প্ৰশ্ন বক্স
▪ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত দান-বৰঙণি দিয়া ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাটো উচিতনে?
যেতিয়া কোনো এজন ব্যক্তিক সাক্ষী দিয়া হয় তেতিয়া হয়তো তেওঁক যিহোৱাৰ সাক্ষীসকলৰ বিশ্বজুৰি বাইবেলৰ শিক্ষাদান কৰা কাৰ্য্য যে সম্পূৰ্ণকৈ স্বইচ্ছাৰে কৰা বৰঙণিৰ ওপৰত নিৰ্ভৰশীল আৰু আমি তেনে দান গ্ৰহণ কৰিবলৈ যে আনন্দিত হওঁ, এই বিষয়ে বৰ্ণনা কৰাটো সম্ভৱ হʼব পাৰে। যিহেতু টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া সময়ত দান-বৰঙণিৰ ব্যৱস্থাৰ বিষয়ে কোৱাটো উপযুক্ত নহʼব, কিয়নো তেনে কৰিলে লোকসকলে দান-বৰঙণি বিচৰা বুলি ভুল বুজিব পাৰে। যিহোৱাৰ সাক্ষীসকলৰ পৰিচৰ্য্যা কাৰ্য্য কোনো প্ৰকাৰে বেপেৰুৱা নহয়।—২ কৰি. ২:১৭.
▪ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত যদি গৃহস্থই যিহোৱাৰ সাক্ষীসকলক পুনৰাই ফোন নকৰিবলৈ কয়, তেনেহʼলে আমি কি কৰা উচিত?
আমি ব্যক্তিজনে প্ৰকাশ কৰা তেওঁৰ ইচ্ছাৰ প্ৰতি সন্মান দেখুউৱা উচিত। সেই ব্যক্তিজনৰ সৈতে কথোপকথন হোৱাৰ তাৰিখ আৰু তেওঁৰ নাম প্ৰচাৰ এলেকাৰ খামখনত এটা সৰু টোকা লিখি ৰাখি থোৱা আৱশ্যক, যাতে ভৱিষ্যতে আন প্ৰকাশকসকলে সেই ব্যক্তিজনক টেলিফোন কৰাৰ পৰা বিৰত থাকে। বছৰত এবাৰকৈ টেলিফোন নকৰিবলৈ আগ্ৰহ কৰা ব্যক্তিসকলৰ নাম পুনৰ নিৰক্ষণ কৰা উচিত। সেৱা অধ্যক্ষৰ নিৰ্দ্দেশনাৰ অন্তৰ্গত অনুভৱী আৰু সতৰ্কতা হোৱা প্ৰকাশকসকলক সেই ব্যক্তিসকলৰ বৰ্তমানৰ ইচ্ছাৰ বিষয়ে জানিবলৈ নিযুক্তি কৰিব পাৰে।—মে’ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্সটো চাওক।