ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৩ পৃষ্ঠা ১
  • যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • টেলিফোনৰ যোগেদি সাক্ষী দিয়া কাৰ্য্যত সফলতা লাভ কৰা
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ব্যৱসায় এলেকাবোৰত কেনেকৈ প্ৰচাৰ কৰিব পাৰি
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৩ পৃষ্ঠা ১

যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা

১ যীচুৱে দিয়া প্ৰচাৰ কাৰ্য্যৰ আজ্ঞা পালন কৰাটো আমাৰ বাবে এটা সহজ কাৰ্য্য নহয়। কিয়নো তেওঁ এইদৰে কৈছিল: “তোমালোকে যি কোনো নগৰত বা গাৱঁত সোমোৱা, তাত কোন মানুহ যোগ্য, ইয়াৰ বিচাৰ লবা।” (মথি ১০:⁠১১) বৰ্তমান সময়ত লোকসকলে নিজৰ ঘৰত কেৱল অলপ সময়হে অতিবাহিত কৰে, এনে ক্ষেত্ৰত কেনেকৈ যোগ্য ব্যক্তিসকলক কাৰ্য্যকাৰীৰূপে অনুসন্ধান কৰিব পাৰি?

২ প্ৰচাৰ কৰা এলেকাটোক পৰীক্ষা কৰক: সৰ্বপ্ৰথমে প্ৰচাৰ কৰা এলেকাটোক পৰীক্ষা কৰা উচিত। লোকসকলক কোনটো সময়ত ঘৰত পোৱা যাব? দিনৰভাগত তেওঁলোকক কʼত লগ কৰিব পাৰি? সপ্তাহত এনে কোনো এটা নিৰ্দিষ্ট দিন আছেনে যি সময়ত তেওঁলোকে কোনো অতিথিৰূপে অহা ব্যক্তিসকলৰ আগমণৰ অপেক্ষা কৰে? স্থানীয় এলেকাৰ লোকসকলে তেওঁলোকৰ ঘৰত লগ পোৱাৰ সময় অনুসৰি আপুনি নিজৰ তালিকা আৰু পৰিস্থিতিক সাল-সলনি কৰি উত্তমৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰে।​—⁠১ কৰি. ৯:⁠২৩, ২৬.

৩ বহুতো প্ৰকাশকে আবেলিৰ সময়ত শুভবাৰ্ত্তা প্ৰচাৰ কৰি সফলতা লাভ কৰিছে। কিয়নো সেই সময়ছোৱাত বহুতো গৃহস্থই জিৰণি লয় আৰু শুনিবলৈ আগ্ৰহী। যিবোৰ ঠাইত শীতকালত দিনৰ সময়ছোৱা ছুটি হয়, তেনেবোৰ ঠাইত ঠাণ্ডা কালত সন্ধ্যা টেলিফোনৰ দ্বাৰা সাক্ষী দিয়াটো (যদি কোনো আপত্তি নাথাকে) কাৰ্য্যকাৰী হʼব পাৰে। ব্যৱসায় আৰু ৰাজহুৱা স্থানবোৰত সাক্ষী দিয়াটো হৈছে এনে এটা পদ্ধতি যাৰ দ্বাৰা আমি অধিক সংখ্যক লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰোঁ।

৪ কোনো এটা মাহত হোৱা বিশেষ প্ৰচাৰ কাৰ্য্যৰ সময়ছোৱাত এটা মণ্ডলীয়ে শনি আৰু দেওবাৰে আবেলি, বুধ আৰু শুক্ৰবাৰে গধূলীৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰিলে। ইয়াৰ উপৰিও তেওঁলোকে বাণিজ্যিক এলেকাবোৰত টেলিফোনৰ দ্বাৰা সাক্ষী দিবলৈ প্ৰবন্ধ কৰিলে। এনে কৰাৰ বাবে মণ্ডলীৰ ভাই-ভনীসকলে পৰিচৰ্য্যাৰ বাবে অধিক উৎসাহী হৈ পৰিল আৰু তাৰ পিছৰ পৰা নিয়মীয়াকৈ সেই সময়তে প্ৰচাৰ কৰিবলৈ সিদ্ধান্ত লʼলে।

৫ পুনৰ সাক্ষাতৰ বাবে পৰিশ্ৰমী হওক: আপুনি প্ৰচাৰ কৰা এলেকাত পুনৰ সাক্ষাৎ কৰাৰ সময়ত যদি লোকসকলক লগ পোৱাটো সহজ নহয়, তেন্তে আৰম্ভণিৰ সাক্ষাতৰ সৈতে প্ৰত্যেকটো সাক্ষাতৰ শেষত গৃহস্থক পুনৰাই সাক্ষাৎ কৰিবলৈ এক নিৰ্দিষ্ট সময়ৰ ব্যৱস্থা কৰক। তাৰ পিছত সেই নিৰ্দ্ধাৰিত সময়ত গৃহস্থক সাক্ষাৎ কৰাটো নিশ্চিত কৰক। (মথি ৫:⁠৩৭) যদি উপযুক্ত তেন্তে আপুনি গৃহস্থক তেওঁৰ টেলিফোন নম্বৰ দিবলৈ আগ্ৰহ কৰিব পাৰে। ইয়াৰ যোগেদিও আপুনি ব্যক্তিজনক পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰাত সহায় লাভ কৰিব।

৬ যোগ্য ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ আমি কৰা পুনৰ সাক্ষাতৰ প্ৰচেষ্টাত যিহোৱাই অৱশ্যেই আশীৰ্ব্বাদ প্ৰদান কৰিব।​—⁠হিতো. ২১:⁠৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক