তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅʼখনৰ পৰা লাভৱান হোৱা
বৰ্তমান সময়ত উপলব্ধ থকা তেজবিহীন ঔষধৰ বিষয়ে আপুনি কিমান ভালকৈ জানে? আপুনি কিছুমান বিকল্প সঞ্চাৰণ আৰু সেইবোৰে কেনেকৈ কাৰ্য্য কৰে, তাৰ প্ৰতি অৱগত নে? এই ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ দ্বাৰা আপোনাৰ জ্ঞান পৰীক্ষা কৰক।—টোকা: এই ভিডিঅʼখনত চমুকৈ অস্ত্ৰচিকিৎসাৰ দৃশ্যবোৰ আছে, এতেকে পিতৃ-মাতৃয়ে তেওঁলোকৰ কণমাণি লʼৰা-ছোৱালীয়ে ভিডিঅʼখন চাব পাৰে নে নাই সেই বিষয়ে নিৰ্ণয় কৰা উচিত।
(১) যিহোৱাৰ সাক্ষীসকলে তেজ সঞ্চাৰণ নকৰা মুখ্য কাৰণ কি আৰু সেই কাৰণটো বাইবেলৰ কোনটো শাস্ত্ৰ পদত পোৱা যায়? (২) চিকিৎসাৰ ক্ষেত্ৰত আমি কি কৰিবলৈ আগ্ৰহী? (৩) পিতৃ-মাতৃৰ ওচৰত কেনে অত্যাৱশ্যকীয় অধিকাৰ আছে? (৪) তেজ সঞ্চাৰণ অগ্ৰাহ্য কৰাটো কিয় যুক্তিসঙ্গত আৰু দায়িত্বশীল কাৰ্য্য? (৫) যেতিয়া অত্যধিক পৰিমাণে তেজ হ্ৰাস হয় তেতিয়া চিকিৎসকে কেনে দুটা জৰুৰী বিষয়ত মনোযোগ দিয়ে? (৬) তেজ সঞ্চাৰণৰ সৈতে স্বাস্থ্যৰ বাবে কেনে হানিকাৰক কাৰণসমূহ জড়িত আছে? (৭) শৈল্যচিকিৎসাৰ সময়ত অধিক তেজ হানি নহʼবলৈ চিকিৎসকৰ বাবে কেনে সঁজুলিবোৰ উপলব্ধ আছে? (৮) তেজ সঞ্চাৰণৰ যিকোনো বিকল্প ব্যৱস্থা ব্যৱহাৰ কৰাৰ সম্পৰ্কে আপুনি চিকিৎসকক কেনে সংবাদ দিয়া উচিত? (৯) কোনো গুৰুত্বৰ আৰু জটিল শৈল্যচিকিৎসা তেজ সঞ্চাৰণৰ অবিহনে সম্ভৱনে? (১০) বেছিভাগ চিকিৎসকে যিহোৱাৰ সাক্ষীসকলৰ বাবে কেনে চিকিৎসা আগবঢ়াবলৈ আগ্ৰহী আৰু সকলো ৰোগীক শুশ্ৰূষা কৰিবলৈ চিকিৎসালয়বোৰত কেনে প্ৰমাণিক স্তৰসমূহক ক্ৰমান্বয়ে প্ৰচলিত কৰা হʼব?
এই ভিডিঅʼখনত প্ৰস্তুত কৰা চিকিৎসাবোৰক এজন ব্যক্তিয়ে গ্ৰহণ কৰাটো সম্পূৰ্ণৰূপে তেওঁৰ নিজা আৰু বিবেচনাপূৰ্ণ নিৰ্ণয়।—জুলাই ১, ২০০৪ চনৰ প্ৰহৰীবুৰুজ (অসমীয়া) ২৯-৩১ পৃষ্ঠাত দিয়া “পাঠকসকলৰ প্ৰশ্ন” আৰু অক্টোবৰ ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ (ইংৰাজী) আলোচনীখনৰ ৩০-৩১ পৃষ্ঠা চাওক।