এক গুৰুত্বপূৰ্ণ চিকিৎসীয় দিশক আলোকপাত কৰা এখন ভিডিঅ’
আইন আৰু দক্ষতাসম্পন্ন চিকিৎসকসকলে ৰোগীৰ অধিকাৰ আৰু নৈতিক দৃষ্টিভঙ্গীৰ প্ৰতি অধিক মনোযোগ দিছে। সেয়েহে তেওঁলোকে এক নতুন প্ৰতিকাৰ আৰু প্ৰণালীৰ উন্নত কৰিলে যাৰ পৰা যিহোৱাৰ সাক্ষীসকলে লাভৱান হʼব পাৰে। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) এই সম্পৰ্কে তেজ সঞ্চাৰণৰ বিকল্প চিকিৎসা যি ৰোগীৰ আৱশ্যকতা আৰু আইনগত অধিকাৰ পূৰণ কৰে নামৰ ভিডিঅʼখনত বুজাই দিয়া হৈছে। গতিকে এই ভিডিঅʼখন মনোযোগেৰে চাওক আৰু শিকা বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰক।—টোকা: এই ভিডিঅʼখনত অস্ত্ৰোপচাৰৰ কিছুমান চমু দৃশ্য প্ৰদৰ্শন কৰা হৈছে, গতিকে মাক-দেউতাকে তেওঁলোকৰ সৰু লʼৰা-ছোৱালীক চাবলৈ দিয়াটো উচিত হʼব নে নহয় এই বিষয়ে বিবেচনাশীল হোৱা উচিত।
(১) চিকিৎসা পৰিষদে তেজ সঞ্চাৰণ কৰা বিষয়টোক কিয় পুনৰ নিৰীক্ষণ কৰিছে? (২) তেজ সঞ্চাৰণৰ অবিহনে কৰা জটিল অস্ত্ৰোপচাৰৰ তিনিটা উদাহৰণ দিয়ক। (৩) বিশ্বজুৰি কিমান অস্ত্ৰোপচাৰক আৰু চিকিৎসকে তেজ সঞ্চাৰণৰ অবিহনে চিকিৎসা কৰিবলৈ আগ্ৰহী? তেওঁলোকে কিয় আগ্ৰহী? (৪) তেজ ব্যৱহাৰৰ সম্পৰ্কে বৰ্তমানৰ চিকিৎসা সম্বন্ধীয় অধ্যয়নে কি প্ৰকাশ কৰিছে? (৫) তেজ সঞ্চাৰণৰ সৈতে কেনে ধৰণৰ চিকিৎসা সম্বন্ধীয় বিপদসমূহ জড়িত আছে? (৬) তেজ সঞ্চাৰণৰ বিকল্পত ব্যৱহাৰ কৰা পদ্ধতিৰ লাভসমূহৰ সম্পৰ্কে বহুতো বিশেষজ্ঞই কেনে মীমাংসাত উপনীত হৈছে? (৭) (ক) ৰক্তাল্পতা হোৱাৰ কাৰণ কি? (খ) মানুহত ইয়াক কিমানলৈ গ্ৰহণীয় কৰিব পাৰি? (গ) ইয়াৰ প্ৰতিকাৰৰ বাবে কি কৰিব পাৰি? (৮) ৰোগীৰ শৰীৰত থকা ৰক্ত কণিকাৰ উৎপাদনক কেনেকৈ সক্ৰিয় কৰিব পাৰে? (৯) অস্ত্ৰোপচাৰৰ সময়ত তেজ যোৱাতো হ্ৰাস কৰিবলৈ কেনে পদ্ধতি অৱলম্বন কৰা হয়? (১০) এটা শিশু অথবা এজন ব্যক্তিৰ জীৱন-মৰণৰ বিষয় সন্মিলিত থকাৰ ক্ষেত্ৰত তেজ সঞ্চাৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰিনে? (১১) উত্তম চিকিৎসা সেৱাৰ এটা মুখ্য নীতি সম্বন্ধীয় সিদ্ধান্ত কি? (১২) খ্ৰীষ্টানসকলে কিয় আগতীয়াকৈ তেজ অবিহনে চিকিৎসাৰ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ? ইয়াক কেনেকৈ কৰিব পাৰি?
ভিডিঅʼখনত উল্লেখিত কিছুমান চিকিৎসা প্ৰণালীক গ্ৰহণ কৰা বা নকৰাটো হৈছে বাইবেল আধাৰিত বিবেকৰ সামঞ্জস্যত এজন ব্যক্তিয়ে কৰা ব্যক্তিগত নিৰ্ণয়। আপুনি নিজৰ আৰু লʼৰা-ছোৱালীৰ বাবে কেনে ধৰণৰ সঞ্চাৰণৰ বিকল্প চিকিৎসা গ্ৰহণ কৰিব সেই বিষয়ে নিৰ্ণয় কৰিলেনে? তদুপৰি সত্যত নথকা পৰিয়ালৰ সদস্যসকলক সম্পূৰ্ণকৈ আপুনি লোৱা নিৰ্ণয় আৰু কাৰণসমূহৰ বিষয়ে অৱগত কৰা উচিত।—এই বিষয়ে জুন ১৫ আৰু অক্টোবৰ ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ আলোচনীত দিয়া “পাঠকসকলৰ প্ৰশ্ন” নামৰ শিতানটো চাওক।