ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ২১
  • যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কিছুমান ভুল ধাৰণা
  • যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?
  • সলনি হোৱা দৃষ্টিভংগী
  • তেজ বিহীন চিকিৎসা—ঔষধে চিকিৎসা ক্ষেত্ৰৰ যি কোনো প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅ’খনৰ পৰা লাভৱান হোৱা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ब्रोशर से अध्ययन के लिए सवाल आपके जीवन को लहू कैसे बचा सकता है?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি নিশ্চয়ে ঔষধে তেজবিহীন চিকিৎসাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰে নামৰ ভিডিঅ’খন চোৱা উচিত
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এক গুৰুত্বপূৰ্ণ চিকিৎসীয় দিশক আলোকপাত কৰা এখন ভিডিঅ’
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ২১

যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?

কিছুমান ভুল ধাৰণা

ভুল ধাৰণা: যিহোৱাৰ সাক্ষীসকলে ঔষধ বা চিকিৎসকে সহায় কৰিব বুলি বিশ্বাস নকৰে আৰু সেইবাবে তেওঁলোকে চিকিৎসা নলয়।

সত্যতা: আমি নিজৰ আৰু পৰিয়ালৰ বাবে যিমান সম্ভৱ হয়, সিমান ভাল চিকিৎসা পদ্ধতি গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰোঁ। যেতিয়া আমাৰ কিবা বেমাৰ হয়, তেতিয়া আমি এনে চিকিৎসকৰ ওচৰলৈ যাওঁ, যিয়ে তেজ সঞ্চাৰণ নকৰাকৈ আমাৰ চিকিৎসা আৰু অপাৰেশ্বন কৰিব পাৰে। বৰ্তমান সময়ত চিকিৎসাৰ ক্ষেত্ৰত যি উন্নতি হৈছে, তাক আমি সঁচাকৈ মুল্যাংকন কৰোঁ। তেজ সঞ্চাৰণ নকৰাকৈ যিহোৱাৰ সাক্ষীসকলৰ বাবে যি চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰা হয়, সেই পদ্ধতি আজি সমাজৰ সকলো লোকৰ বাবে ব্যৱহাৰ কৰা হৈছে। বহুতো দেশত ৰোগীসকলে ৰক্ত সঞ্চাৰণৰ বাবে হʼবলগীয়া ৰোগ, সংক্ৰামক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আৰু মানুহৰ ভুলৰ বাবে হʼবপৰা বিভন্ন সমস্যাৰপৰা ৰক্ষা পাবলৈ সক্ষম হৈছে।

ভুল ধাৰণা: যিহোৱাৰ সাক্ষীসকলে ভাবে যে বিশ্বাসে তেওঁলোকৰ ৰোগ সুস্থ কৰিব।

সত্যতা: ৰোগৰপৰা সুস্থ হোৱাৰ বাবে কৰা বিশেষ প্ৰাৰ্থনাৰ ওপৰত আমি বিশ্বাস নকৰোঁ।

ভুল ধাৰণা: তেজ সঞ্চাৰণ নকৰা চিকিৎসা পদ্ধতিৰ বাবে বহুতো খৰচ হয়।

সত্যতা: তেজ সঞ্চাৰণ নকৰাকৈ কৰা চিকিৎসা পদ্ধতিৰ বাবে যথেষ্ট পৰিমাণৰ খৰচ হয় যেন লাগে, কিন্তু খৰচ কমহে হয়।a

ভুল ধাৰণা: ৰক্ত সঞ্চাৰণ নকৰাৰ বাবে প্ৰতিবছৰে সৰু সৰু লʼৰা-ছোৱালীৰ লগতে বহুতো যিহোৱাৰ সাক্ষীৰ মৃত্যু হয়।

সত্যতা: এই কথাষাৰৰ কোনো প্ৰমাণ নাই। চিকিৎকসকলে প্ৰায়ে ৰক্ত সঞ্চাৰণ নকৰাকৈ হাৰ্ট অপাৰেশ্বন, অৰ্থোপিডিক্‌ অপাৰেশ্বন আৰু অংগ ট্ৰেন্সপ্লেন্ট্‌ছৰ দৰে জটিল অপাৰেশ্বনসমূহ কৰে।b ৰক্ত সঞ্চাৰণ নকৰাকৈ অপাৰেশ্বন কৰা ৰোগীসকল, যʼত সৰু সৰু লৰা-ছোৱালীও জড়িত আছে, ৰক্ত সঞ্চাৰণ কৰা ৰোগীসকলতকৈ সোনকালে সুস্থ হোৱা দেখিবলৈ পোৱা যায়।c কিন্তু যিকোনো ক্ষেত্ৰত কোনেও নিশ্চিতভাৱে কʼব নোৱাৰে যে ৰোগীজনে ৰক্ত সঞ্চাৰণ নকৰাৰ বাবে মৃত্যু হʼব অথবা ৰক্ত সঞ্চাৰণ কৰিলে জীয়াই থাকিব।

যিহোৱাৰ সাক্ষীসকলে কিয় ৰক্ত সঞ্চাৰণ নকৰে?

ইয়াৰ আঁৰত চিকিৎসা সম্বন্ধীয়ৰ পৰিৱৰ্তে এক ধৰ্ম্মীয় কাৰণ আছে। বাইবেলৰ পুৰণি নিয়ম আৰু নতুন নিয়মত তেজৰপৰা পৃথকে থাকিবলৈ স্পষ্টৰূপে আজ্ঞা দিছে। (আদিপুস্তক ৯:৪; লেবীয়া পুস্তক ১৭:১০; দ্বিতীয় বিবৰণ ১২:২৩; পাঁচনিৰ কৰ্ম্ম ১৫:​২৮, ২৯) ঈশ্বৰৰ দৃষ্টিত তেজ হৈছে বহুমূলীয়া আৰু ই জীৱনক চিত্ৰিত কৰে। (লেবীয়া পুস্তক ১৭:১৪) তেজ সঞ্চাৰণ নকৰাৰ যোগেদি আমি কেৱল ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ এনে নহয়, কিন্তু ইয়াৰ যোগেদি আমি আমাৰ জীৱন দিওঁতা ঈশ্বৰক সন্মান দেখুৱাওঁ।

সলনি হোৱা দৃষ্টিভংগী

ৰক্ত সঞ্চাৰণ নকৰাকৈ বহুতো জটিল অপাৰেশ্বন কৰাটো সম্ভৱ

এসময়ত চিকিৎসকসকলে ভাৱিছিল যে তেজ সঞ্চাৰণ নকৰা অথবা ৰক্তৰে তৈয়াৰী কৰা ঔষধ গ্ৰহণ নকৰাটো আত্মহত্যাৰ দৰে হয়। কিন্তু যোৱা কেইবছৰৰপৰা তেওঁলোকৰ দৃষ্টিভংগী সলনি হৈছে। উদাহৰণস্বৰূপে, ২০০৪ চনৰ চিকিৎসা সম্বন্ধীয় এখন আলোচনীত প্ৰকাশ হোৱা এটা লেখে এইদৰে বৰ্ণনা কৰে: “যিহোৱাৰ সাক্ষী ৰোগীসকলৰ বাবে চিকিৎসা কৰাৰ যি পদ্ধতিবোৰ আৱিষ্কাৰ কৰা হৈছে, সেইবোৰ আহিবলগীয়া সময়ত বহুলভাৱে ব্যৱহাৰ কৰা হʼব।”d ২০১০ চনত হাৰ্ট, লাং এণ্ড চাৰকুলেশ্বন নামৰ আলোচনীত এইদৰে উল্লেখ কৰিছিল: “ৰক্ত সঞ্চাৰণ নকৰাকৈ কৰা চিকিৎসা পদ্ধতি কেৱল যিহোৱাৰ সাক্ষীসকলৰ মাজতে সীমিত ৰখা উচিত নহয়। প্ৰতিজন ৰোগীৰ বাবে এনে পদ্ধতি ব্যৱহাৰ কৰাৰ বিষয়ে চিকিৎসকে বিবেচনা কৰা উচিত।”

পৃথিৱীজুৰি হাজাৰ হাজাৰ চিকিৎসকে ৰক্ত সঞ্চাৰণ নকৰাকৈ বহুতো জটিল অপাৰেশ্বন কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ পদ্ধতি বৰ্তমান সময়ত উন্নয়নশীল দেশবোৰতো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। যিহোৱাৰ সাক্ষী নোহোৱা লোকসকলেও ৰক্ত সঞ্চাৰণ নকৰাকৈ অপাৰেশ্বন কৰাৰ বাবে অনুৰোধ কৰে।

a ট্ৰান্সফিউশ্বন এণ্ড এফিৰিচিচ্‌ চাইন্স খণ্ড ৩৩, নং ৩, পৃষ্ঠা ৩৪৯ চাওক।

b দ্যা জাৰ্ণেল্‌ অফ্‌ থʼৰেচিক্‌ এণ্ড কাৰ্ডিঅ’-ভাচ্‌কুলাৰ চাৰ্জাৰি, খণ্ড ১৩৪, নং ২, পৃষ্ঠা ২৮৭-২৮৮; টেক্‌চাচ্‌ হাৰ্ট ইনষ্টিটিউট্‌ জাৰ্ণেল্‌, খণ্ড ৩৮, নং ৫, পৃষ্ঠা ৫৬৩; বেচিক্‌চ অফ ব্লাড্‌ মেনেজ্‌মেণ্ট্‌, পৃষ্ঠা ২; আৰু কন্টিনুইং এজ্যুকেইশ্ব্যন ইন এনেছথিজিয়া, ক্ৰিটিকেল কেয়াৰ এণ্ড পেইন, খণ্ড ৪, নং ২, পৃষ্ঠা ৩৯ চাওক।

c দ্যা জাৰ্ণেল্‌ অফ্‌ থʼৰেচিক্‌ এণ্ড কাৰ্ডিঅ’-ভাচ্‌কুলাৰ চাৰ্জাৰি, খণ্ড ৮৯, নং ৬, পৃষ্ঠা ৯১৮; আৰু হাৰ্ট, লাং এণ্ড চাৰকুলেশ্বন, খণ্ড ১৯, পৃষ্ঠা ৬৫৮ চাওক।

d কন্টিনুইং এজ্যুকেইশ্ব্যন ইন এনেছথিজিয়া, ক্ৰিটিকেল কেয়াৰ এণ্ড পেইন খণ্ড ৪, নং ২, পৃষ্ঠা ৩৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক