২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল
১ বিশ্বজুৰি হোৱা এক গুৰুত্বপূৰ্ণ কাৰ্য্যক সম্পন্ন কৰিবলৈ যিহোৱাই সাধাৰণ লোকবিলাকক সুসজ্জিত কৰে। তাৰে এটা পদ্ধতি হৈছে প্ৰত্যেক সপ্তাহে ব্যৱস্থা কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া। আপোনাৰ পৰিস্থিতিৰ অনুসাৰে ইয়াত সম্পূৰ্ণকৈ ভাগ লৈছেনে? এই ব্যৱস্থাৰ পৰা বিদ্যাৰ্থীসকলে অধিককৈ লাভৱান হʼবলৈ কিছুমান সাল-সলনি কৰা হৈছে যিটো জানুৱাৰী মাহৰ পৰা কাৰ্য্যকাৰী হʼব।
২ সহকাৰী পৰামৰ্শদাতাৰ পাল বদল: উপদেশমূলক ভাষণ দিয়া আৰু বাইবেল আলোকপাত কৰা ভাইসকলক লক্ষ্য কৰি তেওঁলোকক সহকাৰী পৰামৰ্শদাতাই প্ৰশংসা কৰে। যি মণ্ডলীবোৰত যথেষ্ট সংখ্যাত উপযুক্ত প্ৰাচীন আছে তেওঁলোকক বছেৰেকীয়াভাৱে পাল বদল কৰি সহকাৰী পৰামৰ্শদাতাৰূপে নিযুক্ত কৰিব পাৰে। এইদৰে কৰ্ম্মৰ দায়িত্ব ভগাই দিয়া হʼব; কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে প্ৰাচীন আৰু উপযুক্ত সহায়ক সেৱকসকলে যৌথভাৱে বিভিন্ন যোগ্যতা সম্পন্ন বক্তা আৰু শিক্ষকসকলৰ পৰা লাভৱান হʼব।
৩ মৌখিক পুনৰ নিৰীক্ষণৰ তালিকা: যদি মৌখিক পুনৰ নিৰীক্ষণৰ সপ্তাহটোত আপোনাৰ মণ্ডলীৰ বাবে চাৰ্কিত সন্মিলনৰ দিন নিৰ্দ্ধাৰিত কৰি দিয়া হৈছে, তেন্তে মৌখিক পুনৰ নিৰীক্ষণ সন্মিলন হৈ যোৱাৰ এসপ্তাহৰ পিছত পৰিচালনা আৰু সেই সপ্তাহৰ নিযুক্তিবোৰ সন্মিলনৰ এসপ্তাহৰ পূৰ্বেই পৰিচালনা কৰিবলৈ ব্যৱস্থা কৰা উচিত। কিন্তু যেতিয়া মৌখিক পুনৰ নিৰীক্ষণ সপ্তাহত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ হয় তেতিয়া সম্পূৰ্ণ দুসপ্তাহৰ তালিকা সাল-সলনি কৰা আৱশ্যক নাই। তাৰ পৰিৱৰ্তে, গীত, বক্তৃতাৰ বৈশিষ্ট্যৰ ভাষণ আৰু বাইবেল আলোকপাত তালিকাত নিৰ্দ্ধাৰিত অনুসাৰে পৰিচালনা কৰা প্ৰয়োজন। উপদেশমূলক ভাষণ (যিটো বক্তৃতাৰ বৈশিষ্ট্যৰ ভাষণৰ পিছত দিয়া হয়) আগন্তুক সপ্তাহৰ তালিকাৰ পৰা পৰিচালনা কৰা উচিত। বাইবেল আলোকপাতৰ পিছত আধা ঘন্টা সময় সেৱা সভাহ পৰিচালনা কৰা হʼব। সেই সভাত তিনিটা ১০ মিনিটৰ ভাগ অথবা দুটা ১৫ মিনিটৰ ভাগ অন্তৰ্ভূক্ত থাকিব। (সেৱা সভাৰ আৰম্ভণিতে কৰা ঘোষণাৰ ভাগটো বাদ দিয়া উচিত।) সেৱা সভাৰ পিছত গীত আৰু আধা ঘন্টা সময় পৰিব্ৰাজক অধ্যক্ষই তেওঁৰ কাৰ্য্যক্ৰম পৰিচালনা কৰিব। আগন্তুক সপ্তাহৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত তালিকা অনুসৰি বক্তৃতাৰ বৈশিষ্ট্য আৰু বাইবেল আলোকপাত, তাৰ পিছত মৌখিক পুনৰ নিৰীক্ষণ পৰিচালনা কৰা হʼব।
৪ আধ্যাত্মিক উন্নতিৰ বাবে সকলো সুযোগ গ্ৰহণ কৰক। যেনেকৈ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ প্ৰশিক্ষণৰ পৰা লাভৱান হʼব আপুনি মণ্ডলীকো বাইবেলৰ ভৱিষ্যতবাণীসমূহ পূৰ্ণ কৰাত তেওঁলোকৰ ভূমিকা আদায় কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিব পাৰিব। দৰাচলতে এই প্ৰভাৱশালী বাৰ্ত্তাৰ অনুষ্ঠাতা জনক স্তুতি কৰিবলৈ আমি নিশ্চয়ে প্ৰচাৰ কৰা আৱশ্যক।—যিচ. ৩২:৩, ৪; প্ৰকা. ৯:১৯.