰণ কৰিম। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনৰ পৰা চমুকৈ এটা উপস্থাপনৰ বিষয়ে উল্লেখ কৰক। (জানুৱাৰী ২০০২ চন; ছেপ্টেম্বৰ ২০০৩ চন) তাৰ পিছত আখৰা কৰাৰ সময়ত কেনেকৈ সেই উপস্থাপনটো ব্যৱহাৰিক কৰি তুলিব পাৰি তাক প্ৰদৰ্শন কৰি দেখুৱাউক। সকলোকে প্ৰচাৰ কাৰ্য্যৰ বাবে নিজকে উত্তমভাৱে প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰক।

১৫ মি: বাইবেল অধ্যায়ন পৰিচালিত কৰি আশীৰ্ব্বাদ লাভ কৰিব পাৰি। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। বাইবেল অধ্যয়ন বিকাশমুখীভাৱে পৰিচালিত কৰি থকা প্ৰকাশকসকলৰ কিছুমান অনুভৱ দাঙি ধৰক। (w০০ ৩/১ ৬ পৃ.; yb৯৮ ৫৫-৬০ পৃ.) এই অনুভৱবোৰৰ পৰা আমি কি শিকিলোঁ আৰু বাইবেল অধ্যয়ন পৰিচালিত কৰি কেনে লাভসমূহ পোৱা যায় এই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।

গীত ১৭২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১২

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: “সুবিবেচক হৈ প্ৰচুৰ পৰিমাণে সিঁচক।”b আপোনাৰ প্ৰচাৰ এলেকাত বিশেষকৈ কাৰ্য্যকাৰী হোৱা কিছুমান বিবৃতিক আলোকপাত কৰক। এই পৰামৰ্শসমূহ পৰিচালিত হʼবলগীয়া এই সপ্তাহৰ পৰিচৰ্য্যা সভাত পুনৰ আলোচনা কৰা উচিত।

২৫ মি: সমকক্ষ হেঁচাক দৃঢ়ভাৱে প্ৰতিৰোধ কৰা। প্ৰকৃত খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হোৱা এজন প্ৰাচীন বা এজন সহায়ক সেৱকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক। ফেব্ৰুৱাৰী ১৫, ২০০৩ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ পৰা কিছুমান নিৰ্দিষ্ট বিষয়ক বাছনি কৰি এইদৰে প্ৰশ্ন সোধক। ভাইজনে স্কুলত পঢ়ি থকাৰ সময়ত কেনে হেঁচাৰ সম্মুখীন হʼবলগীয়া হৈছিল? (২৪ পৃ. ৩ অনু.; ২৫ পৃ. ৪-৫ অনু.) আনে তেওঁক কোনো বিপৰীতমুখী কাৰ্য্য কৰিবলৈ প্ৰভাৱিত কৰিছিলনে? (২৬ পৃ. ৪-৬ অনু.) প্ৰাপ্তবয়স্ক হোৱাৰ স্বত্ত্বেও তেওঁ বৰ্তমান সময়ত কোনো ধৰণৰ সমকক্ষ হেঁচাৰ সম্মুখীন হৈছেনে? সম্মুখীন হোৱা হেঁচাক প্ৰতিৰোধ কৰিবলৈ কিহে তেওঁক সহায় কৰিলে? তাৰ পিছত আগষ্ট ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ, ২৪-৫ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এটা সৰু ভাষণ আৰু উন্নতিজনক সঙ্গতি কৰি পোৱা লাভসমূহৰ বিষয়ে আলোকপাত কৰি সমাপ্ত কৰক।

গীত ২৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬৪

১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। সকলো প্ৰকাশকক অক্টোবৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। আগন্তুক সপ্তাহৰ সেৱা সভাৰ বাবে সাজু হৈ আহিবলৈ সকলোকে এদিনীয়া বিশেষ সন্মিলনত লোৱা টোকাসমূহক পুনৰ নিৰীক্ষণ কৰি আহিবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু নবেম্বৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক। এটা উপস্থাপনত প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ “মই জানিবলৈ ইচ্ছুক নহওঁ” বুলি কৈ লোকসকলে কথোপকথনত বাধা জন্মোৱা অৱস্থাত সফলতাৰে আলোচনা চলাই যাব পাৰি।​—⁠hw-AE ৮-৯ পৃষ্ঠাত চাওক।

