পৰিচৰ্য্যা সভাৰ তালিকা
ডিচেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২২১
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৬ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু ডিচেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে দুটা উপস্থাপন প্ৰস্তুত কৰক। যদিও এখন আলোচনীৰ বিষয়ে প্ৰদৰ্শন কৰা হয় তথাপিও দুয়োখন আলোচনী গৃহস্থক দিয়ক।
২০ মি: “প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ একতাবদ্ধ হৈছে?”a ৫ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত শ্ৰোতাসকলে অন্তঃৰাষ্ট্ৰীয় অধিৱেশনত উপস্থিত, ৰাজ্য গৃহ নিৰ্ম্মাণ প্ৰকল্পত ভাগ লৈ বা দুৰ্যোগৰ সময়ত সাহায্য আগবঢ়াই ব্যক্তিগতভাৱে আমাৰ প্ৰকৃত খ্ৰীষ্টান ঐক্যতাৰ সম্পৰ্কে অনুভৱ কৰা অভিজ্ঞতাৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক।
১৫ মি: “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল।” স্কুল অধ্যক্ষৰ দ্বাৰা ভাষণ। অক্টোবৰ ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া অন্তপত্ৰখনৰ পৰা মন্তব্যসমূহ সন্মিলিত কৰক।
গীত ১০৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭১
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ডিচেম্বৰ ২৯ তাৰিখৰ সেৱা সভাত আলোচনা হʼবলগীয়া ভাগটোৰ বাবে তেজ সঞ্চাৰণৰ বিকল্প চিকিৎসা যি ৰোগীৰ আৱশ্যকতা আৰু আইনগত অধিকাৰ পূৰণ কৰে নামৰ ভিডিঅʼখন চাবলৈ উৎসাহিত কৰক। “অনতিপলমে পুনৰ সাক্ষাৎ কৰক,” নামৰ বক্সটো আলোচনা কৰক। যদি S-70 ফৰ্মখন উপলব্ধ আছে তেন্তে এটা উদাহৰণ দাঙি ধৰক। ডিচেম্বৰ ২৫ তাৰিখ আৰু জানুৱাৰী ১ তাৰিখে প্ৰবন্ধ কৰা বিশেষ প্ৰচাৰ কাৰ্য্যৰ পৰিলেখ দিয়ক।
১৫ মি: ব্যক্তিগত অধ্যয়ন হৈছে উপাসনাৰ এটা ভাগ। অক্টোবৰ ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ, ১৪-১৫ পৃষ্ঠা, ৬-১০ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এটা ভাষণ।
২০ মি: “‘নিৰূপিত’ থকাসকলক সহায় কৰক।”b লেখটোত দিয়া প্ৰশ্ন ব্যৱহাৰ কৰি আলোচনা। মাৰ্চ ১৯৯৭ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা ৩ নং পৃষ্ঠাৰ বক্সত পুনৰ সাক্ষাতৰ বাবে দিয়া পৰামৰ্শটোক পুন নিৰীক্ষণ কৰক।
গীত ৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। ৬ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক) আৰু জানুৱাৰী ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। সকলোকে স্মৰণ কৰাই দিয়ক যে অহা সপ্তাহৰ সভাত এটা বিশেষ বিষয় আলোচনা কৰা হʼব, যʼত ৰোগীৰ আৱশ্যকতা আৰু আইনগত অধিকাৰ নামৰ ভিডিঅʼখনৰ আলোচনা আৰু অগ্ৰিম চিকিৎসীয় নিৰ্দেশ/মুক্তি পত্ৰ বিতৰণ কৰা হʼব।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৮ মি: “যোগ্য ব্যক্তিসকলক বিচাৰি উলিওৱা।”c বিষয়টোক স্থানীয়ভাৱে প্ৰযোজ্য কৰক। কেনে সময়ত বেছিভাগ গৃহস্থক ঘৰত লগ পাব পাৰি? আবেলি বা সন্ধ্যাৰ সময়ছোৱাত প্ৰচাৰ কৰি কেনে ফলাফল পাইছে? যিসকল গৃহস্থক কেতিয়াবাহে ঘৰত লগ পোৱা যায় তেনে লোকক যোগাযোগ কৰিবলৈ কেনে উপায় অৱলম্বন কৰিব পাৰি?
গীত ২০৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০০
৫ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক ডিচেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দয়ক। জানুৱাৰী মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰক।
১৭ মি: “এক গুৰুত্বপূৰ্ণ চিকিৎসীয় দিশক আলোকপাত কৰা এখন ভিডিঅ’।” এজন উপযুক্ত প্ৰাচীনৰ দ্বাৰা পৰিচালনা। প্ৰকৃত খ্ৰীষ্টানসকলে তেজ সঞ্চাৰণ কৰাৰ পৰা আঁতৰি থাকি কেনেকৈ ঈশ্বৰে তেজৰ পবিত্ৰতা সম্পৰ্কে দিয়া ব্যৱস্থাৰ প্ৰতি সন্মান দেখুৱা হয়, এই বিষয়ে পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯ পদটো পঢ়ি তাত দিয়া মূল নীতিটোক চমুকৈ উল্লেখ কৰক। তাৰ পিছত লেখটোত ৰোগীৰ আৱশ্যকতা আৰু আইনগত অধিকাৰ নামৰ ভিডিঅʼখনৰ সম্পৰ্কে দিয়া প্ৰশ্নৰ দ্বাৰা আলোচনা কৰক। শেষৰ অনুচ্ছেদটো পঢ়ি সমাপ্তি কৰক।
২৩ মি: চিকিৎসা সম্পৰ্কীয় সমস্যাসমূহক নিশ্চয়তাৰে সন্মুখীন হোৱা। এজন উপযুক্ত প্ৰাচীনে শাখা কাৰ্য্যালয়ে দিয়া পৰিলেখটো ব্যৱহাৰ কৰি এটা ভাষণৰূপে প্ৰস্তুত কৰে। “আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ” নামৰ বক্সটোত দিয়া মুখ্য বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰক।
গীত ৯৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৩
৫ মি: স্থানীয় ঘোষণাসমূহ।
২০ মি: আপোনাৰ পৰিশ্ৰম অথলে নাযায়। (১ কৰি. ১৫:৫৮) শ্ৰোতাসকলৰ সৈতে আলোচনা। আগতীয়াকৈ এনে এজন প্ৰকাশকৰ ব্যৱস্থা কৰক যি বহু সময়ৰ পৰা সক্ৰিয়ভাৱে সত্যত আছে আৰু অতীততে সেই ভাই বা ভনী গৰাকীয়ে কৰা পৰিচৰ্য্যাৰ বিষয়ে কʼব পাৰে। সেই সময়ত মণ্ডলীত কিমানজন ব্যক্তি আছিল? মণ্ডলীক কাৰ্য্য কৰিবলৈ কিমান এলেকাত নিযুক্ত কৰা হৈছিল? লোকবিলাকে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? আপুনি কেনে ধৰণৰ বিৰুধিতাৰ সন্মুখীন হৈছিল? কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে স্থানীয় এলেকাত কেনে ধৰণৰ বৃদ্ধি হʼল?
২০ মি: যিহোৱাৰ উপাসনাই কেনেকৈ আমাৰ জীৱনটোক অধিক অৰ্থপূৰ্ণ কৰি তুলে? শ্ৰোতাসকলৰ সৈতে আলোচনা। সত্য উপাসনা হৈছে সুখী আৰু অৰ্থপূৰ্ণ জীৱনৰ মাপকাঠী। (১) সত্য উপাসনাই আমাক জীৱনৰ সমস্যা আৰু দুঃশ্চিন্তাবোৰৰ সৈতে সফলতাৰে সন্মুখীন হʼবলৈ সহায় কৰে। (ফিলি. ৪:৬, ৭) (২) ই আমাক ঈশ্বৰীয় গুণসমূহ বিকশিত কৰিবলৈ উৎসাহিত কৰে। (২ পিত. ১:৫-৮) (৩) ই আমাক নিজৰ সময় আৰু সম্পত্তিক অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰাত সহায় কৰে। (১ তীম. ৬:১৭-১৯) (৪) ভৱিষ্যতৰ বাবে ই আমাক এক সুনিশ্চিত আশা প্ৰদান কৰে। (২ পিত. ৩:১৩) (৫) সত্য উপাসনাই যিহোৱাৰ সৈতে এক নিবিড় সম্বন্ধ গঢ়ি তুলিবলৈ আমাক সহায় কৰে। (যাকো. ৪:৮) যিসকলে যিহোৱাক নাজানে বা সেৱা কৰা নাই তেওঁলোকৰ তুলনাত সত্য উপাসকসকলৰ অৱস্থা কিমান যে উত্তম।
গীত ১৩৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।