ঘোষণাসমূহ
◼ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: ১৯৮৮ চনৰ পূৰ্বে প্ৰকাশিত হোৱা যিকোনো কিতাপ যদি মণ্ডলীৰ ষ্টকত আছে তেন্তে বিতৰণ কৰক। যদি নাই তেন্তে পুৰণি প্ৰকাশনসমূহ উপলব্ধ থকা ওচৰৰ কোনো মণ্ডলীৰ সৈতে যোগাযোগ কৰিব পাৰে। যিবোৰ মণ্ডলীত পুৰণি প্ৰকাশনসমূহ নাই তেওঁলোকে পৰিয়ালৰ সুখৰ ৰহস্য বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: ঈশ্বৰৰ কাষ চাপা। যদি এই কিতাপখন মণ্ডলীত উপলব্ধ নাই তেনেহʼলে আপুনি হয়তো জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? অথবা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! কিতাপখনক বিকল্পৰূপে বিতৰণ কৰিব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক। যদি লোকসকলে ইতিমধ্যেই এই কিতাপখন লৈছে, তেন্তে দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখন তেওঁলোকক দিব পাৰে।
◼ যিসকল ভায়ে মণ্ডলীৰ হিচাপ-নিকাচ চোৱা-চিতা কৰিছে তেওঁলোকক সোঁৱৰাই দিয়া হৈছে যে বিশ্বজুৰি কৰা কাৰ্য্য আৰু ৰাজ্যগৃহৰ পুঁজিৰ বাবে দান বাকচৰ পৰা পোৱা দান-বৰঙণি সংস্থালৈ প্ৰত্যেক মাহে প্ৰেৰণ কৰা উচিত। সেই দান-বৰঙণি ৰাজ্যগৃহৰ সম্পত্তিৰ বাবে ধাৰ দিয়া বা মণ্ডলীৰ কাৰ্য্যৰ বাবে খৰচ কৰা উচিত নহয়।
◼ ২০০৫ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্ব মাৰ্চ মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰে সূৰ্য্য অস্ত যোৱাৰ পিছত উদ্যাপন কৰা হʼব। এই জাননী আগতীয়াকৈ এইবাবে দিয়া হৈছে, সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে যাতে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। যিবোৰ সভাগৃহত স্মৰণীয় পৰ্ব পালন কৰিবলৈ আয়োজন কৰা হয়, তাৰ প্ৰশাসন সমিতিৰ সৈতে প্ৰাচীনসকলে চুক্তিনামা কৰা উচিত যে স্মৰণীয় পৰ্ব উদ্যাপন কৰাৰ সময়ছোৱাত সভাগৃহৰ চৌহদত কোনো প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি বা আন আন কাৰ্য্যক্ৰম পতা নহয়, যাতে এই স্মৰণীয় পৰ্বক সুশৃংখলাবদ্ধ আৰু শান্তিৰে পালন কৰিব পাৰি। তদুপৰি এই পৰ্ব বিশেষ আৰু গুৰুত্বপূৰ্ণ হোৱাৰ বাবে প্ৰাচীনগোষ্ঠীয়ে সাধাৰণভাৱে প্ৰত্যেক বছৰে পাল পৰা এজন ভাইক বাচনি কৰাৰ পৰিৱৰ্তে এজন উপযুক্ত প্ৰাচীনক স্মৰণীয় পৰ্বৰ ভাষণ দিবলৈ নিযুক্ত কৰা উচিত। যদি মণ্ডলীত কোনো অভিষিক্ত ভাই আছে আৰু ভাষণ দিবলৈ সক্ষম, তেনেহʼলে এই ভাষণ দিবলৈ তেওঁকে বাছনি কৰা উচিত।
◼ যিহেতু ৰীজনিং কিতাপখন কেৱল ইংৰাজী, তামিল আৰু মালায়ালম ভাষাত উপলব্ধ হোৱাৰ বাবে, যি মণ্ডলীয়ে এই কিতাপখন ব্যৱহাৰ কৰাত সক্ষম তেওঁলোকক “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাʼত” দিয়া অনুসাৰে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কিন্তু যি মণ্ডলীসমূহে তেওঁলোকৰ ভাষাত ৰীজনিং কিতাপখন ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকক আলোচনাৰ বাবে বাইবেলৰ বিষয় [td] নামৰ সৰু পুস্তিকাখন “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকাʼত” ব্যৱহাৰ কৰিবলৈ উৎসাহি কৰা হʼল। এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ সৈতে “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। গতিকে স্থানীয় মণ্ডলীৰ প্ৰাচীন গোষ্ঠীয়ে তেওঁলোকৰ মণ্ডলীত ব্যৱহাৰ কৰিবলগীয়া কিতাপৰ অনুসাৰে কোনখন “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” কাৰ্য্যকাৰী কৰিব সেই বিষয়ে নিৰ্ণয় লোৱা আৱশ্যক।
◼ ২০০৪ চনৰ মাৰ্চ ১৫ তাৰিখৰ পৰা ২০০৫ চনৰ মে’ ১৬ তাৰিখলৈ মণ্ডলী পুস্তক অধ্যয়নত ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন ব্যৱহাৰ কৰা হʼব।
◼ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
পৰিয়াল জীৱনৰ আনন্দ লওক (ট্ৰেক্ট নং ২১) —পাঞ্জাৱী