২০ মি: আত্মাৰ তাৰোৱাল ব্যৱহাৰ কৰা। (ইফি. ৬:⁠১৭) পৰিচৰ্য্যা স্কুল কিতাপখনৰ ১৪৩-৪ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা। সকলোকে আমন্ত্ৰণ কৰি এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কওক: (১) যেতিয়া কোনো প্ৰশ্নৰ উত্তৰ দিয়া হয় তেতিয়া কিয় বাইবেলখন ব্যৱহাৰ কৰা আৱশ্যক? (২) আমাক যিহোৱাৰ সাক্ষী বুলি কোৱা নামটোৱে আমাৰ বিষয়ে কি নিৰ্দ্দেশিত কৰে? (৩) যীচুৱে কেনে আৰ্হি ৰাখিলে আৰু আমি ইয়াক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (৪) স্থানীয় প্ৰচাৰ এলেকাত বাইবেল আধাৰিত বিচাৰধাৰা কাৰ্য্যকাৰী কৰাৰ কিছুমান ব্যৱহাৰিক পদ্ধতি কি? (৫) পৰিস্থিতিৰ অনুসাৰে বাইবেলৰ পৰা পোনপটীয়াকৈ পঢ়াটো কিয় উত্তম? (৬) উত্তমৰূপে বাইবেলখন ব্যৱহাৰ কৰিবলৈ প্ৰাচীনসকলে কেনেকৈ আনক উৎসাহিত কৰিব পাৰে? পৰিচৰ্য্যা স্কুল কিতাপখনৰ ১৪৪ পৃষ্ঠাৰ অনুশীলনীৰ ওপৰত আধাৰিত কৰি ভালদৰে অভ্যাস কৰা এটা উপস্থাপন প্ৰস্তুত কৰক, যʼত এজন অভিজ্ঞ প্ৰকাশকে প্ৰশ্নৰ উত্তৰ দিবলৈ অন্ততঃ এটা শাস্ত্ৰ পদ ব্যৱহাৰ কৰে। সাক্ষী দিয়াৰ সময়ত সকলোকে বাইবেলখন ব্যৱহাৰ কৰাৰ লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰক।

১৩ মি: স্থানীয় অভিজ্ঞতাসমূহ। জিলা অধিৱেশত উপস্থিত হৈ বা কৰ্ম্মস্থল, স্কুল বা আন কোনো ঠাইত অনিয়মিতৰূপে সাক্ষী দি পোৱা আনন্দজনক অনুভৱৰ বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।

গীত ৫২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৪৭

৫ মি: স্থানীয় ঘোষণাসমূহ।

১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।

২৫ মি: উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক। (১ তীম. ৬:⁠১৮) এজন প্ৰাচীনে ইয়াত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে যোৱা সেৱা বছৰত সম্পন্ন হোৱা এদিনীয় বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ সম্পৰ্কে এটা আলোচনা কৰে। মণ্ডলীৰ সকলোকে আমন্ত্ৰণ কৰি সোধক যে তেওঁলোকে সন্মিলনৰ কাৰ্য্যক্ৰমত শিকা বিষয়বোৰক কেনেকৈ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিছে। (সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিভিন্ন ভাগবোৰৰ উত্তৰ দিবলৈ আগতীয়াকৈ ভাই-ভনীসকলক নিযুক্তি কৰিব পাৰে।) উল্লেখ কৰা কাৰ্য্যক্ৰমৰ ভাগবোৰৰ আলোকপাত কৰক: (১) “উত্তম কাৰ্য্যই অধিক লাভ কঢ়িয়াই আনে।” (উপ. ২:⁠১১) ঈশ্বৰৰ সেৱকসকলে এই জগতৰ অসাৰ কাৰ্য্যবোৰৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যত বৰ্ণনা কৰা অনুসাৰে কিয় উত্তম কাৰ্য্য কৰে? (২) ”ঈশ্বৰৰ দৃষ্টিত ধনৱন্ত হোৱা।” (মথি ৬:⁠২০) কিছুমানে কেনেকৈ আৰু কেনে লাভৰ সৈতে ‘স্বৰ্গত নিজলৈ ধন সাঁচিছে?’ (৩) “এটা বাইবেল অধ্যয়ন পৰিচালিত কৰি নিজৰ পৰিচৰ্য্যা কাৰ্য্যক ধনৱন্ত কৰক।” (om ৯১ পৃ.) এটা বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে? (৪) “শস্য দোৱাৰ এই সময়ছোৱাত উত্তম কাৰ্য্য কৰা।” (মথি ১৩:⁠৩৭-​৩৯) প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে উত্তম কাৰ্য্য কৰাৰ কেনে আৰ্হি প্ৰস্তুত কৰিলে আৰু আমাৰ সময়ত কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্য বিস্তাৰিত কৰা হʼল? (৫) “আপোনাৰ ভাল কৰ্ম্মৰে যিহোৱাক স্তুতি কৰক।” (মথি ৫:⁠১৪-​১৬) কিছুমান ভাই-ভনীয়ে কেনেকৈ ‘তেওঁলোকৰ পোহৰ প্ৰকাশিত’ কৰিছে? (৬) “যিহোৱাৰ স্তুতিৰ অৰ্থে যুৱক-যুৱতীসকলে কৰা কাৰ্য্যৰ বাবে তেওঁলোক প্ৰশংসাৰ যোগ্য।” (গীত. ১৪৮:⁠১২, ১৩) আমাৰ চাৰ্কিটত থকা কিছুমান খ্ৰীষ্টান যুবা ভাই-ভনীয়ে কেনেকৈ যিহোৱাৰ স্তুতি কৰিছে? (৭) “নিৰন্তৰে উত্তম কাৰ্য্য কৰি যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰা।” (হিতো. ১০:⁠২২) আমি নিজকে উত্তম কৰ্ম্মত ব্যস্ত ৰাখি ব্যক্তিগত, পৰিয়াল, মণ্ডলী আৰু বিশ্বব্যাপী সংগঠনৰূপে কেনে আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰোঁ?

গীত ১৮০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক