ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০১ পৃষ্ঠা ৫-৬
  • টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • দুৱাৰমুখত আৰু টেলিফোনেৰে বাইবেল অধ্যয়ন আৰম্ভ কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰশ্ন বক্স
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০১ পৃষ্ঠা ৫-৬

টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা

১ যিহোৱাৰ সাক্ষী হিচাপে আমাৰ বেছিভাগ সময় মাত্ৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ব্যয় কৰাটোৱে মুখ্য উদ্দেশ্য নহয়। কিন্তু যিমান সম্ভৱ সকলোকে ৰাজ্যৰ বাৰ্ত্তা বিষয়ে কোৱাও আমাৰ উদ্দেশ্য। (পাঁচ. ১০:⁠৪২; ২০:⁠২৪) ঘৰে-ঘৰে প্ৰচাৰ কৰাটো যদিও সকলোকে লগ পোৱাৰ এটা মুখ্য পদ্ধতি, তথাপি আমি ইয়াৰ যোগেদি সকলোকে লগ পাব নোৱাৰো। সেইবাবে “পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ” কৰিবলৈ আৰু মেৰৰ দৰে ব্যক্তিসকলক বিচাৰিবলৈ আমি অন্য পদ্ধতিবোৰ অৱলম্বন কৰিব পাৰোঁ। তাৰে এটা পদ্ধতি হৈছে টেলিফোনৰ যোগেদি সাক্ষী দিয়া।​—⁠২ তীম. ৪:⁠৫.

২ বহুতো এলেকাত লোকসকলে কটকটীয়া নিৰাপত্তা থকা এপাৰ্টমেন্টত বাস কৰে। তেনে ক্ষেত্ৰত ঘৰে-ঘৰে প্ৰচাৰ কৰা পদ্ধতিৰে কাৰ্য্য কৰিলে আমি তেওঁলোকক লগ পোৱাটো কঠিন হʼব। আনকি, ঘৰে-ঘৰে প্ৰচাৰ কৰা সময়তো আমি বহুতো লোকক ঘৰত লগ নাপাওঁ। তেনে পৰিস্থিতিত বহুতো প্ৰচাৰকে টেলিফোনৰ দ্বাৰা তেওঁলোকক লগ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ যোগেদি অধিক সফলতা পোৱা গৈছে। উদাহৰণস্বৰূপে, এহাল বিবাহিত ভাই-ভনীয়ে ৰাতিপুৱা ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত সেই এলেকাত থকা ৯ খন ঘৰৰ গৃহস্থক লগ পোৱা নাছিল। ৰাজ্যগৃহলৈ ঘূৰি অহাৰ পাছত তেওঁলোকে টেলিফোন ডাইৰেক্টৰীৰ পৰা সেই গৃহস্থসকলৰ নাম বিচাৰি তেওঁলোকক ফোন কৰে। ফলস্বৰূপে তাৰে ৮ খন ঘৰত থকা গৃহস্থৰ সৈতে কথা পাতিবলৈ সক্ষম হয়!

৩ আপুনিও টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্য কৰিছেনে? এই বিষয়ে এজন ভায়ে এইদৰে কয়: “বস্তু বিক্ৰি কৰিবলৈ কোনো ব্যক্তিয়ে মোক ফোন কৰাটো মই নিবিচাৰোঁ, সেইবাবে মই টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া কাৰ্য্যক সঠিক বুলি নাভাবোঁ।” কিন্তু পাছলৈ তেওঁ ফোনৰ যোগেদি দুবাৰকৈ সাক্ষী দিয়াৰ পাছত তেওঁ এইদৰে কৈছিল: “মই এইদৰে কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ! মই কেতিয়াও ভবা নাছিলোঁ যে এনে সাক্ষী দিয়া কাৰ্য্যয়ে আনন্দ কঢ়িয়াই আনিব পাৰে। যদিও প্ৰথমতে মই এনে সাক্ষী দিয়াৰ বাবে সন্মত নাছিলোঁ, কিন্তু এতিয়া টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ মই অতি আগ্ৰহী হৈছোঁ! ফোনত কথা-বতৰা হোৱাৰ সময়ত গৃহস্থক অনুকুল অৱস্থাত পোৱা যায় আৰু আপোনাৰ কাষত সেই সকলোবোৰ আৱশ্যকীয় আলোচনী, বাইবেল আদি থকাৰ বাবে আপুনিও তেওঁলোকক সহজে সাক্ষী দিব পাৰিব। সঁচাকৈ এনেধৰণৰ সাক্ষী হৈছে এক কাৰ্য্যকাৰী পদ্ধতি!” এগৰাকী ভনীয়েও এইদৰে মন্তব্য দিছিল: “টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ মই ইমান আগ্ৰহী নাছিলোঁ। আচলতে মই টেলিফোনৰ যোগেদি সাক্ষী দিবলৈ বিচৰা নাছিলোঁ। কিন্তু যেতিয়া এনে সাক্ষী দিবলৈ চেষ্টা কৰি কাৰ্য্য কৰিলোঁ, তেতিয়া মই সঁচাকৈ লাভৱান হলোঁ। বৰ্তমান মই ৩৭ জন ব্যক্তিক টেলিফোনৰ জৰিয়তে পুনৰ সাক্ষাৎ কৰোঁ আৰু বহুতো বাইবেল অধ্যয়ন পৰিচালনা কৰোঁ!” গতিকে আপুনিও টেলিফোনৰ যোগেদি সাক্ষী দি সফলতা লাভ কৰিব পাৰে।

৪ টেলিফোনৰ যোগেদি সাক্ষী দিবলৈ আচঁনি তৈয়াৰ কৰক: সেৱা ওভাৰচিয়াৰে মণ্ডলীৰ প্ৰচাৰ কাৰ্য্যৰ চোৱা-চিতা কৰে। এতেকে আৱশ্যকতাৰ অনুসৰি, টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সহায় কৰিবলৈ প্ৰাচীন গোষ্ঠীয়ে অন্য এজন প্ৰাচীন বা উপযুক্ত সহায়ক সেৱকক নিযুক্ত কৰিব। যিজন প্ৰাচীন বা সহায়ক সেৱকে এই ক্ষেত্ৰবোৰক চোৱা-চিতা কৰে তেওঁ নিজেই ইয়াত জড়িত থকা আৱশ্যক। ইয়াৰ ওপৰিও তেওঁ ক্ষেত্ৰবোৰত কাৰ্য্য কৰিবলৈ উপযুক্ত ভাইক নিয়োগ কৰে আৰু নিয়মীয়াকৈ সেই এলেকাবোৰক ৰেকৰ্ডত টোকি ৰখা উচিত। ঠিক একেইদৰে চাৰ্কিট ওভাৰচিয়াৰো এনে সাক্ষী দিয়া কাৰ্য্যক উন্নত কৰিবলৈ আগ্ৰহী হয়।

৫ যদি আপোনাৰ এলেকাত ঘৰে-ঘৰে প্ৰচাৰ কৰাটো সম্ভৱ নহয় সেই সময়ত টেলিফোনৰ যোগেদি সাক্ষী দিবলৈ প্ৰস্তুত থকা উচিত। যি ভাইক ইয়াৰ বাবে নিয়োগ কৰা হʼব, তেওঁ সেই ঠিকনাবোৰৰ এখন লিষ্ট তৈয়াৰ কৰিব যাতে সেই এলেকাত থকা সকলোবোৰ লোকক সাক্ষী দিব পাৰি। এই ঠিকনাৰ লিষ্টখনত কম পৰিমাণে ঘৰ হʼলে বেছি সুফল পাব পাৰি। প্ৰচাৰ কাৰ্য্য কৰা এলেকাৰ মেপত, বিশেষকৈ সেই ঘৰবিলাকত চিহ্ন দিয়া আৱশ্যক যিবোৰত টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া হʼব।

৬ কিন্তু প্ৰশ্ন হৈছে, আপুনি সেই ঘৰবিলাকৰ টেলিফোন নম্বৰবোৰ কৰ পৰা সংগ্ৰহ কৰিব? আপুনি যিকোনো টেলিফোন বুথত থকা টেলিফোন ডাইৰেক্টৰীৰ পৰা সংক্ষেপতে লিখা ঘৰবিলাকৰ ঠিকনা আৰু ফোনৰ নম্বৰ বিচাৰি পাব। যদি কটকটীয়া নিৰাপত্তা থকা এপাৰ্টমেন্টৰ নিজা টেলিফোন লিষ্ট আছে, তেনেহʼলে সেইখনৰ পৰা আপুনি টেলিফোন নম্বৰসমূহ টোকি লʼব পাৰে। নতুবা আপুনি বিল্ডিংৰ প্ৰৱেশ গেটতত থকা লিষ্টখনত হয়তো তাত বাস কৰা বাসিন্দাসকলৰ নাম পাব পাৰে। যদি সম্ভৱ তেনেহʼলে ইয়াৰ এখন কপি তৈয়াৰ কৰি লওঁক আৰু এখন ভাল টেলিফোন ডাইৰেক্টৰীত তেওঁলোকৰ নাম আৰু ঠিকনাৰ সৈতে থকা ফোন নম্বৰ বিচাৰি উলিয়াওক।

৭ প্ৰাচীনসকলে মণ্ডলীত আন ভাই-ভনীসকলক টেলিফোনৰ যোগেদি সাক্ষী দিয়াত নিপুণ কৰি তুলিবলৈ এই ক্ষেত্ৰত অনুভৱী অগ্ৰগামী বা প্ৰচাৰকসকলক কʼব পাৰে। ইয়াৰ ওপৰিও সাময়িকভাৱে কাৰ্য্যকাৰীৰূপে সাক্ষী দিয়া এই পদ্ধতিত অধিক সফলতা প্ৰাপ্ত কৰিবলৈ সেৱা সভাত এই বিষয়ে কʼব পাৰে।

৮ প্ৰাচীনসকলে যেতিয়া কোনো শাৰীৰিকভাৱে অসুস্থ থকা ভাই-ভনীক দেখা কৰে, তেতিয়া সেই ভাই-ভনীক টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰা আৱশ্যক। প্ৰাচীনসকলে হয়তো তেনে প্ৰচাৰকসকলৰ সন্মুখতে কিছুমানৰ সৈতে টেলিফোনৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু তেনে কৰিলে সেই প্ৰচাৰকসকলে হয়তো টেলিফোনৰ যোগেদি প্ৰচাৰ কৰি আনন্দ লাভ কৰিব পাৰে। যিসকল প্ৰচাৰকে প্ৰত্যেক দিনা এই কাৰ্য্যত কিছু সময় ব্যয় কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে নিশ্চয়ে ইয়াৰ পৰা আনন্দিত হৈছে।

৯ কাৰ্য্যকাৰী পৰামৰ্শসমূহ: যীচুৱে নিজৰ শিষ্যসকলক “দুজন দুজনকৈ নিজৰ আগেয়ে” প্ৰচাৰ কাৰ্য্যৰ বাবে পঠিয়াইছিল। (লূক ১০:⁠১) কিয় দুজনকৈ পঠিয়াইছিল? কিয়নো তেওঁ জানিছিল যে তেনেদৰে একেলগে কাৰ্য্য কৰিলে এজনে আনজনৰ পৰা শিক্ষিত আৰু উৎসাহিত হʼব। আজিৰ সময়তো সেই একেই দৰে কৰা হয়। দুজনে একেলগে কাৰ্য্য কৰিলে, এজনে আনজনৰ পৰা বহু কিছু শিকিব পাৰে। এজনে আনজনক প্ৰচাৰ কাৰ্য্যত পোৱা অনুভৱৰ বিষয়ে কʼব পাৰে আৰু কেনেদৰে আন লোকৰ সৈতে কথা-বতৰা হʼব, এই বিষয়ে পৰামৰ্শ আগবঢ়াব পাৰে। ইয়াৰ ওপৰিও টেলিফোনৰ যোগেদি সাক্ষী দিয়াৰ বাবে সঠিক সংবাদবোৰ কʼত আছে তাৰ বিষয়ে এজনে আনজনক সহায় কৰিব পাৰে।

১০ মনোযোগে বিবেচনা আৰু ধ্যান কৰিবলৈ আপুনি এনে এক স্থানক বাঁছনি কৰক যʼত আপুনি সাক্ষী দিয়া সময়ত ব্যৱহাৰ কৰিবলগীয়া সকলোবোৰ সামগ্ৰী নিজৰ কাষত ৰাখিব পাৰে যেনে​—⁠বাইবেল, ৰীজনিং কিতাপ, বিচাৰে ব্ৰচাৰ, আলোচনী আৰু আন-আন কিতাপসমূহ। টেলিফোনত কিদৰে কথা-বতৰা হʼব এই বিষয়ে কিছুমান প্ৰস্তুতিকৰণক লিখি লওঁক আৰু যʼত উপযুক্ত হয় তাত ব্যৱহাৰ কৰক। তাৰিখ, সময় আৰু দিনৰ সম্পূৰ্ণ ৰেকৰ্ড টোকি ৰাখিবলৈ প্ৰস্তুত থাকক যাতে আপুনি সকলো আগ্ৰহী লোকক বিচাৰি ওলিয়াব পাৰে।

১১ ফোনত যেতিয়া কোনো অচিনাকি ব্যক্তিৰ মাত শুনে তেতিয়া সকলোৰে মনত কৌতূহল সৃষ্টি হয়। সেইবাবে ফোনত বন্ধুত্বভাৱে সাৱধানে কথা-বতৰা পতা উচিত। আপোনাৰ কথা-বতৰাৰ পদ্ধতি আৰু ধ্বনিৰ দ্বাৰাই গৃহস্থই আপোনাৰ আচাৰ-ব্যৱহাৰ আৰু সৰলতাক চিনি পাব যে আপুনি কেনেধৰণৰ ব্যক্তি। কথা কওঁতে খৰ-টকীয়া নহʼব, গভীৰ হৈ ভালদৰে কথা পাতক যাতে ব্যক্তিজনে আপোনাৰ কথা স্পষ্টকৈ শুনিব আৰু বুজিব পাৰে। গৃহস্থক কবলৈ সময় দিয়ক। আমাক লোকসকলে বস্তু বিক্ৰি কৰা ব্যক্তি বুলি নাভাবিলৈ আমি নিজৰ সম্পূৰ্ণ নাম আৰু কʼত থাকে তাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা আৱশ্যক। আপুনি সেই ব্যক্তিজনক, এটা বিশেষ বিল্ডিং বা এপাৰ্টমেন্টেত থকা লোকসকলৰ সৈতে ফোনৰে কথা-বতৰা পতা বুলি কোৱাৰ পৰিবৰ্ত্তে তেওঁক কওঁক যে আপুনি তেওঁৰ সৈতে কথা পাতিবলৈ ব্যক্তিগতভাৱে ফোন কৰিছে।

১২ টেলিফোনৰ দ্বাৰা সাক্ষী দিয়া প্ৰস্তুতিসমূহ: টেলিফোনৰ যোগেদি সাক্ষী দিবলৈ ৰীজনিং কিতাপৰ ৯-​১৫ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰক ব্যৱহাৰ কৰিব পাৰে। আপুনি হয়তো এইদৰে কʼব পাৰে: “মই আপোনাৰ ওচৰলৈ আহি ব্যক্তিগতভাৱে কথা পাতিব নোৱাৰাৰ বাবে আপোনাক ফোন কৰিলোঁ। মই আপোনাৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সম্পৰ্কে অভিমত জানিব বিচাৰিছোঁ। তাৰ পাছত প্ৰশ্নটো কওঁক।

১৩ “অপৰাধ/নিৰাপত্তা” বিষয় উত্থাপন কৰি প্ৰথম প্ৰস্তুতিকৰণটো এইদৰে ব্যৱহাৰ কৰিব পাৰে: “নমস্কাৰ। মোৰ নাম _____। মই আপোনাৰ চুবুৰীত বাস কৰোঁ। মই কʼব বিচাৰিছোঁ যে মই কোনো বস্তু বিক্ৰি বা বিতৰণ কৰিবলৈ আপোনাক ফোন কৰা নাই। মই আপোনাক ফোন কৰাৰ কাৰণ হৈছে, মই সকলোৰে সৈতে ব্যক্তিগত নিৰাপত্তাৰ বিষয়ে আলোচনা কৰিছোঁ। যিহেতু আমি আমাৰ চাৰিওফালে বহুতো অপৰাধ হৈ থকা দেখিবলৈ পাইছোঁ আৰু ই আমাৰ জীৱনত কম-বেছি পৰিমাণে হলেও প্ৰভাৱিত কৰিছে। আপুনি ভাবেনে যে এনে এক সময় আহিব যʼত আপুনি আৰু মোৰ দৰে ব্যক্তিসকলে নিশা ৰাস্তাত বিপদমুক্তভাৱে ঘূৰি-ফুৰিব পাৰিব? [উত্তৰ বাবে অলপ ৰওঁক।] ঈশ্বৰে এনে পৰিস্থিতিক সমাধান কৰিবলৈ প্ৰতিজ্ঞা কৰিছে, তেওঁ প্ৰতিজ্ঞা কৰাৰ বিষয়ে মই আপোনাৰ আগত বাইবেলৰ পৰা পঢ়ি শুনাব বিচাৰিছোঁ।”

১৪ ফোনত তেনেদৰে প্ৰস্তুতি আগবঢ়াই বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ ভাল পৰিণাম পোৱা গৈছে। অধ্যয়নৰ সম্পৰ্কে মাত্ৰ কিছু মিনিটৰ ভিতৰতে প্ৰদৰ্শন কৰি তেওঁক কʼব পাৰে। অধ্যয়নক একেৰাহে আগবঢ়াই নিবলৈ ব্যক্তিজনৰ ঘৰত আপুনি গৈ সাক্ষাৎ কৰিবলৈ পাৰেনে, এই বিষয়ে সোধক বা যদি ব্যক্তিজন অনিচ্ছুক তেনেহʼলে আন এটা সময়ত এই আলোচনা আগবঢ়াবলৈ তেওঁক সোধক।

১৫ আপুনি কথা-বতৰা পতা শেষ কৰাৰ আগতে এনে এক বিষয় তেওঁৰ আগত দাঙি ধৰক, যিয়ে তেওঁক নিজৰ ঘৰলৈ আপোনাক সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ বা ডাক যোগে আলোচনী বিচাৰিবলৈ পৰিচালিত কৰিব। যদি ব্যক্তিজনে নিজৰ ঠিকনা দিবলৈ সংকোচবোধ কৰে তেনেহʼলে আপুনি তেওঁক কেতিয়া পুনৰ ফোন কৰিব পাৰে তাক সোধক। কেতিয়াবা এনে হʼব পাৰে যে কেইবাৰো ফোন কৰাৰ পাছতহে ব্যক্তিজনে আপোনাক নিজৰ ঘৰলৈ আমন্ত্ৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

১৬ নিজে আগভাগ লওঁক: এগৰাকী ১৫ বছৰীয়া ভনীয়ে নিজৰ প্ৰচাৰ কাৰ্য্য টেলিফোনৰ যোগেদি আৰম্ভ কৰে। তাইৰ লগত কথা-বতৰা হোৱা মহিলাগৰাকীয়ে জ্ঞান কিতাপ লʼবলৈ মান্তি হয়। যেতিয়া ভনীজনীয়ে কিতাপখন দিবলৈ মহিলাগৰাকীৰ ঘৰলৈ যায়, সেই মহিলাগৰাকীয়ে ভনীজনীৰ পৰা জানিব বিচাৰে যে যিহেতু তাইৰ ফোন নম্বৰ টেলিফোন ডাইৰেক্টৰীৰ লিষ্টত নাই, তেনেক্ষেত্ৰত এই ভনীজনীয়ে কেনেকৈ তাইৰ নম্বৰটো বিচাৰি পালে। ভনীজনীয়ে উত্তৰ দিলে যে তাই ভুলতে নম্বৰটো ডাইল কৰিছিল! সেই মহিলাগৰাকীয়ে অধ্যয়নৰ বাবে আগ্ৰহ দেখুৱাই আৰু বৰ্তমান সময়ত তাই এগৰাকী বাপ্তিষ্মা নোহোৱা প্ৰকাশক হিচাপে কাৰ্য্য কৰিছে।

১৭ আন এগৰাকী ভনীয়ে এনে এটা প্ৰচাৰ এলেকাত কাৰ্য্য কৰিবলৈ সুযোগ পায় যি ক্ষেত্ৰত মাত্ৰ টেলিফোনৰ দ্বাৰাহে প্ৰচাৰ কৰিব পাৰি। যিহেতু তাই টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ ভয় কৰাৰ বাবে তিনি সপ্তাহলৈকে সাক্ষী দিয়াৰ পৰা বিৰত আছিল, কিন্তু পাছলৈ তাই আগ্ৰহেৰে এই কাৰ্য্য কৰে। কিহে সেই ভনীগৰাকীক টেলিফোনৰ যোগেদি সাক্ষী আৰম্ভ কৰিবলৈ উৎসাহিত কৰে? তাই এইদৰে কয় যে ১৯৯৭ চনৰ জানুৱাৰী ২২, সচেতন! আলোচনীত থকা “যেতিয়া মই দুৰ্ব্বল হওঁ, সেই সময়ত মই শক্তিশালী হওঁ” নামৰ লেখটোক পঢ়ি মই এইদৰে সাক্ষী দিবলৈ উৎসাহিত হওঁ। কিয়নো সেই লেখটোত এনে এগৰাকী ভনীৰ বিষয়ে উল্লেখ কৰা হৈছিল যি গৰাকীয়ে শাৰীৰিকৰূপে অক্ষম হোৱাৰ স্বত্ত্বেও টেলিফোনৰ যোগেদি প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰে। পাছলৈ সেই ভনীগৰাকীয়ে এইদৰে কৈছিল: “মই সেই লেখটো পঢ়াৰ পাছত যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিলোঁ যাতে মই টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াৰ সময়ত সঠিক শব্দবোৰ যেন কʼব পাৰোঁ।” তাই প্ৰথমবাৰ টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যৰ পৰিণাম কি আছিল? তাই এইদৰে কয়: “যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। কিয়নো লোকসকলে মোৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়ে আৰু মই তেওঁলোকক পুনৰ সাক্ষাৎ কৰিবলৈ সক্ষম হওঁ।” পাছলৈ টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যৰ ফলস্বৰূপে বাইবেল অধ্যয়ন আৰম্ভ হয়। তাই এইদৰে কয়: “আকৌ এবাৰ যিহোৱাই মোক নিজৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্ত্তে তেওঁত বিশ্বাস কৰিবলৈ শিকালে।”​—⁠হিতো. ৩:⁠৫.

১৮ টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যই হৈছে সফলতাৰে শুভবাৰ্ত্তা প্ৰচাৰৰ এক পদ্ধতি। সেইবাবে ভালদৰে তৈয়াৰ কৰক আৰু আগ্ৰহেৰে এই কাৰ্য্যত ভাগ লওঁক। যদি প্ৰথমতে টেলিফোন যোগেদি সাক্ষী দি কিছুমান আলোচনাৰ সঠিক উত্তৰ নাপাই, তেনেহʼলে নিৰুৎসাহী নহʼব। যিহোৱাৰ পথ-প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰক আৰু যিসকলে এনেধৰণৰ প্ৰচাৰ কাৰ্য্যত অনুভৱী তেওঁলোকৰ সৈতে আলোচনা কৰক। আমাৰ এলেকাত থকা সকলোকে সাক্ষাৎ কৰিবলৈ ইচ্ছা কৰাৰ যোগেদি আমি এই গুৰুত্বপূৰ্ণ প্ৰচাৰ কাৰ্য্যক সকলো স্থানতে সম্পন্ন কৰিব পাৰিম।​—⁠ৰোমী. ১০:⁠১৩, ১৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক